< ১ কৰিন্থীয়া 9 >
1 ১ মই স্বাধীন নহয় নে? মই পাঁচনি নহয় নে? আমাৰ প্ৰভু যীচুক মই জানো দেখা নাই? প্ৰভুত কৰা মোৰ কৰ্মৰ ফল আপোনালোকেই জানো নহয়?
Οὐκ εἰμὶ ἐλεύθερος; οὐκ εἰμὶ ἀπόστολος; οὐχὶ Ἰησοῦν (Χριστὸν *K*) τὸν κύριον ἡμῶν ἑόρακα; οὐ τὸ ἔργον μου ὑμεῖς ἐστε ἐν κυρίῳ;
2 ২ মই অানলোকলৈ পাঁচনি নহ’লেও, একমাত্ৰ আপোনালোকেই মোক পাঁচনি পদ পোৱা লোক বুলি মানে; কিয়নো প্ৰভুত মই যে এজন পাঁচনি তাৰ প্ৰমাণ আপোনালোকেই৷
εἰ ἄλλοις οὐκ εἰμὶ ἀπόστολος, ἀλλά γε ὑμῖν εἰμι· ἡ γὰρ σφραγίς (μου *N(k)O*) τῆς ἀποστολῆς ὑμεῖς ἐστε ἐν κυρίῳ.
3 ৩ আমাৰ সোধ-বিচাৰ কৰা সকলৰ বাবে, তেওঁলোকৰ ওচৰত আমাৰ উত্তৰ এয়ে।
ἡ ἐμὴ ἀπολογία τοῖς ἐμὲ ἀνακρίνουσίν ἐστιν αὕτη·
4 ৪ আমাৰ জানো ভোজন আৰু পান কৰাৰ ক্ষমতা নাই?
μὴ οὐκ ἔχομεν ἐξουσίαν φαγεῖν καὶ πεῖν;
5 ৫ অন্যান্য পাঁচনি আৰু প্ৰভুৰ নিজৰ ভায়েক, ভনীয়েক সকলৰ লগতে কৈফায়ো যেনেকৈ কৰে, তেনেকৈ আমাৰ জানো কোনো বিশ্বাসীক ভাৰ্যা হিচাপে লগত লৈ যাবলৈ ক্ষমতা নাই?
μὴ οὐκ ἔχομεν ἐξουσίαν ἀδελφὴν γυναῖκα περιάγειν ὡς καὶ οἱ λοιποὶ ἀπόστολοι καὶ οἱ ἀδελφοὶ τοῦ κυρίου καὶ Κηφᾶς;
6 ৬ বার্ণব্বা আৰু ময়েই কেৱল জীৱিকা নির্ব্বাহ কৰিবৰ কাৰণে কাৰ্য কৰিব লাগে নেকি?
ἢ μόνος ἐγὼ καὶ Βαρναβᾶς οὐκ ἔχομεν ἐξουσίαν (τοῦ *k*) μὴ ἐργάζεσθαι;
7 ৭ কোন সৈনিকে নিজৰ খৰছত সৈন্য দলত থাকে? যি জনে দ্ৰাক্ষাবাৰী পাতে তেওঁ কি তাৰ ফল নাখায়? এনে কোন আছে যি জনে পশুৰ জাকক প্ৰতিপালন কৰে, কিন্তু তেওঁ তাৰ গাখীৰ পান নকৰে?
τίς στρατεύεται ἰδίοις ὀψωνίοις ποτέ; τίς φυτεύει ἀμπελῶνα καὶ (ἐκ *k*) (τὸν καρπὸν *N(k)O*) αὐτοῦ οὐκ ἐσθίει; ἢ τίς ποιμαίνει ποίμνην καὶ ἐκ τοῦ γάλακτος τῆς ποίμνης οὐκ ἐσθίει;
8 ৮ মই মানুহৰ বিচাৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি জানো এই কথা কৈছোঁ? কিন্তু ঈশ্বৰৰ বিধানে জানো এই সকলো কথা নকয়?
μὴ κατὰ ἄνθρωπον ταῦτα λαλῶ; ἢ καὶ ὁ νόμος ταῦτα (οὐ *N(k)O*) λέγει;
9 ৯ কাৰণ মোচিৰ বিধান-শাস্ত্ৰত লিখা আছে, “আপোনালোকে মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিব”, ঈশ্বৰে মাত্র গৰুৰ কথা ভাবি এই কথা কৈছে নে?
ἐν γὰρ τῷ Μωϋσέως νόμῳ γέγραπται· οὐ κημώσεις βοῦν ἀλοῶντα. μὴ τῶν βοῶν μέλει τῷ θεῷ;
10 ১০ কিন্তু এনে নহয় আমাৰ কথা ভাৱিয়েই এই সকলো কথা কৈছে, নহয় নে? শাস্ত্ৰত আমাৰ কাৰণেই এই সকলো লিখা হৈছে, কাৰণ যি জনে হাল বায় তেওঁ শস্য পোৱা আশা কৰিয়েই হাল বায়; আৰু যি জনে মৰণা মাৰে, তেওঁ শস্যৰ পৰা খাদ্য পাবলৈ মৰণা মাৰে৷
ἢ δι᾽ ἡμᾶς πάντως λέγει; δι᾽ ἡμᾶς γὰρ ἐγράφη ὅτι ὀφείλει ἐπ᾽ ἐλπίδι ὁ ἀροτριῶν ἀροτριᾶν, καὶ ὁ ἀλοῶν (τῆς ἐλπίδος αὐτοῦ *K*) ἐπ᾽ ἐλπίδι (τοῦ *no*) μετέχειν.
11 ১১ আমি আপোনালোকৰ কাৰণে আত্মিক কঠিয়া সিচিঁ যদি আপোনালোকৰ পৰা মাংসিক শস্য দাওঁ, তেনেহলে সেয়া জানো অধিক বেচি পোৱা হয়?
εἰ ἡμεῖς ὑμῖν τὰ πνευματικὰ ἐσπείραμεν, μέγα εἰ ἡμεῖς ὑμῶν τὰ σαρκικὰ θερίσομεν;
12 ১২ যদি আপোনালোকৰ ওপৰত এই ক্ষমতা আনে দাবী কৰে, তেনেহলে আমাৰ তাতকৈয়ো অধিক দাবী নাথাকিব নে? আমি আপোনালোকৰ ওপৰত এই অধিকাৰ কৰিব বিচৰা নাই, কিন্তু খ্ৰীষ্টৰ শুভবার্তাত কোনো বাধা নজন্মিবৰ বাবে আমি সকলো সহন কৰিছোঁ৷
εἰ ἄλλοι τῆς ὑμῶν ἐξουσίας μετέχουσιν, οὐ μᾶλλον ἡμεῖς; ἀλλ᾽ οὐκ ἐχρησάμεθα τῇ ἐξουσίᾳ ταύτῃ, ἀλλὰ πάντα στέγομεν ἵνα μή τινα ἐγκοπὴν δῶμεν τῷ εὐαγγελίῳ τοῦ Χριστοῦ.
13 ১৩ আপোনালোকে জানে নে, যি সকলে পবিত্ৰ মন্দিৰত সেৱা কৰে, তেওঁলোকে খোৱা বস্তু মন্দিৰৰ পৰা পায় আৰু যি সকলে নিতৌ যজ্ঞবেদিৰ ওপৰত নৈবেদ্য উৎসৰ্গ কৰে, তেওঁলোকে তাৰ ভাগ পায়৷
Οὐκ οἴδατε ὅτι οἱ τὰ ἱερὰ ἐργαζόμενοι (τὰ *no*) ἐκ τοῦ ἱεροῦ ἐσθίουσιν; οἱ τῷ θυσιαστηρίῳ παρεδρεύοντες τῷ θυσιαστηρίῳ συμμερίζονται;
14 ১৪ এইদৰে শুভবাৰ্তা প্ৰচাৰক সকলৰ কাৰণেও ঈশ্বৰে নিয়ম কৰিলে যে, তেওঁলোকৰ জীৱিকা সেই শুভবাৰ্তাৰ পৰাই হ’ব।
οὕτως καὶ ὁ κύριος διέταξεν τοῖς τὸ εὐαγγέλιον καταγγέλλουσιν ἐκ τοῦ εὐαγγελίου ζῆν.
15 ১৫ কিন্তু মই আপোনালোকলৈ এই অধিকাৰ প্ৰয়োগ কৰা নাই, আপোনালোকৰ পৰা তেনেধৰণৰ সহায় পাবলৈও লিখা নাই৷ এই বিষয়ত মই গর্ব কৰোঁ৷ কিয়নো কোনো লোকৰ দ্বাৰাই অৱহেলিত হোৱাতকৈ মই মৰাই ভাল।
ἐγὼ δὲ (οὐ *no*) (κέχρημαι *N(k)O*) οὐδενὶ τούτων· οὐκ ἔγραψα δὲ ταῦτα ἵνα οὕτως γένηται ἐν ἐμοί· καλὸν γάρ μοι μᾶλλον ἀποθανεῖν ἢ τὸ καύχημά μου (ἵνα *K*) (οὐδεὶς κενώσει. *N(k)O*)
16 ১৬ কাৰণ মই শুভবাৰ্তা প্ৰচাৰ কৰিলেও তাৰ বাবে গর্ব কৰা নাই, কাৰণ শুভবার্তা প্ৰচাৰ কৰা মোৰ কর্তব্য, আৰু যদি মই শুভবার্তা প্ৰচাৰ নকৰোঁ; তেতিয়াহলে এইটো মোৰ কাৰণে অতি সন্তাপৰ বিষয় ৷
ἐὰν γὰρ εὐαγγελίζωμαι, οὐκ ἔστιν μοι καύχημα· ἀνάγκη γάρ μοι ἐπίκειται· οὐαὶ (γάρ *N(k)O*) μοί ἐστιν ἐὰν μὴ (εὐαγγελίσωμαι. *N(k)O*)
17 ১৭ কিয়নো মই যদি নিজৰ ইচ্ছাৰে প্ৰচাৰ কৰোঁ, তেনেহলে মোৰ পুৰস্কাৰ আছে৷ তথাপি মোৰ ওপৰত সেই দায়িত্ব আছে বাবেই মই কৰোঁ৷
εἰ γὰρ ἑκὼν τοῦτο πράσσω, μισθὸν ἔχω· εἰ δὲ ἄκων, οἰκονομίαν πεπίστευμαι.
18 ১৮ তাতে মই কি পুৰস্কাৰ পাম? যেতিয়া আমি শুভবাৰ্তা প্ৰচাৰ কৰোঁ তেতিয়া এই শুভবাৰ্তা মই বিনামূলীয়াকৈ প্ৰচাৰ কৰোঁ৷ এনেদৰে প্ৰচাৰ কৰাৰ কাৰণে আমাৰ যি বেতন পোৱাৰ ক্ষমতা আছে, তাক আমি ব্যৱহাৰ কৰা নাই৷
τίς οὖν (μού *N(k)O*) ἐστιν ὁ μισθός; ἵνα εὐαγγελιζόμενος ἀδάπανον θήσω τὸ εὐαγγέλιον (τοῦ Χριστοῦ *K*) εἰς τὸ μὴ καταχρήσασθαι τῇ ἐξουσίᾳ μου ἐν τῷ εὐαγγελίῳ.
19 ১৯ যদিও মই স্বাধীন, তথাপি মই নিজকে সকলোৰে দাস কৰিলোঁ, যেন তাতে মই অনেকক খ্ৰীষ্টৰ কাৰণে জয় কৰিব পাৰোঁ৷
Ἐλεύθερος γὰρ ὢν ἐκ πάντων πᾶσιν ἐμαυτὸν ἐδούλωσα ἵνα τοὺς πλείονας κερδήσω·
20 ২০ ইহুদী সকলক জয় কৰিবৰ কাৰণে, ইহুদী সকলৰ ওচৰত ইহুদীৰ নিচিনা হ’লো৷ যদিও মই বিধান নামানো; কিন্তু নিজে বিধানৰ অধীন হোৱা সকলক জয় কৰিবলৈ বিধানৰ অধীন হোৱা জনৰ নিচিনা হ’লো৷
καὶ ἐγενόμην τοῖς Ἰουδαίοις ὡς Ἰουδαῖος ἵνα Ἰουδαίους κερδήσω· τοῖς ὑπὸ νόμον ὡς ὑπὸ νόμον, (μὴ ὢν αὐτὸς *NO*) ὑπὸ νόμον, ἵνα τοὺς ὑπὸ νόμον κερδήσω·
21 ২১ বিধানৰ বাহিৰত যি সকল আছে, তেওঁলোকক জয় কৰিবলৈ মই বিধানহীন হৈ থকা লোকৰ দৰে হ’লোঁ৷ যদিও মই নিজে ঈশ্বৰৰ বিধানৰ বাহিৰত নহওঁ, কিন্তু খ্ৰীষ্টৰ বিধানৰ অধীনত থাকোঁ৷
τοῖς ἀνόμοις ὡς ἄνομος, μὴ ὢν ἄνομος (θεοῦ *N(k)O*) ἀλλ᾽ ἔννομος (Χριστοῦ, *N(k)O*) ἵνα κερδάνω (τοὺς *no*) ἀνόμους.
22 ২২ দূৰ্বল সকলক পাবলৈ, তেওঁলোকৰ ওচৰত দূৰ্বল সকলৰ দৰে দূৰ্বল হ’লোঁ; যাতে তেওঁলোকক উদ্ধাৰ কৰিব পাৰোঁ৷
ἐγενόμην τοῖς ἀσθενέσιν (ὡς *K*) ἀσθενὴς ἵνα τοὺς ἀσθενεῖς κερδήσω· τοῖς πᾶσιν γέγονα (τὰ *k*) πάντα ἵνα πάντως τινὰς σώσω.
23 ২৩ মই যি যি কৰোঁ, সেই সকলোকেই শুভবাৰ্তাৰ কাৰণে, অৰ্থাৎ আশীৰ্বাদৰ সহভাগী হ’বলৈহে কৰোঁ।
(πάντα *N(K)O*) δὲ ποιῶ διὰ τὸ εὐαγγέλιον ἵνα συγκοινωνὸς αὐτοῦ γένωμαι.
24 ২৪ আপোনালোকে নাজানা নে, দৌৰ প্ৰতিযোগিতাত অনেকে দৌৰ মাৰে: কিন্তু এজনেহে বঁটা পায়? সেয়ে এনেকৈ দৌৰক, যাতে পুৰস্কাৰ পাব পাৰে৷
Οὐκ οἴδατε ὅτι οἱ ἐν σταδίῳ τρέχοντες πάντες μὲν τρέχουσιν, εἷς δὲ λαμβάνει τὸ βραβεῖον; οὕτως τρέχετε ἵνα καταλάβητε.
25 ২৫ আৰু যি মানুহে মালযুদ্ধ আদি কৰি খেলত জিকিবলৈ চেষ্টা কৰে, তেওঁলোকে সকলোভাৱে ইন্দ্ৰিয়-দমন কৰে। তেওঁলোকে বিনাশী কিৰীটি পাবলৈ এইদৰে কৰে, কিন্তু আমি হ’লে, অবিনাশী কিৰীটি পাবলৈহে তাক কৰোঁ।
πᾶς δὲ ὁ ἀγωνιζόμενος πάντα ἐγκρατεύεται· ἐκεῖνοι μὲν οὖν ἵνα φθαρτὸν στέφανον λάβωσιν, ἡμεῖς δὲ ἄφθαρτον.
26 ২৬ এতেকে মই এক লক্ষ্য কৰি দৌৰ মাৰোঁ, কিন্তু লক্ষ্য নকৰাকৈ নহয়; মুষ্টিযুদ্ধ কৰোঁ, কিন্তু বায়ুত ঘোচা মৰাৰ দৰে নামাৰোঁ;
ἐγὼ τοίνυν οὕτως τρέχω ὡς οὐκ ἀδήλως, οὕτως πυκτεύω ὡς οὐκ ἀέρα δέρων·
27 ২৭ কিন্তু লোকৰ আগত ঘোষণা কৰি, শেষত নিজে যেন ঈশ্বৰৰ দৃষ্টিত অগ্ৰাহ্য নহওঁ, এই কাৰণে মই নিজ শৰীৰকো ঘুচিয়াই বশ কৰি ৰাখিছোঁ।
ἀλλ᾽ ὑπωπιάζω μου τὸ σῶμα καὶ δουλαγωγῶ, μή πως ἄλλοις κηρύξας αὐτὸς ἀδόκιμος γένωμαι.