< ১ বংশাবলি 4 >
1 ১ যিহূদাৰ বংশধৰ পেৰচ, হিষ্ৰোণ, কৰ্ম্মী, হূৰ, আৰু চোবল।
Wana wa Yuda walikuwa: Peresi, Hesroni, Karmi, Huri na Shobali.
2 ২ চোবলৰ পুত্র ৰায়া। ৰায়াৰ পুত্র যহৎ। যহতৰ পুত্র অহূময় আৰু লহদ; এওঁলোক চৰায়ীয়াৰ গোষ্ঠী।
Reaya mwana wa Shobali akamzaa Yahathi, Yahathi akawazaa Ahumai na Lahadi. Hizi ndizo zilizokuwa koo za Wasorathi.
3 ৩ এওঁলোক এটমৰ নগৰৰ গোষ্ঠীৰ মূল লোক আছিল: যিজ্ৰিয়েল, যিচমা, আৰু যিদবচ। তেওঁলোকৰ ভনীয়েকৰ নাম হচ্ছলেলপোন;
Hawa ndio waliokuwa wana wa Etamu: Yezreeli, Ishma na Idbashi. Dada yao aliitwa Haselelponi.
4 ৪ গদোৰ নগৰৰ পনূৱেল গোষ্ঠীৰ মূল লোক আছিল। এজাৰ হূচাৰ গোষ্ঠীৰ মূল লোক আছিল। হূৰৰ বংশধৰ এওঁলোক, ইফ্ৰাথাৰ প্ৰথম সন্তান আৰু বৈৎলেহেমৰ মূল বংশ।
Penueli akamzaa Gedori, naye Ezeri akamzaa Husha. Hawa walikuwa wazao wa Huri, mzaliwa wa kwanza wa Efrathi, na baba yake Bethlehemu.
5 ৫ তকোৱাৰ পিতৃ অচহূৰৰ দুগৰাকী ভাৰ্য্যাৰ নাম হেলা আৰু নাৰা।
Ashuri baba yake Tekoa alikuwa na wake wawili, Hela na Naara.
6 ৬ নাৰাৰ ঔৰসত অহূজ্জম, হেফৰ, তৈমিনী, আৰু হহস্তাৰী জন্ম হ’ল। এওঁলোক নাৰাৰ সন্তান।
Hawa walikuwa wazao wa Naara: Ahuzamu, Heferi, Temeni na Haahashtari.
7 ৭ হেলাৰ পুত্রসকল হ’ল চেৰৎ, যিচহৰ, আৰু ইৎনন।
Wana wa Hela walikuwa: Serethi, Sohari, Ethnani,
8 ৮ আৰু হক্কোচৰ পুত্ৰসকল হ’ল আনূব, চোবেবা, আৰু এওঁলোক হাৰুমৰ পুত্র অহৰ্হেলৰ বংশধৰ।
na Kosi ambaye aliwazaa Anubi, Sobeba na jamaa zote za Aharheli mwana wa Harumu.
9 ৯ যাবেচ তেওঁৰ ভাই-ককায়েকৰ মাজত সকলোতকৈ সন্মানীয় লোক আছিল। তেওঁৰ মাতৃয়ে তেওঁক যাবেচ নাম দিছিল। তেওঁ কৈছিল, “কাৰণ মই তাক দুখেৰে জন্ম দিলোঁ।”
Yabesi aliheshimiwa kuliko ndugu zake. Mama yake alimwita Yabesi, akisema, “Nilimzaa kwa huzuni.”
10 ১০ যাবেচে ইস্ৰায়েলৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “আপুনি কোনোমতে মোক আশীৰ্ব্বাদ দিলে, মোৰ সীমাও বঢ়াই দিলে, আপোনাৰ হাত মোৰ সঙ্গে সঙ্গে থাকিল, আৰু মই যেন দূখ নাপাবৰ বাবে মোক বেয়াৰ পৰা মোক ৰক্ষা কৰিলে বৰ ভাল হয়।” তাতে, ঈশ্বৰে তেওঁ খোজাৰ দৰে তেওঁক দিলে।
Yabesi akamlilia Mungu wa Israeli akisema, “Ee Mungu, laiti ungenibariki kweli kweli na kuipanua mipaka yangu! Mkono wako na uwe pamoja nami, uniepushe na uovu ili nisidhurike!” Naye Mungu akamjalia hayo aliyoyaomba.
11 ১১ কলূবৰ ভয়েক চূহা মহীৰৰ পিতৃ আছিল, এও ইষ্টোনৰো পিতৃ আছিল।
Kelubu, nduguye Shuha, akamzaa Mehiri, naye Mehiri akamzaa Eshtoni.
12 ১২ ইষ্টোনৰ পুত্র বৈৎৰাফা, পাচেহ, আৰু তহিন্না, এওঁলোক ঈৰনাহচ নগৰৰ মূল লোক। এওঁলোকই ৰেকা নগৰৰ মূল লোক।
Eshtoni akawazaa Beth-Rafa, Pasea na Tehina. Tehina alikuwa baba wa Iri-Nahashi. Hawa ndio waliokuwa wazao wa Reka.
13 ১৩ কনজৰ পুত্র অৎনীয়েল আৰু চৰায়া। অৎনীয়েলৰ পুত্র হথৎ আৰু মিয়োনোথৰ।
Wana wa Kenazi walikuwa: Othnieli na Seraya. Wana wa Othnieli walikuwa: Hathathi na Meonathai.
14 ১৪ মিয়োনোথৰ পুত্র অফ্ৰা, আৰু চৰায়াৰ পুত্র যোৱাব, যিহাৰাচিমৰ মূল লোক, যাৰ লোকসকলে শিল্পকৰ্ম কৰিছিল।
Meonathai akamzaa Ofra. Seraya akamzaa Yoabu, baba wa Ge-Harashimu. Liliitwa hivyo kwa sababu watu walioishi humo walikuwa mafundi.
15 ১৫ যিফুন্নিৰ পুত্ৰ যি কালেব, তেওঁৰ পুত্র ঈৰ, এলা, আৰু নয়ম। এলাৰ পুত্র কনজ আছিল।
Kalebu mwana wa Yefune alikuwa na wana watatu: Iru, Ela na Naamu. Naye mwana wa Ela alikuwa: Kenazi.
16 ১৬ যিহল্লেলৰ পুত্র জীফ, জীফা, তীৰিয়া আৰু অচৰেল।
Wana wa Yahaleleli walikuwa: Zifu, Zifa, Tiria na Asareli.
17 ১৭ ইজ্ৰাৰ পুত্র যেথৰ, মেৰদ, এফৰ, আৰু যালোন। মেগেদৰ মিচৰীয়া ভাৰ্যাই মৰিয়ম, চম্ময়, আৰু যিচবহক জন্ম দিয়ে, যিচবহ ইষ্টমোৱাৰ পিতৃ আছিল।
Wana wa Ezra walikuwa: Yetheri, Meredi, Eferi na Yaloni. Mmojawapo wa wake zake Meredi aliwazaa: Miriamu, Shamai na Ishba aliyekuwa baba yake Eshtemoa.
18 ১৮ তেওঁৰ যিহূদীয়া ভাৰ্যা যেৰদক জন্ম দিয়ে, যি জন গদোৰৰ পিতৃ হ’ল, হেবৰ চোকোৰৰ পিতৃ হ’ল। আৰু যিকোথীয়েলক জানোহৰ পিতৃ হ’ল। এওঁলোক মেৰদে বিয়া কৰোঁৱা ফৰৌণৰ জীয়েক বিথিয়াৰ সন্তান।
Meredi alikuwa na mke mwingine Myahudi ambaye aliwazaa: Yeredi baba wa Gedori, Heberi baba wa Soko na Yekuthieli baba wa Zanoa. Hawa walikuwa watoto wa Bithia binti Farao, ambaye Meredi alikuwa amemwoa.
19 ১৯ হোদিয়াৰ ভাৰ্যা নহমৰ ভনীয়েকৰ দুজন পুত্র, এজন গৰ্মীয়া কয়ীলাৰ পিতৃ হ’ল, আৰু আন জন মাখাথীয়া ইষ্টমোৱাৰ।
Wana wa mke wa Hodia aliyekuwa dada yake Nahamu walikuwa: baba yake Keila, Mgarmi na Eshtemoa, Mmaakathi.
20 ২০ চীমোনৰ সন্তান অম্নোন, ৰিম্না, বিন-হানন, আৰু তীলোন। যিচীৰ পুত্র জোহেৎ আৰু বিনজোহেৎ।
Wana wa Shimoni walikuwa: Amnoni, Rina, Ben-Hanani na Tiloni. Wazao wa Ishi walikuwa: Zohethi na Ben-Zohethi.
21 ২১ যিহূদাৰ পুত্র চেলাৰ সন্তান সকল এওঁলোক: লেকাৰ পিতৃ এৰ, মাৰেচাৰ পিতৃ লদ্দা, অচবেয়াৰ বংশত জন্ম হোৱা লোক এওঁলোকে মিহি শণ সূতাৰে কাপোৰ বোৱা গোষ্ঠীৰ।
Wana wa Shela, mwana wa Yuda, walikuwa: Eri baba yake Leka, Laada baba yake Maresha na jamaa za wafumaji nguo za kitani safi waliokuwa wakiishi huko Beth-Ashbea,
22 ২২ যোকীম, কোজেবাৰ লোক, যোৱাচ আৰু চাৰফৰ মোৱাবত সম্পত্তি আছিল, কিন্তু তেওঁলোক বৈৎলেহেমলৈ ঘূৰি আহিল। এইসকলো তথ্য পুৰণি লিপিৱদ্ধ তথ্যৰ পৰা পোৱা
Yokimu, watu walioishi Kozeba, Yoashi na Sarafi waliotawala huko Moabu na Yashubi-Lehemu. (Taarifa hizi ni za zamani sana.)
23 ২৩ তেওঁলোক কুমাৰ আছিল, তেওঁলোক নটয়িম আৰু গদেৰা নিবাসী, তেওঁলোক ৰজাৰ উদ্দেশে কাম কৰিছিল।
Hawa walikuwa wafinyanzi walioishi Netaimu na Gedera; waliishi huko wakimtumikia mfalme.
24 ২৪ চিমিয়োনৰ বংশধৰ নমূৱেল, যামীন, যাৰীব, জেৰহ, আৰু চৌল;
Wazao wa Simeoni walikuwa: Nemueli, Yamini, Yaribu, Zera na Shauli.
25 ২৫ চৌলৰ পুত্র চল্লুম, চল্লুমৰ পুত্র মিবচম, মিবচমৰ পুত্র মিচমা।
Mwana wa Shauli alikuwa Shalumu, Shalumu akamzaa Mibsamu, na Mibsamu akamzaa Mishma.
26 ২৬ মিচমাৰ বংশধৰ তেওঁৰ পুত্র হমূৱেল, জক্কুৰ তেওঁৰ নাতি ল’ৰা, আৰু চিমিয়ী তেওঁৰ পৰিনাতি আছিল।
Wazao wa Mishma walikuwa: Hamueli aliyemzaa Zakuri, Zakuri akamzaa Shimei.
27 ২৭ চিমিয়ীৰ ষোল্ল জন পুত্র আৰু ছয় জনী জীয়েক আছিল; কিন্তু তেওঁৰ ভায়েকসকলৰ সন্তান বেছি নাছিল, সেয়ে তেওঁলোকৰ সকলো গোষ্ঠী যিহূদাৰ সন্তান সকলৰ দৰে নাবাঢ়িল।
Shimei alikuwa na wana kumi na sita, na binti sita, lakini ndugu zake hawakuwa na watoto wengi, hivyo ukoo wao wote haukuwa na watu wengi kama ukoo wa Yuda.
28 ২৮ তেওঁলোক বেৰ-চেবা মোলাদা, আৰু হচৰ-চূৱালত বাস কৰিছিল।
Waliishi Beer-Sheba, Molada, Hasar-Shuali,
29 ২৯ তেওঁলোকে বিলহাত, এচমত, তোলদত,
Bilha, Esemu, Toladi,
30 ৩০ বথূৱেলত, হৰ্মাত, চিক্লগত,
Bethueli, Horma, Siklagi,
31 ৩১ বৈৎ-মাৰ্কাবোতত, হচৰ-চূচীমত, বৈৎ-বিৰীত, আৰু চাৰয়িমতো বাস কৰিছিল; দায়ূদৰ ৰাজত্বলৈকে এইবোৰ নগৰ তেওঁলোকৰ হৈ আছিল।
Beth-Markabothi, Hasar-Susimu, Beth-Biri na Shaaraimu. Hii ilikuwa miji yao mpaka wakati wa utawala wa Daudi.
32 ৩২ এটম, ঐন, ৰিম্মোন, তোখন, আৰু আচন, এই পাঁচখন গাওঁ তেওঁলোকৰ আছিল।
Vijiji vilivyoizunguka vilikuwa Etamu, Aini, Rimoni, Tokeni na Ashani; jumla miji mitano:
33 ৩৩ আৰু তাৰ লগতে চাৰিওফালে বাললৈকে থকা গাওঁ তেওঁলোকৰ আছিল। এয়ে তেওঁলোকৰ বাস কৰা ঠাই। তেওঁলোকে নিজৰ বংশাৱলিত লিপিৱদ্ধ কৰি ৰাখিছিল।
pamoja na vijiji vyote kuizunguka hii miji hadi huko Baali. Haya yalikuwa makao yao, nao waliweka kumbukumbu ya ukoo wao.
34 ৩৪ মচোবব, যম্লেক, অমচিয়াৰ পুত্র যোচা,
Meshobabu, Yamleki, Yosha mwana wa Amazia,
35 ৩৫ যোৱেল আৰু অচীয়েলৰ পুত্র চৰায়া, চৰায়াৰ পুত্র যোচিবিয়া, যোচিবিয়াৰ পুত্র যেহূ;
Yoeli, Yehu mwana wa Yoshibia, mwana wa Seraya, mwana wa Asieli.
36 ৩৬ ইলিয়োঐনয়, যাকোব, যিচোহায়া, অচায়া, অদীয়েল, যিচিমীয়েল, বনায়া,
Pia Elioenai, Yaakoba, Yeshohaya, Asaya, Adieli, Yesimieli, Benaya,
37 ৩৭ আৰু চময়িয়াৰ পুত্র চিম্ৰী, চিম্ৰীৰ পুত্র যদায়া যদায়াৰ পুত্র অল্লোন, অল্লোনৰ পুত্র চিফি, চিফিৰ পুত্র জীজা, এওঁলোক গোষ্ঠীৰ নেতৃত্বত আছিল।
Ziza mwana wa Shifi, mwana wa Aloni, mwana wa Yedaya, mwana wa Shimri, mwana wa Shemaya.
38 ৩৮ ওপৰত উল্লেখিত নামৰ লোকসকলৰ নিজৰ নিজৰ গোষ্ঠীৰ অধ্যক্ষ আছিল। আৰু তেওঁলোকৰ বংশ অতিশয়ৰূপে বৃদ্ধি পালে।
Watu hawa walioorodheshwa hapa juu kwa majina walikuwa viongozi wa koo zao. Jamaa zao ziliongezeka sana,
39 ৩৯ তেওঁলোকে নিজৰ পশুৰ জাকবোৰ চৰাবলৈ ঠাই বিচাৰিলে, আৰু গদোৰৰ পৰা বাহিৰলৈ ওলাই গৈ উপত্যকাৰ পূব দিশে গ’ল।
wakaenea mpaka kwenye viunga vya Gedori kuelekea mashariki mwa bonde wakitafuta malisho kwa ajili ya mifugo yao.
40 ৪০ তাতে তেওঁলোকে বহুত ঘাঁহ থকা উত্তম চৰণীয়া ঠাই পালে; সেই দেশ বহল, নিৰ্জন, আৰু শান্তিপূৰ্ণ আছিল। সেই ঠাইত বাস কৰা পূৰ্বৰ লোকসকল হামৰ বংশৰ আছিল।
Huko walipata malisho mengi mazuri, nayo nchi ilikuwa na nafasi kubwa, yenye amani na utulivu. Baadhi ya Wahamu waliishi huko zamani.
41 ৪১ যিহূদাৰ ৰজা হিষ্কিয়া ৰাজত্ব কৰা সময়ত, ওপৰত উল্লেখ কৰা নামৰ লোকসকলে গৈ হামিতত বাস কৰা লোকসকলক আৰু মায়োনীয়াসকলক আক্রমণ কৰিলে, আৰু সেই সময়ত তেওঁলোক তাতে আছিল। তেওঁলোকে সেই লোকসকলক নিঃশেষে বিনষ্ট কৰিলে। পাছত তেওঁলোকে পশুৰ জাকৰ বাবে উপযুক্ত চৰণীয়া ঠাই বিচাৰি পোৱাত, তেওঁলোকে তাতে বাস কৰিলে।
Watu walioorodheshwa majina walikuja katika nchi hiyo wakati wa Hezekia mfalme wa Yuda. Akawashambulia Wahamu katika makao yao pamoja na Wameuni ambao walikuwako huko nao wakawaangamiza kabisa, kama ilivyo dhahiri hadi leo. Kisha wakafanya makazi yao huko kwa sababu kulikuwa na malisho mazuri kwa ajili ya mifugo yao.
42 ৪২ তেওঁলোকৰ কেইজন মান লোক, অৰ্থাৎ চিমিয়োনৰ সন্তান সকলৰ মাজৰ পাঁচ শ জনে যিচীৰ পুত্র পলটিয়া, নিয়ৰিয়া, ৰফায়া, আৰু উজ্জীয়েলক সেনাপতি পাতি চেয়ীৰ পৰ্বতলৈ গ’ল।
Watu wa kabila la wa Simeoni wapatao mia tano, wakiongozwa na Pelatia, Nearia, Refaya na Uzieli wana wa Ishi, wakavamia nchi ya vilima ya Seiri.
43 ৪৩ পাছত অমালেকীয়া সকলৰ মাজৰ পৰা যি সকল লোক পলাই গৈ তাতে ৰক্ষা পাই আছিল, সেই লোকসকলক তেওঁলোকে বধ কৰিলে আৰু তেওঁলোকে পাছত তাতে নিবাস কৰিব ল’লে। আজিলৈকে তেওঁলোক তাতেই নিবাস কৰি আছে।
Wakawaua Waamaleki waliobaki, waliokuwa wamenusurika, nao wanaishi huko hadi leo.