< ১ বংশাবলি 7 >
1 ১ ইচাখৰৰ চাৰি জন পুত্র আছিল; তেওঁলোক হ’ল, তোলা, পূৱা, যাচূব, আৰু চিম্ৰোণ।
Issachar’s four sons were Tola, Puah, Jashub, and Shimron.
2 ২ তোলাৰ পুত্র সকল হ’ল, উজ্জী, ৰফায়া, যিৰিয়েল, যহময়, যিবচম, আৰু চমূৱেল। এওঁলোক পূৰ্বপূৰুষৰ পৰা অহা বংশৰ মূল মানুহ। এয়াই হ’ল, তোলাৰ বংশ। তেওঁলোক শক্তিশালী আৰু সাহিয়াল আছিল, দায়ূদৰ সময়ত তেওঁলোকৰ সংখ্যা বাইশ হাজাৰ ছশ জন আছিল।
Tola’s sons were Uzzi, Rephaiah, Jeriel, Jahmai, Ibsam, and Samuel (OR, Shemuel). They were all leaders of the clans [descended from] them. In the record of Tola’s descendants were the names of 22,600 men who served in the army during the time that David was the king [of Israel].
3 ৩ উজ্জীৰ পুত্র যিজ্ৰহিয়া, যিজ্ৰহিয়াৰ পুত্র মীখায়েল, ওবদিয়া, যোৱেল, আৰু যিচিয়া, এই পাঁচ জনৰ সকলোৱেই নিজ গোষ্ঠীৰ নেতা আছিল।
Uzzi’s son was Izrahiah. Izrahiah’s five sons were Michael, Obadiah, Joel, and Isshiah. Izrahiah and his sons were all leaders of their clans.
4 ৪ তেওঁলোকৰ সৈতে পিতৃ-বংশৰ জাতি অনুসাৰে যুদ্ধৰ বাবে ছয়ত্ৰিশ হাজাৰ সৈন্য আছিল। তেওঁলোকৰ বহুতো ভাৰ্যা আৰু সন্তান আছিল।
In the record of Izrahiah’s descendants were the names of 36,000 men who served in the army because they had many wives and children.
5 ৫ পূৰ্বপূৰুষৰ জাতিৰ তালিকা অনুযায়ী ইচাখৰৰ জাতিৰ ভিতৰত তেওঁলোকৰ সাতাশী হাজাৰ যুদ্ধাৰু আছিল।
In the records of the clans descended from Issachar were the names of 87,000 men who served in the army.
6 ৬ বেলা, বেখৰ, আৰু যিদীয়েল; এই তিনি জন আছিল বিন্যামীনৰ পুত্র।
[Some of the] sons of Benjamin were Bela, Beker, and Jediael.
7 ৭ বেলাৰ পাঁচ জন পুত্র হ’ল, ইচবোন, উজ্জী, উজ্জীয়েল, যিৰীমোৎ, আৰু ঈৰী। তেওঁলোক নিজৰ গোষ্ঠীৰ মূল ব্যক্তি আৰু সৈনিক আছিল। পূৰ্বপূৰুষৰ তালিকা অনুযায়ী তেওঁলোকৰ যুদ্ধাৰুৰ সংখ্যা বাইশ হাজাৰ চৌত্ৰিশ জন আছিল।
Bela’s five sons were Ezbon, Uzzi, Uzziel, Jerimoth, and Iri. They were all leaders of clans. In the records of the clans descended from Bela there were names of 22,034 men who served in the army.
8 ৮ জমীৰা, যোৱাচ, ইলীয়েজৰ, ইলিয়োঐনয়, অম্ৰী, যিৰোমোৎ, অবিয়া, অনাথোৎ, আৰু আলেমৎ; এই সকলো বেখৰৰ সন্তান।
Beker’s sons were Zemirah, Joash, Eliezer, Elioenai, Omri, Jeremoth, Abijah, Anathoth, and Alemeth.
9 ৯ তালিকাত দিয়া গোষ্ঠীৰ সংখ্যা অনুযায়ী বিশ হাজাৰ দুশ পৰিয়ালৰ নেতা আৰু যুদ্ধাৰু লোক আছিল।
In the records of the clans descended from Beker were the names of 20,200 men and leaders of the clans who served in the army.
10 ১০ যিদীয়েলৰ পুত্র বিলহন। বিলহনৰ পুত্র যিয়ূচ, বিন্যামীন, অহূদ, কনানা, জেথন, তৰ্চীচ, আৰু অহীচহৰ।
Jediael’s son was Bilhan. Bilhan’s sons were Jeush, Benjamin, Ehud, Kenaanah, Zethan, Tarshish, and Ahishahar.
11 ১১ এই সকলো যিদীয়েলৰ সন্তান। তেওঁলোকৰ গোষ্ঠীৰ তালিকা অনুযায়ী সোঁতৰ হাজাৰ দুশ নেতা আৰু সৈনিকৰ কাৰ্যৰ বাবে উপযুক্ত যুদ্ধাৰু লোক আছিল।
They were all leaders of clans descended from them. There were 17,200 of them who served in the army.
12 ১২ চুপ্পীম আৰু হুপ্পীম ঈৰৰ বংশৰ আছিল আৰু অহেৰৰ বংশৰ আছিল হূচীম
Shuppim and Huppim were descendants of Ir. [One of] the descendants of Aher was Hushim.
13 ১৩ নপ্তালীৰ পুত্র যহচীয়েল, গূনী, যেচৰ, আৰু চল্লুম। এই লোকসকল আছিল বিলহাৰ নাতি ল’ৰা।
Naphtali’s sons were Jahziel, Guni, Jezer, and Shillem. They were all descendants of [Jacob’s slave wife] Bilhah.
14 ১৪ অস্ৰীয়েলৰ পুত্র আছিল মনচি। অস্রীয়েলৰ অৰামীয়া উপপত্নীয়ে তেওঁক জন্ম দিছিল। তেওঁ গিলিয়দৰ পিতৃ মাখীৰকো জন্ম দিছিল।
[This is a list of] Manasseh’s descendants. Manasseh had a slave wife who was from Syria. She was the mother of Asriel and Makir. Makir was the father of Gilead.
15 ১৫ মাখীৰে হুপ্পীম আৰু চুপ্পীমৰ বংশৰ পৰা এগৰাকী যুৱতীক ভাৰ্যা ৰূপে গ্রহণ কৰিছিল। তেওঁৰ এগৰাকী ভনীয়েকৰ নাম আছিল মাখা। মনচিৰ আন বংশধৰ আছিল চলফাদ, চলফাদৰ কেৱল জীয়েকহে আছিল।
Makir [had two wives]. They were from the clans of Huppim and Shuppim. One of Makir’s wives was named Maacah. Another descendant [of Makir] was Zelophehad. Zelophehad [had no sons; he] had only daughters.
16 ১৬ মাখীৰৰ ভাৰ্যা মাখাই এটি পুত্ৰ প্ৰসৱ কৰি তেওঁৰ নাম পেৰচ ৰাখিলে, পেৰচৰ ভায়েকৰ নাম চেৰচ, আৰু চেৰচৰ পুত্র সকলৰ নাম উলম আৰু ৰেকম।
Makir’s wife Maacah gave birth to two sons whom she named Peresh and Sheresh. Sheresh’s sons were Ulam and Rakem.
17 ১৭ উলমৰ পুত্র বদান। এওঁলোক মনচিৰ নাতি মাখীৰৰ পুত্র গিলিয়দৰ সন্তান আছিল।
Ulam’s son was Bedan. All those [men were considered to be] descendants of Gilead, who was the son of Makir and grandson of Manasseh.
18 ১৮ গিলিয়দৰ ভনীয়েক হম্মোলেকতে ইচহোদ, অবীয়াচৰ, আৰু মহলাক প্ৰসৱ কৰিলে।
Makir’s sister name was Hammoleketh who was the mother of Ishdod, Abiezer, and Mahlah.
19 ১৯ আৰু চমীদাৰ পুত্র অহিয়ন, চেখম, লিকহী, আৰু অনীয়াম।
[One son of Gilead was] Shemida, whose sons were Ahian, Shechem, Likhi, and Aniam.
20 ২০ তলত উল্লেখিত সকল ইফ্ৰয়িমৰ বংশৰ লোকসকল: ইফ্ৰয়িমৰ পুত্র চুথেলহ, চুথেলহৰ পুত্র বেৰদ, বেৰদৰ পুত্র তহৎ, তহতৰ পুত্র ইলিয়াদা, ইলিয়াদৰ পুত্র তহৎ,
[This is a list of] the descendants of Ephraim. One son of Ephraim’s was Shuthelah. Shuthelah’s son was Bered. Bered’s son was Tahath. Tahath’s son was Eleadah. Eleadah’s son was [also named] Tahath.
21 ২১ তহতৰ পুত্র যাবদ, যাবদৰ পুত্র চূথেলহ। যেতিয়া এজৰ আৰু ইলিয়দে গাতৰ লোকসকলৰ পশু চুৰ কৰিবলৈ আহিছিল, তেতিয়া তেওঁলোকক গাতৰ লোকসকলে নগৰত বধ কৰিছিল।
Tahath’s son was Zabad. Zabad’s son was Shuthelah. [Ephraim’s other sons, ] Ezer and Elead, went to Gath [city] to steal some cows and sheep. But they were both killed by some of the men from that city.
22 ২২ তেওঁলোকৰ পিতৃ ইফ্ৰয়িমে বহুত দিনলৈকে তেওঁলোকৰ বাবে শোক কৰিছিল, আৰু তেওঁৰ ভাই সকলে তেওঁক শান্ত্বনা দিবলৈ আহিছিল।
Their father Ephraim cried/mourned for them for many days, and his family came to comfort him.
23 ২৩ তেওঁ নিজৰ ভাৰ্য্যাৰ লগত শয়ন কৰিলে। তেওঁ গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁলোকৰ ঘৰত সেই সময়ত অমঙ্গল ঘটিছিল কাৰণে ইফ্ৰয়িমে তাৰ নাম ৰবীয়া ৰাখিলে।
Then he and his wife had sex [EUP] [again], and she became pregnant and gave birth to a son. Ephraim named him Beriah [which resembles the word ‘trouble’, ] because of the trouble that his family had experienced.
24 ২৪ তেওঁৰ জীয়েকৰ নাম আছিল চেৰা। চেৰাই ওপৰ আৰু তল বৈৎ-হোৰোণ আৰু উজ্জেন চেৰা নিৰ্ম্মাণ কৰিছিল।
Ephraim’s daughter was Sheerah. Her workers built [three towns]: Lower Beth-Horon, Upper Beth-Horon, and Uzzen-Sheerah.
25 ২৫ ৰবীয়াৰ পুত্র আছিল ৰেফহ। ৰেফহৰ পুত্র আছিল ৰেচফ। ৰেচফৰ পুত্র আছিল তেলহ। তেলহৰ পুত্র আছিল তহন।
[Another] son of Ephraim was Rephah. Rephah’s son was Resheph. Resheph’s son was Telah. Telah’s son was Tahan.
26 ২৬ তহনৰ পুত্র আছিল লদ্দন। লদ্দনৰ পুত্র আছিল অম্মীহূদ। অম্মীহূদৰ পুত্র আছিল ইলীচামা।
Tahan’s son was Ladan. Ladan’s son was Ammihud. Ammihud’s son was Elishama.
27 ২৭ ইলীচামাৰ পুত্ৰ আছিল নূন। নুনৰ পুত্ৰ আছিল যিহোচূৱা।
Elishama’s son was Nun. Nun’s son was Joshua, [the man who led the Israelis after Moses died].
28 ২৮ তেওঁলোকে বৈৎএল আৰু তাৰ চাৰিওফালৰ গাওঁ অধিকাৰ কৰি তাতে বসবাস কৰিছিল। তেওঁলোকে পূবদিশে নাৰণ, পশ্চিমদিশে গেজৰ আৰু তাৰ গাওঁসমূহ, চিখিম আৰু তাৰ গাওঁসমূহ, অহিয়া আৰু তাৰ গাওঁসমূহলৈকে বিস্তাৰিত হৈছিল।
[This is a list of] the cities and areas where the descendants of Ephraim lived: Bethel and the nearby villages; Naaran to the east; Gezer to the west and the nearby villages; and Shechem and the nearby villages. Those villages extended [north] as far as Ayyah and the nearby villages.
29 ২৯ মনচিৰ সীমাত বৈৎ-চান আৰু তাৰ গাওঁসমূহ, তানক আৰু তাৰ গাওঁসমূহ, মগিদ্দো আৰু তাৰ গাওঁসমূহৰ লগতে দোৰ আৰু তাৰ গাওঁসমূহ। এইবোৰ ঠাইত ইস্ৰায়েলৰ পুত্ৰ যোচেফৰ বংশৰ লোকসকলে বাস কৰিছিল।
Along the border of the area where the descendants of Manasseh lived were these towns: Beth-Shan, Taanach, Megiddo, and Dor, and the nearby villages. The people who lived in all those places were descendants of Jacob’s son Joseph.
30 ৩০ আচেৰৰ পুত্র যিম্না, যিচবা, যিচবি, বৰীয়া আৰু তেওঁলোকৰ ভনীয়েক চেৰহ আছিল।
Asher’s sons were Imnah, Ishvah, Ishvi, and Beriah. Their sister was Serah.
31 ৩১ বৰীয়াৰ পুত্র হেবৰ আৰু মল্কীয়েল। এওঁ বিৰ্জয়িতৰ পিতৃ আছিল।
Beriah’s sons were Heber and Malkiel. Malkiel was the father of Birzaith
32 ৩২ হেবৰৰ পুত্র যফলেট, চোমেৰ, আৰু হোথম। এওঁলোকৰ চূৱা নামেৰে ভনী আছিল।
Heber was the father of Japhlet, Shomer, and Hotham. Their sister was Shua.
33 ৩৩ যফলেটৰ পুত্র পাচক, বিমহল, আৰু অশ্বৎ। এওঁলোক যফলেটৰ সন্তান।
Japhlet’s sons were Pasach, Bimhal, and Ashvath.
34 ৩৪ যফলেটৰ ভায়েক চেমৰৰ পুত্রসকল: ৰহগা, যিহুব্বা, আৰু আৰাম।
Japhlet’s [younger] brother was Shomer. Shomer’s sons were Rohgah, Hubbah, and Aram.
35 ৩৫ চেমৰৰ ভায়েক হেলমৰ পুত্রসকল: চোফহ, যিম্না চেলচ, আৰু আমল।
Shomer’s [younger] brother was Hotham (OR, Helem). Hotham’s sons were Zophah, Imna, Shelesh, and Amal.
36 ৩৬ চোফহৰ পুত্র চূহ, হৰ্ণেফৰ, চূৱাল, বেৰী, আৰু যিম্ৰা,
Zophah’s sons were Suah, Harnepher, Shual, Beri, Imrah,
37 ৩৭ বেৰচ, হোদ, চম্মা, চিলচা, ষিত্ৰণ, আৰু বেৰা।
Bezer, Hod, Shamma, Shilshah, Ithran [whose other name was Jether], and Beera.
38 ৩৮ যেথৰৰ পুতেক যিফুন্নি, পিস্পা, আৰু অৰা।
Jether’s sons were Jephunneh, Pispah, and Ara.
39 ৩৯ উল্লাৰ বংশধৰসকল হ’ল আৰহ, হন্নীয়েল, আৰু ৰিচিয়া।
[Another descendant of Asher was] Ulla, whose sons were Arah, Hanniel, and Rizia.
40 ৪০ এই সকলো আচেৰৰ বংশধৰ আছিল। এওঁলোক গোষ্ঠীৰ মূল ব্যক্তি, পৰিয়ালৰ নেতা, বিশিষ্ট লোক, যুদ্ধাৰু, আৰু নেতাসকলৰ মাজত প্ৰধান আছিল। তেওঁলোকৰ গণনাৰ তালিকা অনুসৰি যুদ্ধৰ বাবে ছাবিশ হাজাৰ উপযুক্ত সৈনিক আছিল।
All those men were descendants of Asher, and they were all leaders of their clans. They were brave warriors and excellent leaders. In the record of the clans that are descended from Asher are [the names of] 26,000 men who served in the army.