< ১ রাজাবলি 10 >
1 ১ যেতিয়া চিবা দেশৰ ৰাণীয়ে শুনিলে যে, যিহোৱাৰ নামৰ দ্বাৰাই চলোমনৰ যশস্যাৰ কথা শুনিলে, তেতিয়া তেওঁক কঠিন প্ৰশ্নৰ দ্বাৰাই পৰীক্ষা কৰিবলৈ তেওঁ আহিল।
示巴女王聽見所羅門因耶和華之名所得的名聲,就來要用難解的話試問所羅門。
2 ২ তেওঁ অধিক লোকৰ সৈতে যিৰূচালেমলৈ আহিল, লগতে তেওঁ উটৰ পিঠিত সুগন্ধি দ্ৰব্য, বহু পৰিমাণৰ সোণ আৰু বহুমূলীয়া পাথৰ বোজা দি কঢ়িয়াই লৈ আহিল। পাছত তেওঁ যেতিয়া আহি চলোমনৰ ওচৰ পালে, তেতিয়া তেওঁৰ মনৰ সকলো কথা চলোমনৰ ওচৰত মুকলিলৈ ক’লে।
跟隨她到耶路撒冷的人甚多,又有駱駝馱着香料、寶石,和許多金子。她來見了所羅門王,就把心裏所有的對所羅門都說出來。
3 ৩ তাতে চলোমনে তেওঁৰ সকলো প্ৰশ্নৰ উত্তৰ দিলে৷ ৰজাই উত্তৰ নিদিয়াকৈ তেওঁৰ এনে কোনো প্ৰশ্ন নাথাকিল৷
所羅門王將她所問的都答上了,沒有一句不明白、不能答的。
4 ৪ চিবাৰ ৰাণীয়ে যেতিয়া চলোমনৰ সকলো জ্ঞান দেখিবলৈ পালে, তেওঁ নিৰ্মান কৰা ৰাজপ্ৰাসাদ দেখিলে,
示巴女王見所羅門大有智慧,和他所建造的宮室,
5 ৫ তেওঁৰ মেজত থকা আহাৰ, তেওঁৰ দাসবোৰে বহা ঠাইবোৰ, আৰু তেওঁলোকৰ কৰ্মবোৰ, তেওঁলোকে পিন্ধা সাজ-পোচাক, আনকি পান-পাত্ৰ কৰোঁতাসকল, আৰু তেওঁ যিহোৱাৰ গৃহলৈ হোম-বলি উৎসৰ্গ কৰিবলৈ যোৱা পদ্ধতি, এইবোৰ দেখি তেওঁ মুগ্ধ হৈ গৈছিল।
席上的珍饈美味,群臣分列而坐,僕人兩旁侍立,以及他們的衣服裝飾和酒政的衣服裝飾,又見他上耶和華殿的臺階,就詫異得神不守舍;
6 ৬ তেতিয়া তেওঁ ৰজাক ক’লে, “মই নিজ দেশত আপোনাৰ বাক্য আৰু জ্ঞানৰ বিষয়ে যি কথা শুনিলোঁ, সেয়ে সঁচা।”
對王說:「我在本國裏所聽見論到你的事和你的智慧實在是真的!
7 ৭ মই আহি যেতিয়ালৈকে নিজ চকুৰে দেখা নাছিলোঁ, তেতিয়ালৈকে মই সেই কথাৰ বিষয়ে বিশ্বাস কৰা নাছিলো৷ আপোনাৰ জ্ঞান আৰু ধনৰ বিষয়ে মোক তেতিয়া আধাও কোৱা নাছিল! মই যি কথা শুনিছিলোঁ আপোনাৰ সেই যশস্যা তাতোকৈয়ো অধিক।
我先不信那些話,及至我來親眼見了才知道人所告訴我的還不到一半。你的智慧和你的福分越過我所聽見的風聲。
8 ৮ আপোনাৰ যি লোকসকল আৰু আপোনাৰ যি দাসবোৰে আপোনাৰ আগত সদায় থিয় হৈ আপোনাৰ জ্ঞানৰ কথা শুনে, তেওঁলোক অতি ধন্য।
你的臣子、你的僕人常侍立在你面前聽你智慧的話是有福的!
9 ৯ যি জনে আপোনাক ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহুৱাবলৈ আপোনাত সন্তোষ পালে, আপোনাৰ সেই ঈশ্বৰ যিহোৱা ধন্য৷ কিয়নো যিহোৱাই ইস্ৰায়েলক সদাকাললৈকে প্ৰেম কৰে, সেই কাৰণে তেওঁ বিচাৰ আৰু ধৰ্ম প্ৰচলিত কৰিবলৈ আপোনাক ৰাজপদত নিযুক্ত কৰিলে।”
耶和華-你的上帝是應當稱頌的!他喜悅你,使你坐以色列的國位;因為他永遠愛以色列,所以立你作王,使你秉公行義。」
10 ১০ তেওঁ ৰজাক এশ বিশ কিক্কৰ সোণ, অতি অধিক সুগন্ধি দ্ৰব্য আৰু বহুমূলীয়া মণি দিলে। চিবাৰ ৰাণীয়ে চলোমন ৰজাক যিমান সুগন্ধি দ্ৰব্য দিলে, সিমান অধিক সুগন্ধি দ্ৰব্য ৰজা চলোমনলৈ কেতিয়াও তেনেকৈ দিয়া হোৱা নাছিল।
於是,示巴女王將一百二十他連得金子和寶石,與極多的香料,送給所羅門王。她送給王的香料,以後奉來的不再有這樣多。 (
11 ১১ হীৰমৰ যি জাহাজে ওফীৰৰ পৰা সোণ আনিছিল, সেই জাহাজৰ দ্বাৰাই ওফীৰৰ পৰা বিস্তৰ অলমূগ কাঠ আৰু বহুমূল্য মণিও আনিছিল।
希蘭的船隻從俄斐運了金子來,又從俄斐運了許多檀香木和寶石來。
12 ১২ ৰজাই সেই অলমূগ কাঠেৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ বাবে খুঁটা সাজিছিল আৰু গায়কসকলৰ কাৰণে বীণা আৰু নেবল সজাইছিল; তেনেকুৱা অলমূগ কাঠ আজিলৈকে কেতিয়াও অহা নাই আৰু কোনেও দেখা নাই।
王用檀香木為耶和華殿和王宮做欄杆,又為歌唱的人做琴瑟。以後再沒有這樣的檀香木進國來,也沒有人看見過,直到如今。)
13 ১৩ ৰজা চলোমনে চিবাৰ ৰাণীক দিবলৈ বাধ্য হোৱা বস্তুৰ বাহিৰে, তেওঁ যি যি বিচাৰিছিল আৰু যিয়ে খুজিছিল সেই অনুসাৰে তেওঁক সকলো দিলে। তাৰ পাছত ৰাণী আৰু তেওঁৰ দাসবোৰ নিজ দেশলৈ ঘূৰি গ’ল।
示巴女王一切所要所求的,所羅門王都送給她,另外照自己的厚意餽送她。於是女王和她臣僕轉回本國去了。
14 ১৪ সেই সময়ত এবছৰত চলোমনলৈ ছশ ছয়ষষ্ঠী কিক্কৰ সোণ আহিছিল।
所羅門每年所得的金子共有六百六十六他連得。
15 ১৫ ইয়াৰ বাহিৰেও বেপাৰীসকলৰ পৰা আৰু বণিকসকলৰ বাণিজ্যৰ পৰা তেওঁলোকে চলোমনলৈ সোণ আনিছিল৷ আৰবৰ সকলো ৰজা আৰু দেশাধ্যক্ষসকলেও চলোমনলৈ সোণ আৰু ৰূপ আনিছিল৷
另外還有商人和雜族的諸王,與國中的省長所進的金子。
16 ১৬ ৰজা চলোমনে সোণ পিটাই দুশটা বৰ ঢাল সজাইছিল৷ প্ৰত্যেকটো ঢালত ছশ চেকল সোণ প্ৰয়োজন হৈছিল৷
所羅門王用錘出來的金子打成擋牌二百面,每面用金子六百舍客勒;
17 ১৭ তেওঁ সোণ পিটাই আকৌ তিনিশটা ঢাল যুগুত কৰিলে৷ সেই প্ৰত্যেকটো ঢালত তিনি মানি সোণ খৰচ হৈছিল। তাৰ পাছত ৰজাই সেইবোৰ লিবানোনৰ কাঠনিৰ গৃহত ৰাখিছিল।
又用錘出來的金子打成盾牌三百面,每面用金子三彌那,都放在黎巴嫩林宮裏。
18 ১৮ তাৰ পাছত ৰজাই হাতী দাঁতৰ এখন ডাঙৰ সিংহাসন সজালে, আৰু সেই সিংহাসনৰ ওপৰত উত্তম সোণৰ পতা মাৰিলে।
王用象牙製造一個寶座,用精金包裹。
19 ১৯ সিংহাসন খনত ছখপিয়া খটখটী আছিল আৰু সিংহাসনৰ ওপৰ ভাগৰ পাছ ফালটো ঘূৰণীয়া আছিল৷ বহা ঠাইৰ দুয়োফালে হাত ৰখাৰ বাবে ব্যৱস্থা আছিল আৰু সেই হাত ৰখা ঠাইৰ কাষত দুইফালে দুটা সিংহৰ মুৰ্ত্তি থিয় কৰোঁৱা আছিল।
寶座有六層臺階,座的後背是圓的,兩旁有扶手,靠近扶手有兩個獅子站立。
20 ২০ সেই ছয়খাপৰ সিংহাসন খনৰ প্ৰতিটো খলপৰ দুই মূৰে এটা এটা কৈ বাৰ টা সিংহৰ মূৰ্তি থিয় হৈ আছিল। এনে আকৃতিৰ সিংহাসন আন কোনো ৰাজ্যত নাছিল।
六層臺階上有十二個獅子站立,每層有兩個:左邊一個,右邊一個;在列國中沒有這樣做的。
21 ২১ ৰজা চলোমনৰ সকলো পানপাত্ৰ সোণৰ আছিল আৰু লিবানোনৰ গৃহৰ আটাই পাত্ৰ শুদ্ধ সোণৰ আছিল৷ ৰূপৰ একোৱেই নাছিল, কিয়নো চলোমনৰ ৰাজত্বৰ কালত ৰূপক বহু মূল্যৱান বুলি গণ্য কৰা হোৱা নাছিল।
所羅門王一切的飲器都是金子的。黎巴嫩林宮裏的一切器皿都是精金的。所羅門年間,銀子算不了甚麼。
22 ২২ সমূদ্ৰত হীৰমৰ জাহাজবোৰৰ সৈতে চলোমনৰ জাহাজবোৰ আছিল; সেই জাহাজবোৰে সোণ, ৰূপ, হাতীদাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনিবছৰৰ মূৰত এবাৰ এবাৰ আহিছিল।
因為王有他施船隻與希蘭的船隻一同航海,三年一次,裝載金銀、象牙、猿猴、孔雀回來。
23 ২৩ এইদৰে ঐশ্বৰ্য্য আৰু জ্ঞানত ৰজা চলোমনে পৃথিৱীত থকা সকলো ৰজাতকৈ প্ৰধান আছিল।
所羅門王的財寶與智慧勝過天下的列王。
24 ২৪ ঈশ্বৰে চলোমনৰ মনত যি জ্ঞান দিছিল, তেওঁৰ সেই জ্ঞানৰ কথা শুনিবৰ বাবে গোটেই পৃথিৱীৰ মানুহে তেওঁক সাক্ষাত কৰিব বিচাৰিছিল।
普天下的王都求見所羅門,要聽上帝賜給他智慧的話。
25 ২৫ যিসকল লোক তেওঁৰ ওচৰলৈ আহিছিল, তেওঁলোকে নিজ নিজ উপহাৰ লৈ আহিছিল; তেওঁলোকে সোণ আৰু ৰূপৰ পাত্ৰ, বস্ত্ৰ, অস্ত্ৰ, সুগন্ধি দ্ৰব্য, ঘোঁৰা আৰু খছৰ প্ৰত্যেক বছৰে বছৰে লৈ আহিছিল।
他們各帶貢物,就是金器、銀器、衣服、軍械、香料、騾馬,每年有一定之例。
26 ২৬ চলোমনে ৰথ আৰু অশ্বাৰোহী লোকসকলক একত্রিত কৰিছিল। তেওঁৰ এক হাজাৰ চাৰিশ ৰথ আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল; তেওঁ তেওঁলোকক নানা ৰথ-নগৰত আৰু যিৰূচালেমতো তেওঁ নিজৰ লগত ৰাখিছিল।
所羅門聚集戰車馬兵,有戰車一千四百輛,馬兵一萬二千名,安置在屯車的城邑和耶路撒冷,就是王那裏。
27 ২৭ ৰজাৰ লগত ৰূপ যিৰূচালেমৰ মাটিত পোৱা শিলবোৰতকৈয়ো অধিক আছিল৷ তেওঁ এৰচ কাঠক নিম্ন-ভূমিত থকা ডিমৰু গছবোৰতকৈয়ো অধিক কৰিছিল।
王在耶路撒冷使銀子多如石頭,香柏木多如高原的桑樹。
28 ২৮ চলোমনৰ যিবোৰ ঘোঁৰা আছিল, সেই ঘোঁৰাবোৰ মিচৰ পৰা অনা হৈছিল৷ সেই ঘোঁৰাবোৰ ৰজাঘৰীয়া বেপাৰীহঁতে মূল্য দি জাকে জাকে আনিছিল।
所羅門的馬是從埃及帶來的,是王的商人一群一群按着定價買來的。
29 ২৯ মিচৰৰ পৰা কিনি অনা এখন এখন ৰথৰ দাম ছশ চেকল ৰূপ আৰু এটা এটা ঘোঁৰাৰ দাম এশ পঞ্চাশ চেকল ৰূপ; এইদৰে তেওঁলোকৰ দ্বাৰাই হিত্তীয়া আৰু অৰামীয়া সকলো ৰজাৰ কাৰণেও সেইবোৰ অনা হৈছিল।
從埃及買來的車,每輛價銀六百舍客勒,馬每匹一百五十舍客勒。赫人諸王和亞蘭諸王所買的車馬,也是按這價值經他們手買來的。