< ১ কৰিন্থীয়া 14 >
1 ১ আপোনালোকে প্ৰেমৰ পাছে পাছে যাওঁক; আৰু আত্মিক বৰবোৰলৈ একান্ত মনেৰে হাবিয়াহ কৰক, বিশেষকৈ ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰিবৰ হাবিয়াহ কৰক।
Pursue love; nevertheless be envious of the spiritual gifts, —and, rather, that ye may be prophesying.
2 ২ কিয়নো যি জনে বিশেষ কথা কোৱাৰ ক্ষমতা পাইছে, তেওঁ কোনো মানুহৰ সতে নহয় ঈশ্বৰৰ সতেহে কথা কয়; কাৰণ তেওঁ কি কথা কয় কোনেও নুবুজে, কিন্তু তেওঁ আত্মাৰ দ্বাৰাই নিগূঢ়-তত্ববোৰৰ বিষয়ে কয়।
For, he that speaketh with a tongue, not unto men, doth speak, but, unto God, —for, no one, understandeth, although, in spirit, he is speaking sacred secrets;
3 ৩ কিন্তু যি জনে ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ মানুহবোৰক ধাৰ্মিকতাত বৃদ্ধি কৰিবলৈ আৰু আশ্বাস আৰু সান্ত্বনা দিবলৈ কথা কয়।
But, be that prophesieth, unto men, doth speak—edification, and exhortation, and comfort.
4 ৪ যি জনৰ পৰভাষা কবলৈ ক্ষমতা আছে, তেওঁ নিজকে ধৰ্মত বৃদ্ধি কৰে; কিন্তু যি জনে ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ মণ্ডলীক গঢ়ি তোলে।
He that speaketh with a tongue, buildeth up, himself, whereas, he that prophesieth, buildeth up, an assembly.
5 ৫ আপোনালোকে যেন পৰভাষা কয়, এই মোৰ ইচ্ছা; কিন্তু তাতকৈ ভাবোক্তি যেন প্ৰচাৰ কৰে, ইয়ালৈ মোৰ বৰ ইচ্ছা; আৰু পৰভাষা কোৱা জনে, মণ্ডলীয়ে ধৰ্মত বৃদ্ধি পাবলৈ যদি অৰ্থ নুবুজায়, তেনেহলে এনে জনতকৈ ভাবোক্তি প্ৰচাৰ কৰা জন শ্ৰেষ্ঠ।
Howbeit I wish you all to speak with tongues, but, rather, that ye may prophesy, —moreover, greater, is he that prophesieth, than he that speaketh with tongues, —unless indeed he translate, that, the assembly, may receive upbuilding.
6 ৬ এতিয়া, হে প্ৰিয় ভাই আৰু ভনী সকল, মই আপোনালোকৰ ওচৰলৈ গৈ যদি পৰভাষা কওঁ, কিন্তু আপোনালোকৰ ওচৰত গৈ প্ৰকাশিত সত্য ঞ্জান বা ভাববাণী বা কোনো শিক্ষা বিষয়ে যদি নকওঁ, তেনেহলে আপোনালোকৰ কিবা লাভ হবনে?
But, now, brethren—if I come unto you speaking with tongues, what shall I profit, you, except I speak, unto you, either by way of revelation, or knowledge, or prophesying, or teaching?
7 ৭ শব্দ কৰা নিষ্প্ৰাণ বস্তুৰ মাজতো বাঁহী হওক, বা বীণা হওক, শুৱলা স্বৰ সৃষ্টি কৰি স্পষ্টকৈ শুৱলা ধ্বনিত যদি নাবাজে, তেনেহলে বাঁহীৰে বা বীণাৰে কি সুৰ বজোৱা হয়, সেই বিষয়ে কেনেকৈ জনা যাব?
In like manner, the things without life giving sound, whether pipe or harp, if, a distinction in the sounds, they do not give, how shall it be known, what is being piped or harped?
8 ৮ কাৰণ ৰণ-শিঙাৰ মাত যদি অস্পষ্ট হয়, তেনেহলে যুদ্ধলৈ কোনে নিজকে সজাব?
For, if also, an uncertain sound, a trumpet, should give, who shall prepare himself for battle?
9 ৯ ঠিক সেইদৰে আপোনালোকেও যদি সহজে বুজিব পৰা কথা জিভাৰে নকয়, তেনেহলে যি কোৱা হয়, সেই বিষয়ে কেনেকৈ জানিব? কিয়নো এইবোৰ কথা আপোনালোকে বতাহত কোৱাৰ নিচিনা হ’ব।
So, also, ye, through means of the tongue, except ye give intelligible discourse, how shall it be known what is being spoken? for ye will be speaking, to the air.
10 ১০ জগতত বহু প্ৰকাৰৰ ভাষা আছে, তথাপি তাৰ অৰ্থ নোহোৱা ভাষা এটাও নাই।
There may happen to be so many kinds of languages in the world, and, not one, unspoken: —
11 ১১ কিন্তু মই যদি সেই ভাষাৰ অৰ্থ নুবুজোঁ, তেনেহলে যি জনে কয়, তেওঁৰ বাবে মই বিদেশীৰ নিচিনা হ’ম; আৰু সেই কোৱা জনো মোৰ বাবে বিদেশীৰ নিচিনা হ’ব।
If, then, I do not know the meaning of the language, I shall be, unto him that is speaking, a foreigner, and, he that is speaking, shall be, in my case, a foreigner.
12 ১২ এতেকে লোকৰ ক্ষেত্ৰতো ঠিক তেনে ধৰণৰেই, আপোনালোকে আত্মাৰ বিবিধ বৰলৈ হাবিয়াহ কৰিছে যেতিয়া, মণ্ডলীক ধৰ্মত বৃদ্ধি কৰিবৰ বাবে উপচি পৰিবলৈ যত্ন কৰক।
So, ye, also—since ye are, envious, of spirits, unto the upbuilding of the assembly, seek to be pre-eminent.
13 ১৩ এই কাৰণে যি জনে পৰভাষা কয়, তেওঁ যেন অৰ্থও বুজাই দিব পাৰে, তাৰ কাৰণে প্ৰাৰ্থনা কৰক।
Wherefore, he that speaketh with a tongue, let him pray that he may translate;
14 ১৪ কিয়নো পৰভাষাৰে যদি প্ৰাৰ্থনা কৰোঁ, তেনেহলে মোৰ আত্মাই প্ৰার্থনা কৰে, কিন্তু মোৰ হৃদয় ফলহীন হয়।
[For], if I am praying in a tongue, my spirit, is praying, but, my mind, is unfruitful.
15 ১৫ তেনেহলে আমি কি কৰা উচিত? অামি আত্মাৰে প্ৰাৰ্থনা কৰিম নে, মনৰে প্ৰার্থনা কৰিম? আমি আত্মাৰে গীত গাম নে, মনেৰে গীত গাম?
What is it then? I will pray with the spirit, but I will pray also with the mind, —I will strike the strings with the spirit, [but] I will strike the strings also with the mind.
16 ১৬ নতুবা তুমি যদি আত্মাৰে ঈশ্বৰৰ প্ৰশংসা কৰিছা, কিন্তু যি সকলে শুনিবলৈ দর্শক হিচাপে তালৈ আহে, তেওঁ যদি বুজি নাপাই, কেনেকৈ তোমাৰ সেই ধন্যবাদত ‘আমেন’ ক’ব? কাৰণ তুমি কি কৈছা, তেওঁলোকে বুজি নাপালে।
Else, if thou be blessing in a spirit, he that filleth up the place of the ungifted person, how shall he say the Amen upon thy thanksgiving? since indeed, what thou art saying, he knoweth not;
17 ১৭ কিয়নো তুমি হ’লে, বহুত ভালকৈ ধন্যবাদ কৰিছা, কিন্তু অন্য লোক সকলক আত্মিক ভাবে গঢ়ি তোলা নহল।
For, thou, indeed, excellently art giving thanks, but, the other, is not being built up.
18 ১৮ মই যে আপোনালোকতকৈ বেছি পৰভাষা কওঁ, তাৰ কাৰণে মই ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ;
I give thanks unto God!—More than ye all, am I speaking with tongues;
19 ১৯ তথাপি মণ্ডলীত পৰভাষাৰে দহ হাজাৰ কথা কোৱাতকৈ, মানুহক শিক্ষা দিবলৈ, বুজি পোৱাকৈ বুদ্ধিৰে পাঁচটা কথা কোৱা ভাল বুলি ভাবো।
But, in assembly, I desire to speak five words with my mind, that, others also, I may instruct, than myriads of words in a tongue.
20 ২০ হে প্ৰিয় ভাই আৰু ভনী সকল, আপোনালোক বিবেচনাত শিশুৰ দৰে নহ’ব; কিন্তু মন্দ বিষয়ত শিশু সকলৰ দৰে হৈ, চিন্তা আৰু বিবেচনাত বয়সস্থ লোকৰ দৰে হওক।
Brethren! do not become children, in your understandings; but, in baseness, become babes, while, in your understandings, ye become, full-grown.
21 ২১ বিধান-শাস্ত্ৰত লিখা আছে, “প্ৰভুৱে কৈছে, পৰভাষা কোৱা লোকৰ দ্বাৰাই, আৰু বিদেশী সকলৰ ওঁঠৰ দ্বাৰাই, মই এই লোকক কথা ক’ম; কিন্তু তাক কৰিলেও, তেওঁলোকে মোৰ কথা নুশুনিব।”
In the law, it is written—With strange tongues, and with lips of strangers, will I speak unto this people; and, not even so, will they hearken unto me, —saith the Lord.
22 ২২ এই কাৰণে বেলেগ বেলেগ ভাষাৰে কথা কোৱা, বিশ্বাস কৰা সকলৰ কাৰণে নহয়, অবিশ্বাসী সকলৰ কাৰণে চিন হয়; কিন্তু ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰা, বিশ্বাস নকৰা সকলৰ কাৰণে নহয়, কিন্তু বিশ্বাস কৰা সকলৰ কাৰণে চিন হয়।
So that, the tongues, are for a sign—not unto them that believe, but, unto them that believe not; whereas, prophesying, is not for them that believe not, but, for them that believe.
23 ২৩ এতেকে গোটেই মণ্ডলীয়ে যেতিয়া একগোট হয়, আৰু আটাইলোকে যদি পৰভাষা কৈ থাকে, তেতিয়া সাধাৰণ বা কোনো অবিশ্বাসী মানুহ সেই স্থানত প্ৰৱেশ কৰিলে, তেওঁলোকে আপোনালোকক বলীয়া বুলি নক’ব নে?
If, then, the whole assembly come together with one consent, and, all, are speaking with tongues, —and there come in persons unskilled or unbelieving, will they not say that ye are raving?
24 ২৪ সকলোৱে যদি ভাবোক্তি প্ৰচাৰ কৰে আৰু বিশ্বাস নকৰা সাধাৰণ কোনো এজন মানুহ যদি সেই স্থানলৈ আহে, তেনেহলে সেই ভাববাণী শুনি তেওঁ নিজৰ পাপৰ বিষয়ে সচেতন আৰু ভাববাণীৰ দ্বাৰাই তেওঁ বিচাৰ প্ৰাপ্ত হয়৷
But, if, all, be prophesying, —and there come in one who is unbelieving or unskilled, he is convicted by all, he is searched by all, the secrets of his heart, become manifest,
25 ২৫ এইদৰে লোক জনৰ হৃদয়ৰ কোনো গুপ্তকথা প্ৰকাশ পায়৷ তাতে তেওঁ মাটিত উবুৰি হৈ পৰি, নিশ্চয়ে ‘আপোনালোকৰ মাজত ঈশ্বৰ আছে’, এই বুলি ঈশ্বৰৰ সেৱা কৰিব।
And, so, falling down upon his face, he will do homage unto God, reporting that, in reality, God is, among you.
26 ২৬ এতেকে হে প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে কি কৰিব? যেতিয়া আপোনালোক এঠাইত গোট খায়, তেতিয়া কোনো জনে গীত, কোনো জনে উপদেশ, কোনো জনে প্ৰকাশিত বাক্য, কোনো জনে পৰভাষা, কোনো জনে তাৰ অৰ্থ ভাঙণি কৰি কথা ক’ব। কিন্তু এই সকলো যেন মণ্ডলী বৃদ্ধি কৰিবলৈ কৰা হয়।
What, then, is it, brethren? Whensoever ye are coming together, each one, hath a psalm, hath a teaching, hath a revelation, hath a tongue, hath a translation: —let, all things, be done, unto building up.
27 ২৭ কোনোৱে যদি পৰভাষা কয়, তেনেহলে দুজন, বা তাতকৈ অধিক হ’লেও, তিনি জনে পাল অনুক্ৰমে কওক; আৰু এজনে অৰ্থ বুজাই দিয়ক।
If, with a tongue, one is speaking, let it be by two, or, at the most, three, —and by turns; and let, one, be translating;
28 ২৮ কিন্তু অৰ্থ বুজাই দিওঁতা যদি কোনো নাই, তেনেহলে তেওঁ মণ্ডলীত নিজম দি থাকি কেৱল নিজৰ আৰু ঈশ্বৰৰ উদ্দেশ্যে কথা কওক।
But, if there be none to translate, let him keep silence in assembly, and, unto himself, be speaking, and, unto God!
29 ২৯ আৰু ভাববাদী দুই বা তিনি জনে কথা কওক, আন সকলে বিবেচনা কৰি চাওক।
Prophets, moreover, let two or three speak, and let, the others, judge.
30 ৩০ কিন্তু উপাসনাত বহি থকা সকলৰ কোনো জনৰ আগত কিবা কথা প্ৰকাশিত হ’লে প্ৰথম জন নিজম দি থাকক।
If, however, unto another, a revelation be made, as he is sitting, let the first be silent;
31 ৩১ কিয়নো অাপোনালোক সকলোৱেই এজন এজনকৈ ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰি, আন এজনক শিকাব পাৰে আৰু সকলোকে উদগাওক৷
For, one by one, ye can, all, be prophesying, —that, all, may learn, and, all, be encouraged.
32 ৩২ কিয়নো ভাববাদী সকলৰ আত্মা ভাববাদী সকলৰ বশত থাকে।
And, spirits of prophets, unto prophets, do submit themselves;
33 ৩৩ কিয়নো ঈশ্বৰে কেতিয়াও বিশৃংখল সৃষ্টি নকৰে, কিন্তু তেওঁ, শান্তি দিওঁতা ঈশ্বৰ হয়। যেনেকৈ পবিত্ৰ লোক সকলৰ মণ্ডলীত,
For God is not [a God] of confusion, but, of peace: —as in all the assemblies of the saints.
34 ৩৪ তেনেকৈ আপোনালোকৰ মণ্ডলী সমূহতো মহিলা সকল নিজম দি থাকক; কিয়নো কথা ক’বলৈ তেওঁলোকক অনুমতি দিয়া নাযায়; কিন্তু তেওঁলোকে নিবেদন কৰি থাকক, বিধান-শাস্ত্ৰয়েও সেইদৰেই কয়।
As for the women, in the assemblies, let them be silent, for it is not permitted them to be speaking; but let them be in submission, —even as, the law, saith.
35 ৩৫ কিন্তু তেওঁলোকে যদি কিবা সুধি শিক্ষা পাব খোজে, তেনেহলে ঘৰতে নিজ নিজ স্বামীক সোধক; কিয়নো মণ্ডলীত মহিলা মানুহে কথা কোৱা লাজৰ বিষয়।
If, however, they are wishing to learn something, at home, their own husbands, let them question; for it is a shame for a woman to be speaking in assembly.
36 ৩৬ নতুবা, ঈশ্বৰৰ বাক্য আপোনালোকৰ মাজৰ পৰা ওলাইছিল নে? বা অকল আপোনালোকৰ ওচৰলৈহে আহিছিল নে?
Or, from you, did the word of God come forth? Or, unto you alone, did it extend?
37 ৩৭ কোনোৱে যদি নিজকে নিজে ভাববাদী বা আত্মিক বুলি মানে, তেনেহলে মই আপোনালোকলৈ যিবোৰ কথা লিখিছোঁ, সেইবোৰ ঈশ্বৰৰ আদেশ বুলি তেওঁ জানক।
If anyone thinketh himself to be a prophet, or spiritually gifted, let him acknowledge the things which I am writing to you, —that they are, a commandment, of the Lord.
38 ৩৮ কিন্তু কোনোৱে যদি নাজানে, তেনেহলে তেওঁ নাজানক।
But, if anyone knoweth not, he is unknown!
39 ৩৯ এই কাৰণে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল, ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰিবলৈ হাবিয়াহ কৰক আৰু পৰভাষা ক’বলৈ নিষেধ নকৰিব।
So, then, my brethren, —be zealous to prophesy, and do not forbid, to be speaking with tongues;
40 ৪০ কিন্তু সকলো কৰ্ম সুন্দৰকৈ শালিনতা বজাই কৰা হওক।
But let, all things, with comeliness, and by arrangement, be done.