< ১ যোহন 2 >
1 ১ হে মোৰ প্ৰিয় সন্তানসকল, আপোনালোকে যেন পাপ নকৰে, এই আশয়েৰে মই আপোনালোকলৈ এইবোৰ কথা লিখিছোঁ। কিন্তু কোনোৱে যদি পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায় কৰিবলৈ ধাৰ্মিক যীচু খ্ৰীষ্ট আছে।
Bantwabami abathandekayo, ngililobela incwadi le ukuze lingenzi izono. Kodwa nxa umuntu enze isono, silaye osimelayo kuBaba esivikela yena uJesu Khristu oLungileyo.
2 ২ তেৱেঁই আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰোঁতা; কেৱল আমাৰেই নহয়, গোটেই জগতৰে,
Ungumhlatshelo wenhlawulo yezono zethu, kungasizono zethu kuphela kodwa lezono zomhlaba wonke.
3 ৩ আৰু আমি তেওঁৰ আজ্ঞাবোৰ যদি পালন কৰোঁ, তেনেহলে তাৰ দ্বাৰাই আমি জানিম যে, তেওঁক আমি জানিলোঁ।
Siba leqiniso ukuthi siyamazi nxa silalela imilayo yakhe.
4 ৪ কোনোৱে যদি কয়, ‘মই ঈশ্বৰক জানো’, কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন নকৰে; তেনেহলে তেওঁ এজন মিছলীয়া আৰু সেই সত্য তেওঁৰ অন্তৰত নাই৷
Umuntu othi, “Ngiyamazi,” kodwa angagcini imilayo yakhe uqamba amanga, leqiniso kalalo.
5 ৫ কিন্তু যি জনে তেওঁৰ বাক্য পালন কৰে, তেওঁৰ অন্তৰত ঈশ্বৰৰ প্ৰেম স্বৰূপেই সিদ্ধ হ’ল। তাৰ দ্বাৰাই আমি জানো যে, তেওঁত আমি আছোঁ।
Kodwa nxa umuntu elalela ilizwi lakhe, uthando lukaNkulunkulu luyapheleliswa sibili kuye. Yikho esikwazi ngakho ukuthi sikuye:
6 ৬ ‘মই তেওঁত থাকোঁ’, এই বুলি যদি কোনোৱে কয়, তেনেহলে যীচুৱে যেনে আচৰণ কৰিলে, তেৱোঁ তেনে আচৰণ কৰা উচিত।
Lowo othi uhlala kuye kumele aphile njengokwenziwa nguJesu.
7 ৭ হে প্ৰিয়সকল, মই আপোনালোকলৈ কোনো নতুন আজ্ঞা লিখা নাই, কিন্তু আদিৰে পৰা আপোনালোকে যি পাই আহিছে, এনে পুৰণি আজ্ঞাকে লিখিছোঁ; আপোনালোকে আগেয়ে যি বাক্য শুনিলে, সেয়ে এই পুৰণি আজ্ঞা।
Bangane abathandekayo, kangililobeli umlayo omutsha, kodwa omdala, elalilawo kusukela ekuqaleni. Umlayo lo omdala uyilizwi elalizwayo.
8 ৮ এতিয়া মই আপোনালোকলৈ এটা নতুন আজ্ঞা লিখিছোঁ, এই কথা খ্ৰীষ্টত আৰু অাপোনালোকতো সত্য হয়; কাৰণ আন্ধাৰ আতৰি যাব ধৰিছে আৰু সম্প্ৰতি প্ৰকৃত পোহৰ প্ৰকাশিত হৈছে৷
Ikanti ngililobela umlayo omutsha; iqiniso lawo libonakala kuye lakini, ngoba ubumnyama buyedlula lokukhanya kweqiniso sekukhanya.
9 ৯ ‘মই পোহৰতে আছোঁ’, এই বুলি যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ এতিয়ালৈকে আন্ধাৰতে আছে।
Lowo othi usekukhanyeni kodwa ezonda umzalwane wakhe ulokhu esebumnyameni.
10 ১০ যি কোনোৱে নিজ ভাইক প্ৰেম কৰে, তেওঁ পোহৰত থাকে আৰু তেওঁৰ অন্তৰত বিঘ্নজনক একো নাই।
Othanda umzalwane wakhe uhlala ekukhanyeni njalo akulalutho kuye olungamenza akhubeke.
11 ১১ কিন্তু যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ আন্ধাৰত আছে আৰু আন্ধাৰত ফুৰে; ক’লৈ যায় সেই বিষয়ে তেওঁ নাজানে; কাৰণ আন্ধাৰে তেওঁৰ চকু অন্ধ কৰিলে।
Kodwa lowo ozonda umzalwane wakhe usebumnyameni njalo uyazula ebumnyameni. Kakwazi lapho aya khona ngoba ubumnyama sebumenze waba yisiphofu.
12 ১২ হে প্রিয় সন্তানসকল, যীচু খ্ৰীষ্টৰ নামৰ গুণে অাপোনালোকৰ পাপ ক্ষমা কৰা হ’ল; এই কাৰণে মই আপোনালোকলৈ লিখিছোঁ৷
Ngiyalilobela bantwana abathandekayo, ngoba izono zenu zithethelelwe ngenxa yebizo lakhe.
13 ১৩ হে পিতৃসকল, মই আপোনালোকলৈ লিখিছোঁ, কাৰণ যিজন আৰম্ভণিৰে পৰা আছে, তেওঁক আপোনালোকে জানিলে; হে যুৱকসকল, মই তোমালোকলৈ লিখিছোঁ, কাৰণ তোমালোকে চয়তানক জয় কৰিলা৷ হে শিশুসকল, মই তোমালোকলৈ লিখিলোঁ, কাৰণ তোমালোকে পিতৃ ঈশ্বৰক জানিলা৷
Ngiyalilobela bobaba, ngoba selimazi yena okhona kusukela ekuqaleni. Ngiyalilobela majaha, ngoba limnqobile omubi.
14 ১৪ হে পিতৃসকল, যিজন আদিৰে পৰা আছে, তেওঁক আপোনালোকে জানিছে; এই কাৰণে মই অাপোনালোকলৈ লিখিলোঁ। হে ডেকাসকল তোমালোক বলৱন্ত আৰু ঈশ্বৰৰ বাক্য তোমালোকৰ অন্তৰত আছে আৰু তোমালোকে চয়তানক জয় কৰিছা; এই কাৰণে মই তোমালোকলৈ লিখিলোঁ।
Ngiyalilobela, bantwana abathandekayo, ngoba liyamazi uBaba. Ngiyalilobela bobaba, ngoba selimazi yena okhona kusukela ekuqaleni. Ngiyalilobela majaha, ngoba lilamandla lelizwi likaNkulunkulu lihlala kini, njalo limnqobile omubi.
15 ১৫ আপোনালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব; কোনোৱে যদি জগতক প্ৰেম কৰে, তেনেহলে পিতৃ ঈশ্বৰৰ প্ৰেম তেওঁৰ অন্তৰত নাই।
Lingawuthandi umhlaba loba olunye ulutho olusemhlabeni. Nxa umuntu ethanda umhlaba, uthando lukaBaba kalukho kuye.
16 ১৬ কিয়নো জগতত যিবোৰ আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, আৰু জীৱন কালৰ অহংকাৰ, এইবোৰ পিতৃ ঈশ্বৰৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়।
Ngoba izinto zonke ezisemhlabeni, izinkanuko zabantu abalezono, ukulangazela kwamehlo abo kanye lokuzigqaja ngempahla akuveli kuBaba, kodwa emhlabeni.
17 ১৭ জগত আৰু জগতৰ কামনা-বাসনা শেষ হৈ গুচি যাব ধৰিছে; কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে। (aiōn )
Umhlaba lezinkanuko zawo kuyadlula, kodwa umuntu owenza intando kaNkulunkulu uphila kuze kube nininini. (aiōn )
18 ১৮ হে শিশুসকল, শেষ-কাল উপস্থিত হৈছে৷ আৰু খ্ৰীষ্টৰ শত্রু আহিব লাগিছে, এই যি কথা তোমালোকে শুনিলা, সেইদৰে এতিয়াই অনেক খ্ৰীষ্টৰ শত্রু আহিল; ইয়াৰ দ্বাৰাই আমি জানো যে, শেষ-কাল উপস্থিত হৈছে।
Bantwana abathandekayo, lesi yisikhathi sokucina; njalo njengoba lizwile ukuthi umphikuKhristu uyeza, lakhathesi abanengi abaphika uKhristu sebekhona. Yikho esikwazi ngakho ukuthi lesi yisikhathi sokucina.
19 ১৯ খ্ৰীষ্টৰ এই শত্রুবোৰ আমাৰ মাজৰ পৰা ওলাই গ’ল, কিন্তু আমাৰ সম্বন্ধীয় নাছিল; কিয়নো আমাৰ সম্বন্ধীয় হোৱা হ’লে, আমাৰ লগতে থাকিলহেঁতেন; কিন্তু তেওঁলোক প্ৰকাশিত হ’বলৈ, অৰ্থাৎ তেওঁলোক যে আমাৰ সম্বন্ধীয় নহয়, এই বিষয়ে প্ৰকাশিত হ’বলৈ তেওঁলোক ওলাই গ’ল।
Baphuma besuka kithi, kodwa impela babengasibo bakithi. Ngoba aluba babengabakithi, babezahlala lathi; kodwa ukusuka kwabo kwatshengisa ukuthi kakho kubo owayengowakithi.
20 ২০ কিন্তু আপোনালাকে পবিত্ৰ জনৰ পৰা অভিষেক পাইছে, আৰু আপোনালোকে সত্যক জানে।
Kodwa lina ligcotshwe ngoNgcwele, njalo lonke liyalazi iqiniso.
21 ২১ অাপোনালোকে সত্যক নাজানে বুলি যে মই এইবোৰ আপোনালোকলৈ লিখিছোঁ, এনে নহয়; কিন্তু অাপোনালোকে সত্যক আৰু সত্যত যে কোনো মিছা নাই, এই বিষয়েও জানিছে কাৰণেহে মই লিখিলোঁ৷
Kangililobeli ngoba iqiniso kalilazi, kodwa ngoba liyalazi langenxa yokuthi akulamanga aphuma eqinisweni.
22 ২২ যীচু সেই অভিষিক্ত জন বুলি যিজনে অস্বীকাৰ কৰে, তেওঁৰ বাহিৰে প্ৰকৃত মিছলীয়া আন কোন আছে? সেই জনেই খ্ৰীষ্টৰ শত্রু; তেওঁ পিতৃ আৰু পুত্ৰকো অস্বীকাৰ কৰে।
Umqambi wamanga ngubani? Ngumuntu ophikayo ukuthi uJesu unguKhristu. Umuntu onjalo ngumphikuKhristu, uphika uYise leNdodana.
23 ২৩ যিজনে পুত্ৰক অস্বীকাৰ কৰে, তেওঁ পিতৃক পোৱা নাই; কিন্তু যিজনে পুত্ৰক স্বীকাৰ কৰে, তেওঁ পিতৃক পালে।
Kakho ophika iNdodana oloYise; lowo owamukela iNdodana uloYise futhi.
24 ২৪ আপোনালোকে আদিৰে পৰা যি যি শুনিলে, সেয়ে আপোনালোকৰ অন্তৰত থাকক। আদিৰে পৰা শুনা সেই কথা আপোনালোকৰ অন্তৰত যদি থাকে, তেনেহলে আপোনালোকে পুত্ৰত আৰু পিতৃত থাকিব,
Bonani ukuthi lokho elakuzwayo kusukela ekuqaleni kuyahlala kini. Nxa kuhlala, lani lizahlala likhona eNdodaneni lakuYise.
25 ২৫ আৰু এয়ে আমাৰ আগত কৰা তেওঁৰ প্ৰতিশ্ৰুতিপূৰ্ণ প্ৰতিজ্ঞা; অনন্ত জীৱন। (aiōnios )
Njalo nanku asithembisa khona, ukuphila okulaphakade. (aiōnios )
26 ২৬ যি সকলে আপোনালোকক বিপথগামী কৰে, তেওঁলোকৰ প্ৰসংগতো মই আপোনালোকলৈ এইবোৰ কথা লিখিলোঁ।
Ngililobela ngalezizinto mayelana lalabo abazama ukulidukisa.
27 ২৭ আৰু তেওঁৰ পৰা গ্ৰহণ কৰা অভিষেক আপোনালোকৰ অন্তৰত থকাত, আপোনালোকক আন কোনোবাই শিক্ষা দিয়াৰ প্ৰয়োজন নাই৷ কিন্তু তেওঁৰ সেই অভিষেকে যেনেকৈ সকলো বিষয়তে অাপোনালোকক শিক্ষা দি আছে আৰু সেই অভিষেক সত্য, মিছা নহয় আৰু আপোনালোকে সেই শিক্ষাৰে তেওঁতে থাকক৷
Ukugcotshwa kwenu elakwamukela kuye, kuhlezi kukini, njalo kalisweli muntu wokulifundisa. Kodwa njengoba ukugcoba kwakhe kulifundisa izinto zonke njalo njengoba ukugcoba lokho kuqotho, akusinkohliso njengoba kulifundisile, hlalani likuye.
28 ২৮ আৰু এতিয়া, হে মোৰ প্ৰিয় সন্তানসকল, আপোনালোকে তেওঁত থাকক; তেওঁ প্ৰকাশিত হলে আমি সাহিয়াল হ’ম আৰু তেওঁৰ আগমণৰ সময়ত তেওঁৰ সন্মুখত লজ্জিত নহ’ম৷
Ngakho-ke, bantwana abathandekayo, qhubekani likuye ukuze kuthi lapho esebonakala sibe lesibindi njalo singabi lenhloni phambi kwakhe ekufikeni kwakhe.
29 ২৯ যদি আপোনালোকে জানিছে যে, তেওঁ ধাৰ্মিক; তেনেহলে ধাৰ্মিকতাপূৰ্ণ আচৰণ কৰা প্ৰতিজন যে, তেওঁৰ পৰা জন্ম পোৱা হয়, ইয়াকো আপোনালোকে জানিব৷
Nxa likwazi ukuthi ulungile, liyakwazi ukuthi umuntu wonke oyenza okulungileyo uzelwe ngaye.