< ১ কৰিন্থীয়া 4 >
1 ১ লোক সকলৰ মাজত আমাৰ পৰিচয় এয়ে হওক যে, আমি খ্রীষ্টৰ সেৱক আৰু ঈশ্বৰৰ নিগূঢ় তত্ত্বৰূপ ধনৰ অধ্যক্ষ।
Omuntu asaanidde atulabe ng’abaweereza ba Kristo era abawanika b’ebyama bya Katonda.
2 ২ কিন্তু অধ্যক্ষ জন যেন বিশ্বাসী হয়, মানুহে এনে গুণ বিচাৰে।
Ate era omuwanika kimugwanira okuba omuntu omwesigwa.
3 ৩ মোৰ বিষয়ে আপোনালোকৰ দ্বাৰা বা আন কোনো মানুহৰ বিচাৰ সভাৰ দ্বাৰা যে, মোৰ বিচাৰ হয়, ই মোৰ বাবে অতি সামান্য কথা। কিয়নো মই মোৰ নিজৰেই বিচাৰ নকৰোঁ।
Naye gye ndi ekyo kintu kitono nnyo mmwe okunsalira omusango oba omuntu yenna ku lunaku olw’okusalirako omusango; nange sseesalira musango.
4 ৪ কিয়নো মই মোৰ নিজৰ বিৰুদ্ধে থকা একো অভিযোগৰ বিষয়ে নাজানো। কিন্তু তাৰ অর্থ এয়ে নহয় যে, মই নিৰ্দ্দোষী বুলি প্ৰমাণিত; কাৰণ যি জনে মোৰ সোধ-বিচাৰ কৰে, তেওঁ প্রভু।
Kubanga nze seemanyiiko nsonga yonna, wabula ekyo tekimpeesa butuukirivu, naye ansalira omusango ye Mukama waffe.
5 ৫ এতেকে আপোনালোকে প্রভু অহাৰ পূর্বেই অর্থাৎ সেই ঠিক কৰা সময়ৰ আগেয়ে একো বিষয়ৰে বিচাৰ নকৰিব। তেৱেঁই আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ উদ্দেশ্যবোৰো প্ৰকাশ কৰিব। সেই কালত প্ৰতিজনে ঈশ্বৰৰ পৰা নিজৰ নিজৰ প্ৰশংসা পাব।
Noolwekyo temusalanga musango ekiseera nga tekinnatuuka okutuusa Mukama waffe lw’alijja, alimulisa ebyakwekebwa eby’ekizikiza, n’ayolesa n’ebigendererwa by’omutima, buli muntu n’alyoka atendebwa Katonda.
6 ৬ প্রিয় ভাই আৰু ভনী সকল, আপোনালোকৰ কাৰণে মই মোৰ নিজৰ আৰু আপল্লোৰ উদাহৰণ দি এই সকলো কথা ক’লো যাতে আপোনালোকে আমাৰ পৰা এই শিক্ষা পাই যে, “শাস্ত্রত যি যি লিখা আছে তাক অতিক্রম কৰি যাব নালাগে।” আপোনালোকৰ কোনেও যেন এজনৰ পক্ষ হৈ আন জনৰ বিপক্ষে গর্ব নকৰে।
Kaakano abooluganda ebintu ebyo mbigeredde ku nze ne ku Apolo ku lwammwe, mulyoke muyigire ku ffe obutasukkanga ku byawandiikibwa, omuntu omu alemenga okwegulumiza ng’anyooma omulala.
7 ৭ কিয়নো আপুনি যে আন লোক সকলতকৈ বিশিষ্ট সেয়া কোনে দেখা পায়? ঈশ্বৰৰ পৰা যি দান হিচাপে পোৱা নাই, তেনে কি বস্তুৱেই বা আপোনাৰ আছে? আপুনি যেতিয়া দান হিচাপে পাই, তেতিয়া দান যেন পোৱা নাই, এনে দ্বিধাবোধ কৰি অহংকাৰ কিয় কৰে?
Kubanga ani akwawula? Era mulina kye mutaaweebwa? Kale obanga ddala mwaweebwa, kiki ate ekibenyumirizisa ng’abataakifuna?
8 ৮ আপোনালোকৰ যি প্রয়োজন সেই সকলো পাই আপোনালোক এতিয়া পূর্ণ হৈ আছে! এতিয়া আপোনালোক ধনৱন্ত হৈছে! আমাক বাদ দিয়েই আপোনালোকে ৰাজত্ব পাইছে! অৱশ্যে, আপোনালোকে ৰাজত্ব পালে ভালেই হয়, তেনেহলে আপোনালোকৰ সৈতে আমিও ৰাজত্ব পাব পাৰোঁ।
Mwakkuta dda n’okugaggawala ne mugaggawala, era ne mufuuka bakabaka awatali ffe; naye nandyagadde mufuuke bakabaka, naffe tulyoke tufuukire wamu bakabaka nammwe.
9 ৯ কাৰণ, মোৰ ধাৰণা হয়, পাঁচনি সকল যি আমি, ঈশ্বৰে আমাক বধ কৰিবলৈ নিয়া লোক সকলৰ দৰে সমদলত শেষৰ শাৰীত প্রদর্শন কৰি ৰাখিছে। সেয়েহে আমি জগতৰ, স্বৰ্গৰ দূতৰ আৰু মনুষ্যৰ আগত এক কৌতুকৰ পাত্ৰ হৈছোঁ।
Kubanga ndowooza nga ffe abatume, Katonda yatuteeka ku nkomerero ng’abasibe abalindirira okuttibwa, kubanga twafuulibwa ekyerolerwa eri ensi, eri bamalayika n’eri abantu.
10 ১০ আমি খ্ৰীষ্টৰ অৰ্থে মূৰ্খ হৈছোঁ, কিন্তু আপোনালোক খ্রীষ্টত বুদ্ধিমন্ত হৈছে। আমি দূৰ্বল, কিন্তু আপোনালোক বলৱন্ত। আপোনালোক মান্যৱন্ত, কিন্তু আমি অনাদৃত।
Tuli basirusiru ku bwa Kristo, naye mmwe muli bagezi mu Kristo; Ffe tuli banafu naye mmwe muli ba maanyi! Mmwe muli ba kitiibwa naye ffe tunyoomebwa.
11 ১১ এই সময়লৈকে আমি ভোক আৰু পিয়াহত কষ্ট পাইছো। পিন্ধনত আমাৰ জীর্ণ বস্ত্ৰ, আমাক নিষ্ঠুৰভাৱে আঘাত কৰা হৈছে, আমি গৃহহীন।
Era ne mu kiseera kino tulumwa enjala n’ennyonta nga tetulina na kyakwambala, tukubibwa era tubungeeta bubungeesi.
12 ১২ আমি নিজ হাতেৰে কাম কৰি কঠোৰ পৰিশ্রম কৰিছোঁ। লোকে যেতিয়া আমাক নিন্দা কৰে, আমি আশীৰ্বাদ কৰিছোঁ; যেতিয়া তাড়না কৰে, আমি সহন কৰিছোঁ;
Tutegana nga tukola emirimu n’emikono gyaffe; tusabira emikisa abo abatukolimira; bwe tuyigganyizibwa tugumiikiriza;
13 ১৩ কোনোৱে অপবাদ দিলে, বিনম্রতাৰে কথা পাঁতো। এতিয়ালৈকে আমি যেন জগতৰ আৱর্জনা আৰু আটাইতকৈ মলিয়ন বস্তুস্বৰূপ হৈ আছোঁ।
abo abatuvuma tubaddamu ne gonjebwa. Era n’okutuusa kaakano tuli ng’ebisooto mu bigere era tuli ng’ebisaaniiko.
14 ১৪ মই আপোনালোকলৈ যে এইবোৰ কথা লিখি লাজ দিছোঁ, এনে নহয়; কিন্তু মোৰ প্ৰিয় সন্তান বুলি চেতনাহে দিছোঁ।
Siwandiika bintu bino lwa kubaswaza naye lwa kubabuulirira ng’abaana bange abaagalwa.
15 ১৫ কিয়নো খ্ৰীষ্টত যদিও আপোনালোকৰ দহ হাজাৰ গুৰু থাকিব পাৰে, কিন্তু পিতৃ অনেক নাই; কাৰণ খ্রীষ্ট যীচুত শুভবাৰ্তাৰ দ্বাৰা ময়েই আপোনালোকৰ পিতৃ স্বৰূপ হ’লো।
Kubanga newaakubadde mulina abalala nkumi na nkumi ababayigiriza ebya Kristo, naye mujjukirenga nga mulina bakitammwe batono. Kubanga nze mbazaala mu Kristo olw’enjiri.
16 ১৬ এতেকে বিনয় কৰোঁ, আপোনালোক মোৰ অনুকাৰী হওক।
Noolwekyo mbongeramu amaanyi mulabire ku nze.
17 ১৭ এই অভিপ্রায়েৰে মই তীমথিয়ক আপোনালোকৰ ওচৰলৈ পঠিয়াইছোঁ। তেওঁ প্ৰভুত মোৰ প্রিয় আৰু বিশ্বাসী পুত্ৰ; তেওঁ আপোনালোকক খ্রীষ্ট সম্বন্ধীয় মোৰ পন্থাবোৰ সোঁৱৰাই দিব, যিবোৰ শিক্ষা মই সকলো ঠাইতে সকলো মণ্ডলীতে দি থাকোঁ।
Kyennava mbatumira Timoseewo omwana wange omwesigwa era omwagalwa mu Mukama waffe, anaabajjukizanga ebyo bye ngoberera mu Kristo Yesu nga bwe njigiriza wonna wonna mu buli Kkanisa.
18 ১৮ মই আপোনালোকৰ ওচৰলৈ নাই যোৱা বাবে কোনো কোনো অহংকাৰী হৈ উঠিছে।
Naye waliwo abamu mu mmwe abeekuluntaza nga balowooza nti sigenda kujja gye muli.
19 ১৯ কিন্তু প্ৰভুৰ ইচ্ছা হ’লে, মই আপোনালোকৰ ওচৰলৈ সোনকালে যাম; তেতিয়া যি সকল অহংকাৰী হৈ উঠিছে, তেওঁলোকৰ কথা নহয়, কিন্তু পৰাক্ৰম জানিম।
Naye nzija mangu, Mukama bw’anaasiima ndyoke mmanye amaanyi g’abo abeekuluntaza so si mu bigambo obugambo.
20 ২০ কিয়নো ঈশ্বৰৰ ৰাজ্য কথাত নহয়, পৰাক্ৰমতহে হয়।
Kubanga obwakabaka bwa Katonda tebuli mu kwogera bwogezi, wabula mu maanyi.
21 ২১ আপোনালোকৰ কি ইচ্ছা? মই লাঠি লৈ আপোনালোকৰ ওচৰলৈ যামনে? নে প্ৰেমেৰে আৰু মৃদুতাৰ আত্মাৰে যাম?
Kiruwa kye mwagala? Nzije n’omuggo, oba nzije na kwagala n’omwoyo ogw’obuwombeefu?