< ১ যোহন 3 >

1 ভাবি চাওক, পিতৃ ঈশ্বৰে আমাক কেনে প্ৰেম প্ৰদান কৰিলে, আমি যেন ঈশ্বৰৰ সন্তান বুলি অভিহিত হওঁ আৰু আমি হৈছোও! এই বাবে জগতৰ মানুহে আমাক নাজানে, কাৰণ জগতে তেওঁক নাজানিলে৷
ⲁ̅ⲁⲛⲛⲁⲩ ϫⲉ ⲟⲩⲁϣ ⲛϭⲟⲧ ⲧⲉ ⲧⲁⲅⲁⲡⲏ ⲛⲧⲁⲡⲉⲓⲱⲧ ⲧⲁⲁⲥ ⲛⲁⲛ ϫⲉⲕⲁⲥ ⲉⲩⲉⲙⲟⲩⲧⲉ ⲉⲣⲟⲛ ϫⲉ ⲛⲛⲉϣⲏⲣⲉ ⲙⲡⲛⲟⲩⲧⲉ ⲁⲩⲱ ⲁⲛⲟⲛ ⲡⲉ ⲉⲧⲃⲉ ⲡⲁⲓ ⲙⲡⲕⲟⲥⲙⲟⲥ ⲥⲟⲟⲩⲛ ⲙⲙⲟⲛ ⲁⲛ ϫⲉ ⲙⲡⲉϥⲥⲟⲩⲱⲛϥ
2 হে প্ৰিয়সকল, এতিয়া আমি ঈশ্বৰৰ সন্তান; কিন্তু পাছত কি হ’ম, সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। কিন্তু আমি জানো যে, খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হব, তেতিয়া আমি তেওঁৰ নিচিনাই হ’ম৷ তেওঁ যেনেকুৱা আছে, তেনেকুৱাই তেওঁক দেখিম৷
ⲃ̅ⲛⲁⲙⲉⲣⲁⲧⲉ ⲧⲉⲛⲟⲩ ⲁⲛⲟⲛ ⲛⲉϣⲏⲣⲉ ⲙⲡⲛⲟⲩⲧⲉ ⲁⲩⲱ ⲙⲡⲁⲧϥⲟⲩⲱⲛϩ ⲉⲃⲟⲗ ϫⲉ ⲛⲛⲁⲣ ⲁϣ ⲉⲛϩⲉ ⲧⲉⲧⲛⲥⲟⲟⲩⲛ ϫⲉ ⲉϥϣⲁⲛⲟⲩⲱⲛϩ ⲉⲃⲟⲗ ⲧⲉⲛⲛⲁϣⲱⲡⲉ ⲉⲛⲉⲓⲛⲉ ⲙⲙⲟϥ ϫⲉ ⲧⲛⲛⲁⲩ ⲉⲣⲟϥ ⲕⲁⲧⲁ ⲑⲉ ⲉⲧϥϣⲟⲟⲡ ⲛϩⲏⲧⲥ
3 আৰু তেওঁৰ ওপৰত যি ব্যক্তিৰ এনে আশা বা আত্মবিশ্বাস আছে, তেওঁ যেনে শুচি, তেৱোঁ তেনেকৈ নিজকে শুচি কৰে।
ⲅ̅ⲁⲩⲱ ⲟⲩⲟⲛ ⲛⲓⲙ ⲉⲧⲉ ⲩⲛⲧⲁϥ ⲙⲙⲟⲟⲩ ⲛⲧⲉⲓϩⲉⲗⲡⲓⲥ ϣⲁϥⲧⲃⲃⲟϥ ⲉϩⲣⲁⲓ ⲉϫⲱϥ ⲕⲁⲧⲁ ⲑⲉ ⲉⲧⲉⲣⲉⲡⲏ ⲟⲩⲁⲁⲃ ⲙⲙⲟⲥ
4 যি কোনোৱে পাপ-আচৰণ কৰে, তেওঁ বিধান লঙ্ঘন কৰে; আৰু বিধান-লঙ্ঘন কৰাই পাপ।
ⲇ̅ⲟⲩⲟⲛ ⲛⲓⲙ ⲉⲧⲉⲓⲣⲉ ⲙⲡⲛⲟⲃⲉ ϥⲉⲓⲣⲉ ⲟⲛ ⲛⲧⲕⲉⲁⲛⲟⲙⲓⲁ ⲁⲩⲱ ⲡⲛⲟⲃⲉ ⲡⲉ ⲧⲁⲛⲟⲙⲓⲁ
5 আপোনালোকে জানে যে, পাপ দূৰ কৰিবলৈ তেওঁ প্ৰকাশিত হ’ল আৰু তেওঁত কোনো পাপ নাই।
ⲉ̅ⲁⲩⲱ ⲧⲛⲥⲟⲟⲩⲛ ϫⲉ ⲛⲧⲁⲡⲉⲧⲙⲙⲁⲩ ⲟⲩⲱⲛϩ ⲉⲃⲟⲗ ϫⲉⲕⲁⲥ ⲉϥⲉϥⲓ ⲛⲛⲉⲛⲟⲃⲉ ⲁⲩⲱ ⲙⲙ ⲛⲟⲃⲉ ϣⲟⲟⲡ ϩⲣⲁⲓ ⲛϩⲏⲧϥ
6 যি কোনোৱে তেওঁত থাকে, তেওঁ পাপ নকৰে; যি কোনোৱে পাপ কৰে, তেওঁ তেওঁক দেখা নাই আৰু জনাও নাই।
ⲋ̅ⲟⲩⲟⲛ ⲛⲓⲙ ⲉⲧϣⲟⲟⲡ ϩⲣⲁⲓ ⲛϩⲏⲧϥ ⲙⲉϥⲣ ⲛⲟⲃⲉ ⲟⲩⲟⲛ ⲛⲓⲙ ⲉⲧⲉⲣ ⲛⲟⲃⲉ ⲙⲡⲉϥⲛⲁⲩ ⲉⲣⲟϥ ⲟⲩⲇⲉ ⲙⲡⲉϥⲥⲟⲩⲱⲛϥ
7 হে প্রিয় সন্তানসকল, আপোনালোকক ভুলাবলৈ কাকো নিদিব; যি কোনোৱে ধাৰ্মিকতা আচৰণ কৰে, খ্ৰীষ্ট যেনে ধাৰ্মিক, তেৱোঁ তেনে ধাৰ্মিক হয়।
ⲍ̅ⲛⲁϣⲏⲣⲉ ⲙⲡⲉⲣⲧⲉⲣⲉⲗⲁⲁⲩ ⲡⲗⲁⲛⲁ ⲙⲙⲱⲧⲛ ⲡⲉⲧⲉⲣⲉ ⲛⲇⲓⲕⲁⲓⲟⲥⲩⲛⲏ ⲟⲩⲇⲓⲕⲁⲓⲟⲥ ⲡⲉ ⲕⲁⲧⲁ ⲑⲉ ⲙⲡⲉⲧⲙⲙⲁⲩ ⲉⲩⲇⲓⲕⲁⲓⲟⲥ ⲡⲉ
8 যি কোনোৱে পাপ-আচৰণ কৰে, তেওঁ চয়তানৰ; কিয়নো চয়তানে আদিৰে পৰা পাপ কৰি আছে। চয়তানৰ কৰ্ম ধ্বংস কৰিবৰ কাৰণে ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ’ল।
ⲏ̅ⲡⲉⲧⲉⲓⲣⲉ ⲙⲡⲛⲟⲃⲉ ⲟⲩⲉⲃⲟⲗ ϩⲙ ⲡⲇⲓⲁⲃⲟⲗⲟⲥ ⲡⲉ ϫⲉ ϫⲓⲛ ⲧⲉϩⲟⲩⲉⲓⲧⲉ ⲡⲇⲓⲁⲃⲟⲗⲟⲥ ⲉⲣ ⲛⲟⲃⲉ ⲉⲧⲃⲉ ⲡⲁⲓ ⲁⲡϣⲏⲣⲉ ⲙⲡⲛⲟⲩⲧⲉ ⲟⲩⲱⲛϩ ⲉⲃⲟⲗ ϫⲉⲕⲁⲥ ⲉϥⲉⲃⲱⲗ ⲉⲃⲟⲗ ⲛⲛⲉϩⲃⲏⲩⲉ ⲙⲡⲇⲓⲁⲃⲟⲗⲟⲥ
9 যিজন ঈশ্বৰৰ পৰা জন্ম পোৱা হয়, তেওঁ পাপ-আচৰণ নকৰে; কাৰণ ঈশ্বৰৰ বীজ তেওঁৰ অন্তৰত থাকে৷ তেওঁ পাপ কৰিব নোৱাৰে; কাৰণ ঈশ্বৰৰ পৰা তেওঁৰ জন্ম হ’ল।
ⲑ̅ⲟⲩⲟⲛ ⲛⲓⲙ ⲛⲧⲁⲩϫⲡⲟϥ ⲉⲃⲟⲗ ϩⲙ ⲡⲛⲟⲩⲧⲉ ⲙⲉϥⲣ ⲛⲟⲃⲉ ϫⲉ ⲡⲉϥⲥⲡⲉⲣⲙⲁ ϣⲟⲟⲡ ϩⲣⲁⲓ ⲛϩⲏⲧϥ ⲁⲩⲱ ⲙⲛ ϣ ϭⲟⲙ ⲙⲙⲟϥ ⲉⲣ ⲛⲟⲃⲉ ϫⲉ ⲛⲧⲁⲩϫⲡⲟϥ ⲉⲃⲟⲗ ϩⲙ ⲡⲛⲟⲩⲧⲉ
10 ১০ ইয়াতে প্রকাশ পায় কোন ঈশ্বৰৰ সন্তান আৰু কোন চয়তানৰ সন্তান! যি কোনোৱে ধাৰ্মিকতাৰ আচৰণ নকৰে, তেওঁ ঈশ্বৰৰ সন্তান নহয়। যিজনে নিজ ভায়েকক প্ৰেম নকৰে, তেৱোঁ ঈশ্বৰৰ সন্তান নহয়।
ⲓ̅ϩⲙ ⲡⲁⲓ ⲥⲉⲟⲩⲟⲛϩ ⲉⲃⲟⲗ ⲛϭⲓ ⲛⲛⲉϣⲏⲣⲉ ⲙⲡⲛⲟⲩⲧⲉ ⲙⲛ ⲛⲉϣⲏⲣⲉ ⲙⲡⲇⲓⲁⲃⲟⲗⲟⲥ ⲟⲩⲟⲛ ⲛⲓⲙ ⲉⲧⲉ ⲛⲟⲩⲇⲓⲕⲁⲓⲟⲥ ⲁⲛ ⲡⲉ ⲛⲟⲩⲃⲟⲗ ⲁⲛ ⲡⲉ ϩⲙ ⲡⲛⲟⲩⲧⲉ ⲁⲩⲱ ⲡⲉⲧⲉ ⲛϥⲙⲉ ⲁⲛ ⲙⲡⲉϥⲥⲟⲛ
11 ১১ কিয়নো আমি যেন পৰস্পৰে প্ৰেম কৰোঁ, এই বার্তা আপোনালোকে আদিৰে পৰা শুনি আছে।
ⲓ̅ⲁ̅ϫⲉ ⲡⲁⲓ ⲡⲉ ⲡⲉⲣⲏⲧ ⲛⲧⲁⲛⲥⲱⲧⲙ ⲉⲣⲟϥ ϫⲓⲛ ϣⲟⲣⲡ ϫⲉⲕⲁⲥ ⲉⲛⲁⲙⲉⲣⲉ ⲛⲉⲛⲉⲣⲏⲩ
12 ১২ আপোনালোক কয়িনৰ নিচিনা নহব। কয়িন চয়তানৰ লোক আছিল আৰু তেওঁ চয়তানৰ পৰা হ’ল আৰু নিজ ভায়েকক বধ কৰিলে। তেওঁ কি কাৰণে নিজ ভাইক বধ কৰিলে? কাৰণ তেওঁৰ কৰ্ম মন্দ আছিল, কিন্তু তেওঁৰ ভায়েক ধাৰ্মিক আছিল।
ⲓ̅ⲃ̅ⲕⲁⲧⲁ ⲑⲉ ⲁⲛ ⲛⲕⲁⲓⲛ ⲉⲟⲩⲉⲃⲟⲗ ϩⲙ ⲡⲡⲟⲛⲏⲣⲟⲥ ⲡⲉ ⲛⲧⲁϥⲕⲱⲛⲥ ⲡⲉϥⲥⲟⲛ ⲁⲩⲱ ⲉⲧⲃⲉ ⲟⲩ ⲁϥⲕⲟⲛⲥϥ ⲉⲃⲟⲗ ϫⲉ ⲛⲉϥϩⲃⲏⲩⲉ ϩⲉⲛⲡⲟⲛⲏⲣⲟⲛ ⲛⲉϩⲃⲏⲩⲉ ⲇⲉ ⲙⲡⲉϥⲥⲟⲛ ϩⲉⲛⲇⲓⲕⲁⲓⲟⲛ ⲛⲉ
13 ১৩ হে মোৰ ভাইসকল, জগতে যদি আপোনালোকক ঘৃণা কৰে, তেনেহলে তাত বিস্ময় নামানিব।
ⲓ̅ⲅ̅ⲙⲡⲣⲣ ϣⲡⲏⲣⲉ ⲛⲁⲥⲛⲏⲩ ϫⲉ ⲡⲕⲟⲥⲙⲟⲥ ⲙⲟⲥⲧⲉ ⲙⲙⲟⲛ
14 ১৪ আমি ভাই সকলক প্ৰেম কৰাৰ কাৰণে বুজি পাওঁ যে, আমি মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’লোঁ, ইয়াকে জানো। যি কোনোৱে প্ৰেম নকৰে, তেওঁ মৃত্যুতেই থাকে।
ⲓ̅ⲇ̅ⲁⲛⲟⲛ ⲧⲛⲥⲟⲟⲩⲛ ϫⲉ ⲁⲛⲡⲱⲱⲛⲉ ⲉⲃⲟⲗ ϩⲙ ⲡⲙⲟⲩ ⲉϩⲟⲩⲛ ⲉⲡⲱⲛϩ ϫⲉ ⲧⲉⲛⲙⲉ ⲛⲛⲉⲛⲥⲛⲏⲩ ⲡⲉⲧⲉ ⲛϥⲙⲉ ⲁⲛ ϥϣⲟⲟⲡ ϩⲣⲁⲓ ϩⲙ ⲡⲙⲟⲩ
15 ১৫ যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ এজন নৰবধী৷ কোনো নৰবধীৰ অন্তৰত অনন্ত জীৱন নাথাকে, ইয়াক আপোনালোকে জানে। (aiōnios g166)
ⲓ̅ⲉ̅ⲟⲩⲟⲛ ⲇⲉ ⲛⲓⲙ ⲉⲧⲙⲟⲥⲧⲉ ⲙⲡⲉϥⲥⲟⲛ ⲟⲩⲣⲉϥϩⲉⲧⲃ ⲣⲱⲙⲉ ⲡⲉ ⲁⲩⲱ ⲧⲉⲧⲛⲥⲟⲟⲩⲛ ϫⲉ ⲣⲉϥϩⲉⲧⲃ ⲣⲱⲙⲉ ⲛⲓⲙ ⲙⲛⲧϥ ⲙⲙⲁⲩ ⲙⲡⲱⲛϩ ⲛϣⲁ ⲉⲛⲉϩ ⲉϥϣⲟⲟⲡ ϩⲣⲁⲓ ⲛϩⲏⲧϥ (aiōnios g166)
16 ১৬ যীচু খ্ৰীষ্টে আমাৰ কাৰণে নিজৰ প্ৰাণ দিলে, ইয়াতেই আমি প্ৰেমৰ তত্ব জানিবলৈ পালোঁ৷ আমিও ভাই সকলৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত।
ⲓ̅ⲋ̅ϩⲙ ⲡⲁⲓ ⲁⲛⲉⲓⲙⲉ ⲉⲧⲁⲅⲁⲡⲏ ϫⲉ ⲡⲉⲧⲙⲙⲁⲩ ⲡⲉⲛⲧⲁϥⲕⲱ ⲛⲧⲉϥⲯⲩⲭⲏ ϩⲁⲣⲟⲛ ⲁⲛⲟⲛ ⲇⲉ ϩⲱⲱⲛ ϣϣⲉ ⲉⲣⲟⲛ ⲉⲕⲱ ⲛⲛⲙⲯⲩⲭⲏ ϩⲁ ⲛⲉⲛⲥⲛⲏⲩ
17 ১৭ কিন্তু যিজনৰ সাংসাৰিক জীৱিকাৰ উপায় আছে, তেওঁ নিজ ভাইৰ অভাৱ দেখিও যদি স্নেহ নকৰি হৃদয় বন্ধ কৰি থয় আৰু তেওঁৰ পৰা নিজ স্নেহ আটক কৰে, তেনেহলে ঈশ্বৰৰ প্ৰেম কেনেকৈ তেওঁৰ অন্তৰত থাকিব?
ⲓ̅ⲍ̅ⲡⲉⲧⲉ ⲟⲩⲛⲧⲁϥ ⲙⲙⲁⲩ ⲙⲡⲃⲓⲟⲥ ⲙⲡⲉⲓⲕⲟⲥⲙⲟⲥ ⲛϥⲛⲁⲩ ⲉⲡⲉϥⲥⲟⲛ ⲉϥⲣϭⲣⲟϩ ⲛϥⲧⲙϣⲛ ϩⲧⲏϥ ⲉϩⲣⲁⲓ ⲉϫⲱϥ ⲛⲁϣ ⲉⲛϩⲉ ⲧⲁⲅⲁⲡⲏ ⲙⲡⲛⲟⲩⲧⲉ ϣⲟⲟⲡ ϩⲣⲁⲓ ⲛϩⲏⲧϥ
18 ১৮ হে প্রিয় সন্তানসকল, আহক; আমি কেৱল বাক্যৰ দ্বাৰাই বা জিভাৰে নহয়, কৰ্ম আৰু সত্যেৰে প্ৰেম কৰোঁহক।
ⲓ̅ⲏ̅ⲛⲁϣⲏⲣⲉ ⲙⲡⲉⲣⲧⲉⲣⲉⲛⲙⲉ ϩⲙ ⲡϣⲁϫⲉ ⲟⲩⲇⲉ ϩⲙ ⲡⲗⲁⲥ ⲁⲗⲗⲁ ϩⲙ ⲡϩⲱⲃ ⲙⲛ ⲧⲙⲉ
19 ১৯ ইয়াৰ দ্বাৰাই আমি জানো যে, সত্যৰ পৰা হওঁ;
ⲓ̅ⲑ̅ⲁⲩⲱ ϩⲙ ⲡⲁⲓ ⲧⲉⲛⲛⲁⲉⲓⲙⲉ ϫⲉ ⲁⲛⲟⲛ ϩⲉⲛⲃⲟⲗ ϩⲛ ⲧⲙⲉ ⲁⲩⲱ ⲧⲛⲛⲁⲡⲉⲓⲑⲉ ⲙⲡⲉⲛϩⲏⲧ ⲙⲡⲉϥⲙⲧⲟ ⲉⲃⲟⲗ
20 ২০ আৰু আমাৰ অন্তৰে আমাক দোষী কৰিলেও তেওঁৰ উপস্থিতিত আমাৰ অন্তৰ আশ্বাসত থাকিব৷ কাৰণ ঈশ্বৰ আমাৰ হৃদয়তকৈ মহান আৰু তেওঁ সকলো জানে।
ⲕ̅ϫⲉ ⲉⲣϣⲁⲛⲡⲉⲛϩⲏⲧ ϭⲉⲛⲛ ⲁⲣⲓⲕⲉ ⲉⲣⲟⲛ ⲡⲛⲟⲩⲧⲉ ⲟ ⲛⲛⲟϭ ⲉⲡⲉⲛϩⲏⲧ ⲁⲩⲱ ϥⲥⲟⲟⲩⲛ ⲛϩⲱⲃ ⲛⲓⲙ
21 ২১ হে প্ৰিয় সন্তানসকল, আমাৰ হৃদয়ে যদি আমাক দোষী নকৰে, তেনেহলে ঈশ্বৰত আমাৰ নিশ্চয়তা বা আত্মবিশ্বাস আছে;
ⲕ̅ⲁ̅ⲛⲁⲙⲉⲣⲁⲧⲉ ⲉⲣⲧⲙⲡⲉⲛϩⲏⲧ ϭⲉⲛⲛ ⲁⲣⲓⲕⲉ ⲉⲣⲟⲛ ⲟⲩⲛⲧⲁⲛ ⲙⲙⲟⲟⲩ ⲛⲟⲩⲡⲁⲣⲣⲏⲥⲓⲁ ⲛⲁϩⲣⲙ ⲡⲛⲟⲩⲧⲉ
22 ২২ আৰু আমি যিহকে যাচনা কৰোঁ, সেয়ে আমি তেওঁৰ পৰা পাওঁ৷ কিয়নো আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ দৃষ্টিত যি যি সন্তোষজনক, সেই কৰ্ম আমি কৰোঁ।
ⲕ̅ⲃ̅ⲁⲩⲱ ⲡⲉⲧⲛⲁⲁⲓⲧⲉⲓ ⲙⲙⲟϥ ⲧⲛⲛⲁϫⲓⲧϥ ⲉⲃⲟⲗ ϩⲓⲧⲟⲟⲧϥ ϫⲉ ⲧⲛϩⲁⲣⲉϩ ⲛⲛⲉϥⲉⲛⲧⲟⲗⲏ ⲁⲩⲱ ⲧⲉⲛⲉⲓⲣⲉ ⲙⲡⲉⲧⲉⲣ ⲁⲛⲁϥ ⲙⲡⲉϥⲙⲧⲟ ⲉⲃⲟⲗ
23 ২৩ তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ নামত আমি যেন বিশ্বাস কৰোঁ আৰু তেওঁ আমাক দিয়া আজ্ঞাৰ দৰে আমি যেন পৰস্পৰে প্ৰেম কৰোঁ, এয়ে তেওঁৰ আজ্ঞা।
ⲕ̅ⲅ̅ⲁⲩⲱ ⲧⲁⲓ ⲧⲉ ⲧⲉϥⲉⲛⲧⲟⲗⲏ ϫⲉⲕⲁⲥ ⲉⲛⲁⲡⲓⲥⲧⲉⲩⲉ ⲉⲡⲣⲁⲛ ⲙⲡⲉϥϣⲏⲣⲉ ⲓⲏⲥ ⲡⲉⲭⲥ ⲁⲩⲱ ⲧⲉⲛⲙⲉⲣⲓ ⲛⲉⲛⲉⲣⲏⲩ ⲕⲁⲧⲁ ⲑⲉ ⲛⲧⲁϥϩⲱⲛ ⲉⲧⲟⲟⲧⲛ
24 ২৪ আৰু যিজনে ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰে, তেওঁ ঈশ্বৰত থাকে আৰু ঈশ্বৰো তেওঁত থাকে৷ তেওঁ যে আমাৰ লগত থাকে, ইয়াকে তেওঁ আমাক দিয়া আত্মাৰ দ্বাৰাই আমি জানোঁ।
ⲕ̅ⲇ̅ⲁⲩⲱ ⲡⲉⲧⲛⲁϩⲁⲣⲉϩ ⲛⲛⲉϥⲉⲛⲧⲟⲗⲏ ϥϣⲟⲟⲡ ϩⲣⲁⲓ ⲛϩⲏⲧϥ ⲁⲩⲱ ⲛⲧⲁϥ ϩⲱⲱϥ ϥⲟⲩⲏϩ ⲉϩⲣⲁⲓ ⲛϩⲏⲧϥ ϩⲙ ⲡⲁⲓ ⲧⲉⲛⲉⲓⲙⲉ ϫⲉ ϥϣⲟⲟⲡ ϩⲣⲁⲓ ⲛϩⲏⲧⲛ ⲉⲃⲟⲗ ϩⲙ ⲡⲉⲡⲛⲁ ⲛⲧⲁϥⲧⲁⲁϥ ⲛⲁⲛ

< ১ যোহন 3 >