< ১ কৰিন্থীয়া 13 >

1 যদিও মই মানুহৰ বা স্বৰ্গ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, মই কেৱল বাজি থকা কাঁহ, বা বাদ্য কৰি থকা তালস্বৰূপ হৈছোঁ।
Коли мовами людськими глаголю й ангелськими, любови ж не маю, то став ся я як мідь дзвіняча і бубен гудячий.
2 মই যদি ভাববাণী পাওঁ, সকলো নিগূঢ়-তত্ব আৰু সকলো বিদ্যা জানো আৰু পৰ্বত আতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে, মই একো নহওঁ।
Коли маю пророцтво і знаю всі тайни і все знаннє, і коли маю всю віру, так щоб і гори переставляти, любови ж не маю, то я нїщо.
3 আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্ব্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভস্ম হ’বলৈ মোৰ শৰীৰকো শোধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, তাত মোৰ একো লাভ নাই।
І коли роздам увесь маєток мій, і коли тіло моє передам, щоб його спалено, любови ж не маю, то ніякої користи мені (з того).
4 প্ৰেম সহনশীল আৰু স্নহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী বা অশিষ্টাচাৰী নহয়,
Любов довго терпить, милосердує; любов не завидує; любов не величаєть ся, не надимаєть ся,
5 ই নিজৰ লাভ নিবিচাৰে, সহজে কুপিত নহয় আৰু ই অন্যায় আচৰণ নকৰে৷
не осоромлює, не шукає свого, не пориваєть ся до гнїву, не думає лихого;
6 ই অধাৰ্মিকতাত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে,
не веселить ся неправдою, а веселить ся правдою;
7 প্ৰেমে সকলোকে আকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোকে আশা কৰে আৰু সকলোকে সহ্য কৰে।
все покриває, всьому йме віри, на все вповає, все терпить.
8 প্ৰেম কেতিয়াও লুপ্ত নহ’ব; কিন্তু ভাববাণী হ’লে, লোপ হ’ব; পৰভাষা হ’লে, সেইবোৰ গুচিব; জ্ঞান হ’লে, সেই জনো লুপ্ত হ’ব।
Любов ніколи не впадає (гине); чи то ж пророцтва, вони впадуть; чи то мови, вони замовкнуть; чи то знаннє, воно зникне.
9 কিয়নো আমাৰ জ্ঞান খণ্ডমাত্ৰ আৰু আমাৰ ভাবোক্তিও খণ্ডমাত্ৰ;
Бо від части знаємо і від части пророкуємо.
10 ১০ কিন্তু সম্পূৰ্ণতা উপস্থিত হ’লে, সেই খণ্ডবোৰ লুপ্ত হ’ব।
Як же прийде звершене, тодї те, що від части, зникне.
11 ১১ যেতিয়া মই শিশু আছিলোঁ, তেতিয়া শিশুৰ নিচিনাকৈ কথা কৈছিলোঁ, শিশুৰ দৰে ভাবিছিলোঁ, শিশুৰ দৰে বিবেচনাও কৰিছিলোঁ৷ যেতিয়া বয়স পালোঁ, তেতিয়াৰ পৰা শিশুৰ সকলো কথা এৰিলোঁ।
Як був я малоліток, то яко малолїток говорив, яко малолїток розумів, яко малоліток думав; як же став чоловіком, то покинув дитяче.
12 ১২ কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে, অস্পষ্টকৈ দেখিছোঁ; কিন্তু তেতিয়া মূখা-মূখিকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ; কিন্তু তেতিয়া, মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ’লোঁ, তেনেকৈ সম্পূৰ্ণ ৰূপত জানিম।
Бачимо бо тепер через дзеркало, в загадці, тоді ж лицем до лиця; тепер пізнаю від части, тоді ж пізнаю, яко ж і я познаний.
13 ১৩ কিন্তু এতিয়া তিনিটা বিষয় আছে: বিশ্বাস, আশা, প্ৰেম, কিন্তু এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।
Тепер же пробувають віра, надїя, любов, сї троє; більша ж із сих любов.

< ১ কৰিন্থীয়া 13 >