< ১ বংশাবলি 5 >
1 ১ ৰূবেণ ইস্ৰায়েলৰ প্রথম সন্তান আছিল, তেওঁ আছিল ইস্রায়েলৰ প্রথম পুত্র; কিন্তু তেওঁৰ পিতৃৰ শয্যা কলুষিত কৰা বাবে তেওঁ নিজৰ জেষ্ঠাধিকাৰ হেৰুৱাইছিল, আৰু ইস্ৰায়েলৰ পুত্ৰ যোচেফৰ সন্তানক সেই অধিকাৰ দিয়া হৈছিল। সেয়ে বংশাৱলীত তেওঁৰ নাম জেষ্ঠৰ শ্ৰেণীত লিখা নহ’ল।
Un Rūbena, Israēla pirmdzimušā dēla, bērni, (jo viņš bija tas pirmdzimušais, bet tāpēc, ka tas bija sagānījis sava tēva gultu, viņa pirmdzimtība tapa dota Jāzepa, Israēla dēla, bērniem, bet to tik neskaitīja (cilts rakstos) par pirmdzimto.
2 ২ যিহূদা তেওঁৰ ভাইসকলৰ মাজত শক্তিশালী আছিল, আৰু নেতা তেওঁৰ পৰাই হ’ল; কিন্তু জ্যেষ্ঠাধিকাৰ যোচেফৰ হ’ল।
Jo Jūda palika varens starp saviem brāļiem, un no viņa bija tas valdnieks, bet Jāzepam palika tā pirmdzimtība).
3 ৩ ইস্ৰায়েলৰ প্ৰথম পুত্ৰ ৰূবেণৰ সন্তান সকল হ’ল, হনোক, পল্লু, হিষ্রোণ, আৰু কৰ্ম্মী।
Rūbena, Israēla pirmdzimušā dēla, bērni bija: Hanoks un Palus, Hecrons un Karmus.
4 ৪ যোৱেলৰ বংশধৰ এওঁলোক: যোৱেলৰ পুত্র চিময়ীয়া, চিময়িয়াৰ পুত্র গোগ, গোগৰ পুত্র চিমিয়ী,
Joēļa bērni bija: Šemajus, tā dēls Gogs, tā dēls Šimejus,
5 ৫ চিমিয়ীৰ পুত্র মীখা, মীখাৰ পুত্র ৰায়া, ৰায়াৰ পুত্র বাল,
Tā dēls Miha, tā dēls Reaja, tā dēls Baāls,
6 ৬ বালৰ পুত্র বেৰা, তেওঁক অচূৰৰ ৰজা তিলগৎ-পিলনেচৰ বন্দী কৰি লৈ গৈছিল। তেওঁ ৰূবেণীয়াসকলৰ নেতা আছিল।
Tā dēls Beēra, ko TiglatPilnesers, Asīrijas ķēniņš, aizveda cietumā, - tas bija Rūbena bērnu lielskungs.
7 ৭ যেতিয়া তেওঁলোকৰ বংশাৱলী লিপিৱদ্ধ কৰা হৈছিল, তেতিয়া নিজ নিজ গোষ্ঠী অনুসাৰে তেওঁৰ ভাই সকল হ’ল: প্ৰধান যিয়ীয়েল, জখৰিয়া,
Un viņa brāļi pēc saviem radiem, kā tie savos radu rakstos tapa skaitīti: virsnieks Jejels un Zaharija,
8 ৮ যোৱেলৰ পুত্র চেমা, চেমাৰ পুত্র আজজ, আজজৰ পুত্র বেলা। তেওঁলোক নবো আৰু বাল-মিয়োনলৈকে অৰোয়েৰত বাস কৰিছিল,
Un Belus, Asasa dēls, tas bija Zemas, tas Joēļa dēls, tas dzīvoja Aroērā un līdz Nebum un BaālMeonam;
9 ৯ আৰু তেওঁলোক পূবদিশে ফৰাৎ নদীৰ পৰা মৰুপ্রান্তৰ কাষলৈকে বাস কৰিছিল, কাৰণ গিলিয়দ দেশত তেওঁলোকৰ পশুবোৰ বৃদ্ধি হৈছিল।
Un pret rītiem viņš dzīvoja, līdz kamēr nāk tuksnesī pie Eifrat upes, jo viņu ganāmie pulki bija vairojušies Gileādas zemē.
10 ১০ চৌলৰ ৰাজত্বৰ সময়ত তেওঁলোকে হাগৰীয়াসকলক আক্রমণ কৰি পৰাজিত কৰিলে। তেওঁলোক হাগৰীয়াসকলৰ তম্বুত আৰু গিলিয়দৰ পূব দিশৰ আটাই দেশত বাস কৰিছিল।
Un Saula laikā tie karoja pret Agariem; un šie krita caur viņu rokām, un tie dzīvoja viņu teltīs visā Gileādas rīta pusē.
11 ১১ তেওঁলোকৰ ওচৰত বাচান দেশৰ পৰা চলখালৈকে গাদৰ সন্তান সকলে বাস কৰিছিল।
Un Gada bērni dzīvoja tiem pretī Basanas zemē līdz Zalkai.
12 ১২ যোৱেল তেওঁলোকৰ গোষ্ঠীৰ মূৰব্বী আছিল, আৰু চাফম আন এটা গোষ্ঠীৰ মূৰব্বী আছিল; তাৰ পাছত যনয় আৰু চাফট মূৰব্বী হ’ল। এওঁলোক বাচানত আছিল।
Joēls tas pirmais un Safans tas otrais un Jaēnajus un Šafats Basanā.
13 ১৩ তেওঁলোকৰ পিতৃ-বংশৰ সম্পৰ্কীয় সাত জন হ’ল, মীখায়েল, মচুল্লম, চেবা, যোৰয়, যক্কন, জীয়া, আৰু এবৰ।
Un viņu brāļi pēc viņu tēvu namiem bija: Mikaēls un Mešulams un Zebus un Jorajus un Jaēkans un Zija un Hebers, septiņi.
14 ১৪ উল্লেখিত এই ব্যক্তিসকল অবীহয়িলৰ বংশধৰ আছিল: হূৰীৰ পুত্র অবীহয়িল আছিল। যাৰোহৰ পুত্র হূৰী আছিল। গিলিয়দৰ পুত্র যাৰোহ আছিল। মীখায়েলৰ পুত্র গিলিয়দ আছিল। যিচীচয়ৰ পুত্র মীখায়েল আছিল। যহদোৰ পুত্র যিচীচয় আছিল। বূজৰ পুত্র যহদো আছিল।
Šie bija Abikaīļa bērni, tas bija Ura, tas Jarvas, tas Gileāda, tas Mikaēļa, tas Jezizajus, tas Jādas, tas Busa dēls.
15 ১৫ গূনীৰ পুত্র অব্দীয়েল, অব্দীয়েলৰ পুত্র অহী তেওঁলোকৰ পিতৃ-বংশৰ মূল ব্যক্তি আছিল।
Akus, Abdiēļa dēls, Gunas dēla dēls, bija virsnieks pār viņu tēvu namu.
16 ১৬ তেওঁলোক গিলিয়দত, বাচানৰ নগৰত, আৰু চাৰোণৰ সীমালৈকে চৰণীয়া ঠাইত বাস কৰিছিল।
Un tie dzīvoja Gileādā un Basanā un viņu piederīgās vietās un visā Šarona apgabalā līdz viņu galiem.
17 ১৭ যিহূদাৰ ৰজা যোথম আৰু ইস্ৰায়েলৰ ৰজা যাৰবিয়াম ৰাজত্বৰ সময়ত তেওঁলোকৰ সকলোৰে বংশাৱলী লিপিৱদ্ধ কৰি ৰখিছিল।
Visi šie tapa sazīmēti radu rakstos Jotama, Jūda ķēniņa, laikā, un Jerobeama, Israēla ķēniņa, laikā.
18 ১৮ ৰূবেণৰ, গাদীয়াৰ, আৰু মনচিৰ আধা গোষ্ঠীৰ মাজৰ চৌৱাল্লিশ হাজাৰ সৈন্যক যুদ্ধৰ বাবে প্রশিক্ষণ দিয়া হৈছিল, তেওঁলোকে ঢাল, তৰোৱাল কঢ়িয়াইছিল, আৰু ধনু মাৰিছিল।
Rūbena bērnu un Gada bērnu un Manasus puscilts, kas bija sirdīgi vīri un bruņas un zobenu nesa un stopu uzvilka un uz karu mācīti, to bija četrdesmit četri tūkstoši septiņsimt sešdesmit, kas gāja karā.
19 ১৯ তেওঁলোকে হাগৰীয়া, যটূৰ, নাফীচ, আৰু নোদবক আক্রমণ কৰিছিল।
Un tie karoja pret Agariem un Jeturu un Navesu un Nodabu.
20 ২০ তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে ঈশ্বৰীয় সহায় পাইছিল। এইদৰে হাগৰীয়াসকল আৰু তেওঁলোকৰ লগত থকা সকলোকে তেওঁলোকে পৰাজিত কৰিলে। কিয়নো তেওঁলোকে যুদ্ধত ঈশ্বৰৰ আগত কাতৰোক্তি কৰিলে আৰু তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনিলে, কাৰণ তেওঁলোকে তেওঁত বিশ্বাস কৰিছিল।
Bet tiem nāca palīgs pret šiem, un Agari tapa doti viņu rokā un visi, kas ar tiem bija. Jo tie piesauca Dievu kaujā, un viņš no tiem likās pielūgties, tāpēc ka tie uz viņu cerēja.
21 ২১ তেওঁলোকৰ জীৱ-জন্তুবোৰ তেওঁলোকে আটক কৰিলে, তাৰ ভিতৰত পঞ্চাশ হাজাৰ উট, দুই লাখ পঞ্চাশ হাজাৰ মেৰ-ছাগ, দুই হাজাৰ গাধ, আৰু এক লাখ মানুহ।
Un tie noveda lopus, piecdesmit tūkstoš kamieļus, divsimt piecdesmit tūkstoš avis un divtūkstoš ēzeļus un simt tūkstoš cilvēkus.
22 ২২ কাৰণ তেওঁলোকৰ হৈ ঈশ্বৰে যুদ্ধ কৰিছিল, সেয়ে বহুতো শত্রুক তেওঁলোকে হত্যা কৰিছিল। এইদৰে বন্দী কৰি নিয়া সময়লৈকে তেওঁলোকৰ ঠাই সমূহত তেওঁলোকে বাস কৰিছিল।
Jo daudz krita ievainoti, tāpēc ka tā kauja bija no Dieva. Un tie dzīvoja viņu vietā līdz cietuma laikam.
23 ২৩ মনচিৰ আধা গোষ্ঠীৰ লোকসকলে বাচান দেশৰ পৰা বাল-হৰ্মোন, আৰু চনীৰলৈকে বাস কৰিছিল।
Un Manasus puscilts bērni dzīvoja tai zemē un vairojās no Basanas līdz Baāl Hermonam un Senirai un Hermona kalnam.
24 ২৪ তেওঁলোকৰ নিজ নিজ বংশৰ নেতাসকল হ’ল: এৰফ, যিচী, ইজ্ৰীয়েল, যিৰিমিয়া, হোদবিয়া, আৰু যহদিয়েল। এওঁলোক বলৱান, সাহসী, নাম জ্বলা, আৰু নিজ নিজ পিতৃ-বংশৰ নেতা আছিল।
Un šie bija viņu tēva namu virsnieki: Hefers un Jezejus un Eliēls un Asriēls un Jeremija un Odavija un Jakdiēls, stipri varoņi, slaveni vīri, savu tēvu nama virsnieki.
25 ২৫ কিন্তু তেওঁলোক পূৰ্বপুৰুষৰ ঈশ্বৰৰ প্রতি অবিশ্ৱাসী আছিল। ঈশ্ৱৰে তেওঁলোকৰ সন্মুখত যাক ধ্বংস কৰিছিল, সেই দশৰ তেনে দেৱ-দেৱীবোৰক তেওঁলোকে আৰাধনা কৰিছিল।
Bet kad tie apgrēkojās pret savu tēvu Dievu un maukoja pakaļ to zemes ļaužu dieviem, ko Dievs viņu priekšā bija izdeldējis,
26 ২৬ সেয়ে অজৰীয়াৰ ৰজা পূলক ইস্ৰায়েলৰ ঈশ্বৰে অস্থিৰ কৰিলে, তিলগৎ-পিলনেচৰ বুলি কোৱা হয়। তেওঁ ৰূবেণীয়া, গাদীয়া, আৰু মনচিৰ আধাগোষ্ঠীৰ লোকসকলক হাবোৰ, হাৰা, গোজনৰ নদীলৈকে লৈ গ’ল; আজিলৈকে তেওঁলোকে সেই ঠাইতে আছে।
Tad Israēla Dievs pamodināja Pūla, Asīrijas ķēniņa, garu un Tiglat-Pilnesera, Asīrijas ķēniņa, garu un aizveda cietumā Rūbena bērnus un Gada bērnus un Manasus puscilti un tos noveda uz Alu un Aboru un Aru un pie Gozanas upes līdz šai dienai.