< ১ রাজাবলি 11 >

1 সেই সময়ত ৰজা চলোমনে অনেক বিদেশী মহিলাক প্ৰেম কৰিছিল ফৰৌণৰ জীয়েকৰ বাহিৰে তেওঁ মোৱাবীয়া, অম্মোনীয়া, ইদোমীয়া, চীদোনীয়া আৰু হিত্তীয়াৰ মহিলাসকলকো প্ৰেম কৰিছিল৷
Kralj je Salomon - uz kćer faraonovu - volio mnoge žene tuđinke: Moapke, Amonke, Edomke, Sidonke i Hetitkinje,
2 যি যি জাতিবোৰৰ বিষয়ে যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক কৈছিল যে, “তোমালোকে বিয়া পতাৰ বাবে তেওঁলোকৰ মাজলৈ নাযাবা আৰু তেওঁলোককো তোমালোকৰ মাজত আহিবলৈ নিদিবা, কিয়নো তেওঁলোকে তোমালোকৰ মন অৱশ্যে তেওঁলোকৰ দেৱতাবোৰলৈ ঘূৰাব।” কিন্তু তেওঁলোকৰেই প্ৰেমত চলোমন আসক্ত হৈছিল।
od svih naroda za koje je Jahve rekao Izraelcima: “Nećete odlaziti k njima i oni neće dolaziti k vama; oni će zacijelo okrenuti vaša srca svojim bogovima.” Njima se priklonio Salomon svojom ljubavlju.
3 চলোমনৰ সাতশ ৰাজকুৱঁৰী পত্নী আৰু তিনিশ উপপত্নী আছিল৷ তেওঁৰ এই পত্নীসকলে তেওঁৰ মন অপথে লৈ গৈছিল।
Imao je sedam stotina kneževskih žena i tri stotine inoča. Njegove su žene zavodile njegovo srce.
4 কিয়নো চলোমনৰ বৃদ্ধ অৱস্থাত তেওঁৰ পত্নীসকলে তেওঁৰ মন অপথে নি ইতৰ দেৱতাবোৰৰ পাছত চলালে; তেওঁ সম্পূর্ণৰূপে তেওঁৰ পিতৃ দায়ূদৰ মনৰ দৰে তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত আত্মসমর্পণ কৰা নাছিল।
I kada je Salomon ostario, njegove su mu žene okrenule srce prema drugim bogovima, i srce njegovo nije više potpuno pripadalo Jahvi kao što je pripadalo srce njegova oca Davida.
5 কাৰণ চলোমনে চীদোনীয়াসকলৰ দেৱী অষ্টাৰেতৰ আৰু অম্মোনীয়াসকলৰ ঘিণলগীয়া দেৱতা মিল্কমৰ পথত চলিছিল৷
Salomon je išao za Aštartom, boginjom Sidonaca, i Milkomom, sramotom Amonaca.
6 এইদৰে চলোমনে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল। তেওঁৰ পিতৃ দায়ূদে যি দৰে সকলো ভাৱে যিহোৱাৰ পাছত চলিছিল, তেওঁ সেইদৰে সম্পূর্ণৰূপে যিহোৱাৰ পাছত চলা নাছিল।
Činio je ono što ne bijaše pravo u očima Jahvinim i nije se sasvim pokoravao Jahvi kao što se pokoravao njegov otac David.
7 সেই সময়ত চলোমনে যিৰূচালেমৰ পূৱ দিশে থকা পৰ্বতত মোৱাবৰ ঘিণলগীয়া দেৱতা কমোচ আৰু অম্মোনৰ সন্তান সকলৰ ঘিণলগীয়া দেৱতা মোলকৰ কাৰণে এখন পবিত্ৰ ঠাই নিৰ্মাণ কৰিছিল।
Tako sagradi Salomon uzvišicu Kemošu, sramoti Moaba, na gori istočno od Jeruzalema, i Milkomu, sramoti Amonaca.
8 তেওঁৰ যিমান বিদেশী পত্নী আছিল, সেই সকলোৰে কাৰণে তেওঁ পবিত্ৰ ঠাইবোৰ নির্মাণ কৰিছিল, আৰু এই ঠাইবোৰত তেওঁলোকৰ নিজ নিজ দেৱতাৰ উদ্দেশ্যে তেওঁলোকে ধূপ জ্বলাইছিল আৰু বলিদান কৰিছিল৷
To učini za sve svoje žene tuđinke, koje su prinosile kad i žrtve svojim bogovima.
9 যিহোৱা চলোমনৰ ওপৰত ক্ৰুদ্ধ হ’ল, কিয়নো তেওঁৰ মন ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ পৰা অপথে গ’ল, যদিও তেওঁ দুবাৰ তেওঁক দৰ্শন দিছিল,
Jahve se razgnjevi na Salomona jer je okrenuo srce svoje od Jahve, Boga Izraelova, koji mu se bio dvaput javio
10 ১০ আৰু যি বিষয়ে তেওঁক আজ্ঞা দি অন্য দেৱতাবোৰৰ পাছত যাবলৈ বাধা দিছিল; কিন্তু যিহোৱাই দিয়া সেই আজ্ঞা তেওঁ পালন নকৰিলে।
i koji mu je baš tada zabranio štovati druge bogove, ali on nije održao te zapovijedi.
11 ১১ সেই কাৰণে যিহোৱাই চলোমনক ক’লে, “কিয়নো তুমি এনে কর্ম কৰিলা আৰু মই তোমাক দিয়া মোৰ নিয়ম-চুক্তি আৰু বিধিবোৰ পালন নকৰিলা, সেই বাবে মই নিশ্চয়ে তোমাৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাৰ দাসক দিম।
Tada Jahve reče Salomonu: “Kada je tako s tobom te ne držiš moga Saveza i naredaba koje sam ti dao, ja ću sigurno oduzeti od tebe kraljevstvo i dat ću ga jednom od tvojih slugu.
12 ১২ কিন্তু তোমাৰ পিতৃ দায়ূদৰ কাৰণে মই তোমাৰ জীৱন কালত এনে ধৰণে নকৰিম, কিন্তু তোমাৰ পুত্ৰৰ হাতৰ পৰা তাক কাঢ়ি ল’ম।
Ali neću to učiniti za tvoga života, zbog oca tvojega Davida; uzet ću ga iz ruke tvoga sina.
13 ১৩ তথাপি মই গোটেই ৰাজ্য কাঢ়ি নল’ম কিন্তু মোৰ দাস দায়ূদৰ বাবে আৰু মোৰ মনোনীত যিৰূচালেমৰ বাবে তোমাৰ পুত্ৰক এক ফৈদ দিম।”
Ipak neću od njega uzeti svega kraljevstva: ostavit ću jedno pleme tvome sinu, zbog sluge mojega Davida, zbog Jeruzalema koji izabrah.”
14 ১৪ তেতিয়া যিহোৱাই ইদোমীয়া হদদ নামেৰে চলোমনৰ এজন শত্ৰুক বিদ্ৰোহ কৰালে৷ তেওঁ ইদোম দেশীয় ৰাজবংশৰ এজন লোক আছিল।
Tada diže Jahve protivnika Salomonu: Edomca Hadada, iz kraljevske kuće Edomaca.
15 ১৫ যি সময়ত দায়ুদ ইদোম দেশত আছিল, তেতিয়া সেনাপতি যোৱাবে হত হোৱা প্ৰতিজন লোকক ইদোমত মৈদাম দিবলৈ গৈছিল৷
Jer kada je David tukao Edomce i kad je Joab, vojskovođa, otišao da pokopa ubijene i dao pogubiti sve muškarce u Edomu -
16 ১৬ যোৱাব আৰু সমুদায় ইস্ৰায়েল লোক ইদোমত ছমাহ থাকি ইদোমৰ সকলো পুৰুষক সংহাৰ কৰিছিল৷
Joab i sav Izrael ostadoše ondje šest mjeseci dok nisu istrijebili sve muškarce u Edomu -
17 ১৭ কিন্তু সেই সময়ত হদদ কম বয়সীয়া হোৱা বাবে তেওঁৰ পিতৃৰ দাসবোৰে তেওঁক আন ইদোমীয়া লোকসকলৰ সৈতে মিচৰলৈ লৈ গৈছিল৷
Hadad je utekao u Egipat s Edomcima koji bijahu u službi njegova oca. Hadad je bio tada mladi dječak.
18 ১৮ তেওঁলোকে মিদিয়নৰ পৰা ওলাই আহি পাৰণলৈ গৈছিল, এই ঠাইৰ পৰা তেওঁলোকে মানুহ লগত লৈ মিচৰলৈ গৈছিল আৰু পাছত মিচৰৰ ৰজা ফৰৌণৰ ওচৰলৈ গৈছিল৷ ৰজা ফৰৌণে তেওঁক এটা ঘৰ দিছিল, আৰু জীৱিকাৰ উপায় নিৰূপণ কৰি তেওঁক মাটিও দিছিল।
Otišli su iz Midjana i stigli u Paran. Poveli su sa sobom ljude iz Parana i otišli u Egipat pred faraona, kralja Egipta, koji mu dade kuću, odredi mu hranu i dodijeli zemlje.
19 ১৯ তাতে হদদে ফৰৌণৰ আগত ইমান অধিক অনুগ্ৰহ পাইছিল যে, ফৰৌণে নিজ ভাৰ্য্যা ৰাণী তহপিনেচৰ ভনীয়েকক তেওঁৰ সৈতে বিয়া দিছিল।
Hadad je stekao veliku milost u faraona, koji mu dade sestru svoje žene, sestru velike kneginje Tafnese.
20 ২০ তহপিনেচৰ সেই ভনীয়েকে হদদক এটি পুত্ৰ জন্ম দিলে; তেওঁলোকে তাৰ নাম গনুবৎ ৰাখিলে; তাক তহপিনেচে ফৰৌণৰ ঘৰতে ডাঙৰ-দীঘল কৰিলে৷ গনুবৎ ফৰৌণৰ ঘৰতে ফৰৌণৰ পুত্ৰসকলৰ মাজতে বাস কৰিছিল।
Sestra Tafnesina rodi mu sina Genubata, koga Tafnesa odgoji u kraljevskoj palači, i Genubat je ostao u palači među faraonovom djecom.
21 ২১ পাছত যেতিয়া দায়ুদ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হোৱা আৰু সেনাপতি যোৱাবৰ মৃত্যুৰ কথা হদদে মিচৰ দেশত শুনিবলৈ পালে, তেতিয়া তেওঁ ফৰৌণক ক’লে, “মোক বিদায় দিয়ক, মই নিজ দেশলৈ যাওঁ।”
Kada je Hadad doznao u Egiptu da je David počinuo kod svojih otaca i da je vojskovođa Joab umro, reče faraonu: “Dopusti mi da odem u svoju zemlju!”
22 ২২ তেতিয়া ফৰৌণে তেওঁক ক’লে, “মোৰ পৰা তোমাৰ কিহৰ অভাৱ হৈছে যে তুমি নিজৰ দেশলৈ যাবলৈ ইচ্ছা কৰিছা?” হদদে ক’লে, “একোৰো অভাৱ হোৱা নাই, মোক কেৱল যাবলৈ দিয়ক।”
Faraon mu reče: “Što ti nedostaje u mene te želiš poći u svoju zemlju?” A on mu odgovori: “Ništa, ali me pusti da odem!” [25b] To je bilo zlo što ga je učinio Hadad: mrzio je Izraela i vladao je Edomom.
23 ২৩ ঈশ্বৰে চলোমনৰ আন এজন শত্ৰুক বিদ্ৰোহ কৰাইছিল, তেওঁ হ’ল ইলিয়াদাৰ পুত্ৰ ৰজোন; এই লোকজনে নিজ প্ৰভু চোবাৰ ৰজা হদদেজৰৰ পৰা পলাই গৈছিল৷
Bog je protiv Salomona podigao protivnika mu Rezona, sina Elijadova, koji je pobjegao od svoga gospodara Hadadezera, kralja sopskoga;
24 ২৪ আৰু যি কালত দায়ূদে চোবীয়াহঁতক পৰাস্ত কৰিছিল, সেই কালত ৰজোনে তেওঁ নিজৰ লগত মানুহ গোটাই দলৰ ওপৰত দলপতি হৈছিল৷ তেতিয়া ৰজোনৰ সেই দলটোৱে দম্মেচকলৈ গৈছিল, আৰু তাত বাস কৰি দম্মেচকৰ ওপৰত শাসন কৰিছিল।
Rezon je skupio ljude oko sebe i postao im četovođa kada ih David ubijaše. Rezon zauze Damask, ondje se nastani i zavlada Damaskom.
25 ২৫ হদদে কৰা অপকাৰৰ বাহিৰেও, তেওঁ চলোমনৰ গোটেই আয়ুসৰ কালত ইস্ৰায়েলৰ শত্ৰু হৈ থাকিল৷ তেওঁ ইস্ৰায়েলক ঘিণ কৰিলে আৰু অৰামৰ ওপৰত ৰাজত্ব কৰিলে।
[25a] On je bio protivnik Izraelov za života Salomonova.
26 ২৬ তেতিয়া চৰেদাত থকা ইফ্ৰয়িমীয়া নবাটৰ পুত্ৰ যাৰবিয়াম নামেৰে চলোমনৰ এজন বিষয়া আছিল৷ তেওঁৰ মাকৰ নাম চৰোৱা আৰু তাই এজনী বিধৱা মহিলা আছিল; তেৱোঁ ৰজাৰ বিৰুদ্ধে হাত দাঙিলে।
Jeroboam bijaše sin Efraćanina Nebata, iz Sareda, a majka mu bijaše udovica imenom Serva. On je bio u službi Salomonovoj i podigao je ruku protiv kralja.
27 ২৭ তেওঁ ৰজাৰ বিৰুদ্ধে হাত দঙাৰ কাৰণ আছিল যে চলোমনে মিল্লো নিৰ্মাণ কৰিছিল আৰু তেওঁৰ পিতৃ দায়ূদৰ নগৰৰ গড়ৰ ভগা ঠাই এডোখৰ তেওঁ বন্ধ কৰিছিল।
Evo razloga njegove pobune. Salomon je gradio Milo da zatrpa kosinu u gradu Davida, oca svoga.
28 ২৮ সেই যাৰবিয়াম এজন বলৱান আৰু সাহসিয়াল লোক আছিল৷ চলোমনে সেই ডেকাজনক পৰিশ্ৰমী দেখি তেওঁক যোচেফৰ বংশৰ সকলো ভাৰ-বোৱা লোকৰ ওপৰত অধ্যক্ষ পাতিছিল।
Taj Jeroboam bijaše valjan čovjek; Salomon opazi kako se mladi čovjek prihvaća posla i postavi ga nad svom rabotom kuće Josipove.
29 ২৯ যি সময়ত যাৰবিয়াম যিৰূচালেমৰ পৰা বাহিৰলৈ ওলাই আহিছিল, সেই সময়ত চীলোনীয়া অহীয়া ভাববাদীয়ে তেওঁক বাটত লগ পালে; তেতিয়া অহীয়াই গাত নতুন কাপোৰ পিন্ধি আছিল আৰু পথাৰত তেওঁলোক দুজন অকলে আছিল।
Tada se dogodi te Jeroboam ode iz Jeruzalema, i na putu ga susrete prorok Ahija iz Šila, ogrnut novim plaštem; bijahu sami njih dvojica u polju.
30 ৩০ তেতিয়া অহীয়াৰ নিজৰ গাত থকা সেই নতুন কাপোৰ ধৰি তাক ফালি-চিৰি বাৰ ডোখৰ কৰিলে৷
Ahija uze novi plašt koji je imao na sebi i razdrije ga na dvanaest komada.
31 ৩১ তেওঁ যাৰবিয়ামক ক’লে, “তুমি ইয়াৰ দহ ডোখৰ লোৱা, কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই দৰে কৈছে, ‘চোৱা, মই চলোমনৰ হাতৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাক দহটা ফৈদ দিম।
I reče Jeroboamu: “Uzmi sebi deset komada, jer ovako govori Jahve, Bog Izraelov: 'Evo ću istrgnuti kraljevstvo iz ruke Salomonove i dat ću tebi deset plemena.
32 ৩২ কিন্তু মোৰ দাস দায়ূদৰ কাৰণে আৰু ইস্ৰায়েলৰ সমুদায় ফৈদৰ মাজৰ পৰা মই মনোনীত কৰা যিৰূচালেমৰ কাৰণে তেওঁ এক ফৈদ পাব৷
On će imati jedno pleme, zbog sluge mojega Davida i Jeruzalema, grada koji sam izabrao između svih plemena Izraelovih.
33 ৩৩ কাৰণ তেওঁলোকে মোক ত্যাগ কৰিলে আৰু চীদোনীয়াসকলৰ অষ্টাৰেৎ দেৱীক, মোৱাবৰ কমোচ দেৱতাক আৰু অম্মোনৰ সন্তান সকলৰ মিল্কম দেৱতাক সেৱা-পূজা কৰিলে৷ তেওঁলোকে নিজ পিতৃ দায়ূদৰ নিচিনাকৈ, মোৰ দৃষ্টিত যি ভাল তাক কৰিবলৈ আৰু মোৰ বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ তেওঁলোকে মোৰ পথত চলা নাই।
To je zato što me ostavio i poklonio se Aštarti, boginji Sidonaca, Kemošu, bogu moapskom, i Milkomu, bogu Amonaca, i ne hodi više mojim putovima; ne čini što je pravo u mojim očima, niti izvršava moje zakone i naredbe kao što je činio njegov otac David.
34 ৩৪ তথাপি মই চলোমনৰ হাতৰ পৰা সমুদায় ৰাজ্যখন নল’ম, কিন্তু মোৰ আজ্ঞা আৰু বিধিবোৰ পালন কৰাৰ কাৰণে মই মনোনীত কৰা মোৰ দাস দায়ূদৰ বাবে মই চলোমনৰ জীৱনকালত তেওঁক শাসনকৰ্ত্তা কৰি ৰাখিছো।
Ali mu neću iz ruke uzeti sve kraljevstvo, jer sam ga postavio knezom za sveg njegova života, zbog sluge svoga Davida, koga sam izabrao i koji je držao moje zapovijedi i moje zakone.
35 ৩৫ কিন্তু তেওঁৰ পুত্ৰৰ হাতৰ পৰা ৰাজ্য লৈ তোমাক দহটা ফৈদ দিম।
Ali ću uzeti kraljevstvo iz ruke njegova sina i tebi ću ga dati, to jest deset plemena.
36 ৩৬ আৰু মোৰ নাম স্থাপন কৰিবৰ কাৰণে মই মনোনীত কৰা যিৰূচালেম নগৰৰ মাজত যেন মোৰ দাস দায়ূদৰ প্ৰদীপ মোৰ সন্মুখত সদায় জ্বলে, এই কাৰণে তেওঁৰ পুত্ৰক এক ফৈদ দিম।
A njegovu ću sinu ostaviti jedno pleme da moj sluga David ima uvijek svjetiljku preda mnom u Jeruzalemu, gradu koji sam izabrao sebi da u njemu stoluje Ime moje.
37 ৩৭ তাতে মই তোমাক গ্ৰহণ কৰিম আৰু তুমি তোমাৰ মনৰ সকলো ইচ্ছাৰ দৰে ৰাজত্ব কৰিবা আৰু ইস্ৰায়েলৰ ৰজা হ’বা।
Tebe ću uzeti da kraljuješ nad svim što budeš želio i da budeš kralj nad Izraelom.
38 ৩৮ আৰু যদি তুমি মোৰ দাস দায়ূদে কৰাৰ দৰে, মোৰ বিধি আৰু আজ্ঞা পালন কৰিবলৈ মোৰ সকলো আদেশত মনোযোগ দি মোৰ পথত চলা আৰু মোৰ দৃষ্টিত যি ভাল তাকে কৰা, তেতিয়া মই তোমাৰ লগত থাকিম; আৰু মই যেনেকৈ দায়ূদৰ কাৰণে কৰিলোঁ, তেনেকৈ তোমাৰ কাৰণেও এক দৃঢ় বংশ স্থাপন কৰিম আৰু ইস্ৰায়েলক তোমাক দিম।
Ako budeš poslušao sve što ti zapovjedim i stupao budeš putovima mojim te činio što je pravedno u očima mojim držeći moje zakone i zapovijedi moje, kako je to činio moj sluga David, tada ću ja biti s tobom i sagradit ću ti trajan dom, kao što sam sagradio Davidu, i dat ću ti Izraela.
39 ৩৯ মই দায়ূদৰ বংশক ক্লেশ দিম কিন্তু সদাকাললৈকে নহয়’।”
Ponizit ću potomke Davidove; ali ne zauvijek.'”
40 ৪০ এই কাৰণে চলোমনে যাৰবিয়ামক বধ কৰিবলৈ বিচাৰিলে, কিন্তু যাৰবিয়াম মিচৰলৈ গ’ল, আৰু মিচৰৰ ৰজা চীচকৰ ওচৰলৈ পলাই গ’ল। চলোমনৰ মৃত্যু নোহোৱালৈকে তেওঁ মিচৰতে থাকিল।
Salomon je zato tražio da ubije Jeroboama, ali on pobježe u Egipat k Šišaku i ostade u Egiptu do smrti Salomonove.
41 ৪১ চলোমনৰ অৱশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো কাৰ্য আৰু জ্ঞানৰ কথা জানো চলোমনৰ জীৱন-চৰিত্ৰৰ পুস্তকত লিখা নাই?
Ostala povijest Salomonova, sve što je učinio i njegova mudrost, zar nije zapisana u knjizi Povijesti Salomonove?
42 ৪২ চলোমনে যিৰূচালেমত সমুদায় ইস্ৰায়েলৰ ওপৰত চল্লিশ বছৰ ৰাজত্ব কৰিছিল।
A kraljevaše Salomon u Jeruzalemu nad svim Izraelom četrdeset godina.
43 ৪৩ পাছত চলোমন তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক তেওঁৰ পিতৃ দায়ূদৰ নগৰত মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ ৰহবিয়াম তেওঁৰ পদত ৰজা হ’ল।
Onda počinu Salomon kod otaca svojih i bi sahranjen u Davidovu gradu, a njegov sin Roboam zakralji se namjesto njega.

< ১ রাজাবলি 11 >