< ১ কৰিন্থীয়া 3 >
1 ১ প্রিয় ভাই আৰু ভনী সকল, মই আত্মিক লোকক কোৱাৰ দৰে আপোনালোকক ক’ব পৰা নাই, বৰং খ্রীষ্টত আপোনালোক শিশু হোৱাত, আপোনালোকৰ ওচৰত মাংসিক লোকক কোৱাৰ দৰে ক’লো।
he bhrātaraḥ, ahamātmikairiva yuṣmābhiḥ samaṁ sambhāṣituṁ nāśaknavaṁ kintu śārīrikācāribhiḥ khrīṣṭadharmme śiśutulyaiśca janairiva yuṣmābhiḥ saha samabhāṣe|
2 ২ মই আপোনালোকক টান আহাৰ নুখুৱাই, গাখীৰ খুৱাইছিলোঁ; কিয়নো তেতিয়া আপোনালোকে খাব নোৱাৰিছিল; এনে কি, এতিয়াও নোৱাৰে;
yuṣmān kaṭhinabhakṣyaṁ na bhojayan dugdham apāyayaṁ yato yūyaṁ bhakṣyaṁ grahītuṁ tadā nāśaknuta idānīmapi na śaknutha, yato hetoradhunāpi śārīrikācāriṇa ādhve|
3 ৩ কাৰণ আপোনালোক এতিয়াও মাংসিক হৈ আছে। কিয়নো আপোনালোকৰ মাজত ঈৰ্ষা আৰু বিবাদ থকাত আপোনালোক জানো মাংসিক নহয়? মানুহৰ দৰেই আচাৰ-ব্যৱহাৰ নকৰে নে?
yuṣmanmadhye mātsaryyavivādabhedā bhavanti tataḥ kiṁ śārīrikācāriṇo nādhve mānuṣikamārgeṇa ca na caratha?
4 ৪ কিয়নো কোনোৱে “মই পৌলৰ লোক” আৰু আন কোনোৱে “মই আপল্লোৰ লোক” বুলি কোৱাত আপোনালোকে জানো জাগতিক মানুহৰ দৰেই ব্যৱহাৰ কৰা নাই?
paulasyāhamityāpallorahamiti vā yadvākyaṁ yuṣmākaṁ kaiścit kaiścit kathyate tasmād yūyaṁ śārīrikācāriṇa na bhavatha?
5 ৫ তেনেহলে আপল্লো কোন? পৌলেই বা কোন? এওঁলোক ঈশ্বৰৰ পৰিচাৰক মাথোন; এওঁলোকৰ যোগেদি আপোনালোক বিশ্বাসী হ’ল। প্ৰভুৱে প্ৰতিজনকে নিজ নিজ কার্যবোৰ দিলে;
paulaḥ kaḥ? āpallo rvā kaḥ? tau paricārakamātrau tayorekaikasmai ca prabhu ryādṛk phalamadadāt tadvat tayordvārā yūyaṁ viśvāsino jātāḥ|
6 ৬ মই ৰুলো, আপল্লোৱে পানী দিলে, কিন্তু ঈশ্বৰেহে বঢ়ালে।
ahaṁ ropitavān āpallośca niṣiktavān īśvaraścāvarddhayat|
7 ৭ এতেকে ৰোওঁতা জন একো নহয় আৰু পানী দিওঁতা জনো একো নহয়; কিন্তু ঈশ্বৰ, যি জনে বৃদ্ধি কৰে, তেৱেঁই সকলো।
ato ropayitṛsektārāvasārau varddhayiteśvara eva sāraḥ|
8 ৮ যি জনে ৰুৱে আৰু যি জনে পানী দিয়ে, দুয়ো এক। তেওঁলোক প্ৰতিজনে নিজৰ কৰ্ম অনুসাৰে নিজৰ পুৰস্কাৰ পাব।
ropayitṛsektārau ca samau tayorekaikaśca svaśramayogyaṁ svavetanaṁ lapsyate|
9 ৯ কিয়নো আমি পৰস্পৰে ঈশ্বৰৰ সহকৰ্মী। আপোনালোক ঈশ্বৰৰ শস্যক্ষেত্ৰ, ঈশ্বৰে সজা গৃহস্বৰূপ।
āvāmīśvareṇa saha karmmakāriṇau, īśvarasya yat kṣetram īśvarasya yā nirmmitiḥ sā yūyameva|
10 ১০ ঈশ্বৰৰ যি অনুগ্ৰহ মোক দিয়া হ’ল, তাৰ দ্বাৰাই দক্ষ ঘৰ-সাজোঁতাৰ দৰে মই ভিত্তিমূল স্থাপন কৰিলোঁ আৰু তাৰ ওপৰত আনে সাজে। কিন্তু কেনেকৈ তেওঁ তাৰ ওপৰত সাজিছে, সেই বিষয়ত প্রত্যেকেই যেন সাৱধান হয়।
īśvarasya prasādāt mayā yat padaṁ labdhaṁ tasmāt jñāninā gṛhakāriṇeva mayā bhittimūlaṁ sthāpitaṁ tadupari cānyena nicīyate| kintu yena yannicīyate tat tena vivicyatāṁ|
11 ১১ কিয়নো যি ভিত্তি আগেয়ে স্থাপন কৰা হ’ল, তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে; যীচু খ্রীষ্টই হৈছে সেই ভিত্তিমূল।
yato yīśukhrīṣṭarūpaṁ yad bhittimūlaṁ sthāpitaṁ tadanyat kimapi bhittimūlaṁ sthāpayituṁ kenāpi na śakyate|
12 ১২ এই ভিত্তিমূলৰ ওপৰত যদি সোণ, ৰূপ, মূল্যবান ৰত্ন, কাঠ, খেৰ বা নৰাৰে যদি কোনোৱে সাজে,
etadbhittimūlasyopari yadi kecit svarṇarūpyamaṇikāṣṭhatṛṇanalān nicinvanti,
13 ১৩ তেনেহলে তেওঁৰ কর্ম প্রকাশিত হ’ব; কিয়নো সেই দিনৰ পোহৰে তাক প্রকাশ কৰিব। কাৰণ সেইদিন অগ্নিত প্ৰকাশিত হ’ব; তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা, অগ্নিয়ে নিজেই তাক পৰীক্ষা কৰিব।
tarhyekaikasya karmma prakāśiṣyate yataḥ sa divasastat prakāśayiṣyati| yato hatostana divasena vahnimayenodetavyaṁ tata ekaikasya karmma kīdṛśametasya parīkṣā bahninā bhaviṣyati|
14 ১৪ তাৰ ওপৰত সজা কোনো জনৰ কৰ্ম যদি ৰয়, তেনেহলে তেওঁ পুৰস্কাৰ পাব।
yasya nicayanarūpaṁ karmma sthāsnu bhaviṣyati sa vetanaṁ lapsyate|
15 ১৫ আৰু কোনো জনৰ সজা কৰ্ম যদি পোৰে, তেনেহলে তেওঁৰ হানি হ’ব; অৱশ্যে তেওঁ নিজে উদ্ধাৰ পাব, যদিও তেওঁৰ অৱস্থা এনে লোকৰ দৰে হব, যি জনে অগ্নিৰ মাজেদি পাৰ হৈ ৰক্ষা পাব।
yasya ca karmma dhakṣyate tasya kṣati rbhaviṣyati kintu vahne rnirgatajana iva sa svayaṁ paritrāṇaṁ prāpsyati|
16 ১৬ আপোনালোক যে ঈশ্বৰৰ মন্দিৰ, আৰু ঈশ্বৰৰ আত্মা যে আপোনালোকত নিবাস কৰে, ইয়াক আপোনালোকে নাজানে নে?
yūyam īśvarasya mandiraṁ yuṣmanmadhye ceśvarasyātmā nivasatīti kiṁ na jānītha?
17 ১৭ কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে, তেনেহলে ঈশ্বৰে তেওঁকো নষ্ট কৰিব; কিয়নো ঈশ্বৰৰ মন্দিৰ পবিত্ৰ আৰু আপোনালোকো তেনে পবিত্র।
īśvarasya mandiraṁ yena vināśyate so'pīśvareṇa vināśayiṣyate yata īśvarasya mandiraṁ pavitrameva yūyaṁ tu tanmandiram ādhve|
18 ১৮ কোনেও নিজকে নিজে নুভুলাওক। আপোনালোকৰ মাজৰ কোনোৱে যদি এই যুগৰ কথাত নিজকে জ্ঞানী বুলি ভাবে, তেনেহলে তেওঁ জ্ঞানী হ’বলৈ মূৰ্খ হওক। (aiōn )
kopi svaṁ na vañcayatāṁ| yuṣmākaṁ kaścana cedihalokasya jñānena jñānavānahamiti budhyate tarhi sa yat jñānī bhavet tadarthaṁ mūḍho bhavatu| (aiōn )
19 ১৯ কাৰণ ঈশ্বৰৰ দৃষ্টিত এই জগতৰ জ্ঞান মূৰ্খতাস্বৰূপ। কিয়নো লিখা আছে, ‘তেওঁ জ্ঞানী সকলক তেওঁলোকৰ ধুৰ্ত্ততাত ধৰে’।
yasmādihalokasya jñānam īśvarasya sākṣāt mūḍhatvameva| etasmin likhitamapyāste, tīkṣṇā yā jñānināṁ buddhistayā tān dharatīśvaraḥ|
20 ২০ পুনৰায়, “জ্ঞানী সকলৰ তৰ্ক-বিতৰ্ক অসাৰ বুলি প্ৰভুৱে জানে।”
punaśca| jñānināṁ kalpanā vetti parameśo nirarthakāḥ|
21 ২১ এতেকে কোনেও যেন মানুহক লৈ গর্ব নকৰে! কিয়নো সকলো আপোনালোকৰেই;
ataeva ko'pi manujairātmānaṁ na ślāghatāṁ yataḥ sarvvāṇi yuṣmākameva,
22 ২২ পৌল, আপল্লো বা কৈফাই হওক নাইবা এই জগত, জীৱন বা মৃত্যুয়েই হওক, বৰ্তমান বা ভবিষ্যতৰ সকলো বিষয়, এই সকলো আপোনালোকৰ;
paula vā āpallo rvā kaiphā vā jagad vā jīvanaṁ vā maraṇaṁ vā varttamānaṁ vā bhaviṣyadvā sarvvāṇyeva yuṣmākaṁ,
23 ২৩ আপোনালোক খ্ৰীষ্টৰ আৰু খ্ৰীষ্ট ঈশ্বৰৰ।
yūyañca khrīṣṭasya, khrīṣṭaśceśvarasya|