< ১ যোহন 5 >
1 ১ যীচু যে সেই অভিষিক্ত হয়, ইয়াক যিজনে বিশ্বাস কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা; আৰু যিজনে জন্ম দিওঁতা পিতৃক প্ৰেম কৰে, তেওঁ পিতৃৰ পৰা জন্ম পোৱা জনকো প্ৰেম কৰে।
Ku alla kii rumaysta inuu Ciise yahay Masiixa, Ilaah buu ka dhashay; oo ku alla kii jecel kan dhalay, kan isaga ka dhashayna wuu jecel yahay.
2 ২ আমি যেতিয়া ঈশ্বৰক প্ৰেম কৰোঁ আৰু তেওঁৰ আজ্ঞা পালন কৰোঁ, তেতিয়া ঈশ্বৰৰ সন্তান সকলকো যে প্ৰেম কৰোঁ, ইয়াকে জানো।
Taasaynu ku garanaynaa inaynu carruurta Ilaah jecel nahay, goortaynu Ilaah jeclaanno oo qaynuunnadiisa xajinno.
3 ৩ কাৰণ ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই, আমি যেন তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ; আৰু তেওঁৰ আজ্ঞাবোৰ ব’বলৈ গধুৰ নহয়৷
Waa kan jacaylka Ilaah, kaasoo ah inaynu qaynuunnadiisa xajinno; oo qaynuunnadiisuna ma cusla.
4 ৪ যিসকল ঈশ্বৰৰ পৰা জন্ম পোৱা, তেওঁলোকে জগতক জয় কৰে। আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস।
Ku alla kii ka dhashay Ilaah, wuxuu ka adkaadaa dunida, oo waxaa libta ka adkaata dunida ah rumaysadkeenna.
5 ৫ যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, ইয়াক যি জনে বিশ্বাস কৰে, তেওঁৰ বাহিৰে জগতক জয় কৰোঁতা কোন?
Waa ayo kan dunida ka adkaadaa, kan rumaystaa inuu Ciise yahay Wiilka Ilaah mooyaane?
6 ৬ জল আৰু তেজেদি অহা জন তেৱেঁই; তেওঁ হ’ল যীচু খ্ৰীষ্ট; তেওঁ কেৱল জলেৰে নহয়, কিন্তু জল আৰু তেজ, এই উভয়েৰে আহিল। এই সাক্ষ্য আত্মা দিয়ে, কাৰণ আত্মা সত্য।
Kanu waa kii biyo iyo dhiig ku yimid, oo ah Ciise Masiix; biyo keliya kuma iman, laakiin wuxuu ku yimid biyo iyo dhiig.
7 ৭ আৰু সাক্ষ্য দিওঁতা তিনিটা;
Oo waa Ruuxa kan maragga furaa, waayo, Ruuxa waa runta.
8 ৮ আত্মা, জল, আৰু তেজ, এই তিনিওৰো সাক্ষ্য এক।
Waxaa jira saddex marag fura; waana Ruuxa iyo biyaha iyo dhiigga, oo saddexdaasuna waa isku mid.
9 ৯ আমি যদি মানুহবোৰৰ সাক্ষ্য গ্ৰহন কৰোঁ, তেনেহলে ঈশ্বৰৰ সাক্ষ্য তাতকৈয়ো শ্ৰেষ্ঠ; কিয়নো এয়া ঈশ্বৰৰ সাক্ষ্য। তেওঁ নিজৰ পুত্ৰৰ বিষয়ে সাক্ষ্য দিলে।
Haddii aynu maragfurka dadka aqbali lahayn, maragfurka Ilaah baa ka weyn, waayo, maragfurka Ilaah waa kan oo ah inuu Wiilkiisa ka marag furay.
10 ১০ যিজনে ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰে, সেই সাক্ষ্য তেওঁৰ অন্তৰত থাকে; যিজনে ঈশ্বৰত বিশ্বাস নকৰে, তেওঁ ঈশ্বৰক মিছলীয়া পাতিলে; কিয়নো নিজৰ পুত্ৰৰ বিষয়ে ঈশ্ৱৰে যি সাক্ষ্য দিলে, সেই সাক্ষ্যত তেওঁ বিশ্বাস কৰা নাই।
Ka Wiilka Ilaah rumaystaa maragguu ku haystaa nafsaddiisa, kii aan Ilaah rumaysanna, wuxuu isaga ka dhigay beenaaleh; maxaa yeelay, wuxuusan rumaysan maraggii uu Ilaah ka marag furay Wiilkiisa.
11 ১১ সেই সাক্ষ্য এই যে, ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে। (aiōnios )
Maragguna waa kan, kaas oo ah in Ilaah ina siiyey nolosha weligeed ah, oo ay noloshanu Wiilkiisa ku jirto. (aiōnios )
12 ১২ যিজনে পুত্ৰক পালে, তেওঁৰ জীৱন আছে; যিজনে ঈশ্বৰৰ পুত্ৰক পোৱা নাই, তেওঁৰ জীৱন নাই।
Kan Wiilka haystaa, noloshuu leeyahay. Kii aan Wiilka Ilaah haysanna nolosha ma leh.
13 ১৩ ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা যি আপোনালোক, আপোনালোকৰ যে অনন্ত জীৱন আছে, সেই বিষয়ে আপোনালোকে জানিবৰ বাবে এইবোৰ কথা মই আপোনালোকলৈ লিখিলোঁ। (aiōnios )
Waxyaalahan waxaan idiinku soo qoray, idinka oo rumaystay magaca Wiilka Ilaah, si aad u ogaataan inaad nolosha weligeed ah leedihiin. (aiōnios )
14 ১৪ এই বিষয়ত আমাৰ দৃঢ় আস্থা আছে যে, আমি যদি তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ ওচৰত যি কোনো বিষয় বিচাৰো, তেনেহলে তেওঁ আমাৰ যাচনা শুনে;
Oo tanu waa kalsoonaanta aynu isaga u qabno, taasoo ah haddaynu wax uun doonistiisa ku barinno, isagu wuu ina maqlaa,
15 ১৫ আৰু আমি যদি সঁচাকৈ জানোঁ যে, আমাৰ যাচনাৰ বিষয় তেওঁ শুনে; তেনেহলে আমি জানিব লাগে যে, আমি তেওঁৰ ওচৰত যি যি বিচাৰিছোঁ, সেই সকলো পালোঁ৷
oo haddaynu og nahay inuu inaga maqlo wax alla wixii aynu ka barinno, waxaynu og nahay inaynu leennahay waxyaalihii aynu isaga ka barinnay.
16 ১৬ কোনোৱে যদি নিজ ভাইক মৃত্যুজনক নোহোৱা পাপ কৰা দেখে, তেনেহলে তেওঁ প্ৰার্থনা কৰক আৰু ইয়াৰ যোগেদি ঈশ্বৰে মৃত্যুজনক নোহোৱা পাপ কৰা লোকক জীৱন দিব। মৃত্যুজনক পাপ আছেই; তাৰ বিষয়ে নিবেদন কৰিবলৈ মই নকওঁ।
Haddii qof uun arko walaalkii oo samaynaya dembi aan xagga dhimashada ahayn, waa inuu Ilaah baryo; isaguna noloshuu siin doonaa kuwa samaynaya dembi aan xagga dhimashada ahayn. Waxaa jira dembi xagga dhimashada ah. Oo anigu odhan maayo, Kaas ha ka tukado.
17 ১৭ সকলো অধৰ্মই পাপ; কিন্তু মৃত্যুজনক নোহোৱা পাপো আছে।
Xaqdarrada oo dhammu waa dembi; oo waxaa jira dembi aan xagga dhimashada ahayn.
18 ১৮ আমি জানোঁ যে, ঈশ্বৰৰ পৰা জন্ম পোৱা জনে পাপ নকৰে; কিন্তু যিজনে ঈশ্ৱৰৰ পৰা জন্ম পালে, ঈশ্ৱৰে তেওঁক চয়তানৰ পৰা ধৰি ৰাখে; আৰু চয়তানে তেওঁক স্পৰ্শ কৰিব নোৱাৰে।
Waan og nahay in ku alla kii Ilaah ka dhashay aanu dembaabin. Maxaa yeelay, kii ka dhashay Ilaah naftiisuu ilaaliyaa, oo ka sharka lihina ma taabto.
19 ১৯ আমি জানোঁ যে, আমি ঈশ্বৰৰ সন্তান হওঁ আৰু গোটেই জগত মিছাকৈয়ে চয়তানৰ অধীনত আছে৷
Waxaynu og nahay inaynu kuwa Ilaah nahay, oo ay dunida oo dhammuna ku jirto gacanta ka sharka leh.
20 ২০ আমি ইয়াকো জানোঁ যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানোঁ কোন সত্য। এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। (aiōnios )
Waxaynu og nahay in Wiilka Ilaah yimid, oo wuxuu ina siiyey garasho si aynu ugu garanno kan runta ah; innaguna waa ku jirnaa kan runta ah, oo ah Wiilkiisa ee Ciise Masiix ah. Kanu waa Ilaaha runta ah iyo nolosha weligeed ah. (aiōnios )
21 ২১ তেৱেঁই সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। হে প্ৰিয় সন্তানসকল, মূৰ্তিবোৰৰ পৰা নিজক দূৰৈত ৰাখক৷
Carruurtiiyey, sanamyada iska ilaaliya.