< ১ বংশাবলি 4 >
1 ১ যিহূদাৰ বংশধৰ পেৰচ, হিষ্ৰোণ, কৰ্ম্মী, হূৰ, আৰু চোবল।
The sons of Judah: Perez, Hezron, Carmi, Hur, and Shobal.
2 ২ চোবলৰ পুত্র ৰায়া। ৰায়াৰ পুত্র যহৎ। যহতৰ পুত্র অহূময় আৰু লহদ; এওঁলোক চৰায়ীয়াৰ গোষ্ঠী।
Reaiah, son of Shobal, was the father of Jahath. Jahath was the father of Ahumai and Lahad. These were the families of the Zorathites.
3 ৩ এওঁলোক এটমৰ নগৰৰ গোষ্ঠীৰ মূল লোক আছিল: যিজ্ৰিয়েল, যিচমা, আৰু যিদবচ। তেওঁলোকৰ ভনীয়েকৰ নাম হচ্ছলেলপোন;
These were the sons of Etam: Jezreel, Ishma, and Idbash. Their sister was called Hazzelelponi.
4 ৪ গদোৰ নগৰৰ পনূৱেল গোষ্ঠীৰ মূল লোক আছিল। এজাৰ হূচাৰ গোষ্ঠীৰ মূল লোক আছিল। হূৰৰ বংশধৰ এওঁলোক, ইফ্ৰাথাৰ প্ৰথম সন্তান আৰু বৈৎলেহেমৰ মূল বংশ।
Penuel was the father of Gedor, and Ezer was the father of Hushah. These were the descendants of Hur, Ephrathah's firstborn and father of Bethlehem.
5 ৫ তকোৱাৰ পিতৃ অচহূৰৰ দুগৰাকী ভাৰ্য্যাৰ নাম হেলা আৰু নাৰা।
Ashhur was the father of Tekoa and had two wives, Helah and Naarah.
6 ৬ নাৰাৰ ঔৰসত অহূজ্জম, হেফৰ, তৈমিনী, আৰু হহস্তাৰী জন্ম হ’ল। এওঁলোক নাৰাৰ সন্তান।
Naarah was the mother of Ahuzzam, Hepher, Temeni, and Haahashtari. These were the sons of Naarah.
7 ৭ হেলাৰ পুত্রসকল হ’ল চেৰৎ, যিচহৰ, আৰু ইৎনন।
The sons of Helah: Zereth, Zohar, Ethnan,
8 ৮ আৰু হক্কোচৰ পুত্ৰসকল হ’ল আনূব, চোবেবা, আৰু এওঁলোক হাৰুমৰ পুত্র অহৰ্হেলৰ বংশধৰ।
and Koz, who was the father of Anub and Hazzobebah and of the families of Aharhel, son of Harum.
9 ৯ যাবেচ তেওঁৰ ভাই-ককায়েকৰ মাজত সকলোতকৈ সন্মানীয় লোক আছিল। তেওঁৰ মাতৃয়ে তেওঁক যাবেচ নাম দিছিল। তেওঁ কৈছিল, “কাৰণ মই তাক দুখেৰে জন্ম দিলোঁ।”
Jabez was more faithful to God than his brothers. His mother had given him the name Jabez, saying, “I gave birth to him in pain.”
10 ১০ যাবেচে ইস্ৰায়েলৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “আপুনি কোনোমতে মোক আশীৰ্ব্বাদ দিলে, মোৰ সীমাও বঢ়াই দিলে, আপোনাৰ হাত মোৰ সঙ্গে সঙ্গে থাকিল, আৰু মই যেন দূখ নাপাবৰ বাবে মোক বেয়াৰ পৰা মোক ৰক্ষা কৰিলে বৰ ভাল হয়।” তাতে, ঈশ্বৰে তেওঁ খোজাৰ দৰে তেওঁক দিলে।
Jabez begged the God of Israel, “Please bless me and expand my borders! Be with me and keep me safe from harm so I won't have pain.” And God gave him what he asked for.
11 ১১ কলূবৰ ভয়েক চূহা মহীৰৰ পিতৃ আছিল, এও ইষ্টোনৰো পিতৃ আছিল।
Kelub, Shuhah's brother, was the father of Mehir, who in turn was the father of Eshton.
12 ১২ ইষ্টোনৰ পুত্র বৈৎৰাফা, পাচেহ, আৰু তহিন্না, এওঁলোক ঈৰনাহচ নগৰৰ মূল লোক। এওঁলোকই ৰেকা নগৰৰ মূল লোক।
Eshton was the father of Beth Rapha, Paseah, and Tehinnah, the father of Ir Nahash. These were the men of Recah.
13 ১৩ কনজৰ পুত্র অৎনীয়েল আৰু চৰায়া। অৎনীয়েলৰ পুত্র হথৎ আৰু মিয়োনোথৰ।
The sons of Kenaz: Othniel and Seraiah. The sons of Othniel: Hathath and Meonothai.
14 ১৪ মিয়োনোথৰ পুত্র অফ্ৰা, আৰু চৰায়াৰ পুত্র যোৱাব, যিহাৰাচিমৰ মূল লোক, যাৰ লোকসকলে শিল্পকৰ্ম কৰিছিল।
Meonothai was the father of Ophrah. Seraiah was the father of Joab, the father of Ge Harashim, so called because craftsmen lived there.
15 ১৫ যিফুন্নিৰ পুত্ৰ যি কালেব, তেওঁৰ পুত্র ঈৰ, এলা, আৰু নয়ম। এলাৰ পুত্র কনজ আছিল।
The sons of Caleb son of Jephunneh: Iru, Elah, and Naam. The son of Elah: Kenaz.
16 ১৬ যিহল্লেলৰ পুত্র জীফ, জীফা, তীৰিয়া আৰু অচৰেল।
The sons of Jehallelel: Ziph, Ziphah, Tiria, and Asarel.
17 ১৭ ইজ্ৰাৰ পুত্র যেথৰ, মেৰদ, এফৰ, আৰু যালোন। মেগেদৰ মিচৰীয়া ভাৰ্যাই মৰিয়ম, চম্ময়, আৰু যিচবহক জন্ম দিয়ে, যিচবহ ইষ্টমোৱাৰ পিতৃ আছিল।
The sons of Ezrah: Jether, Mered, Epher, and Jalon. One wife of Mered was the mother of Miriam, Shammai and Ishbah the father of Eshtemoa.
18 ১৮ তেওঁৰ যিহূদীয়া ভাৰ্যা যেৰদক জন্ম দিয়ে, যি জন গদোৰৰ পিতৃ হ’ল, হেবৰ চোকোৰৰ পিতৃ হ’ল। আৰু যিকোথীয়েলক জানোহৰ পিতৃ হ’ল। এওঁলোক মেৰদে বিয়া কৰোঁৱা ফৰৌণৰ জীয়েক বিথিয়াৰ সন্তান।
(Another wife who came from Judah was the mother of Jered the father of Gedor, Heber the father of Soco, and Jekuthiel the father of Zanoah.) These were the sons of Bithiah, Pharaoh's daughter, whom Mered had married.
19 ১৯ হোদিয়াৰ ভাৰ্যা নহমৰ ভনীয়েকৰ দুজন পুত্র, এজন গৰ্মীয়া কয়ীলাৰ পিতৃ হ’ল, আৰু আন জন মাখাথীয়া ইষ্টমোৱাৰ।
The sons of Hodiah's wife, Nathan's sister: one son was the father of Keilah the Garmite, and another the father of Eshtemoa the Maacathite.
20 ২০ চীমোনৰ সন্তান অম্নোন, ৰিম্না, বিন-হানন, আৰু তীলোন। যিচীৰ পুত্র জোহেৎ আৰু বিনজোহেৎ।
The sons of Shimon: Amnon, Rinnah, Ben-Hanan, and Tilon. The sons of Ishi: Zoheth and Ben-Zoheth.
21 ২১ যিহূদাৰ পুত্র চেলাৰ সন্তান সকল এওঁলোক: লেকাৰ পিতৃ এৰ, মাৰেচাৰ পিতৃ লদ্দা, অচবেয়াৰ বংশত জন্ম হোৱা লোক এওঁলোকে মিহি শণ সূতাৰে কাপোৰ বোৱা গোষ্ঠীৰ।
The sons of Shelah son of Judah: Er, who was the father of Lecah, Laadah, who was the father of Mareshah, the families of the linen workers at Beth Ashbea,
22 ২২ যোকীম, কোজেবাৰ লোক, যোৱাচ আৰু চাৰফৰ মোৱাবত সম্পত্তি আছিল, কিন্তু তেওঁলোক বৈৎলেহেমলৈ ঘূৰি আহিল। এইসকলো তথ্য পুৰণি লিপিৱদ্ধ তথ্যৰ পৰা পোৱা
Jokim, the men of Cozeba, and Joash and Saraph, who ruled over Moab and Jashubi Lehem. (These are old records.)
23 ২৩ তেওঁলোক কুমাৰ আছিল, তেওঁলোক নটয়িম আৰু গদেৰা নিবাসী, তেওঁলোক ৰজাৰ উদ্দেশে কাম কৰিছিল।
They were potters, inhabitants of Netaim and Gederah, who lived there and worked for the king.
24 ২৪ চিমিয়োনৰ বংশধৰ নমূৱেল, যামীন, যাৰীব, জেৰহ, আৰু চৌল;
The sons of Simeon: Nemuel, Jamin, Jarib, Zerah, and Shaul.
25 ২৫ চৌলৰ পুত্র চল্লুম, চল্লুমৰ পুত্র মিবচম, মিবচমৰ পুত্র মিচমা।
Shallum was the son of Shaul, Mibsam his son, and Mishma his son.
26 ২৬ মিচমাৰ বংশধৰ তেওঁৰ পুত্র হমূৱেল, জক্কুৰ তেওঁৰ নাতি ল’ৰা, আৰু চিমিয়ী তেওঁৰ পৰিনাতি আছিল।
The sons of Mishma: Hammuel his son, Zaccur his son, and Shimei his son.
27 ২৭ চিমিয়ীৰ ষোল্ল জন পুত্র আৰু ছয় জনী জীয়েক আছিল; কিন্তু তেওঁৰ ভায়েকসকলৰ সন্তান বেছি নাছিল, সেয়ে তেওঁলোকৰ সকলো গোষ্ঠী যিহূদাৰ সন্তান সকলৰ দৰে নাবাঢ়িল।
Shimei had sixteen sons and six daughters, but his brothers did not have many children; so their tribe was not as large as that of Judah.
28 ২৮ তেওঁলোক বেৰ-চেবা মোলাদা, আৰু হচৰ-চূৱালত বাস কৰিছিল।
They lived in Beersheba, Moladah, Hazar Shual,
29 ২৯ তেওঁলোকে বিলহাত, এচমত, তোলদত,
Bilhah, Ezem, Tolad,
30 ৩০ বথূৱেলত, হৰ্মাত, চিক্লগত,
Bethuel, Hormah, Ziklag,
31 ৩১ বৈৎ-মাৰ্কাবোতত, হচৰ-চূচীমত, বৈৎ-বিৰীত, আৰু চাৰয়িমতো বাস কৰিছিল; দায়ূদৰ ৰাজত্বলৈকে এইবোৰ নগৰ তেওঁলোকৰ হৈ আছিল।
Beth Marcaboth, Hazar Susim, Beth Biri, and Shaaraim. These were their towns until David became king.
32 ৩২ এটম, ঐন, ৰিম্মোন, তোখন, আৰু আচন, এই পাঁচখন গাওঁ তেওঁলোকৰ আছিল।
They also lived in Etam, Ain, Rimmon, Token, and Ashan—a total of five towns,
33 ৩৩ আৰু তাৰ লগতে চাৰিওফালে বাললৈকে থকা গাওঁ তেওঁলোকৰ আছিল। এয়ে তেওঁলোকৰ বাস কৰা ঠাই। তেওঁলোকে নিজৰ বংশাৱলিত লিপিৱদ্ধ কৰি ৰাখিছিল।
along with all the surrounding villages as far as Baal. These were the places where they lived and they recorded their genealogy.
34 ৩৪ মচোবব, যম্লেক, অমচিয়াৰ পুত্র যোচা,
Meshobab, Jamlech, Joshah, son of Amaziah,
35 ৩৫ যোৱেল আৰু অচীয়েলৰ পুত্র চৰায়া, চৰায়াৰ পুত্র যোচিবিয়া, যোচিবিয়াৰ পুত্র যেহূ;
Joel, Jehu, son of Joshibiah, son of Seraiah, son of Asiel,
36 ৩৬ ইলিয়োঐনয়, যাকোব, যিচোহায়া, অচায়া, অদীয়েল, যিচিমীয়েল, বনায়া,
Elioenai, Jaakobah, Jeshohaiah, Asaiah, Adiel, Jesimiel, Benaiah,
37 ৩৭ আৰু চময়িয়াৰ পুত্র চিম্ৰী, চিম্ৰীৰ পুত্র যদায়া যদায়াৰ পুত্র অল্লোন, অল্লোনৰ পুত্র চিফি, চিফিৰ পুত্র জীজা, এওঁলোক গোষ্ঠীৰ নেতৃত্বত আছিল।
and Ziza, son of Shiphi, son of Allon, son of Jedaiah, son of Shimri, son of Shemaiah.
38 ৩৮ ওপৰত উল্লেখিত নামৰ লোকসকলৰ নিজৰ নিজৰ গোষ্ঠীৰ অধ্যক্ষ আছিল। আৰু তেওঁলোকৰ বংশ অতিশয়ৰূপে বৃদ্ধি পালে।
These were the names of the leaders of their families whose lineage increased significantly.
39 ৩৯ তেওঁলোকে নিজৰ পশুৰ জাকবোৰ চৰাবলৈ ঠাই বিচাৰিলে, আৰু গদোৰৰ পৰা বাহিৰলৈ ওলাই গৈ উপত্যকাৰ পূব দিশে গ’ল।
They went far as the border of Gedor on the east side of the valley to look for pasture for their flocks.
40 ৪০ তাতে তেওঁলোকে বহুত ঘাঁহ থকা উত্তম চৰণীয়া ঠাই পালে; সেই দেশ বহল, নিৰ্জন, আৰু শান্তিপূৰ্ণ আছিল। সেই ঠাইত বাস কৰা পূৰ্বৰ লোকসকল হামৰ বংশৰ আছিল।
They found good pastureland there, and the area was open, quiet, and peaceful, for those who used to live there were Ham's descendants.
41 ৪১ যিহূদাৰ ৰজা হিষ্কিয়া ৰাজত্ব কৰা সময়ত, ওপৰত উল্লেখ কৰা নামৰ লোকসকলে গৈ হামিতত বাস কৰা লোকসকলক আৰু মায়োনীয়াসকলক আক্রমণ কৰিলে, আৰু সেই সময়ত তেওঁলোক তাতে আছিল। তেওঁলোকে সেই লোকসকলক নিঃশেষে বিনষ্ট কৰিলে। পাছত তেওঁলোকে পশুৰ জাকৰ বাবে উপযুক্ত চৰণীয়া ঠাই বিচাৰি পোৱাত, তেওঁলোকে তাতে বাস কৰিলে।
In the time of Hezekiah, king of Judah, the leaders listed above by name came and attacked these descendants of Ham where they lived, along with the Meunites there and totally destroyed them, as is clear to this very day. Then they settled there, because there was pastureland for their flocks.
42 ৪২ তেওঁলোকৰ কেইজন মান লোক, অৰ্থাৎ চিমিয়োনৰ সন্তান সকলৰ মাজৰ পাঁচ শ জনে যিচীৰ পুত্র পলটিয়া, নিয়ৰিয়া, ৰফায়া, আৰু উজ্জীয়েলক সেনাপতি পাতি চেয়ীৰ পৰ্বতলৈ গ’ল।
Some of these Simeonites invaded Mount Seir—five hundred men led by Pelatiah, Neariah, Rephaiah, and Uzziel, the sons of Ishi.
43 ৪৩ পাছত অমালেকীয়া সকলৰ মাজৰ পৰা যি সকল লোক পলাই গৈ তাতে ৰক্ষা পাই আছিল, সেই লোকসকলক তেওঁলোকে বধ কৰিলে আৰু তেওঁলোকে পাছত তাতে নিবাস কৰিব ল’লে। আজিলৈকে তেওঁলোক তাতেই নিবাস কৰি আছে।
They destroyed the rest of the Amalekites who had escaped. They have lived there to this very day.