< ১ কৰিন্থীয়া 4 >

1 লোক সকলৰ মাজত আমাৰ পৰিচয় এয়ে হওক যে, আমি খ্রীষ্টৰ সেৱক আৰু ঈশ্বৰৰ নিগূঢ় তত্ত্বৰূপ ধনৰ অধ্যক্ষ।
Let a man so account of us, as of the ministers of Christ, and stewards of the mysteries of God.
2 কিন্তু অধ্যক্ষ জন যেন বিশ্বাসী হয়, মানুহে এনে গুণ বিচাৰে।
Moreover, it is required in stewards that a man be found faithful.
3 মোৰ বিষয়ে আপোনালোকৰ দ্বাৰা বা আন কোনো মানুহৰ বিচাৰ সভাৰ দ্বাৰা যে, মোৰ বিচাৰ হয়, ই মোৰ বাবে অতি সামান্য কথা। কিয়নো মই মোৰ নিজৰেই বিচাৰ নকৰোঁ।
But with me it is a very small thing that I should be judged by you, or by man's judgment: yes, I judge not my own self.
4 কিয়নো মই মোৰ নিজৰ বিৰুদ্ধে থকা একো অভিযোগৰ বিষয়ে নাজানো। কিন্তু তাৰ অর্থ এয়ে নহয় যে, মই নিৰ্দ্দোষী বুলি প্ৰমাণিত; কাৰণ যি জনে মোৰ সোধ-বিচাৰ কৰে, তেওঁ প্রভু।
For I know nothing against myself; yet am I not hereby justified: but he that judgeth me is the Lord.
5 এতেকে আপোনালোকে প্রভু অহাৰ পূর্বেই অর্থাৎ সেই ঠিক কৰা সময়ৰ আগেয়ে একো বিষয়ৰে বিচাৰ নকৰিব। তেৱেঁই আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ উদ্দেশ্যবোৰো প্ৰকাশ কৰিব। সেই কালত প্ৰতিজনে ঈশ্বৰৰ পৰা নিজৰ নিজৰ প্ৰশংসা পাব।
Therefore judge nothing before the time, until the Lord shall come, who will both bring to light the hidden things of darkness, and will make manifest the counsels of the hearts: and then shall every man have praise from God.
6 প্রিয় ভাই আৰু ভনী সকল, আপোনালোকৰ কাৰণে মই মোৰ নিজৰ আৰু আপল্লোৰ উদাহৰণ দি এই সকলো কথা ক’লো যাতে আপোনালোকে আমাৰ পৰা এই শিক্ষা পাই যে, “শাস্ত্রত যি যি লিখা আছে তাক অতিক্রম কৰি যাব নালাগে।” আপোনালোকৰ কোনেও যেন এজনৰ পক্ষ হৈ আন জনৰ বিপক্ষে গর্ব নকৰে।
And these things, brethren, I have in a figure transferred to myself, and [to] Apollos, for your sakes; that ye may learn in us not to think [of men] above that which is written, that no one of you on account of one, may be puffed up against another.
7 কিয়নো আপুনি যে আন লোক সকলতকৈ বিশিষ্ট সেয়া কোনে দেখা পায়? ঈশ্বৰৰ পৰা যি দান হিচাপে পোৱা নাই, তেনে কি বস্তুৱেই বা আপোনাৰ আছে? আপুনি যেতিয়া দান হিচাপে পাই, তেতিয়া দান যেন পোৱা নাই, এনে দ্বিধাবোধ কৰি অহংকাৰ কিয় কৰে?
For who maketh thee to differ [from another]? and what hast thou that thou didst not receive? now if thou didst receive [it], why dost thou glory, as if thou hadst not received [it]?
8 আপোনালোকৰ যি প্রয়োজন সেই সকলো পাই আপোনালোক এতিয়া পূর্ণ হৈ আছে! এতিয়া আপোনালোক ধনৱন্ত হৈছে! আমাক বাদ দিয়েই আপোনালোকে ৰাজত্ব পাইছে! অৱশ্যে, আপোনালোকে ৰাজত্ব পালে ভালেই হয়, তেনেহলে আপোনালোকৰ সৈতে আমিও ৰাজত্ব পাব পাৰোঁ।
Now ye are full, now ye are rich, ye have reigned as kings without us: and I wish ye did reign, that we also might reign with you.
9 কাৰণ, মোৰ ধাৰণা হয়, পাঁচনি সকল যি আমি, ঈশ্বৰে আমাক বধ কৰিবলৈ নিয়া লোক সকলৰ দৰে সমদলত শেষৰ শাৰীত প্রদর্শন কৰি ৰাখিছে। সেয়েহে আমি জগতৰ, স্বৰ্গৰ দূতৰ আৰু মনুষ্যৰ আগত এক কৌতুকৰ পাত্ৰ হৈছোঁ।
For I think that God hath set forth us the apostles last, as it were appointed to death: for we are made a spectacle to the world, and to angels, and to men.
10 ১০ আমি খ্ৰীষ্টৰ অৰ্থে মূৰ্খ হৈছোঁ, কিন্তু আপোনালোক খ্রীষ্টত বুদ্ধিমন্ত হৈছে। আমি দূৰ্বল, কিন্তু আপোনালোক বলৱন্ত। আপোনালোক মান্যৱন্ত, কিন্তু আমি অনাদৃত।
We [are] fools for Christ's sake, but ye [are] wise in Christ; we [are] weak, but ye [are] strong; ye [are] honorable, but we [are] despised.
11 ১১ এই সময়লৈকে আমি ভোক আৰু পিয়াহত কষ্ট পাইছো। পিন্ধনত আমাৰ জীর্ণ বস্ত্ৰ, আমাক নিষ্ঠুৰভাৱে আঘাত কৰা হৈছে, আমি গৃহহীন।
Even to this present hour we both hunger, and thirst, and are naked, and are buffeted, and have no certain dwelling-place;
12 ১২ আমি নিজ হাতেৰে কাম কৰি কঠোৰ পৰিশ্রম কৰিছোঁ। লোকে যেতিয়া আমাক নিন্দা কৰে, আমি আশীৰ্বাদ কৰিছোঁ; যেতিয়া তাড়না কৰে, আমি সহন কৰিছোঁ;
And labor, working with our own hands. Being reviled, we bless; being persecuted, we suffer it;
13 ১৩ কোনোৱে অপবাদ দিলে, বিনম্রতাৰে কথা পাঁতো। এতিয়ালৈকে আমি যেন জগতৰ আৱর্জনা আৰু আটাইতকৈ মলিয়ন বস্তুস্বৰূপ হৈ আছোঁ।
Being defamed, we entreat: we are made as the filth of the world, the offscouring of all things to this day.
14 ১৪ মই আপোনালোকলৈ যে এইবোৰ কথা লিখি লাজ দিছোঁ, এনে নহয়; কিন্তু মোৰ প্ৰিয় সন্তান বুলি চেতনাহে দিছোঁ।
I write not these things to shame you, but as my beloved sons I warn [you].
15 ১৫ কিয়নো খ্ৰীষ্টত যদিও আপোনালোকৰ দহ হাজাৰ গুৰু থাকিব পাৰে, কিন্তু পিতৃ অনেক নাই; কাৰণ খ্রীষ্ট যীচুত শুভবাৰ্তাৰ দ্বাৰা ময়েই আপোনালোকৰ পিতৃ স্বৰূপ হ’লো।
For though ye have ten thousand instructors in Christ, yet [have ye] not many fathers: for in Christ Jesus I have begotten you through the gospel.
16 ১৬ এতেকে বিনয় কৰোঁ, আপোনালোক মোৰ অনুকাৰী হওক।
Wherefore I beseech you, be ye followers of me.
17 ১৭ এই অভিপ্রায়েৰে মই তীমথিয়ক আপোনালোকৰ ওচৰলৈ পঠিয়াইছোঁ। তেওঁ প্ৰভুত মোৰ প্রিয় আৰু বিশ্বাসী পুত্ৰ; তেওঁ আপোনালোকক খ্রীষ্ট সম্বন্ধীয় মোৰ পন্থাবোৰ সোঁৱৰাই দিব, যিবোৰ শিক্ষা মই সকলো ঠাইতে সকলো মণ্ডলীতে দি থাকোঁ।
For this cause have I sent to you Timothy, who is my beloved son, and faithful in the Lord, who will bring you into remembrance of my ways which are in Christ, as I teach every where in every church.
18 ১৮ মই আপোনালোকৰ ওচৰলৈ নাই যোৱা বাবে কোনো কোনো অহংকাৰী হৈ উঠিছে।
Now some are puffed up, as though I would not come to you.
19 ১৯ কিন্তু প্ৰভুৰ ইচ্ছা হ’লে, মই আপোনালোকৰ ওচৰলৈ সোনকালে যাম; তেতিয়া যি সকল অহংকাৰী হৈ উঠিছে, তেওঁলোকৰ কথা নহয়, কিন্তু পৰাক্ৰম জানিম।
But I will come to you shortly, if the Lord will, and will know, not the speech of them who are puffed up, but the power.
20 ২০ কিয়নো ঈশ্বৰৰ ৰাজ্য কথাত নহয়, পৰাক্ৰমতহে হয়।
For the kingdom of God [is] not in word, but in power.
21 ২১ আপোনালোকৰ কি ইচ্ছা? মই লাঠি লৈ আপোনালোকৰ ওচৰলৈ যামনে? নে প্ৰেমেৰে আৰু মৃদুতাৰ আত্মাৰে যাম?
What will ye? shall I come to you with a rod, or in love, and [in] the spirit of meekness?

< ১ কৰিন্থীয়া 4 >