< ১ কৰিন্থীয়া 16 >
1 ১ পবিত্ৰ লোক সকলৰ কাৰণে দান তোলাৰ বিষয়ে হ’লে, মই গালাতীয়াৰ মণ্ডলী সমূহক যেনেকৈ আদেশ দিলোঁ, তেনেকৈ আপোনালোকেও কৰিব।
Maintenant, en ce qui concerne la collecte pour les saints: comme j'ai ordonné aux assemblées de Galatie, faites de même.
2 ২ সপ্তাহৰ প্ৰথম দিনা আপোনালোকৰ উপার্জনৰ পৰা প্ৰতিজনে নিজ নিজ আয় অনুসাৰে নিজৰ ঘৰৰ কোনোবা বিশেষ স্থানত সাঁচি ৰাখিব৷ মই যেতিয়া আপোনালোকৰ ওচৰত উপস্থিত হ’ম, তেতিয়া যেন দান তোলা নহয়৷
Le premier jour de chaque semaine, que chacun de vous fasse l'épargne qui lui convient, afin qu'il n'y ait pas de collecte à mon arrivée.
3 ৩ এই কাৰণে মই যেতিয়া উপস্থিত হ’ম, তেতিয়া আপোনালোকে যি সকলক যোগ্য বুলি বিবেচনা কৰে তেওঁলোকৰ হাতত সেই দান যিৰূচালেমলৈ দি পঠাব৷ আমি লিখি দিয়া এখন পত্ৰ তেওঁলোকে প্ৰমাণ স্বৰূপে লৈ যাব৷
À mon arrivée, j'enverrai celui que vous approuverez avec des lettres pour porter à Jérusalem le don que vous m'avez fait.
4 ৪ যদি আমি যোৱাতো উচিত হয়, তেনেহলে তেওঁলোক অামাৰ লগতে যাব।
S'il convient que j'y aille aussi, ils iront avec moi.
5 ৫ কিন্তু যেতিয়া আমি মাকিদনিয়া হৈ - যাত্ৰা কৰিম, তেতিয়া মই আপোনালোকৰ ওচৰলৈ আহিম।
Je viendrai chez vous quand j'aurai traversé la Macédoine, car je passe par la Macédoine.
6 ৬ আপোনালোকৰ লগত কিজানি কিছুদিন থাকিম, হয়তো জাৰ-কালো আপোনালোকৰ লগত কটাম; পাছত মই যাবলগীয়া ঠাইলৈ যাবৰ বাবে আপোনালোকেই মোক যোৱাৰ ব্যবস্থা কৰি দিব পাৰিব৷
Mais il se peut que je reste chez vous, ou même que j'hiverne chez vous, afin que vous m'envoyiez en voyage, où que j'aille.
7 ৭ এতিয়া মই যাত্ৰা পথত আপোনালোকৰ সৈতে সাক্ষাৎ কৰিবলৈ বিচৰা নাই; কাৰণ প্ৰভুৰ ইচ্ছা হ’লে, আপোনালোকৰ লগত কিছুদিন থাকিবলৈ মই আশা কৰি আছোঁ।
Car je ne veux pas vous voir maintenant en passant, mais j'espère rester quelque temps avec vous, si le Seigneur le permet.
8 ৮ তথাপি পঞ্চাশ-দিনীয়া পৰ্বলৈকে মই ইফিচত থাকিম;
Mais je resterai à Éphèse jusqu'à la Pentecôte,
9 ৯ কিয়নো কাৰ্যসাধক এখন বহল দুৱাৰ মোৰ বাবে মুকলি হৈছে; আৰু তাত বিৰোধী বহুত আছে।
car une porte grande et efficace s'est ouverte à moi, et les adversaires sont nombreux.
10 ১০ এতিয়া যদি আপোনালোকৰ ওচৰত তীমথিয় উপস্থিত হয়, তেনেহলে তেওঁ যাতে আপোনালোকৰ তাত নিৰ্ভয়ে থাকে, কিয়নো তেওঁ মোৰ দৰেই প্ৰভুৰ কাৰ্য কৰে, কোনেও যেন তেওঁক হেয়ঞ্জান নকৰে৷
Or, si Timothée vient, veillez à ce qu'il soit avec vous sans crainte, car il fait l'œuvre du Seigneur, comme moi aussi.
11 ১১ কিন্তু তেওঁ যেন মোৰ ওচৰলৈ আহে, এই কাৰণে আপোনালোকে তেওঁক কুশলে আগবঢ়ায় থ’ব; কিয়নো তেওঁ ভাই সকলৰ সৈতে অহালৈ, মই বাট চাই আছোঁ।
Que personne ne le méprise donc. Mais faites-le avancer en paix dans son voyage, afin qu'il vienne vers moi; car je l'attends avec les frères.
12 ১২ এতিয়া আপল্লো ভাইৰ প্ৰসংগত কওঁ, আমি তেওঁক দৃঢ়তাৰে সকলো প্ৰকাৰৰে ভাই সকলৰ সৈতে আপোনালোকৰ ওচৰলৈ যাবৰ বাবে, মই তেওঁক বহুত মিনতি কৰিলোঁ; কিন্তু এতিয়া যাবলৈ তেওঁ ঠিৰাং কৰা নাই; তথাপি যেতিয়া সুযোগ পাব, তেতিয়া তেওঁ আপোনালোকৰ ওচৰলৈ যাব।
Pour ce qui est du frère Apollos, je l'ai fortement incité à venir chez vous avec les frères, mais il n'a pas du tout voulu venir maintenant; mais il viendra quand il en aura l'occasion.
13 ১৩ আপোনালোক সজাগ হৈ থাকক; বিশ্বাসত সুস্থিৰ হোৱা, ডেকা সকলৰ দৰে শক্তিমন্ত হওক।
Regardez! Restez fermes dans la foi! Soyez courageux! Soyez forts!
14 ১৪ আপোনালোকৰ সকলো কৰ্ম প্ৰেমেৰে কৰা হওক।
Que tout ce que vous faites soit fait dans l'amour.
15 ১৫ হে ভাই সকল মই আপোনালোকক এই মিনতি কৰিছোঁ, স্তিফানাৰ পৰিয়াল, যি আখায়া দেশৰ প্ৰথম ফলস্বৰূপ আৰু তেওঁলোকে যে পবিত্ৰ লোকৰ পৰিচৰ্যা কৰিবলৈ স্ব-ইচ্ছাৰে ভাৰ ল’লে, সেই বিষয়ে আপোনালোকে জানে;
Or, je vous prie, frères - vous connaissez la maison de Stéphanas, qui est la première de l'Achaïe, et qui s'est mise au service des saints -
16 ১৬ আপোনালোকে এনেকুৱা লোকৰ কাৰ্যত, সাহায্য আৰু পৰিশ্ৰম কৰা সকলৰ বশীভূত হওক।
de leur être également soumis, ainsi qu'à tous ceux qui participent à l'œuvre et travaillent.
17 ১৭ আমি সকলো আনন্দিত হৈছোঁ, কাৰণ স্তিফান, ফৰ্ত্তূনাত আৰু আখায়িক ইয়ালৈ অহাত আপোনালোক নথকাত মোৰ যি অভাৱ আছিল, সেই অভাৱ তেওঁলোকে সম্পূৰ্ণ কৰিলে।
Je me réjouis de la venue de Stéphanas, de Fortunatus et d'Achaicus, car ils ont comblé ce qui vous manquait.
18 ১৮ কাৰণ তেওঁলোকে আপোনালোকৰ নিচিনাকৈ মোৰ আত্মা জুৰালে; এতেকে আপোনালোকে এনে লোকক চিনি পাবলৈ ভুল নকৰিব।
Car ils ont rafraîchi mon esprit et le vôtre. Reconnaissez donc ceux qui agissent ainsi.
19 ১৯ এচিয়া দেশৰ মণ্ডলী সমূহে আপোনালোকক শুভেচ্ছা জনাইছে৷ আক্কিলা, প্ৰিষ্কা আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীয়ে আপোনালোকক প্ৰভুত শুভেচ্ছা জনাইছে৷
Les assemblées d'Asie vous saluent. Aquila et Priscille vous saluent chaleureusement dans le Seigneur, ainsi que l'assemblée qui est dans leur maison.
20 ২০ সকলো ভাই, ভনী সকলে আপোনালোকক শুভেচ্ছা জনাইছে৷ আপোনালোকেও পৰস্পৰে ইজনে সিজনক পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব৷
Tous les frères vous saluent. Saluez-vous les uns les autres par un saint baiser.
21 ২১ মই, পৌলে, নিজ হাতেৰে এই শুভেচ্ছা বাণী লিখি পঠালোঁ৷
Cette salutation est de moi, Paul, de ma propre main.
22 ২২ কোনোৱে যদি প্ৰভুক প্ৰেম নকৰে, তেওঁ শাপগ্ৰস্ত হওক। আমাৰ প্ৰভু আহক৷
Si quelqu'un n'aime pas le Seigneur Jésus-Christ, qu'il soit maudit. Viens, Seigneur!
23 ২৩ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক।
Que la grâce du Seigneur Jésus-Christ soit avec vous!
24 ২৪ খ্ৰীষ্ট যীচুত মোৰ প্ৰেম আপোনালোক সকলোৰে লগত থাকক। আমেন।
Je vous salue tous en Jésus-Christ. Amen.