< ১ যোহন 2 >

1 হে মোৰ প্ৰিয় সন্তানসকল, আপোনালোকে যেন পাপ নকৰে, এই আশয়েৰে মই আপোনালোকলৈ এইবোৰ কথা লিখিছোঁ। কিন্তু কোনোৱে যদি পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায় কৰিবলৈ ধাৰ্মিক যীচু খ্ৰীষ্ট আছে।
Meus filhinhos, estas coisas vos escrevo, para que não pequeis; e, se alguem peccar, temos um Advogado para com o Pae, Jesus Christo, o justo.
2 তেৱেঁই আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰোঁতা; কেৱল আমাৰেই নহয়, গোটেই জগতৰে,
E elle é a propiciação pelos nossos peccados, e não sómente pelos nossos, mas tambem pelos de todo o mundo.
3 আৰু আমি তেওঁৰ আজ্ঞাবোৰ যদি পালন কৰোঁ, তেনেহলে তাৰ দ্বাৰাই আমি জানিম যে, তেওঁক আমি জানিলোঁ।
E n'isto sabemos que o temos conhecido, se guardarmos os seus mandamentos.
4 কোনোৱে যদি কয়, ‘মই ঈশ্বৰক জানো’, কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন নকৰে; তেনেহলে তেওঁ এজন মিছলীয়া আৰু সেই সত্য তেওঁৰ অন্তৰত নাই৷
Aquelle que diz: Eu conheço-o, e não guarda os seus mandamentos, é mentiroso, e n'elle não está a verdade.
5 কিন্তু যি জনে তেওঁৰ বাক্য পালন কৰে, তেওঁৰ অন্তৰত ঈশ্বৰৰ প্ৰেম স্বৰূপেই সিদ্ধ হ’ল। তাৰ দ্বাৰাই আমি জানো যে, তেওঁত আমি আছোঁ।
Mas qualquer que guarda a sua palavra, o amor de Deus está n'elle verdadeiramente aperfeiçoado: n'isto conhecemos que estamos n'elle.
6 ‘মই তেওঁত থাকোঁ’, এই বুলি যদি কোনোৱে কয়, তেনেহলে যীচুৱে যেনে আচৰণ কৰিলে, তেৱোঁ তেনে আচৰণ কৰা উচিত।
Aquelle que diz que está n'elle tambem deve andar como elle andou.
7 হে প্ৰিয়সকল, মই আপোনালোকলৈ কোনো নতুন আজ্ঞা লিখা নাই, কিন্তু আদিৰে পৰা আপোনালোকে যি পাই আহিছে, এনে পুৰণি আজ্ঞাকে লিখিছোঁ; আপোনালোকে আগেয়ে যি বাক্য শুনিলে, সেয়ে এই পুৰণি আজ্ঞা।
Irmãos, não vos escrevo mandamento novo, mas o mandamento antigo, que desde o principio tivestes. Este mandamento antigo é a palavra que desde o principio ouvistes.
8 এতিয়া মই আপোনালোকলৈ এটা নতুন আজ্ঞা লিখিছোঁ, এই কথা খ্ৰীষ্টত আৰু অাপোনালোকতো সত্য হয়; কাৰণ আন্ধাৰ আতৰি যাব ধৰিছে আৰু সম্প্ৰতি প্ৰকৃত পোহৰ প্ৰকাশিত হৈছে৷
Outra vez vos escrevo um mandamento novo, que é verdadeiro n'elle e em vós; porque são passadas as trevas, e já a verdadeira luz allumia.
9 ‘মই পোহৰতে আছোঁ’, এই বুলি যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ এতিয়ালৈকে আন্ধাৰতে আছে।
Aquelle que diz que está na luz, e aborrece a seu irmão, até agora está em trevas.
10 ১০ যি কোনোৱে নিজ ভাইক প্ৰেম কৰে, তেওঁ পোহৰত থাকে আৰু তেওঁৰ অন্তৰত বিঘ্নজনক একো নাই।
Aquelle que ama a seu irmão está na luz, e n'elle não ha escandalo.
11 ১১ কিন্তু যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ আন্ধাৰত আছে আৰু আন্ধাৰত ফুৰে; ক’লৈ যায় সেই বিষয়ে তেওঁ নাজানে; কাৰণ আন্ধাৰে তেওঁৰ চকু অন্ধ কৰিলে।
Mas aquelle que aborrece a seu irmão está em trevas, e anda em trevas, e não sabe para onde vá; porque as trevas lhe cegaram os olhos.
12 ১২ হে প্রিয় সন্তানসকল, যীচু খ্ৰীষ্টৰ নামৰ গুণে অাপোনালোকৰ পাপ ক্ষমা কৰা হ’ল; এই কাৰণে মই আপোনালোকলৈ লিখিছোঁ৷
Filhinhos, escrevo-vos, porque pelo seu nome vos são perdoados os peccados.
13 ১৩ হে পিতৃসকল, মই আপোনালোকলৈ লিখিছোঁ, কাৰণ যিজন আৰম্ভণিৰে পৰা আছে, তেওঁক আপোনালোকে জানিলে; হে যুৱকসকল, মই তোমালোকলৈ লিখিছোঁ, কাৰণ তোমালোকে চয়তানক জয় কৰিলা৷ হে শিশুসকল, মই তোমালোকলৈ লিখিলোঁ, কাৰণ তোমালোকে পিতৃ ঈশ্বৰক জানিলা৷
Paes, escrevo-vos, porque conhecestes Mancebos, escrevo-vos, porque vencestes o maligno. Filhos, escrevi-vos, porque conhecestes o Pae.
14 ১৪ হে পিতৃসকল, যিজন আদিৰে পৰা আছে, তেওঁক আপোনালোকে জানিছে; এই কাৰণে মই অাপোনালোকলৈ লিখিলোঁ। হে ডেকাসকল তোমালোক বলৱন্ত আৰু ঈশ্বৰৰ বাক্য তোমালোকৰ অন্তৰত আছে আৰু তোমালোকে চয়তানক জয় কৰিছা; এই কাৰণে মই তোমালোকলৈ লিখিলোঁ।
Paes, escrevi-vos, porque já conhecestes aquelle que é desde o principio. Mancebos, escrevi-vos, porque sois fortes, e a palavra de Deus está em vós, e já vencestes o maligno.
15 ১৫ আপোনালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব; কোনোৱে যদি জগতক প্ৰেম কৰে, তেনেহলে পিতৃ ঈশ্বৰৰ প্ৰেম তেওঁৰ অন্তৰত নাই।
Não ameis o mundo, nem as coisas que ha no mundo. Se alguem ama o mundo, o amor do Pae não está n'elle.
16 ১৬ কিয়নো জগতত যিবোৰ আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, আৰু জীৱন কালৰ অহংকাৰ, এইবোৰ পিতৃ ঈশ্বৰৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়।
Porque tudo o que ha no mundo, a concupiscencia da carne, a concupiscencia dos olhos e a soberba da vida, não é do Pae, mas é do mundo.
17 ১৭ জগত আৰু জগতৰ কামনা-বাসনা শেষ হৈ গুচি যাব ধৰিছে; কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে। (aiōn g165)
E o mundo passa, e a sua concupiscencia; mas aquelle que faz a vontade de Deus permanece para sempre. (aiōn g165)
18 ১৮ হে শিশুসকল, শেষ-কাল উপস্থিত হৈছে৷ আৰু খ্ৰীষ্টৰ শত্রু আহিব লাগিছে, এই যি কথা তোমালোকে শুনিলা, সেইদৰে এতিয়াই অনেক খ্ৰীষ্টৰ শত্রু আহিল; ইয়াৰ দ্বাৰাই আমি জানো যে, শেষ-কাল উপস্থিত হৈছে।
Filhinhos, é já a ultima hora: e, como já ouvistes que vem o anti-christo, tambem já agora muitos se teem feito anti-christos; por onde conhecemos que é já a ultima hora.
19 ১৯ খ্ৰীষ্টৰ এই শত্রুবোৰ আমাৰ মাজৰ পৰা ওলাই গ’ল, কিন্তু আমাৰ সম্বন্ধীয় নাছিল; কিয়নো আমাৰ সম্বন্ধীয় হোৱা হ’লে, আমাৰ লগতে থাকিলহেঁতেন; কিন্তু তেওঁলোক প্ৰকাশিত হ’বলৈ, অৰ্থাৎ তেওঁলোক যে আমাৰ সম্বন্ধীয় নহয়, এই বিষয়ে প্ৰকাশিত হ’বলৈ তেওঁলোক ওলাই গ’ল।
Sairam de nós, porém não eram de nós; porque, se fossem de nós, ficariam comnosco: mas isto é para que se manifestasse que não são todos de nós.
20 ২০ কিন্তু আপোনালাকে পবিত্ৰ জনৰ পৰা অভিষেক পাইছে, আৰু আপোনালোকে সত্যক জানে।
Mas vós tendes a uncção do Sancto, e sabeis todas as coisas.
21 ২১ অাপোনালোকে সত্যক নাজানে বুলি যে মই এইবোৰ আপোনালোকলৈ লিখিছোঁ, এনে নহয়; কিন্তু অাপোনালোকে সত্যক আৰু সত্যত যে কোনো মিছা নাই, এই বিষয়েও জানিছে কাৰণেহে মই লিখিলোঁ৷
Não vos escrevi porque não soubesseis a verdade, mas porquanto a sabeis, e porque nenhuma mentira é da verdade.
22 ২২ যীচু সেই অভিষিক্ত জন বুলি যিজনে অস্বীকাৰ কৰে, তেওঁৰ বাহিৰে প্ৰকৃত মিছলীয়া আন কোন আছে? সেই জনেই খ্ৰীষ্টৰ শত্রু; তেওঁ পিতৃ আৰু পুত্ৰকো অস্বীকাৰ কৰে।
Quem é o mentiroso, senão aquelle que nega que Jesus é o Christo? Esse é o anti-christo, que nega o Pae e o Filho.
23 ২৩ যিজনে পুত্ৰক অস্বীকাৰ কৰে, তেওঁ পিতৃক পোৱা নাই; কিন্তু যিজনে পুত্ৰক স্বীকাৰ কৰে, তেওঁ পিতৃক পালে।
Qualquer que nega o Filho, tambem não tem o Pae; e aquelle que confessa o Filho, tem tambem o Pae.
24 ২৪ আপোনালোকে আদিৰে পৰা যি যি শুনিলে, সেয়ে আপোনালোকৰ অন্তৰত থাকক। আদিৰে পৰা শুনা সেই কথা আপোনালোকৰ অন্তৰত যদি থাকে, তেনেহলে আপোনালোকে পুত্ৰত আৰু পিতৃত থাকিব,
Portanto o que desde o principio ouvistes permaneça em vós. Se em vós permanecer o que desde o principio ouvistes, tambem permanecereis no Filho e no Pae.
25 ২৫ আৰু এয়ে আমাৰ আগত কৰা তেওঁৰ প্ৰতিশ্ৰুতিপূৰ্ণ প্ৰতিজ্ঞা; অনন্ত জীৱন। (aiōnios g166)
E esta é a promessa que elle nos prometteu: a vida eterna. (aiōnios g166)
26 ২৬ যি সকলে আপোনালোকক বিপথগামী কৰে, তেওঁলোকৰ প্ৰসংগতো মই আপোনালোকলৈ এইবোৰ কথা লিখিলোঁ।
Estas coisas vos escrevi ácerca dos que vos enganam.
27 ২৭ আৰু তেওঁৰ পৰা গ্ৰহণ কৰা অভিষেক আপোনালোকৰ অন্তৰত থকাত, আপোনালোকক আন কোনোবাই শিক্ষা দিয়াৰ প্ৰয়োজন নাই৷ কিন্তু তেওঁৰ সেই অভিষেকে যেনেকৈ সকলো বিষয়তে অাপোনালোকক শিক্ষা দি আছে আৰু সেই অভিষেক সত্য, মিছা নহয় আৰু আপোনালোকে সেই শিক্ষাৰে তেওঁতে থাকক৷
E a uncção que vós recebestes d'elle fica em vós, e não tendes necessidade de que alguem vos ensine; mas, como a mesma uncção vos ensina todas as coisas, e é verdadeira, e não é mentira, e como ella vos ensinou, assim n'elle ficareis.
28 ২৮ আৰু এতিয়া, হে মোৰ প্ৰিয় সন্তানসকল, আপোনালোকে তেওঁত থাকক; তেওঁ প্ৰকাশিত হলে আমি সাহিয়াল হ’ম আৰু তেওঁৰ আগমণৰ সময়ত তেওঁৰ সন্মুখত লজ্জিত নহ’ম৷
E agora, filhinhos, permanecei n'elle; para que, quando se manifestar, tenhamos confiança, e não sejamos confundidos por elle na sua vinda.
29 ২৯ যদি আপোনালোকে জানিছে যে, তেওঁ ধাৰ্মিক; তেনেহলে ধাৰ্মিকতাপূৰ্ণ আচৰণ কৰা প্ৰতিজন যে, তেওঁৰ পৰা জন্ম পোৱা হয়, ইয়াকো আপোনালোকে জানিব৷
Se sabeis que elle é justo, sabeis que todo aquelle que obra a justiça é nascido d'elle.

< ১ যোহন 2 >