< ১ কৰিন্থীয়া 6 >
1 ১ আপোনালোকৰ মাজত কাৰোবাৰ যদি আন এজনৰ বিৰুদ্ধে কোনো অভিযোগ কৰাৰ কাৰণ থাকে, তেনেহলে তেওঁ কোন সাহসত ঈশ্বৰৰ পবিত্ৰ লোকৰ ওচৰলৈ নাযায়, এজন অবিশ্বাসী বিচাৰকৰ অর্থাৎ অধৰ্মি লোকৰ কাষলৈ গৈ বিচাৰৰ সমাধান বিচাৰে?
Omwi mwimwe akabha nomusango no wejabho, natula okugenda mwibhalaja lya bhanu bhatali bhalengelesi okukila okuja imbele ya bhekilisha?
2 ২ আপোনালোকে জানো নাজানে, যে ঈশ্বৰৰ পবিত্ৰ লোক সকলেই জগতৰ সোধ-বিচাৰ কৰিব? যেতিয়া আপোনালোকেই জগতৰ বিচাৰ কৰিব, তেনেহলে এতিয়া আপোনালোকে জানো অতি সামান্য বিষয়বোৰ বিচাৰ কৰিব নোৱাৰে?
Mutakumenya ati abhekilisha bhalilamula echalo? Labha mulilamula echalo, mutakutula kulamula amagambo ganu gatana nsonga?
3 ৩ আপোনালোকে নাজানে নেকি যে, আমি স্বৰ্গৰ দূত সমূহৰো বিচাৰ কৰিম? যদি সেয়ে হয়, তেনেহলেতো এই জীৱন সম্পৰ্কীয় বিষয়বোৰ অতি সাধাৰণ কথা।
Mutakumenya ati chililamula bhamalaika? Kwa insongaki kukila eyo, echitula okulamula amagambo go bhulame bhunu?
4 ৪ এতেকে আপোনালোকৰ দ্বাৰায়েই যদি দৈনিক জীৱন সম্পৰ্কীয় বিষয়বোৰৰ সোধ-বিচাৰ কৰা হয়, তেনেহলে যি সকল মণ্ডলীৰ লোক নহয়, এনে লোকক আপোনালোকে কিয় বিচাৰকৰ আসনত বহুৱাই?
Labha echitula okulamula amagambo go bhulame bhunu, kulwaki omutula okubhasilila amalalamiko imbele ya bhanu bhatakwimelegulu mwikanisa?
5 ৫ আপোনালোকক লাজ দিবৰ কাৰণে মই এই কথা কৈছোঁ। আপোনালোকৰ মাজত সঁচাই এনে কোনো জ্ঞানৱান লোক এজনো নাই নেকি, যি জনে ভাই, ভনী সকলৰ মাজত বিবাদ হ’লে, সেইবোৰ সোধ-বিচাৰ কৰি নিস্পত্তিৰ বাবে ঠাৱৰ কৰিব পাৰে?
Enaika ganu kunswalo jemwe. Atalio owobhwenge umwi mwimwe owokuta emisango jibhe amwi agati yo omuili no muili?
6 ৬ কিন্তু তাৰ সলনি এনেকুৱা হয় যে, এজন বিশ্বাসী ভায়ে আন বিশ্বাসী ভাইৰ বিৰুদ্ধে আদালতলৈ যায় গোচৰ দিয়ে, তাকো অবিশ্বাসী সকলৰ আগত।
Nawe kutyo jili woli, omwikilisha umwi kaja mwibhalaja ingulu yo mwikilisha oundi, na malalamiko ago agatulwa imbele yo mulamusi unu atali mwikilisha!
7 ৭ আপোনালোক খ্রীষ্টিয়ান সকলে ইজনে সিজনৰ বিৰুদ্ধে গোচৰ দি আছে, তাতে এটাই প্রমাণ হয় যে আপোনালোক পৰাজিত হৈ আছে। তাতকৈ বৰঞ্চ অন্যায় সহন নকৰে কিয়? নিজৰো হানি হবলৈ কিয় নিদিয়ে?
Echimali nati jilio emisango agati ya bhekilisha ganu galetele jinyanko kwimwe. Kulwaki musige okunyansibhwa kwa mabhibhi? Kulwaki omwikilisha okujigibhwa?
8 ৮ কিন্তু তাৰ সলনি আপোনালোকে নিজেই অন্যায় কৰি আছে আৰু আন লোকক ঠগাই আছে; তেওঁলোক আপোনালোকৰ নিজৰেই ভাই-ভনী।
Nawe mwakolele obhunyamuke no kujiga abhandi, nabho nibhamula bhanyu na bhayala bhanyu!
9 ৯ যি সকলে অধর্ম আচৰণ কৰে তেওঁলোক যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব, সেই সেই বিষয়ে নাজানে নেকি? আপোনালোক ভ্ৰান্ত নহ’ব; যি সকল অনৈতিক যৌনাচাৰত ব্যভিচাৰী, অধৰ্মি, মূৰ্তিপূজক, পৰস্ত্ৰীগামী, পুৰুষ বেশ্যা, পুংমৈথুনী আদি অভ্যাসত লিপ্ত হয়,
Mutakumenya ati bhanu bhatali bhalengelesi bhatalilya omwandu gwo bhukama bhwa Nyamuanga? Mutekilisha olubheyi. Abhasiyani, abho abhalamya amasusano, abhalomesi, bhanu abhalosha abhalume bhejabho,
10 ১০ যি সকল চোৰ, লুভীয়া, মতলীয়া, পৰনিন্দাকাৰক আৰু প্রতাৰক, তেওঁলোক ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব।
Abhefi, abhatubhe, abhamywi, abhasakusi, abhafumi, atalio agati yebhhwe unu alilya omwandu gwa Nyamuanga.
11 ১১ আপোনালোকো কোনো কোনো তেনেকুৱা লোক আছিল; কিন্তু এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে আপোনালোক ধৌত হ’ল, পবিত্ৰীকৃত হ’ল, আৰু ধাৰ্মিক বুলি গণিত হ’ল।
Nabho agati yebhwe aliga alimwe. Nawe mwamalile kwosibhwa, nawe mwamalile kwaulwa na Nyamuanga, nawe mwakolelwe bhalengelesi imbele ya Nyamuanga mwisina lya Latabhugenyi Yesu Kristo na kwo Mwoyo gwa Nyamuanga weswe.
12 ১২ “মোলৈ সকলো বিধান সন্মত”, কিন্তু সকলোৱেই হিতজনক নহয়। সকলো কৰিবলৈ মোৰ অধিকাৰ আছে, কিন্তু একোৰে মই দাস নহ’ম।
“Ebhinu bhyona bhiile kwanye” nawe jitalyati bhuli chinu echinsakila. “Ebhinu bhyona bhiile kwanye,”nawe nitakutungwa nachona chona mwibhyo.
13 ১৩ “পেটৰ কাৰণেই আহাৰ; আহাৰৰ কাৰণেও পেট”; কিন্তু ঈশ্বৰে এই দুয়োকো লোপ কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে আৰু প্রভুও শৰীৰৰ কাৰণেহে;
“Ebhilyo nikwainda, na inda nikwebhilyo, “nawe Nyamuanga alimalao bhyona. Omubhili gutamogelwe kulwobhulomesi, nawe gwamogelwe kulwa Latabhugenyi, na Latabhugenyi aligufulubhendela omubhili.
14 ১৪ ঈশ্বৰে নিজৰ শক্তিৰে প্ৰভুক তুলিলে আৰু আমাকো তুলিব।
Nyamuanga amusuluye Latabhugenyi eswe ona alichisulula kwa managa gae.
15 ১৫ আপোনালোকৰ শৰীৰ যে, খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গ, ইয়াক আপোনালোকে নাজানে নে? তেনেহলে, খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গবোৰ লৈ, বেশ্যাৰ দেহৰ সৈতে যুক্ত কৰিব নে? এনে নহওক।
Mutakumenya ati emibhili jemwe jigwatene na Kristo? omutula atiki okusosha omubhili gwa Kristo mugugwatanya no musiani? Jitakutulikana!
16 ১৬ যি জন বেশ্যাত আসক্ত লোক, তেওঁ তাইৰে সৈতে এক দেহ হয়, ইয়াক আপোনালোকে নাজানে নেকি? কিয়নো শাস্ত্রত আছে, “তেওঁলোক দুয়ো এক দেহ হ’ব”।
Mutakumenya ati unu kagwatana no musiani ona abhee mubhili gumwi nage? Lwakutyo elyandiko elyaika, “Abhabhili bhalibha mubhili gumwi.”
17 ১৭ কিন্তু যি জন প্ৰভুত আসক্ত লোক, তেওঁ তেৱেঁ সৈতে এক আত্মা হয়।
Nawe unu kagwatana na Latabhugenyi kabha nomwoyo gumwi nage.
18 ১৮ ব্যভিচাৰৰ পৰা পলাওক। মানুহে যি পাপ কার্য কৰে, সেইবোৰ তেওঁৰ শৰীৰৰ বাহিৰত কৰে; কিন্তু যি কোনোৱে যৌনপাপ কৰে, তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধেই পাপ কৰে।
Mwigagane obhulomesi! Bhuli chibhibhi chinu kakola omunu nianja yo mubhili gwae. Nawe obhulomesi, omunu kakola echibhibhi ingulu yo mubhili gwae omwene.
19 ১৯ আপোনালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে আপোনালোকৰ অন্তৰত থাকে, ইয়াক আপোনালোকে নাজানে নে কি? আপোনালোক এতিয়া নিজৰ নহয়।
Mutakumenya ati emibhili jemwe ni nyumba yo Mwoyo Mwelu, unu ekae munda yemwe, unu mwayanilwe okusoka ku Nyamuanga? Mutakumenya ati mutalimwe abhene?
20 ২০ কিয়নো আপোনালোকক মূল্য দি কিনা হৈছে; এই হেতুকে আপোনালোকৰ শৰীৰৰ দ্বাৰা ঈশ্বৰক মহিমাম্বিত কৰক।
Kulwejo mwagulilwe kwo bhugusi bhunene. Kulwejo mumulamye Nyamuanga kwe mibhili jemwe.