< ১ কৰিন্থীয়া 1 >
1 ১ ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা খ্ৰীষ্ট যীচুৰ আমন্ত্রিত পাঁচনি পৌল আৰু আমাৰ ভাই চোন্থিনিৰ পৰা এই পত্র।
Павел, покликаний апостол Ісуса Христа, волею Божою, та Состен брат,
2 ২ এই পত্র কৰিন্থত থকা ঈশ্বৰৰ যি মণ্ডলী; খ্রীষ্ট যীচুৱে পবিত্র কৰি যি সকলক পবিত্র লোক হবলৈ আমন্ত্রণ কৰিলে, তেওঁলোকৰ আৰু সকলো ঠাইতে যি সকল লোকে আমাৰ অর্থাৎ তেওঁলোকৰ আৰু আমাৰো প্ৰভু খ্রীষ্ট যীচুৰ নামত প্রার্থনা কৰে, সেই সকলোৰে সমীপলৈ।
церкві Божій в Коринтї, осьвяченим в Ісусї Христї, покликаним сьвятим, з усїма, которі призивають імя Господа нашого Ісуса Христа, на всякому місці, у них і в нас:
3 ৩ আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
благодать вам і впокій од Бога, Отця нашого, і Господа Ісуса Христа.
4 ৪ খ্রীষ্ট যীচুত ঈশ্বৰে যি অনুগ্রহ আপোনালোকক দান কৰিলে, তাৰ কাৰণে মই সদায় মোৰ ঈশ্বৰক ধন্যবাদ দিওঁ।
Дякую Богу моєму всякого часу за вас про благодать Божу, дану вам в Христї Ісусї,
5 ৫ আপোনালোক খ্রীষ্ট যীচুত সকলো বিষয়ত সকলো ধৰণৰ বক্তৃতা দিয়াৰ ক্ষমতাৰে আৰু জ্ঞানত উপচি পৰিছে।
тим, що у всьому ви збагатились ним у всякім слові і всякім знанню,
6 ৬ তেওঁ আপোনালোকক উপচাই দিছে আৰু এইদৰেই আপোনালোকৰ মাজত খ্রীষ্ট সম্পর্কীয় সাক্ষ্য সত্যৰূপে প্রমাণিত হৈ আছে।
яко ж сьвідченнє Христове утверджено в вас,
7 ৭ সেই কাৰণে আপোনালোকৰ আত্মিক বৰৰ কোনো অভাৱ নাই আৰু আমাৰ প্রভু যীচু খ্রীষ্ট প্রকাশিত হোৱা দিনলৈ আপোনালোকে আগ্রহেৰে অপেক্ষা কৰি আছে।
так що ви не маєте недостатку нї в однім даруванню, дожидаючись одкриття Господа нашого Ісуса Христа,
8 ৮ তেওঁ আপোনালোকক শেষলৈকে বলৱন্ত কৰিব, যাতে আমাৰ প্রভু যীচু খ্রীষ্টৰ সেইদিন পর্যন্ত আপোনালোক নিৰ্দোষী, পবিত্ৰ হৈ থাকিব।
котрий і утвердить вас до кінця, щоб ви були невинуваті в день Господа нашого Ісуса Христа.
9 ৯ ঈশ্বৰ বিশ্বাসী; তেৱেঁই আপোনালোকক তেওঁৰ পুত্র, আমাৰ প্রভু যীচু খ্রীষ্টৰ সহভাগিতা লাভৰ কাৰণে আমন্ত্রণ কৰিছে।
Вірен бо Бог, через котрого покликані ви в общеннє Сина Його, Ісуса Хрнста, Господа нашого.
10 ১০ কিন্তু মোৰ প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্রভু যীচু খ্রীষ্টৰ নামত মই আপোনালোকক বিনয় কৰোঁ যে, আপোনালোকৰ পৰস্পৰৰ মাজত যেন মতৰ মিল থাকে; আপোনালোকৰ মাজত কোনো বিভেদ নাথাকক। আপোনালোক সকলোৰে যেন একে মন আৰু এক উদ্দেশ্য হয়।
Благаю ж вас, браттє, імям Господа нашого Ісуса Христа, щоб те саме говорили ви всі, і щоб не було між вами розділення, а щоб були з'єднані в одному розумінню і в одній мислі.
11 ১১ মোৰ ভাই-ভনী সকল, মই ক্লোয়ীৰ ঘৰৰ লোক সকলৰ পৰা শুনিবলৈ পাইছো যে, আপোনালোকৰ মাজত নানা বাক-বিতণ্ডা হৈ আছে।
Звіщено бо менї про вас, браттє моє, від Хлоїних, що між вами єсть незгодини.
12 ১২ এতিয়া মই এই কথা কবলৈ বিচাৰিছোঁ যে, আপোনালোক প্রতিজনে কয় “মই পৌলৰ দলৰ” অথবা “মই আপল্লোৰ দলৰ” নাইবা “মই কৈফাৰ” বা “মই খ্রীষ্টৰ দলৰ।”
Кажу ж про те, що кожен з вас говорить: Я Павлів; а я Аполосів; а я КиФіїн; а я Христів.
13 ১৩ তেনেহলে খ্রীষ্টক ভাগ কৰা হৈছে নেকি? পৌলক জানো আপোনালোকৰ কাৰণে ক্রুচত দিয়া হৈছিল? আপোনালোকে জানো পৌলৰ নামেৰে বাপ্তিস্ম লৈছিল?
Хиба поділивсь Христос? хиба Павла розпято за вас? або в імя Павлове хрестились ви?
14 ১৪ মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ যে ক্ৰীষ্প আৰু গায়ৰ বাহিৰে আপোনালোকৰ আন কোনো এজনকো মই বাপ্তিস্ম দিয়া নাই।
Дякую Богові, що я нікого з вас не охрестив, тільки Криспа та Гая,
15 ১৫ গতিকে কোনেও কব নোৱাৰিব যে আপোনালোকে মোৰ নামেৰে বাপ্তিস্ম লৈছে।
щоб хто не сказав, що в імя моє я охрестив.
16 ১৬ অৱশ্যে হয়, স্তিফানাৰ পৰিবাৰৰ লোক সকলকো মই বাপ্তিস্ম দিছোঁ। এওঁলোকৰ বাহিৰে আন কোনো এজনক বাপ্তিস্ম দিছোঁ বুলি মোৰ মনত নপৰে।
Хрестив же я й СтеФанів дім; більш не знаю, чи кого другого хрестив.
17 ১৭ কিয়নো খ্রীষ্টই মোক বাপ্তিস্ম দিবৰ কাৰণে নহয়, কিন্তু শুভবার্তা প্রচাৰ কৰিবৰ কাৰণেহে পঠাইছে। খ্রীষ্টৰ ক্ৰুচৰ পৰাক্রম যেন বিফল নহয়, সেয়ে তেওঁ মোক এই শুভবার্তা মানুহৰ জ্ঞানেৰেও প্রচাৰ কৰিবলৈ পঠোৱা নাই।
Не послав бо мене Христос хрестити, а благовістити, не в премудрости слова, щоб не опустїв хрест Христів.
18 ১৮ বিনাশৰ পথত চলা লোক সকললৈ ক্ৰুচৰ শিক্ষা মূর্খতা। কিন্তু ঈশ্বৰে পৰিত্ৰাণ কৰা যি আমি, আমালৈ ই ঈশ্বৰৰ শক্তিস্বৰূপ।
Слово бо про хрест погибаючим дурощі, нам же, що спасаємось, сила Божа.
19 ১৯ কাৰণ এইদৰে লিখা আছে: “মই জ্ঞানী সকলৰ জ্ঞান নষ্ট কৰিম; মই বুদ্ধিমান সকলৰ বুদ্ধি ব্যর্থ কৰিম”
Писано бо: Погублю премудрість премудрих, і розум розумних відкину.
20 ২০ কিন্তু জ্ঞানী লোক ক’ত? পণ্ডিত লোকেই বা ক’ত? এই জগতৰ তার্কিক লোক বা ক’ত? ঈশ্বৰে জানো জগতৰ জ্ঞানক মূর্খতালৈ পৰিণত কৰা নাই? (aiōn )
Де мудрець? де письменник? де дослїджуватель віку сього? Чи не обернув Бог премудрість сьвіта сього в дурощі? (aiōn )
21 ২১ সেয়ে ঈশ্বৰৰ নিজ জ্ঞানত যেতিয়া জনিলে যে জগতে নিজৰ জ্ঞানেৰে ঈশ্বৰক নাজানিলে, তেতিয়া প্রচাৰৰ মূর্খতাৰ দ্বাৰাই যি সকলে বিশ্বাস কৰে, সেই সকলক উদ্ধাৰ কৰাত ঈশ্বৰ সন্তুষ্ট হ’ল।
Коли бо у премудрості Божій не пізнав сьвіт Бога премудростю, то зводив Бог дурощами проповіді спасти віруючих.
22 ২২ ইহুদী সকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে আৰু গ্রীক সকলে প্রজ্ঞাৰ অন্বেষণ কৰে।
Коли і Жиди ознак доповняють ся, і Греки премудростї шукають,
23 ২৩ কিন্তু আমি হ’লে ক্রুচত হত হোৱা খ্রীষ্টৰ সম্বন্ধেহে প্রচাৰ কৰোঁ। ইহুদী লোক সকললৈ এই কথা এক বিঘিনি স্বৰূপ আৰু গ্রীক সকলৰ ওচৰত মূর্খতাস্বৰূপ।
ми проповідуємо Христа рознятого, Жидам поблазнь, Грекам же дурощі,
24 ২৪ কিন্তু ইহুদী লোকেই হওক বা গ্রীক লোকেই হওক, ঈশ্বৰে যি সকলক আমন্ত্রণ কৰিছে, আমি তেওঁলোকৰ ওচৰত খ্রীষ্টক ঈশ্বৰৰ শক্তি আৰু জ্ঞানস্বৰূপে প্রচাৰ কৰোঁ।
самим же покликаним, і Жидам і Грекам, Божу силу й Божу премудрість:
25 ২৫ কাৰণ ঈশ্বৰৰ যি মূর্খতা, সেয়া মানুহৰ জ্ঞানতকৈ অধিক জ্ঞানসম্পন্ন আৰু ঈশ্বৰৰ যি দুর্বলতা, সেয়া মানুহৰ শক্তিতকৈ অধিক শক্তিশালী।
тим що немудре Боже мудріще від людей, а неміцне Боже кріпше людей.
26 ২৬ ভাই-ভনী সকল, ঈশ্বৰে যে আপোনালোকক আহ্বান কৰিছে, সেই বিষয়ে অলপ ভাৱি চাওক। মানুহৰ বিচাৰত আপোনালোক বহুতেই জ্ঞানী আছিল, এনে নহয়; ক্ষমতাসম্পন্ন ব্যক্তিও যে আছিল, এনে নহয় নাইবা অনেকে যে অভিজাত বংশত জন্মিছিল, তেনেও নহয়।
Спогляньте бо на покликаннє ваше, браттє, що небагато (між вами) премудрих по тїлу, небагато сильних, небагато благородних;
27 ২৭ কিন্তু ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ জগতৰ মূর্খবোৰক মনোনীত কৰিলে আৰু বলৱন্তক লাজ দিবলৈ ঈশ্বৰে জগতৰ দুর্বলবোৰক মনোনীত কৰিলে।
ні, немудре сьвіїа вибрав Бог, щоб осоромити премудрих, і безсильне сьвіта вибрав Бог, щоб осоромити потужне,
28 ২৮ জগতত যি তুচ্ছ আৰু ঘৃণিত, যাৰ কোনো মূল্যই নাই, সেই সকলক ঈশ্বৰে মনোনীত কৰিলে যাতে জগতৰ মূল্যৱান সকলক তেওঁ মূল্যহীন কৰিব পাৰে।
і незначне сьвіту і погорджене вибрав Бог, і те чого нема, щоб те, що є, в нїщо обернути,
29 ২৯ ঈশ্বৰে এই কাম কৰিলে যাতে কোনো মানুহে তেওঁৰ ওচৰত অহংকাৰ কৰিব নোৱাৰে।
щоб не велсчалось нїяке тїло перед Ним.
30 ৩০ কাৰণ ঈশ্বৰৰ কার্যৰ দ্বাৰাই আপোনালোক এতিয়া খ্রীষ্ট যীচুৰ লগত যুক্ত হ’ল। খ্রীষ্টই হৈছে আমাৰ বাবে ঈশ্বৰে দিয়া জ্ঞান, তেৱেঁই আমাৰ জীৱনৰ ধাৰ্মিকতা, পবিত্রতা আৰু মুক্তি।
З Него ж і ви в Христї Ісусї, що став ся нам премудростю від Бога, і праведностю, і освяченнєм, і викупленнєм,
31 ৩১ সেয়েহে শাস্ত্রত লিখা আছে, “যি জনে গর্ব কৰে, তেওঁ প্রভুতেই গর্ব কৰক।”
щоб, яко ж писано: Хто хвалить ся, в Господі хвалив ся.