< ১ কৰিন্থীয়া 11 >
1 ১ মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী, আপোনালোকো তেনেকৈ মোৰ অনুকাৰী হওক।
Угледајте се на мене, као и ја на Христа.
2 ২ আপোনালোকে সকলো বিষয়তে যে, মোক সোঁৱৰণ কৰি মই দিয়া বিধিবোৰ পালন কৰি আছে, তাৰ কাৰণে আপোনালোকৰ প্ৰশংসা কৰিছোঁ।
Хвалим вас пак, браћо, што све моје памтите и држите заповести као што вам предадох.
3 ৩ কিন্তু খ্ৰীষ্ট যে প্ৰত্যেক পুৰুষৰ মূৰ স্বৰূপ, পুৰুষ মহিলাৰ মূৰ স্বৰূপ আৰু ঈশ্বৰ খ্ৰীষ্টৰ মূৰ স্বৰূপ, ইয়াক যেন আপোনালোকে জানে, এই মোৰ ইচ্ছা।
Али хоћу да знате да је свакоме мужу глава Христос; а муж је глава жени; а Бог је глава Христу.
4 ৪ যি কোনো পুৰুষে মূৰ ঢাকি প্ৰাৰ্থনা কৰে, বা ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ নিজৰ মূৰ অমৰ্য্যাদা কৰে।
Сваки муж који се с покривеном главом моли Богу или пророкује, срамоти главу своју.
5 ৫ কিন্তু যি কোনো মহিলাই উদং মূৰে প্ৰাৰ্থনা কৰে, বা ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ নিজৰ মূৰ অমৰ্য্যাদা কৰে; কিয়নো তেওঁৰ মূৰ খুৰুউৱাৰ নিচিনা হয়।
И свака жена које се гологлава моли Богу или пророкује, срамоти главу своју; јер је свеједно као да је обријана.
6 ৬ কাৰণ মহিলাই যদি ওৰণি নলয়, তেনেহলে চুলিও কটা যাওঁক; কিন্তু চুলি কটা বা মূৰ খুৰুৱা যদি লাজৰ কথা হয়, তেনেহলে তেওঁ ওৰণি লওঁক।
Ако се, дакле, не покрива жена, нека се стриже; ако ли је ружно жени стрићи се или бријати се, нека се покрива.
7 ৭ কিয়নো পুৰুষ ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু গৌৰৱ স্বৰূপ হোৱাত, ওৰণি লোৱা তেওঁৰ উচিত নহয়; কিন্তু মহিলা হ’লে পুৰুষৰহে গৌৰৱ।
Али муж да не покрива главу, јер је обличје и слава Божија; а жена је слава мужевља.
8 ৮ কিয়নো পুৰুষ মহিলাৰ পৰা নহয়, কিন্তু মহিলাহে পুৰুষৰ পৰা হ’ল।
Јер није муж од жене него жена од мужа.
9 ৯ কাৰণ মহিলাৰ কাৰণে পুৰুষ নহয়, পুৰুষৰ কাৰণেহে মহিলাক স্ৰজা হৈছিল।
Јер муж није саздан жене ради него жена мужа ради.
10 ১০ সেয়েহে স্বৰ্গৰ দূত সকলৰ কাৰণে মহিলা সকলে নিজৰ মূৰত ক্ষমতাৰ চিন ৰখা কৰ্তব্য।
Зато жена треба да има власт на глави, анђела ради.
11 ১১ তথাপি যি কি নহওক, প্ৰভুত, মহিলাৰ অবিহনে পুৰুষ স্বাধীন নহয়, পুৰুষৰ অবিহনে মহিলাও স্বাধীন নহয়৷
Али нити је муж без жене ни жена без мужа у Господу.
12 ১২ কিয়নো যেনেকৈ পুৰুষৰ পৰা মহিলা আহিল৷ তেনেকৈ পুৰুষো মহিলাৰ দ্বাৰাই আহিল; কিন্তু সকলোৱে ঈশ্বৰৰ পৰাহে আহিল।
Јер како је жена од мужа, тако је и муж из жене; а све је од Бога.
13 ১৩ আপোনালোকে মনতে বিচাৰ কৰি চাওক, মহিলা মানুহে উদং মূৰেৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰা উচিত নে?
Сами међу собом судите је ли лепо да се жена гологлава моли Богу?
14 ১৪ প্ৰকৃতিয়ে নিজেও আপোনালোকক নিশিকায় নে যে, পুৰুষৰ দীঘল চুলি হোৱা তেওঁলৈ অনাদৰজনক?
Или не учи ли вас и сама природа да је мужу срамота ако гаји дугачку косу;
15 ১৫ কিন্তু মহিলাৰ দীঘল চুলি হোৱাই তেওঁলৈ গৌৰৱজনক; কিয়নো সেই দীঘল চুলি ওৰণিৰ অৰ্থে দিয়া হ’ল।
А жени је слава ако гаји дугачку косу? Јер јој је коса дана место покривала.
16 ১৬ কিন্তু কোনোৱে যদি বাদবিবাদলৈ মন কৰে, তেনেহলে ঈশ্বৰৰ মণ্ডলীবোৰৰ আৰু আমাৰো এনে কোনো দস্তুৰ নাই।
Ако ли је ко свадљив, ми такав обичај немамо, нити цркве Божије.
17 ১৭ এই আদেশৰ লগত আৰু এটা কথা কওঁ, এই কথাত মই প্ৰশংসা নকৰোঁ; সেই কথা এই, আপোনালোকে ভাললৈ নহয়, বেয়ালৈহে গোট খায়।
Али ово заповедајући не хвалим да се не на боље него на горе сабирате.
18 ১৮ কাৰণ প্ৰথমে যেতিয়া আপোনালোক মণ্ডলীত গোট খায়, তেতিয়া আপোনালোকৰ মাজত ভিন ভিন দল হয়, ইয়াকে মই শুনিছোঁ আৰু কিছু কিছু বিশ্বাসো কৰিছোঁ।
Прво дакле кад се сабирате у цркву, чујем да имају распре међу вама, и нешто верујем од овог.
19 ১৯ কিয়নো আপোনালোকৰ মাজৰ পৰীক্ষাসিদ্ধ মানুহবোৰ প্ৰকাশিত হ’বলৈ, আপোনালোকৰ মাজত নানা মতো হ’ব লাগে।
Јер треба и јереси да буду међу вама, да се покажу поштени који су међу вама.
20 ২০ তাতে আপোনালোক যেতিয়া একে ঠাইতে গোট খায়, তেতিয়া প্ৰভুৰ ভোজ ভোজন কৰা নহয়;
А кад се скупите на једно место, не једе се вечера Господња.
21 ২১ কিয়নো ভোজন কৰোঁতে, প্ৰতিজনে আনৰ আগেয়ে নিজৰ নিজৰ ভোজহে গ্ৰহণ কৰে; তাতে কোনো জনৰ ভোক থাকে, কোনো জন মতলীয়া হয়।
Јер сваки своју вечеру узме најпре и једе, и тако један гладује а други се опија.
22 ২২ তেনেহলে ভোজন-পান কৰিবলৈ, আপোনালোকৰ নিজ নিজ ঘৰ নাই নে? নাইবা ঈশ্বৰৰ মণ্ডলীক হেয়জ্ঞান কৰি, দীনহীন সকলক লাজ দিয়া নে? মই আপোনালোকক কি ক’ম? এই কথাত আপোনালোকক প্ৰশংসা কৰিম নে? আপোনালোকৰ প্ৰশংসা নকৰোঁ।
Еда ли дакле немате кућа да једете и пијете? Или не марите за цркву Божију, и срамотите оне који немају? Шта ћу вам рећи? Хоћу ли вас похвалити за то? Нећу.
23 ২৩ কিয়নো যি শিক্ষা মই প্ৰভুৰ পৰা পাই আপোনালোকক দিলোঁ, সেয়ে এই, “প্ৰভু যীচুক যি ৰাতি শত্ৰুৰ হাতত শোধাই দিয়া হৈছিল,
Јер ја примих од Господа шта вам и предадох, да Господ Исус ону ноћ у коју биваше предан узе хлеб.
24 ২৪ সেই ৰাতিয়েই তেওঁ পিঠা লৈ, ধন্যবাদ কৰি ভাঙি ক’লে, ‘তোমালোকৰ কাৰণে এই মোৰ শৰীৰ যি তোমালোকৰ বাবে ভঙা হব; মোক সুঁৱৰিবৰ অৰ্থে, তোমালোকে ইয়াকে কৰিবা’।
И захваливши преломи и рече: Узмите, једите, ово је тело моје које се за вас ломи; ово чините мени за спомен.
25 ২৫ এইদৰে ভোজনৰ পাছত, তেওঁ পান-পাত্ৰকো লৈ ক’লে, ‘এই পান-পাত্ৰ মোৰ তেজৰ দ্বাৰাই হোৱা নতুন নিয়ম; তোমালোকে যিমান বাৰ ইয়াক পান কৰা, সিমান বাৰ মোক সুঁৱৰিবৰ অৰ্থে, ইয়াকে কৰিবা’।
Тако и чашу, по вечери, говорећи: Ова је чаша нови завет у мојој крви; ово чините, кад год пијете, мени за спомен.
26 ২৬ কিয়নো আপোনালোকে যিমান বাৰ এই পিঠা খায় আৰু এই পাত্ৰত পান কৰে, প্ৰভু নহালৈকে সিমান বাৰ আপোনালোকে তেওঁৰ মৃত্যু প্ৰচাৰ কৰি আছে।”
Јер кад год једете овај хлеб и чашу ову пијете, смрт Господњу обзнањујете, докле не дође.
27 ২৭ এতেকে যি কোনোৱে অযোগ্যৰূপে প্ৰভুৰ সেই পিঠা খায় বা সেই পাত্ৰত পান কৰে, তেওঁ প্ৰভুৰ শৰীৰ আৰু তেজৰ দোষী হ’ব।
Тако који недостојно једе овај хлеб или пије чашу Господњу, крив је телу и крви Господњој.
28 ২৮ কিন্তু মানুহে নিজে নিজৰ পৰীক্ষা কৰি, পাছে সেই পিঠা ভোজন কৰক আৰু সেই পাত্ৰত পান কৰক।
Али човек да испитује себе, па онда од хлеба да једе и од чаше да пије;
29 ২৯ কিয়নো যি কোনোৱে সেই শৰীৰ বিবেচনা নকৰি ভোজন-পান কৰে, তেওঁ নিজ দণ্ড ভোজন-পান কৰে।
Јер који недостојно једе и пије, суд себи једе и пије, не разликујући тела Господњег.
30 ৩০ এই কাৰণে আপোনালোকৰ মাজত বহুত মানুহ দূৰ্বলী আৰু ৰুগীয়া; আৰু বহুত মানুহ নিদ্ৰিত হ’ল।
Зато су међу вама многи слаби и болесни, и довољно их спавају.
31 ৩১ কিন্তু আমি নিজৰ বিচাৰ নিজে ঠাৱৰ কৰা হ’লে, আমাৰ বাবে দণ্ডাজ্ঞা নহলহেঁতেন।
Јер кад бисмо себе расуђивали, не бисмо осуђени били.
32 ৩২ কিন্তু যাতে আমি জগতৰে সৈতে দণ্ড নাপাম, এই কাৰণে আমাৰ সোধ-বিচাৰ হোৱাত প্ৰভুৰ পৰা শাস্তি পাইছোঁ।
Али кад смо суђени, наказује нас Господ, да се не осудимо са светом.
33 ৩৩ এতেকে, হে মোৰ ভাই সকল, আপোনালোকে যেতিয়া ভোজন-পান কৰিবলৈ গোট খায়, তেতিয়া ইজনে সিজনলৈ বাট চাই থাকিব
Зато, браћо моја, кад се састајете да једете, ишчекујте један другог.
34 ৩৪ আৰু আপোনালোকৰ গোট খোৱাটো যেন দণ্ডৰ কাৰণ নহয়, এই কাৰণে কোনো জনৰ ভোক লাগে যদি, তেওঁ ঘৰতে খাওক। অৱশিষ্ট কথাবোৰৰ বিষয়ে, মই গ’লেহে দিহা দিম।
Ако ли је ко гладан, нека једе код куће, да се на грех не састајете. А за остало уредићу кад дођем.