< ১ কৰিন্থীয়া 12 >
1 ১ হে ভাই সকল, আত্মিক বৰৰ বিষয়ে আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই।
Pour ce qui concerne les dons spirituels, je ne veux pas, mes frères, que vous soyez dans l'ignorance.
2 ২ আপোনালোকে জানে, যেতিয়া আপোনালোক মূৰ্তিপূজক আছিল, তেতিয়া নিৰ্ব্বাক মূৰ্তিবোৰৰ ওচৰলৈ গৈছিল।
Vous savez que, lorsque vous étiez païens, vous vous laissiez entraîner vers les idoles muettes, selon que vous y étiez conduits.
3 ৩ এই কাৰণে মই আপোনালোকক জনাইছোঁ যে, ঈশ্বৰৰ আত্মাৰে কথা কওঁতা কোনেও “যীচুক শাপগ্ৰস্থ বুলি নকয়; আৰু পবিত্ৰ আত্মাৰ দ্বাৰাই নহ’লে, কোনেও যীচুক ‘প্ৰভু’ বুলিব নোৱাৰে”।
Je vous déclare donc que personne, s'il parle par l'Esprit de Dieu, ne dit: Jésus est anathème; et personne ne peut dire: " Jésus est le Seigneur, " si ce n'est par l'Esprit-Saint.
4 ৪ নানা প্ৰকাৰ আত্মিক বৰ আছে, কিন্তু আত্মা একে;
Il y a pourtant diversité de dons, mais c'est le même Esprit;
5 ৫ আৰু পৰিচৰ্যা অনেক বিধ কিন্তু প্ৰভু একে;
diversité de ministères, mais c'est le même Seigneur;
6 ৬ কৰ্মসাধক গুণো অনেক বিধ, কিন্তু ঈশ্বৰ এক, তেওঁ সকলোতে সকলো কৰ্মৰ সাধনকৰ্তা।
diversité d'opérations, mais c'est le même Dieu qui opère tout en tous.
7 ৭ কিন্তু হিতৰ কাৰণে প্ৰতিজনকে আত্মা-প্ৰকাশক গুণ দিয়া হৈছে।
A chacun la manifestation de l'Esprit est donnée pour l'utilité commune.
8 ৮ তাতে আত্মাৰ দ্বাৰাই এজনক বুদ্ধিৰ কথা, একে আত্মাৰ ইচ্ছা অনুসাৰে আন জনক জ্ঞানৰ কথা,
En effet, à l'un est donnée par l'Esprit une parole de sagesse, à l'autre une parole de connaissance, selon le même Esprit;
9 ৯ একে আত্মাৰে আন জনক বিশ্বাস দিয়া হৈছে; সেই একে আত্মাৰ দ্বাৰাই কোনোক সুস্থ কৰিব পৰা বৰ,
à un autre, la foi, par le même Esprit; à un autre, le don des guérisons, par ce seul et même Esprit;
10 ১০ আন কোনো জনক পৰাক্ৰম কাৰ্য সাধন কৰিবলৈ, আন কোনোক ভাববাণী ক’বৰ, আন কোনোক আত্মাবোৰ বিচাৰ কৰিবৰ, আন কোনোক নানা বিধ ভাষা ক’বৰ, আৰু আন কোনোক নানা ভাষাৰ অৰ্থ প্ৰকাশ কৰিবৰ শক্তিৰূপ বৰ দিয়া হৈছে;
à un autre, la puissance d'opérer des miracles; à un autre la prophétie; à un autre, le discernement des esprits; à un autre la diversité des langues; à un autre le don de les interpréter.
11 ১১ কিন্তু সেই একমাত্ৰ আত্মাই যাকে যি বৰ দিবলৈ মন কৰে, সেয়াই তেওঁক ভাগ-বাঁটি দি, সেই সকলোকে সাধন কৰিছে।
Mais c'est le seul et même Esprit qui produit tous ces dons, les distribuant à chacun en particulier, comme il lui plaît.
12 ১২ কিয়নো যেনেকৈ শৰীৰ এক আৰু তাৰ অঙ্গ-প্ৰত্যঙ্গ অনেক, কিন্তু সেই শৰীৰৰ সকলো অঙ্গ-প্ৰত্যঙ্গ অনেক হ’লেও এক শৰীৰ হয়, তেনেকৈ খ্ৰীষ্টও।
Car, comme le corps est un et a plusieurs membres, et comme tous les membres du corps, malgré leur nombre, ne forment qu'un seul corps, ainsi en est-il du Christ.
13 ১৩ কাৰণ আমি ইহুদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱেই এক শৰীৰ হবলৈ এক আত্মাত বাপ্তাইজিত হ’লোঁ; আৰু সকলোৱে এক আত্মা পান কৰিবলৈ পালোঁ।
Tous, en effet, nous avons été baptisés dans un seul esprit pour former un seul corps, soit Juifs, soit Grecs, soit esclaves, soit libres, et nous avons tous été abreuvés d'un seul Esprit.
14 ১৪ কিয়নো শৰীৰ এক অঙ্গ নহয়, কিন্তু অনেক।
Ainsi le corps n'est pas un seul membre, mais il est formé de plusieurs.
15 ১৫ ভৰিয়ে যদি কয়, মই হাত নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ, তেনেহলে সি সেই কাৰণে শৰীৰৰ অংশ নহয়, এনে নহয়।
Si le pied disait: " Puisque je ne suis pas main, je ne suis pas du corps ", en serait-il moins du corps pour cela?
16 ১৬ আৰু কাণেও যদি কয়, মই চকু নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ, তেনেহলে সি সেই কাৰণে যে শৰীৰৰ অংশ নহয়, এনে নহয়।
Et si l'oreille disait: " Puisque je ne suis pas œil, je ne suis pas du corps ", en serait-elle moins du corps pour cela?
17 ১৭ গোটেই শৰীৰেই চকু হোৱা হ’লে, শ্ৰৱণ ক’ত হ’লহেঁতেন? আৰু গোটেইটো শ্ৰৱণ হোৱা হ’লে, ঘ্ৰাণ ক’ত হ’লহেঁতেন?
Si tout le corps était œil, où serait l'ouïe? S'il était tout entier ouïe, où serait l'odorat?
18 ১৮ কিন্তু এতিয়া ঈশ্বৰে নিজ ইচ্ছামতে অঙ্গ-প্ৰত্যঙ্গবোৰক, এনে কি, সেইবোৰৰ প্ৰত্যেকক শৰীৰত লগাই দিলে।
Mais Dieu a placé chacun des membres dans le corps, comme il l'a voulu.
19 ১৯ নতুবা আটাইবোৰ অঙ্গ-প্ৰত্যঙ্গ এক অঙ্গ হোৱা হ’লে, তেনেহলে শৰীৰ ক’ত হ’লহেঁতেন?
Si tous étaient un seul et même membre, où serait le corps?
20 ২০ কিন্তু এতিয়া অনেক অঙ্গ-প্ৰত্যঙ্গ হলেও, শৰীৰ এক।
Il y a donc plusieurs membres et un seul corps.
21 ২১ আৰু তোমাত মোৰ প্ৰয়োজন নাই বুলি চকুৱে হাতক ক’ব নোৱাৰে; বা তোমালোকত মোৰ প্ৰয়োজন নাই বুলি মূৰে ভৰি দুখনক ক’ব নোৱাৰে।
L'œil ne peut pas dire à la main: " Je n'ai pas besoin de toi "; ni la tête dire aux pieds: " Je n'ai pas besoin de vous. "
22 ২২ কওক ছাৰি, শৰীৰৰ যি যি অঙ্গ আন অঙ্গতকৈ দূৰ্বল বোধ হয়, সেই সকলো অঙ্গ-প্ৰত্যঙ্গও প্ৰয়োজনীয়হে হয়
Au contraire, les membres du corps qui paraissent les plus faibles sont plus nécessaires;
23 ২৩ শৰীৰৰ যি যি অঙ্গ আনতকৈ অনাদৰণীয় জ্ঞান কৰোঁ, সেইবোৰক অধিক আদৰেৰে ভূষিত কৰোঁ;
et ceux que nous tenons pour les moins honorables du corps, sont ceux que nous entourons de plus d'honneur. Ainsi nos membres les moins honnêtes, nous les traitons avec plus de décence,
24 ২৪ আৰু আমাৰ কুৰূপ অঙ্গবোৰেও অধিক শোভা পায়। কিন্তু আমাৰ সুৰূপ অঙ্গবোৰৰ একো প্ৰয়োজন নাই।
tandis que nos parties honnêtes n'en ont pas besoin. Dieu a disposé le corps de manière à donner plus de respect à ce qui est moins digne,
25 ২৫ কিন্তু শৰীৰত যেন বিভেদ নহয়, বৰং অঙ্গ-প্ৰত্যঙ্গবোৰে পৰস্পৰে হিত চিন্তা কৰে, এই কাৰণে ঈশ্বৰে অনাদৰণীয়টোক অধিক আদৰণীয় কৰি, শৰীৰ সংগঠিত কৰিলে।
afin qu'il n'y ait pas de division dans le corps, mais que les membres aient également soin les uns des autres.
26 ২৬ তাতে এক অঙ্গই দুখ পালে, তাৰে সৈতে সকলো অঙ্গ-প্ৰত্যঙ্গই দুখ পায়; আৰু এক অঙ্গই মৰ্যদা পালে, তাৰে সৈতে সকলো অঙ্গ-প্ৰত্যঙ্গই আনন্দ কৰে।
Et si un membre souffre, tous les membres souffrent avec lui; si un membre est honoré, tous les membres s'en réjouissent avec lui.
27 ২৭ আপোনালোক খ্ৰীষ্টৰ শৰীৰ আৰু একো একোজনেই এক এক অঙ্গ স্বৰূপ।
Vous êtes le corps du Christ, et vous êtes ses membres, chacun pour sa part.
28 ২৮ আৰু ঈশ্বৰে মণ্ডলীত প্ৰথমে পাঁচনি সকলক, দ্বিতীয়তে ভাববাদী সকলক, তৃতীয়তে উপদেশক সকলক স্থাপন কৰিলে; তাৰ পাছত পৰাক্ৰম কাৰ্যবোৰ, তাৰ পাছত সুস্থ কৰিব পৰা বৰ, উপকাৰ, শাসন-পদ আৰু নানা ভাষা দিলে।
Dieu a établi dans l'Eglise premièrement des apôtres, secondement des prophètes, troisièmement des docteurs, ensuite ceux qui ont les dons, de faire des miracles, de guérir, d'assister, de gouverner, de parler diverses langues.
29 ২৯ সকলোৱেই পাঁচনি নে? সকলোৱেই ভাববাদী নে? সকলোৱেই উপদেশক নে? সকলোৱেই পৰাক্ৰম কাৰ্য কৰোঁতা নে?
Tous sont-ils apôtres? Tous prophètes? Tous docteurs?
30 ৩০ সকলোৱেই সুস্থ কৰিব পৰা বৰ পাইছে নে? সকলোৱেই পৰভাষা কয় নে? সকলোৱেই অৰ্থ বুজাই দিয়ে নে?
Tous thaumaturges? Tous ont-ils les grâces de guérison? Tous parlent-ils des langues? Tous interprètent-ils?
31 ৩১ কিন্তু উত্তম উত্তম বৰলৈ হাবিয়াহ কৰা; তথাপি তাতকৈয়ো এক উত্তম পথ মই আপোনালোকক দেখুৱাওঁ।
Aspirez aux dons supérieurs. Aussi bien je vais vous montrer une voie excellente entre toutes.