< ১ কৰিন্থীয়া 13 >
1 ১ যদিও মই মানুহৰ বা স্বৰ্গ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, মই কেৱল বাজি থকা কাঁহ, বা বাদ্য কৰি থকা তালস্বৰূপ হৈছোঁ।
ⲁ̅ⲈϢⲰⲠ ⲀⲒϢⲀⲚⲤⲀϪⲒ ϦⲈⲚⲪⲖⲀⲤ ⲚⲦⲈⲚⲒⲢⲰⲘⲒ ⲚⲈⲘ ⲪⲀ ⲚⲒⲀⲄⲄⲈⲖⲞⲤ ⲘⲘⲞⲚϮ ⲀⲄⲀⲠⲎ ⲆⲈ ⲘⲘⲀⲨ ⲀⲒⲈⲢ ⲘⲪⲢⲎϮ ⲚⲞⲨϨⲞⲘⲦ ⲈϤⲤⲈⲚⲤⲈⲚ ⲒⲈ ⲞⲨⲔⲨⲘⲂⲀⲖⲞⲚ ⲈϤⲈϢⲖⲎⲖⲞⲨⲒ.
2 ২ মই যদি ভাববাণী পাওঁ, সকলো নিগূঢ়-তত্ব আৰু সকলো বিদ্যা জানো আৰু পৰ্বত আতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে, মই একো নহওঁ।
ⲃ̅ⲔⲀⲚ ⲈⲞⲨⲞⲚ ⲚⲦⲎⲒ ⲚⲞⲨⲠⲢⲞⲪⲎⲦⲒⲀ ⲈⲒⲤⲰⲞⲨⲚ ⲚⲚⲒⲘⲨⲤⲦⲎⲢⲒⲞⲚ ⲦⲎⲢⲞⲨ ⲚⲈⲘ ⲠⲈⲘⲒ ⲦⲎⲢϤ ⲔⲀⲚ ⲈⲢⲈ ⲪⲚⲀϨϮ ⲦⲎⲢϤ ⲚⲦⲞⲦ ϨⲰⲤⲦⲈ ⲈⲞⲨⲰⲦⲈⲂ ⲚϨⲀⲚⲦⲰⲞⲨ ⲈⲂⲞⲖ ⲘⲘⲞⲚϮ ⲀⲄⲀⲠⲎ ⲆⲈ ⲘⲘⲀⲨ ⲀⲚⲞⲔ ϨⲖⲒ.
3 ৩ আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্ব্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভস্ম হ’বলৈ মোৰ শৰীৰকো শোধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, তাত মোৰ একো লাভ নাই।
ⲅ̅ⲔⲀⲚ ⲀⲒϢⲀⲚϮ ⲚⲚⲎ ⲈⲦⲈ ⲚⲞⲨⲒ ⲦⲎⲢⲞⲨ ⲈⲐⲢⲞⲨⲞⲨⲞⲘⲞⲨ ⲞⲨⲞϨ ⲚⲦⲀϮ ⲘⲠⲀⲔⲈⲤⲰⲘⲀ ϨⲒⲚⲀ ⲚⲦⲀϢⲞⲨϢⲞⲨ ⲘⲘⲞⲚϮ ⲀⲄⲀⲠⲎ ⲆⲈ ⲘⲘⲀⲨ ⲚϮϪⲈⲘϨⲎⲞⲨ ⲚϨⲖⲒ ⲀⲚ.
4 ৪ প্ৰেম সহনশীল আৰু স্নহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী বা অশিষ্টাচাৰী নহয়,
ⲇ̅ϮⲀⲄⲀⲠⲎ ϢⲀⲤⲰⲞⲨ ⲚϨⲎⲦ ϢⲀⲤⲈⲢϨⲈⲖϪⲈ ϮⲀⲄⲀⲠⲎ ⲘⲠⲀⲤⲬⲞϨ ϮⲀⲄⲀⲠⲎ ⲘⲠⲀⲤⲈⲢⲠⲈⲢⲠⲈⲢⲞⲤ ⲘⲠⲀⲤϬⲒⲤⲒ ⲚϨⲎⲦ.
5 ৫ ই নিজৰ লাভ নিবিচাৰে, সহজে কুপিত নহয় আৰু ই অন্যায় আচৰণ নকৰে৷
ⲉ̅ⲘⲠⲀⲤϬⲒϢⲒⲠⲒ ⲘⲠⲀⲤⲔⲰϮ ⲚⲤⲀⲚⲎ ⲈⲦⲈ ⲚⲞⲨⲤ ⲘⲠⲀⲤϪⲰⲚⲦ ⲘⲠⲀⲤⲘⲈⲨⲒ ⲈⲠⲒⲠⲈⲦϨⲰⲞⲨ.
6 ৬ ই অধাৰ্মিকতাত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে,
ⲋ̅ⲘⲠⲀⲤⲢⲀϢⲒ ⲈϪⲈⲚ ⲐⲘⲈⲦϬⲒⲚϪⲞⲚⲤ ϢⲀⲤⲢⲀϢⲒ ⲆⲈ ⲈϪⲈⲚ ⲐⲘⲎⲒ.
7 ৭ প্ৰেমে সকলোকে আকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোকে আশা কৰে আৰু সকলোকে সহ্য কৰে।
ⲍ̅ϢⲀⲤⲰⲞⲨ ⲚϨⲎⲦ ϦⲈⲚϨⲰⲂ ⲚⲒⲂⲈⲚ ϢⲀⲤⲚⲀϨϮ ϦⲈⲚϨⲰⲂ ⲚⲒⲂⲈⲚ ϢⲀⲤⲈⲢϨⲈⲖⲠⲒⲤ ϦⲈⲚϨⲰⲂ ⲚⲒⲂⲈⲚ ϢⲀⲤⲀⲘⲞⲚⲒ ⲚⲦⲞⲦⲤ ϦⲈⲚϨⲰⲂ ⲚⲒⲂⲈⲚ.
8 ৮ প্ৰেম কেতিয়াও লুপ্ত নহ’ব; কিন্তু ভাববাণী হ’লে, লোপ হ’ব; পৰভাষা হ’লে, সেইবোৰ গুচিব; জ্ঞান হ’লে, সেই জনো লুপ্ত হ’ব।
ⲏ̅ϮⲀⲄⲀⲠⲎ ⲘⲠⲀⲤϨⲈⲒ ⲈⲚⲈϨ ⲒⲦⲈ ⲚⲒⲠⲢⲞⲪⲎ ⲦⲒⲀ ⲤⲈⲚⲀⲔⲰⲢϤ ⲒⲦⲈ ⲚⲒⲖⲀⲤ ⲤⲈⲚⲀⲖⲞϪⲞⲨ ⲒⲦⲈ ⲞⲨⲈⲘⲒ ⲠⲈ ϤⲚⲀⲔⲰⲢϤ.
9 ৯ কিয়নো আমাৰ জ্ঞান খণ্ডমাত্ৰ আৰু আমাৰ ভাবোক্তিও খণ্ডমাত্ৰ;
ⲑ̅ϦⲈⲚ ⲞⲨⲘⲈⲢⲞⲤ ⲄⲀⲢ ⲦⲈⲚⲈⲘⲒ ⲞⲨⲞϨ ϦⲈⲚⲞⲨⲘⲈⲢⲞⲤ ⲦⲈⲚⲈⲢⲠⲢⲞⲪⲎⲦⲈⲨⲒⲚ.
10 ১০ কিন্তু সম্পূৰ্ণতা উপস্থিত হ’লে, সেই খণ্ডবোৰ লুপ্ত হ’ব।
ⲓ̅ⲈϢⲰⲠ ⲆⲈ ⲀϤϢⲀⲚⲒ ⲚϪⲈⲠⲒⲦⲈⲖⲒⲞⲚ ⲠⲒⲀⲠⲞⲘⲈⲢⲞⲤ ϤⲚⲀⲔⲰⲢϤ.
11 ১১ যেতিয়া মই শিশু আছিলোঁ, তেতিয়া শিশুৰ নিচিনাকৈ কথা কৈছিলোঁ, শিশুৰ দৰে ভাবিছিলোঁ, শিশুৰ দৰে বিবেচনাও কৰিছিলোঁ৷ যেতিয়া বয়স পালোঁ, তেতিয়াৰ পৰা শিশুৰ সকলো কথা এৰিলোঁ।
ⲓ̅ⲁ̅ⲈⲒⲞⲒ ⲚⲀⲖⲞⲨ ⲚⲀⲒⲤⲀϪⲒ ⲠⲈ ⲘⲪⲢⲎϮ ⲚⲞⲨⲀⲖⲞⲨ ⲚⲀⲒⲤⲞϬⲚⲒ ⲠⲈ ⲘⲪⲢⲎϮ ⲚⲞⲨⲀⲖⲞⲨ ⲚⲀⲒⲘⲈⲨⲒ ⲠⲈ ⲘⲪⲢⲎϮ ⲚⲞⲨⲀⲖⲞⲨ ϨⲞⲦⲈ ⲈⲦⲀⲒⲈⲢⲢⲰⲘⲒ ⲀⲒⲔⲰⲢϤ ⲚⲚⲀ ϮⲘⲈⲦⲀⲖⲞⲨ.
12 ১২ কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে, অস্পষ্টকৈ দেখিছোঁ; কিন্তু তেতিয়া মূখা-মূখিকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ; কিন্তু তেতিয়া, মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ’লোঁ, তেনেকৈ সম্পূৰ্ণ ৰূপত জানিম।
ⲓ̅ⲃ̅ⲦⲈⲚⲚⲀⲨ ⲄⲀⲢ ϮⲚⲞⲨ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲞⲨⲒⲀⲖ ϦⲈⲚⲞⲨⲐⲞⲚⲦⲈⲚ ⲦⲞⲦⲈ ⲦⲈⲚⲚⲀⲚⲀⲨ ⲚϨⲞ ⲞⲨⲂⲈ ϨⲞ ⲀⲒⲈⲘⲒ ϮⲚⲞⲨ ϦⲈⲚⲞⲨⲘⲈⲢⲞⲤ ϦⲈⲚⲠⲒⲤⲎⲞⲨ ⲆⲈ ϮⲚⲀⲈⲘⲒ ⲔⲀⲦⲀ ⲪⲢⲎϮ ⲈⲦⲀⲨⲤⲞⲨⲰⲚⲦ.
13 ১৩ কিন্তু এতিয়া তিনিটা বিষয় আছে: বিশ্বাস, আশা, প্ৰেম, কিন্তু এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।
ⲓ̅ⲅ̅ϮⲚⲞⲨ ⲆⲈ ⲠⲀⲒⲄ ⲤⲈⲤⲘⲞⲚⲦ ⲪⲚⲀϨϮ ϮϨⲈⲖⲠⲒⲤ ⲦⲀⲄⲀⲠⲎ ⲠⲈⲐⲚⲀⲀϤ ⲆⲈ ϦⲈⲚⲚⲀⲒ ⲠⲈ ϮⲀⲄⲀⲠⲎ.