< ১ বংশাবলি 9 >
1 ১ ইস্ৰায়েলৰ সকলো বংশাৱলী লিপিৱদ্ধ কৰা হৈছিল। তেওঁলোকে ইস্ৰায়েলৰ ৰজাসকলৰ পুস্তকত এই বংশাৱলীবোৰ লিপিৱদ্ধ কৰি ৰাখিছিল। যিহূদাৰ লোকসকলক নিজৰ পাপৰ কাৰণে বাবিললৈ বন্দী কৰি নিয়া হৈছিল।
Och hele Israel vardt räknad, och si, de äro uppskrifne i Israels och Juda Konungars bok, och nu bortförde till Babel för sina missgerningars skull;
2 ২ তেওঁলোকৰ নগৰত পুনৰ প্ৰথমবাৰ বাস কৰা কিছুমান লোক হ’ল ইস্ৰায়েলীয়াসকল, পুৰোহিতসকল, লেবীয়াসকল, আৰু মন্দিৰৰ দাস সকল।
De som tillförene bodde på sina ägor och städer, nämliga Israel, Prester, Leviter och de Nethinim.
3 ৩ যিহূদা, বিন্যামীন, ইফ্ৰয়িম আৰু মনচিৰ বংশৰ কিছুমান লোক যিৰূচালেমত বাস কৰিছিল।
Men i Jerusalem bodde någre af Juda barn, någre af BenJamins barn, någre af Ephraims och Manasse barn;
4 ৪ বাস কৰা লোকসকলৰ লগত বানিৰ পুত্র ইম্ৰীয়, ইম্ৰীয়ৰ পুত্র অম্রীয়, অম্রীয়ৰ পুত্র অম্মীহূদ, অম্মীহূদৰ পুত্র উথয়ৰ লগতে যিহূদাৰ পুত্র পেৰচৰ বংশৰ কিছুমান লোকক অন্তৰ্ভুক্ত কৰা হৈছিল।
Nämliga utaf Perez barn, Juda sons, var Athai, Ammihuds son, Omri sons, Imri sons, Bani sons;
5 ৫ চীলোনীয়াসকলৰ মাজৰ প্ৰথমে জন্ম হোৱা অচায়া আৰু তেওঁৰ পুত্রসকল।
Men af Siloni, Asaja förste sonen, och hans andre söner.
6 ৬ জেৰহৰ বংশৰ লোকসকলৰ মাজৰ যুৱেল। তেওঁলোকৰ বংশৰ লোকসকলৰ সংখ্যা ছশ নব্বৈই জন আছিল।
Af Serahs barn, Jeguel och deras bröder, sexhundrad och niotio.
7 ৭ বিন্যামীনৰ বংশৰ লোকসকলৰ মাজৰ হচ্ছনুৱাৰ পুত্র হোদবিয়া, হোদবিয়াৰ পুত্র মচুল্লম, মচুল্লমৰ পুত্র চল্লু।
Af BenJamins barn, Sallu, Mesullams son, Hodavia sons, Hassenua sons,
8 ৮ তাত যিৰোহমৰ পুত্র যিবনিয়াও আছিল। যিবনিয়াৰ পুত্র ৰূৱেল, ৰূৱেলৰ পুত্র চফটিয়া, চফটিয়াৰ পুত্র মচুল্লম, মচুল্লমৰ পুত্র মিক্ৰী, মিক্ৰীৰ পুত্র উজ্জী, আৰু উজ্জীৰ পুত্র এলা আছিল।
Och Jibneja, Jerohams son. Och Ela, Ussi son, Michri sons, och Mesullam, Sephatia son, Reguels sons, Jibneja sons;
9 ৯ তেওঁলোকৰ সম্বন্ধীয় বংশাৱলীৰ তালিকা অনুসাৰে লোকৰ সংখ্যা আছিল, নশ ছাপন্ন জন। এই সকলো লোক নিজৰ বংশৰ নেতৃত্বত আছিল।
Dertill deras bröder uti deras ätter, niohundrad och sex och femtio. Alle desse männerna voro höfvitsmän för fäderna uti deras fäders hus.
10 ১০ পুৰোহিতসকলৰ মাজৰ যিদয়া, যিহোয়াৰীব, আৰু যাখীন;
Af Presterna, Jedaja, Jojarib, Jachin;
11 ১১ অহীটুবৰ পুত্র মৰায়োত, মৰায়োতৰ পুত্র চাদোক, চাদোকৰ পুত্র মচুল্লম, মচুল্লমৰ পুত্র হিল্কিয়া, হিল্কিয়াৰ পুত্র অজৰিয়া ঈশ্বৰৰ গৃহৰ প্রধান অধ্যক্ষ আছিল।
Och Asaria, Hilkia son, Mesullams sons, Zadoks sons, Merajoths sons, Ahitobs sons, en Förste i Guds hus;
12 ১২ মল্কীয়াৰ পুত্র পচহুৰ, পচহুৰৰ পুত্র যিৰিহোম, যিৰিহোমৰ পুত্র অদায়া আছিল। ইম্মেৰৰ পুত্র মচিল্লেমীত, মচিল্লেমীতৰ পুত্র মচুল্লম, মচুল্লমৰ পুত্র যহজেৰা, যহজেৰাৰ পুত্র আদিয়েল, আদিয়েলৰ পুত্র মাচয়ো আছিল।
Och Adaja, Jerohams son, Pashurs sons, Malchia sons; och Masai, Adiels son, Jahsera sons, Mesullams sons, Mesillemiths sons, Immers sons;
13 ১৩ তেওঁলোকৰ সম্পৰ্কীয় গোষ্ঠীৰ নেতৃত্বত যি সকল আছিল, তেওঁলোকৰ সংখ্যা এক হাজাৰ সাত শ ষাঠি জন। তেওঁলোক ঈশ্বৰৰ গৃহত কাম কৰাৰ বাবে অতি সক্ষম লোক আছিল।
Dertill deras bröder höfvitsmän i deras fäders huse, tusende sjuhundrad och sextio starke män, till att beställa hvad ämbetet tillhörde i Guds hus.
14 ১৪ লেবীয়াসকলৰ মাজৰ মৰাৰীৰ বংশত জন্ম হোৱা হচবিয়াৰ পুত্র অজ্ৰীকাম, অজ্ৰীকামৰ পুত্র হচ্ছুব, হচ্ছুবৰ পুত্র চময়া আছিল।
Men af Leviterna, af Merari barnom, Semaja, Hasubs son, Asrikams sons, Hasabia sons,
15 ১৫ তাত বকবক্কৰ, হেৰচ, গালল, আচফৰ পুত্র জিখ্ৰী, জিখ্ৰীৰ নাতি মীখাৰ পুত্র মত্তনিয়াও আছিল।
Och Bakbakkar, den timbermannen, och Galal; och Matthania, Micha son, Sichri sons, Assaphs sons,
16 ১৬ ইলকানাৰ পুত্র আচা, আচাৰ পুত্র বেৰেখিয়া আৰু যিদূথূনৰ পুত্র গালল, গাললৰ পুত্র চময়া, চময়াৰ পুত্র ওবদিয়াও নটোফাতীয়াসকলৰ গাওঁসমূহত বাস কৰিছিল।
Och Obadja, Semaja son, Galals sons, Jeduthuns sons, och Berechia, Asa son, Elkana sons, den som uti de Netophathiters byar bodde.
17 ১৭ দুৱৰীসকল চল্লুম, অক্কুব, টলমোন, অহীমন, আৰু তেওঁলোকৰ বংশৰ লোকসকল। চল্লূম তেওঁলোকৰ নেতা আছিল।
Dörravaktarena voro: Sallum, Akkub, Talmon, Ahiman, med deras bröder; och Sallum, öfversten.
18 ১৮ তেওঁলোক আগৰ পৰা লেবী বংশৰ ছাউনিৰ পূবদিশে ৰাজদুৱাৰত থিয় হৈ পহৰা দিছিল।
Ty härtill hade vaktat för Konungsporten östantill Levi barn, i lägre,
19 ১৯ কোৰহৰ পুত্র অবিয়াচফ, অবিয়াচফ পুত্র কোৰি, কোৰিৰ পুত্র চল্লুম, আৰু তেওঁৰ পিতৃ বংশত কোৰহীয়া ভাইসকল আছিল। মন্দিৰৰ কামত নিযুক্ত আৰু তম্বুৰ দুৱাৰৰ ৰখীয়া আছিল। কেৱল তেওঁলোকৰ বংশৰ লোকহে যিহোৱা থকা ঠাইৰ প্ৰবেশস্থানৰ ৰখীয়া হৈছিল।
Sallum, Kore son, Ebiasaphs sons, Korahs sons, och hans bröder utu hans faders hus, de Korhiter, vid ämbetets sysslo, att de vaktade vid tabernaklets dörrar, och deras fader i Herrans lägre, att de skulle vakta på ingången.
20 ২০ পূর্বে ইলিয়াজৰৰ পুত্ৰ পীনহচ তেওঁলোকৰ প্রধান অধ্যক্ষ আছিল, আৰু যিহোৱা তেওঁৰ লগত আছিল।
Men Pinehas, Eleazars son, var Försten öfver dem, derföre att Herren hade tillförene varit med honom.
21 ২১ মেচেলিয়ামৰ পুত্ৰ জখৰিয়া “সাক্ষাত কৰা তম্বুৰ” দুৱাৰ ৰখীয়া আছিল।
Zacharia, Meselemia son, var väktare vid vittnesbördsens tabernakels dörr.
22 ২২ যি সকল লোকক দুৱাৰ ৰাখিবলৈ দুৱৰীস্বৰূপে মনোনীত কৰা হৈছিল তেওঁলোকৰ সংখ্যা সৰ্ব্বমুঠ দুশ বাৰ জন। এওঁলোকৰ গাঁৱৰ নাম জনবসতি লিপিৱদ্ধ কৰোঁতে লিখা হৈছিল। দায়ুদ আৰু চমূৱেল দৰ্শকে তেওঁলোকৰ বিশ্ৱাসৰ ভিত্তিত তেওঁলোকক কামত নিযুক্ত কৰিছিল।
Alle desse voro utvalde till väktare vid dörrarna, tuhundrad och tolf. De voro räknade i deras byar. Och David och Samuel Siaren stiktade dem genom deras tro;
23 ২৩ সেয়ে তেওঁলোকে আৰু তেওঁলোকৰ সন্তান সকলে যিহোৱাৰ আবাসৰ দুৱাৰত ৰখীয়াৰ কাম কৰিছিল।
Att de och deras barn skulle taga vara på Herrans hus, nämliga på tabernaklets hus, att de det vakta skulle.
24 ২৪ দুৱৰীসকলক পূব, পশ্চিম, উত্তৰ, আৰু দক্ষিণ, এই চাৰিও দিশত নিযুক্ত কৰা হৈছিল।
De samme dörravaktare voro ställde på fyra sidor, östan, vestan, norr, söder.
25 ২৫ তেওঁলোকৰ গাঁৱত থকা ভাইসকল সাত দিনৰ মূৰত পালক্ৰমে ঘূৰি আহিব লগা হৈছিল।
Men deras bröder voro i sina byar, så att de ju inkommo på sjunde dagen, till att alltid vara när dem.
26 ২৬ কিন্তু চাৰিজন প্ৰধান লেবীয়া দুৱৰী আছিল, তেওঁলোক নিযুক্ত হৈ ঈশ্বৰৰ গৃহৰ কোঁঠাবোৰৰ আৰু ভঁৰালবোৰৰ ৰখীয়া নিযুক্ত হৈছিল।
Förty Leviterna voro dessom fyra öfversta dörravaktaromen betrodde, och de voro öfver kistorna och skatten i Guds hus;
27 ২৭ তেওঁলোকে ঈশ্বৰৰ গৃহৰ চাৰিওফালে ৰাতি অতিবাহিত কৰিছিল, কাৰণ গৃহ ৰখিবলৈ তেওঁলোকৰ ওপৰত দ্বায়ীত্ব আছিল। তেওঁলোকে প্রতি ৰাতিপুৱা দুৱাৰ মেলিব পাৰিছিল।
Och blefvo de öfver nattena omkring Guds hus; ty dem hörde vakten till, att de skulle upplåta hvar morgon.
28 ২৮ তেওঁলোকৰ কিছুমান লোক মন্দিৰৰ আহিলা পাতিৰ অধ্যক্ষ আছিল; যেতিয়া তেওঁলোকে সেইবোৰ বাহিৰলৈ আনিছিল বা ভিতৰলৈ নিছিল তেতিয়া গণনা কৰিছিল।
Och somlige af dem voro öfver ämbetstygen; förty de båro dem tald ut och in.
29 ২৯ তেওঁলোকৰ কিছুমান লোকক আহিলাপাতি, পবিত্ৰ স্থানৰ সকলো পাত্ৰ, মিহি আটাগুড়ি, দ্ৰাক্ষাৰস, তেল, ধূপ, আৰু মচলা আদি সকলো বস্তু তত্বাৱধান কৰিবলৈও নিযুক্ত কৰা হৈছিল।
Och somlige af dem voro beställde öfver kärilen, och öfver all helig redskap; öfver semlomjöl, öfver vin, öfver oljo, öfver rökelse, öfver rökverk.
30 ৩০ পুৰোহিতসকলৰ কিছুমান পুত্রই মচলা মিহলি কৰিছিল।
Men Presternas barn gjorde somlige rökverk.
31 ৩১ লেবীয়াসকলৰ মাজত কোৰহীয়া চল্লূমৰ প্ৰথম পুত্ৰ মত্তিথিয়া উৎসৰ্গৰ বাবে প্ৰস্তুত কৰা পিঠাৰ তত্বাৱধান কৰোঁতা হিচাবে নিযুক্ত আছিল।
Mattithia utaf Leviterna, dem första Sallums sone, den Korhitens, voro betrodda pannorna.
32 ৩২ তেওঁলোকৰ ভায়েকসকলৰ মাজত কহাতৰ বংশৰ কিছুমান লোক প্ৰত্যেক বিশ্ৰাম-বাৰত দৰ্শন-পিঠা যুগুত কৰিবলৈ নিযুক্ত আছিল।
Utaf de Kehathiter deras bröder, voro till att bereda skådobröden, så att de tillredde dem på hvar Sabbathsdag.
33 ৩৩ গায়কসকল আৰু লেবীয়াসকলৰ পৰিয়ালৰ মূল মানুহ দিনে-ৰাতিয়ে নিযুক্ত কৰি দিয়া দ্বায়ীত্ব বহন কৰিছিল, সেয়ে যেতিয়া তেওঁলোক নিজৰ কামৰ পৰা মুক্ত হয়, তেতিয়া তেওঁলোক পবিত্ৰ স্থানত থকা কোঁঠাবোৰত থাকিছিল।
Desse äro de sångare, höfvitsmän ibland Leviternas fäder, öfver kistorna skickade; förty dag och natt voro de der öfver i sysslomen.
34 ৩৪ লেবীয়াসকলৰ মাজত পৰিয়ালৰ নেতাসকলৰ তালিকা বংশাৱলীত লিপিৱদ্ধ কৰা আছিল। তেওঁলোক যিৰূচালেমত বাস কৰিছিল।
Desse äro höfvitsmän förfäderna ibland Leviterna uti deras ätter; och bodde i Jerusalem.
35 ৩৫ গিবিয়োনৰ পিতৃ যিয়ীয়েল, তেওঁৰ ভাৰ্য্যাৰ নাম মাখা। তেওঁলোক গিবিয়োনত বাস কৰিছিল।
I Gibeon bodde Jegiel, Gibeons fader; hans hustru het Maacha;
36 ৩৬ তেওঁৰ প্ৰথমে জন্ম হোৱা পুত্ৰ আব্দোন, তাৰ পাছত চূৰ, কীচ, বাল, নেৰ, নাদব,
Och hans förste son Abdon, Zur, Kis, Baal, Ner, Nadab,
37 ৩৭ গদোৰ, অহিয়ো, জখৰিয়া, আৰু মিক্লোৎ।
Gedor, Ahio, Zacharia, Mikloth.
38 ৩৮ মিক্লোতৰ পুত্র চিমিয়াম। তেওঁলোকেও নিজৰ ভায়েকসকলৰ ওচৰত যিৰূচালেমত বাস কৰিছিল।
Men Mikloth födde Simeam; de bodde också omkring deras bröder i Jerusalem, ibland sina bröder.
39 ৩৯ নেৰৰ পুত্র কীচ, কীচৰ পুত্র চৌল, চৌলৰ পুত্র যোনাথন, মল্কীচুৱা, অবীনাদব আৰু ইচবাল,
Ner födde Kis. Kis födde Saul. Saul födde Jonathan, MalchiSua, AbiNadab, Esbaal.
40 ৪০ যোনাথনৰ পুত্র মাৰীব-বাল, মৰীব-বালৰ পুত্র মীখা,
Jonathans son var Meribaal; Meribaal födde Micha.
41 ৪১ মীখাৰ পুত্র পীথোন, মেলক, তহৰেয়া, আৰু আহজ,
Micha barn voro: Pithon, Melech och Thahrea.
42 ৪২ আহজৰ পুত্র যৰা, যৰাৰ পুত্র অলেমৎ, অজমাবৎ, আৰু যিম্ৰী, যিম্ৰীৰ পুত্র মোচা,
Ahas födde Jaera. Jaera födde Alemeth, Asmaveth och Simri. Simri födde Moza.
43 ৪৩ মোচাৰ পুত্র বিনিয়া, বিনিয়াৰ পুত্র ৰফায়া, ৰফায়াৰ পুত্র ইলিয়াচা, ইলিয়াচাৰ পুত্র আচেল,
Moza födde Binea. Hans son var Rephaja, Hans son var Eleasa. Hans son var Azel.
44 ৪৪ আচেলৰ ছয় জন পুত্র আছিল, তেওঁলোকৰ নাম অজ্ৰীকাম, বোখৰু, ইশ্মায়েল, চিয়ৰিয়া, ওবদিয়া, আৰু হানন।
Azel hade sex söner; de heto: Asrikam, Bochru, Ismael, Searia, Obadja, Hanan. Desse äro Azels barn.