< ১ বংশাবলি 6 >

1 লেবীৰ পুত্র গেৰ্চোন, কহাৎ, আৰু মৰাৰী।
Hijos de Leví: Gersón, Caat y Merarí.
2 কহাতৰ পুত্র অম্ৰম, যিচহৰ, হিব্ৰোণ আৰু উজ্জীয়েল।
Hijos de Caat: Amram, Ishar, Hebrón y Uciel.
3 অম্ৰমৰ পুত্র হাৰোণ, মোচি, আৰু তেওঁৰ ছোৱালী মিৰিয়ম। হাৰোণৰ পুত্র নাদব, অবীহূ, ইলিয়াজৰ, আৰু ঈথামৰ।
Hijos de Amram: Aarón, Moisés y María. Hijos de Aarón: Nadab, Abiú. Eleazar e Itamar;
4 ইলিয়াজৰৰ পুত্র পীনহচ, পীনহচৰ পুত্র অবীচুৱা।
Eleazar engendró a Fineés; Fineés engendró a Abisúa;
5 অবীচুৱাৰ পুত্র বুক্কী, বুক্কীৰ পুতেক উজ্জী।
Abisúa engendró a Bukí; Bukí engendró a Ocí;
6 উজ্জীৰ পুত্র জৰহীয়া, জৰহীয়াৰ পুত্র মৰায়োৎ।
Ocí engendró a Zaraías; Zaraías engendró a Meraiot;
7 মৰায়োতৰ পুত্র অমৰিয়া, অমৰিয়াৰ পুত্র অহীটুব।
Meraiot engendró a Amarías; Amarías engendró a Ahitob;
8 অহীটুবৰ পুত্র চাদোক, চাদোকৰ পুত্র অহীমাচ।
Ahitob engendró a Sadoc; Sadoc engendró a Ahimaas;
9 অহীমাচৰ পুত্র অজৰিয়া, অজৰিয়াৰ পুত্র যোহানন।
Ahimaas engendró a Azarías; Azarías engendró a Johanán;
10 ১০ যোহাননৰ পুত্র অজৰিয়া, অজৰিয়াই যিৰূচালেমত চলোমনে নিৰ্মাণ কৰা মন্দিৰত কাম কৰিছিল।
Johanán engendró a Azarías, el cual ejerció el sacerdocio en la Casa que Salomón edificó en Jerusalén.
11 ১১ অজৰিয়াৰ পুত্র অমৰিয়া, অমৰিয়াৰ পুত্র অহীটুব।
Azarías engendró a Amarías; Amarías engendró a Ahitob;
12 ১২ অহীটুবৰ পুত্র চাদোক, চাদোকৰ পুত্র চল্লুম।
Ahitob engendró a Sadoc; Sadoc engendró a Sallum;
13 ১৩ চল্লুমৰ পুত্র হিল্কিয়া, হিল্কিয়াৰ পুত্র অজৰিয়া;
Sallum engendró a Helcías; Helcías engendró a Azarías;
14 ১৪ অজৰিয়াৰ পুত্র চৰায়া, চৰায়াৰ পুত্র যিহোচাদক।
Azarías engendró a Saraías; Saraías engendró a Josadac;
15 ১৫ যি সময়ত যিহোৱাই নবূখদনেচৰৰ দ্বাৰাই যিহূদা আৰু যিৰূচালেমক বন্দী কৰিছিল, সেই সময়ত যিহোচাদককো বন্দী কৰি নিয়া হৈছিল।
Josadac fue llevado cuando Yahvé deportó a Judá y a Jerusalén, por mano de Nabucodonosor.
16 ১৬ লেবীৰ পুত্র গেৰ্চোম, কহাৎ, আৰু মৰাৰী।
Fueron hijos de Leví: Gersón, Caat y Merarí.
17 ১৭ গেৰ্চোমৰ পুত্রসকলৰ নাম লিবনী আৰু চিমিয়ী।
He aquí los nombres de los hijos de Gersón: Libní y Simeí.
18 ১৮ কহাতৰ পুত্র অম্ৰম, যিচহৰ, হিব্ৰোণ, আৰু উজ্জীয়েল।
Hijos de Caat: Amram, Ishar, Hebrón, y Uciel.
19 ১৯ মৰাৰীৰ পুত্র মহলী আৰু মুচী। এওঁলোক পিতৃ-বংশ অনুসাৰে লেবীয়া গোষ্ঠীৰ লোক আছিল।
Hijos de Merarí: Mahlí y Musí. Estas son las familias de los levitas, según sus casas paternas.
20 ২০ গেৰ্চোমৰ বংশধৰ লিবনী। লিবনীৰ পুত্ৰ যহৎ। যহতৰ পুত্র জিম্মা।
Hijos de Gersón: Libní, su hijo; Jáhat, su hijo; Sammá, su hijo;
21 ২১ জিম্মাৰ পুত্র যোৱাহ। যোৱাহৰ পুত্র ইদ্দো। ইদ্দোৰ পুত্র জেৰহ। জেৰহৰ পুত্র যিয়থৰয়।
Joah, su hijo; Iddó, su hijo; Zara, su hijo; Jeatrai, su hijo.
22 ২২ কহাতৰ বংশধৰ তেওঁৰ পুত্র অম্মীনাদব। অম্মীনাদবৰ পুত্র কোৰহ। কোৰহৰ পুত্র অচীৰ।
Hijos de Caat: Aminadab, su hijo; Coré, su hijo; Asir, su hijo;
23 ২৩ অচীৰৰ পুত্র ইলকানা। ইলকানাৰ পুত্র অবিয়াচফ। অবিয়াচফৰ পুত্র অচীৰ।
Elcaná, su hijo; Ebiasaf, su hijo; Asir, su hijo;
24 ২৪ অচীৰৰ পুত্র তহৎ। তহতৰ পুত্র উৰীয়েল। উৰীয়েলৰ পুত্র উজ্জীয়া। উজ্জীয়াৰ পুত্র চৌল।
Táhat, su hijo; Uriel, Su hijo; Ocías, su hijo, y Saúl, su hijo.
25 ২৫ ইলকানাৰ পুত্র অমাচয়, অহীমোৎ আৰু ইলকানা।
Hijos de Elcaná: Amasai, Ahimot
26 ২৬ দ্ৱিতীয় ইলকানাৰ পুত্র চফয়। চফয়ৰ পুত্র নহৎ।
y Elcaná. Hijos de Elcaná: Zofai, su hijo; Náhat, su hijo;
27 ২৭ নহতৰ পুত্র ইলীয়াব। ইলীয়াবৰ পুত্র যিৰোহম। যিৰোহমৰ পুত্র ইলকানা।
Eliab, su hijo; Jeroham, su hijo; Elcaná, su hijo.
28 ২৮ চমূৱেলৰ প্ৰথম পুত্র যোৱেল, দ্বিতীয় পুত্র অবিয়া।
Hijos de Samuel: El primogénito, Vasní; después Abías.
29 ২৯ মৰাৰীৰ পুত্র মহলী। মহলীৰ পুত্র লিবনী। লিবনীৰ পুত্র চিমিয়ী।
Hijos de Merarí: Mahlí; Libní, su hijo; Simeí, su hijo; Uzá, su hijo;
30 ৩০ চিমিয়ীৰ পুত্র উজ্জা। উজ্জাৰ পুত্র চিমিয়া। চিমিয়াৰ পুত্র হগিয়া। হগিয়াৰ পুত্র অচায়া।
Simeá, su hijo; Hagía, su hijo; Asaía, su hijo.
31 ৩১ নিয়ম-চন্দুক জিৰণিৰ ঠাইলৈ অহাৰ পাছত, দায়ূদে যি লোকসকলক যিহোৱাৰ গৃহত সঙ্গীতৰ দ্বায়ীত্ব দিছিল, তেওঁলোকৰ নাম তলত উল্লেখ কৰা হ’ল।
He aquí los que David puso para dirigir el canto, en la Casa de Yahvé, después que el Arca había encontrado un lugar de reposo.
32 ৩২ চলোমনে যিৰূচালেমত যিহোৱাৰ গৃহ নিৰ্ম্মাণ নকৰালৈকে তেওঁলোকে উপাসনা গৃহৰ সন্মুখত, সভা বহা তম্বুৰ সন্মুখত গানৰ দ্বাৰাই যিহোৱাৰ সেৱা কৰিছিল। তেওঁলোকলৈ দিয়া নিৰ্দেশ অনুযায়ী তেওঁলোকে নিজৰ কাৰ্য সম্পন্ন কৰিছিল।
Ellos ejercían el ministerio de cantores delante de la Morada del Tabernáculo de la Reunión, hasta que Salomón edificó la Casa de Yahvé en Jerusalén. Cumplían su servicio según su reglamento.
33 ৩৩ এওঁলোকেই সেই সকল যি নিজৰ সন্তান সকলৰ সৈতে পৰিচৰ্যা কৰিছিল। কহাতৰ গোষ্ঠীৰ পৰা সংগীতজ্ঞ হেমন আহিছিল। ইয়াত তেওঁৰ পূৰ্বপূৰুষৰ নাম উল্লেখ কৰা হ’ল: হেমন আছিল যোৱেলৰ পুত্ৰ। যোৱেল আছিল চমূৱেলৰ পুত্র।
He aquí los que ejercían este servicio, con sus hijos: De los hijos de los Caatitas: Hernán, el cantor, hijo de Joel, hijo de Samuel,
34 ৩৪ চমূৱেল আছিল ইলকানাৰ পুত্ৰ। ইলকানা আছিল যিৰোহমৰ পুত্র। যিৰিহম আছিল ইলীয়েলৰ পুত্র। ইলীয়েল আছিল তোহৰ পুত্র।
hijo de Elcaná, hijo de Jeroham, hijo de Eliel, hijo de Tóah,
35 ৩৫ তোহ আছিল চুফৰ পুত্র। চুফ আছিল ইলকানাৰ পুত্র। মহতৰ পুত্র ইলকানা। ইলকানা আছিল মহৎ অমাচয়ৰ পুত্র। অমাচয় আছিল ইলকানাৰ পুত্র।
hijo de Suf, hijo de Elcaná, hijo de Máhat, hijo de Amasai,
36 ৩৬ ইলকানা আছিল যোৱেলৰ পুত্র। যোৱেল আছিল অজৰিয়াৰ পুত্র। অজৰিয়া আছিল চফনিয়াৰ পুত্র।
hijo de Elcaná, hijo de Joel, hijo de Azarías, hijo de Sofonías,
37 ৩৭ চফনিয়া আছিল তহতৰ পুত্র। তহৎ আছিল অচীৰৰ পুত্র। অচীৰ আছিল অবিয়াচফৰ পুত্র। অবিয়াচফ আছিল কোৰহৰ পুত্র।
hijo de Táhat, hijo de Asir, hijo de Ebiasaf, hijo de Coré,
38 ৩৮ কোৰহ আছিল যিচহৰৰ পুত্র। যিচহ আছিল কহাতৰ পুত্র। কহাৎ আছিল লেবীৰ পুত্র। লেবী আছিল ইস্ৰায়েলৰ পুত্র।
hijo dé Ishar, hijo de Caat, hijo de Leví, hijo de Israel.
39 ৩৯ হেমনৰ লগৰীয়া আচফ। তেওঁ হেমনৰ সোঁহাতে থিয় হৈছিল। আচফ আছিল বেৰেখিয়াৰ পুত্র। বেৰেখিয়া আছিল চিমিয়াৰ পুত্র।
Su hermano Asaf, que asistía a su derecha: Asaf, hijo de Baraquías, hijo de Simeá,
40 ৪০ চিমিয়া আছিল মীখায়েলৰ পুত্র। মীখায়েল আছিল বাচেয়াৰ পুত্র। বাচেয়া আছিল মল্কিয়াৰ পুত্র।
hijo de Micael, hijo de Basaías, hijo de Malquías,
41 ৪১ মল্কিয়া আছিল ইৎনীৰ পুত্র। ইৎনি আছিল জেৰহৰ পুত্র। জেৰহ আছিল অদায়াৰ পুত্র।
hijo de Etní, hijo de Zara, hijo de Adaías,
42 ৪২ অদায়া আছিল এথনৰ পুত্র। এথন আছিল জিম্মাৰ পুত্র। জিম্ম আছিল চিমিয়ীৰ পুত্র।
hijo de Etán, hijo de Sima, hijo de Simeí,
43 ৪৩ চিমিয়া আছিল যহতৰ পুত্র। জহৎ আছিল গেৰ্চোমৰ পুত্র। গের্চোম আছিল লেবীৰ পুত্র।
hijo de Jáhat, hijo de Gersón, hijo de Leví.
44 ৪৪ মৰাৰীৰ সন্তান সকল হেমনৰ সহকৰ্মী আছিল, আৰু তেওঁলোক তেওঁৰ বাওঁহাতে থিয় হৈছিল। তেওঁলোক কীচীৰ পুত্ৰ এথনকো অন্তৰ্ভুক্ত কৰিছিল। কীচী আছিল অব্দীৰ পুত্ৰ। অব্দী আছিল মল্লূকৰ পুত্র।
Los hijos de Merarí, hermanos de ellos, estaban a la izquierda: Etán, hijo de Quisí, hijo de Abdí, hijo de Malluc,
45 ৪৫ মল্লূক আছিল হচবিয়াৰ পুত্র। হচবিয়া আছিল অমচিয়াৰ পুত্র। অমচিয়া আছিল হিল্কিয়াৰ পুত্র।
hijo de Asabías, hijo de Amasías, hijo de Helcías,
46 ৪৬ হিল্কিয়া আছিল অমচীৰ পুত্র। অমচী আছিল বানীৰ পুত্র। বানী আছিল চেমৰৰ পুত্র।
hijo de Amsí, hijo de Baní, hijo de Sémer,
47 ৪৭ চেমৰ আছিল মহলীৰ পুত্র। মহলী আছিল মুচিৰ পুত্র। মুচী আছিল মৰাৰীৰ পুত্র। মৰাৰী আছিল লেবীৰ পুত্র।
hijo de Mahlí, hijo de Musí, hijo de Merarí, hijo de Leví.
48 ৪৮ তেওঁলোকৰ সহকৰ্মী লেবীয়া লোকসকলক ঈশ্বৰৰ গৃহৰ পবিত্র স্থানৰ সকলো কাৰ্যৰ বাবে নিযুক্ত কৰা হৈছিল।
Sus hermanos, los (demás) levitas, estaban encargados de todo el servicio de la Morada de la Casa de Dios.
49 ৪৯ হাৰোণ আৰু তেওঁৰ পুত্রসকলে একেলগে মহা-পবিত্ৰ স্থানৰ সকলো কাৰ্য কৰিছিল। ইস্ৰায়েলক প্ৰায়শ্চিত কৰিবলৈ যজ্ঞবেদিৰ ওপৰত হোম-বলি দিছিল, আৰু ধূপ-বেদিৰ ওপৰত ধূপ জ্বলাইছিল। এই সকলো ঈশ্বৰৰ দাস মোচিৰ আজ্ঞা অনুসাৰে তেওঁলোকে কৰিছিল।।
Aarón y sus hijos ejercían sus funciones en el altar del holocausto y en el altar del incienso; cumplían todo el servicio del Santísimo y hacían la expiación por todo Israel, conforme a cuanto había mandado Moisés, siervo de Dios.
50 ৫০ হাৰোণৰ বংশধৰ সকলক তলত দিয়াৰ দৰে বিবেচনা কৰা হৈছিল: হাৰোণৰ পুত্র আছিল ইলিয়েজৰ। ইলিয়াজৰৰ পুত্র আছিল পীনহচ। পীনহচৰ পুত্র আছিল অবীচুৱা
Estos son los hijos de Aarón: Eleazar, su hijo; Fineés, su hijo; Abisúa, su hijo;
51 ৫১ অবীচূৱাৰ পুত্র আছিল বুক্কী। বুক্কীৰ পুত্র আছিল উজ্জী। উজ্জীৰ পুত্র আছিল জৰহীয়া।
Bukí, su hijo; Ocí, su hijo; Zaraías, su hijo;
52 ৫২ জৰহীয়াৰ পুত্র আছিল মৰায়োৎ। মৰায়োতৰ পুত্র আছিল অমৰিয়া। অমৰিয়াৰ পুত্র আছিল অহীটুব।
Meraiot, su hijo; Amaría, su hijo; Ahitob, su hijo;
53 ৫৩ অহীচুবৰ পুত্র আছিল চদোক। চাদোকৰ পুত্র আছিল অহীমাচ।
Sadoc, su hijo; Ahimaas, su hijo.
54 ৫৪ তলত উল্লেখিত ঠাইসমূহ হাৰোণৰ বংশধৰ সকললৈ নিৰ্ধাৰণ কৰা হৈছিল। কহাতীয়া গোষ্ঠীসকলৰ বাবে। চিঠি খেলৰ যোগেদি তেওঁলোকৰ বাবে প্ৰথম ঠাই নিৰ্ধাৰণ কৰা:
He aquí sus residencias según los territorios que les fueron asignados: A los hijos de Aarón, de la familia de los Caatitas, que fueron los (primeros) señalados por la suerte,
55 ৫৫ তেওঁলোকক যিহূদা দেশৰ হিব্ৰোণ আৰু তাৰ চাৰিওফালৰ চৰণীয়া ঠাই দিয়া হ’ল।
les tocó Hebrón en la tierra de Judá, con sus ejidos alrededor de ella;
56 ৫৬ কিন্তু সেই নগৰৰ পথাৰ আৰু চাৰিওফালৰ গাওঁবোৰ যিফুন্নিৰ পুত্ৰ কালেবক দিয়া হ’ল।
pero el campo de la ciudad, y sus aldeas, fueron dados a Caleb, hijo de Jefone.
57 ৫৭ হাৰোণৰ বংশধৰসকলক হিব্ৰোণ দিয়া হৈছিল- যিখন এখন আশ্ৰয়-নগৰ আছিল, চৰণীয়া ঠায়ে সৈতে লিব্‌না, যত্তীৰ, আৰু ইষ্টমোৱা,
Se les dio a los hijos de Aarón Hebrón, que era también ciudad de refugio, además, Lobná con sus ejidos, Jatir y Estemoá con sus ejidos,
58 ৫৮ চৰণীয়া ঠায়ে সৈতে হীলেন, আৰু চৰণীয়া ঠায়ে সৈতে দবীৰ দিয়া হ’ল।
Helón con sus ejidos, Dabir con sus ejidos,
59 ৫৯ হাৰোণৰ বংশধৰ সকলক চৰণীয়া ঠায়ে সৈতে আচন আৰু চৰণীয়া ঠায়ে সৈতে বৈৎচেমচো দিয়া হ’ল।
Asan con sus ejidos, y Betsemes con sus ejidos.
60 ৬০ বিন্যামীন জাতিৰ পৰা তেওঁলোকক চৰণীয়া ঠায়ে সৈতে গেবা, চৰণীয়া ঠায়ে সৈতে অল্লেমৎ, আৰু চৰণীয়া ঠায়ে সৈতে অনাথোৎ দিয়া হ’ল। কহাতীয়া গোষ্ঠীৰ লোকসকলে সৰ্ব্বমুঠ তেৰখন নগৰ পাইছিল।
De la tribu de Benjamín: Gabaá con sus ejidos, Almat con sus ejidos, Anatot con sus ejidos. Todas sus ciudades fueron trece, según sus familias.
61 ৬১ কহাতৰ অৱশিষ্ট বংশধৰ সকলক মনচিৰ আধা জাতিৰ পৰা চিঠি খেলাই দহখন নগৰ দিয়া হ’ল।
Los hijos de Caat, que pertenecían a esa familia de la tribu, recibieron por suerte diez ciudades de la mitad de Manasés,
62 ৬২ গেৰ্চোমৰ বংশধৰসকলক তেওঁলোকৰ বিভিন্ন গোষ্ঠী অনুসাৰে ইচাখৰ গোষ্ঠীৰ, আচেৰ গোষ্ঠীৰ, নপ্তালী গোষ্ঠীৰ, আৰু বাচানত থকা মনচিৰ গোষ্ঠীৰ পৰা তেৰখন নগৰ দিয়া হ’ল।
Los hijos de Gersón, según sus familias, recibieron trece ciudades de la tribu de Isacar, de la tribu de Aser, de la tribu de Neftalí y de la tribu de Manasés que estaba en Basan.
63 ৬৩ মৰাৰীৰ বংশধৰ সকলক বিভিন্ন গোষ্ঠী অনুসাৰে ৰূবেণ জাতিৰ, গাদ জাতিৰ, আৰু জবূলূন জাতিৰ পৰা, চিঠি খেলাই বাৰখন নগৰ দিয়া হ’ল।
A los hijos de Merarí, según sus familias, les tocaron en suerte doce ciudades de la tribu de Rubén, de la tribu de Gad y de la tribu de Zabulón.
64 ৬৪ এইদৰে ইস্ৰায়েলৰ লোকসকলে লেবীয়াসকলক চৰণীয়া ঠায়ে সৈতে এইবোৰ নগৰ দিলে।
Los hijos de Israel dieron a los levitas estas ciudades con sus ejidos.
65 ৬৫ তেওঁলোকে যিহূদা, চিমিয়োন, বিন্যামীনৰ লোকসকলৰ জাতিৰ পৰা, চিঠি খেলাই ওপৰত লিখা নগৰবোৰ তেওঁলোকক দিলে।
Les dieron por suerte también de la tribu de los hijos de Judá, de la tribu de los hijos de Simeón y de la tribu de los hijos de Benjamín, las ciudades designadas nominalmente.
66 ৬৬ কিছুমান কহাত গোষ্ঠীৰ লোকসকলক ইফ্ৰয়িম জাতিৰ পৰা নগৰবোৰ দিয়া হ’ল।
Las (demás) familias de los hijos de Caat recibieron las ciudades de su propiedad de parte de los hijos de Efraím,
67 ৬৭ তেওঁলোকক চিখিম, চৰণীয়া ঠায়ে সৈতে ইফ্ৰয়িমৰ পৰ্বতীয়া দেশ, চৰণীয়া ঠায়ে সৈতে গেজৰ,
les dieron Siquem en la montaña de Efraím, una de las ciudades de refugio, con sus ejidos, Guézer con sus ejidos,
68 ৬৮ চৰণীয়া ঠায়ে সৈতে যকমিয়াম, চৰণীয়া ঠায়ে সৈতে বৈৎ-হোৰোণ,
Jocmeam con sus ejidos, Bethorón con sus ejidos,
69 ৬৯ চৰণীয়া ঠায়ে সৈতে অয়ালোন, আৰু চৰণীয়া ঠায়ে সৈতে গৎ-ৰিম্মোণ দিয়া হ’ল।
Ayalón con sus ejidos y Gatrimón con sus ejidos;
70 ৭০ কহাতৰ অৱশিষ্ট গোষ্ঠীৰ লোকসকলৰ বাবে মনচিৰ আধা জাতিৰ পৰা চৰণীয়া ঠায়ে সৈতে অনেৰ, আৰু চৰণীয়া ঠায়ে সৈতে বিলিয়ম দিয়া হ’ল।
de parte de la media tribu de Manasés: Aner con sus ejidos, Bileam con sus ejidos, para las familias de los demás hijos de Caat.
71 ৭১ গেৰ্চোমৰ বংশধৰ সকলক মনচিৰ গোষ্ঠীৰ আধা জাতিৰ পৰা, চৰণীয়া ঠায়ে সৈতে বাচানত থকা গোলন, আৰু চৰণীয়া ঠায়ে সৈতে অষ্টাৰোৎ দিয়া হ’ল।
A los hijos de Gersón (se les dio): de la familia de la otra media tribu de Manasés: Golán en Basan con sus ejidos y Astarot con sus ejidos;
72 ৭২ ইচাখৰ জাতিৰ পৰা গেৰ্চোম বংশধৰ লোকসকলে চৰণীয়া ঠায়ে সৈতে কেদচ, চৰণীয়া ঠায়ে সৈতে দাবৰৎ,
de la tribu de Isacar: Cades con sus ejidos, Daberat con sus ejidos;
73 ৭৩ চৰণীয়া ঠায়ে সৈতে ৰমোৎ, আৰু চৰণীয়া ঠায়ে সৈতে আনেম পাইছিল।
Ramot con sus ejidos y Anem con sus ejidos;
74 ৭৪ আচেৰ জাতিৰ পৰা তেওঁলোক চৰণীয়া ঠায়ে সৈতে মিচাল, চৰণীয়া ঠায়ে সৈতে অব্দোন
de la tribu de Aser: Masal con sus ejidos, Abdán con sus ejidos;
75 ৭৫ চৰণীয়া ঠায়ে সৈতে হূকোক, আৰু চৰণীয়া ঠায়ে সৈতে ৰহোব পাইছিল।
Hucoc con sus ejidos y Rehob con sus ejidos;
76 ৭৬ নপ্তালী জাতিৰ পৰা তেওঁলোকে চৰণীয়া ঠায়ে সৈতে গালীলত থকা কেদচ, চৰণীয়া ঠায়ে সৈতে হম্মোন, আৰু চৰণীয়া ঠায়ে সৈতে কিৰিয়াথয়িম পাইছিল।।
de la tribu de Neftalí: Cades en Galilea con sus ejidos, Hamón con sus ejidos, y Kiryataim con sus ejidos.
77 ৭৭ লেবীয়াসকলৰ অৱশিষ্ট, মৰাৰীৰ বংশধৰ সকলক জবূলূন জাতিৰ পৰা চৰণীয়া ঠায়ে সৈতে ৰিম্মোন, আৰু চৰণীয়া ঠায়ে সৈতে তাবোৰ দিয়া হ’ল।
Al resto, (es decir), a los hijos de Merarí (se les dio): de la tribu de Zabulón: Rimonó con sus ejidos y Tabor con sus ejidos;
78 ৭৮ তেওঁলোকক ৰূবেণ জাতিৰ পৰা যিৰীহোত থকা যৰ্দ্দন নদীৰ আন দিশৰ পূব পাৰত থকা চৰণীয়া ঠায়েৰে সৈতে মৰুভূমিত থকা বেচৰ, চৰণীয়া ঠায়ে সৈতে যহচা, চৰণীয়া ঠায়ে সৈতে কদেমোৎ, আৰু চৰণীয়া ঠায়ে সৈতে মেফাৎ দিয়া হ’ল।
y en la otra parte del Jordán, frente a Jericó, al oriente del Jordán, de la tribu de Rubén: Béser en el desierto con sus ejidos, Jazá con sus ejidos,
79 ৭৯
Quedemot con sus ejidos, y Mefaat con sus ejidos;
80 ৮০ গাদ জাতিৰ পৰা চৰণীয়া ঠায়ে সৈতে গিলিয়দত থকা ৰমোৎ, চৰণীয়া ঠায়ে সৈতে মহনয়িম,
de la tribu de Gad: Ramot de Galaad con sus ejidos, Mahanaim con sus ejidos,
81 ৮১ চৰণীয়া ঠায়ে সৈতে হিচবোন, আৰু চৰণীয়া ঠায়ে সৈতে যাজেৰ দিয়া হ’ল।
Mesbón con sus ejidos, y Jaer con sus ejidos.

< ১ বংশাবলি 6 >