< ১ বংশাবলি 29 >
1 ১ দায়ুদ ৰজাই গোটেই সমাজক ক’লে, “ঈশ্বৰে মোৰ পুত্ৰ চলোমনক মনোনীত কৰিছে, তাৰ বয়স এতিয়াও ক’ম আৰু অভিজ্ঞতাহীন, আৰু এই কাৰ্য অতি গুৰুত্বপূৰ্ণ। কাৰণ এই ৰাজপ্রসাদ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে মানুহৰ বাবে নহয়।
Un ķēniņš Dāvids sacīja uz visu draudzi: Salamans, mans dēls, tas vienīgais, ko Dievs izredzējis, vēl ir jauns un mazs, un taču šis darbs ir liels, jo tā nav pils kādam cilvēkam, bet Dievam, Tam Kungam.
2 ২ মোৰ ঈশ্বৰৰ মন্দিৰৰ অৰ্থে যি উত্তম, সেয়ে মই কৰিলোঁ। সোণৰ বস্তু প্রস্তুত কৰিবলৈ সোণ, ৰূপৰ বস্তু প্রস্তুত কৰিবলৈ ৰূপ, পিতলৰ বস্তু প্রস্তুত কৰিবলৈ পিতল, লোহাৰ বস্তু প্রস্তুত কৰিবলৈ লোহা, কাঠৰ বস্তু প্রস্তুত কৰিবলৈ কাঠ মই দিছোঁ। ৰক্তৰাগ পাথৰ, লগাবৰ কাৰণে পাথৰ, মণি-মুকুতাৰ কামৰ বাবে নানা বৰণীয়া পাথৰ, সকলো বিধৰ বহুমূলীয়া পাথৰ আৰু মাৰ্বল পাথৰো মই প্রচুৰ পৰিমাণে দিছোঁ।
Tad ar visu savu spēku esmu sagādājis priekš sava Dieva nama zeltu zelta rīkiem un sudrabu sudraba rīkiem un varu vara rīkiem un dzelzi dzelzs rīkiem un kokus koka rīkiem, Onika akmeņus un ieliekamus akmeņus un rubīnus un raibus akmeņus, visādus dārgus akmeņus un marmora akmeņus lielā pulkā.
3 ৩ মোৰ ঈশ্বৰৰ গৃহৰ কাৰণে মই আনন্দিত হ’লো, আৰু মোৰ ব্যক্তিগত ভঁৰালৰ পৰা সোণ, ৰূপ ইয়াৰ বাবে দান দিছোঁ। ইয়াৰ উপৰিও পবিত্র মন্দিৰৰ কাৰণে মই সকলো কৰিবলৈ প্রস্তুত।
Un turklāt, kad man pie sava Dieva nama ir labs prāts, man ir vēl zelts un sudrabs, un to es dodu klāt savam Dieva namam bez visa tā, ko esmu sakrājis priekš tā svētā nama:
4 ৪ তিনি হাজাৰ কিক্কৰ ওফীৰৰ সোণ, আৰু সাত হাজাৰ কিক্কৰ শুদ্ধ ৰূপ গৃহৰ দেৱালত আৱৰণ দিবলৈ দিলোঁ।
Trīstūkstoš talentus zelta no Ofira zelta un septiņtūkstoš talentus šķīsta sudraba, ēku sienas pārvilkt;
5 ৫ সোণৰ বস্তু প্রস্তুত কৰিবলৈ সোণ, ৰূপৰ বস্তু প্রস্তুত কৰিবলৈ ৰূপ, আৰু শিল্পকৰ্ম কৰোঁতা সকলে কৰা সকলো ধৰণৰ কামৰ কাৰণে মই সকলো বস্তু দান কৰিলোঁ। আজি কোনে যিহোৱালৈ বৰঙণি দিব আৰু নিজকে তেওঁলৈ উৎসৰ্গ কৰিব?
Zeltu zelta- un sudrabu sudraba-(traukiem) un ikvienam darbam, ko amatnieku roka taisa. Un kam nu ir labs prāts šodien ar pilnu roku upurēt Tam Kungam?
6 ৬ তাৰ পাছত তেওঁলোকৰ পৰিয়ালৰ পূৰ্ব-পুৰুষৰ প্রধান লোকসকল, ইস্ৰায়েল জাতিৰ প্রধান লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, লগতে ৰজাৰ কাৰ্যত থকা কৰ্মচাৰীসকল একেলগে ইচ্ছাকৃত দান দিলে।
Tad deva ar labu prātu tēvu namu virsnieki un Israēla cilšu virsnieki un tūkstošnieki un simtnieki un ķēniņa darba virsnieki.
7 ৭ তেওঁলোকে ঈশ্বৰৰ গৃহৰ কাৰ্য কাৰণে পাঁচ হাজাৰ কিক্কৰ সোণ, অদৰ্কোণ নামেৰে দহ হাজাৰ সোণৰ মোহৰ, দহ হাজাৰ কিক্কৰ ৰূপ, ওঠৰ হাজাৰ কিক্কৰ ৰূপ পিতল, আৰু এক লাখ কিক্কৰ লোহা দিলে।
Tie deva Dieva nama vajadzībai piectūkstoš talentus zelta un desmit tūkstoš zelta gabalus un desmit tūkstoš talentus sudraba, astoņpadsmit tūkstoš talentus vara un simts tūkstoš talentus dzelzs.
8 ৮ যিসকলৰ বহুমুলীয়া বাখৰ আছিল, তেওঁলোকে গেৰ্চোনীয়াৰ বংশধৰ যিহীয়েলৰ নিৰীক্ষণত যিহোৱাৰ গৃহৰ ভঁৰালত তাক দিলে।
Un pie kā akmeņi atradās, tie tos deva Tā Kunga nama mantā Jeķiēļa, Geršona dēla, rokā.
9 ৯ তেওঁলোকে নিজ ইচ্ছাৰে আৰু সকলো হৃদয়েৰে যিহোৱাৰ উদ্দেশ্যে দান দিয়াৰ কাৰণে প্ৰজাসকলে আনন্দ কৰিলে। ৰজা দায়ূদেও মহা-আনন্দ কৰিলে।
Un tie ļaudis priecājās labprātīgi dodami, jo tie deva no visas sirds Tam Kungam ar labu prātu.
10 ১০ দায়ূদে গোটেই সমাজৰ আগতে যিহোৱাৰ ধন্যবাদ কৰিলে। দায়ূদে ক’লে, “হে আমাৰ পিতৃ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা আপুনি যুগে যুগে চিৰকাললৈকে ধন্য।
Un ķēniņš Dāvids priecājās arī ar lielu prieku, un Dāvids teica To Kungu visas draudzes priekšā. Un Dāvids sacīja: slavēts esi Kungs, mūsu tēva Israēla Dievs, mūžīgi mūžam!
11 ১১ হে যিহোৱা, আপুনি মহত্ব, পৰাক্ৰমী, প্ৰশংসনীয়, বিজয়ী, আৰু প্ৰতাপী। কাৰণ স্বৰ্গত আৰু পৃথিৱীত যি যি আছে, সেই সকলোৱেই আপোনাৰ। ৰাজ্যও আপোনাৰেই, আৰু চাৰিও দিশে শাসনকৰ্তা ৰূপে যিহোৱা আৰু আপুনি মৰ্য্যদাপূৰ্ণ।
Tev, Kungs, pieder augstība un spēks un godība un slava un gods, jo viss, kas debesīs un zemes virsū, tas Tev pieder. Tava ir tā valstība, un Tu esi paaugstinājies kā galva pār visiem.
12 ১২ আপোনাৰ পৰাই ধন আৰু গৌৰৱ হয়, আৰু আপুনি সকলোৰে ওপৰত শাসন কৰি আছে। আপোনাৰ হাততেই বল আৰু পৰাক্ৰম আছে। সকলোকে মহত্ব ও শক্তিশালী কৰিবৰ কাৰণে আপোনাৰ অধিকাৰ আছে।
Un bagātība un gods nāk no Tevis, un Tu esi valdītājs pār visu, un Tavā rokā ir spēks un vara, un Tavā rokā stāv, visu paaugstināt un stiprināt.
13 ১৩ সেয়ে, হে আমাৰ ঈশ্বৰ, আমি আপোনাৰ ধন্যবাদ কৰোঁ, আৰু আপোনাৰ নামৰ গৌৰৱ ও প্ৰশংসা কৰোঁ।
Tad nu, mūsu Dievs, mēs Tev pateicamies un slavējam Tavas godības vārdu.
14 ১৪ কিন্তু মই নো কোন, আৰু মোৰ লোকসকল নো কোন, যে, আমি এইদৰে নিজ ইচ্ছাৰে দান দিবলৈ আগবাঢ়িব পাৰিছোঁ? কিয়নো সকলো বস্তু আপোনাৰ পৰাই আহে, আৰু আপোনাৰ যি তাকে আমি অনন্দমনেৰে আপোনাক দিছোঁ।
Jo kas es esmu, un kas ir mani ļaudis, ka mēs spētu labprātīgi dot tādas dāvanas? Jo viss ir no Tevis, un no Tavas rokas mēs Tev dodam.
15 ১৫ কাৰণ আমাৰ সকলো পূৰ্ব-পুৰুষ সকলৰ দৰে আমিও আপোনাৰ আগত অচিনাকি আৰু ভ্রমণকাৰী লোক। পৃথিৱীত আমাৰ দিনবোৰ ছাঁ স্বৰূপ আৰু এই পৃথিৱীত আমাৰ একো আশা নাই।
Jo mēs esam svešinieki un piemitēji Tavā priekšā, kā visi mūsu tēvi; mūsu dienas virs zemes ir kā ēna un bez pastāvības.
16 ১৬ হে আমাৰ ঈশ্বৰ যিহোৱা, আপোনাৰ, পবিত্ৰ নামৰ উদ্দেশে আপোনাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আমি এই যি সকলো সম্পতি সংগ্রহ কৰিলোঁ, এই সকলো আপোনাৰেই আৰু আপোনাৰ পৰাই অহা।
Kungs, mūsu Dievs, visa šī bagātība, ko esam sakrājuši, Tev namu taisīt Tavam svētam vārdam, tā ir no Tavas rokas, un viss Tev pieder.
17 ১৭ হে মোৰ ঈশ্বৰ, মই এইয়াও জানো যে, আপুনি হৃদয়ৰো পৰীক্ষা কৰে আৰু সৰলতাত সন্তোষ পায়। মই হ’লে মোৰ মনৰ সৰলতাতহে নিজ ইচ্ছাৰে এই সকলো বস্তু দান দিলোঁ, আৰু এতিয়া এই ঠাইত উপস্থিত হোৱা আপোনাৰ লোকসকলেও নিজ ইচ্ছাৰে আপোনাৰ উদ্দেশে দান দিয়া দেখি মই আনন্দিত হৈছোঁ।
Un es zinu, mans Dievs, ka Tu sirdi pārbaudi, un skaidrība Tev labi patīk; no savas sirds skaidrības visu šo esmu devis ar labu prātu, un esmu redzējis ar līksmību Tavus ļaudis, kas še sanākuši, Tev dodam labprātīgi.
18 ১৮ আমাৰ পূৰ্ব-পুৰুষ অব্ৰাহাম, ইচহাক, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপুনি আপোনাৰ লোকসকলৰ মনত এই চিন্তাধাৰা সদায় ৰাখক। তেওঁলোকৰ হৃদয় আপোনাতেই মনোনিবেশ কৰক।
Kungs, mūsu tēvu, Ābrahāma, Īzaka un Israēla, Dievs, uzturi to mūžīgi, tādu prātu un sirdi Saviem ļaudīm, un atgriez viņu sirdis pie Sevis,
19 ১৯ আপোনাৰ আজ্ঞা, সাক্ষ্য, আৰু বিধিবোৰ সম্পূৰ্ণ হৃদয়েৰে পালন কৰিবলৈ, আৰু এই সকলো কাৰ্য কৰিবলৈ, আৰু মই যি গৃহৰ বাবে ব্যৱস্থা কৰি থৈছোঁ, তাক নিৰ্মাণ কৰিবলৈ মোৰ পুত্ৰ চলোমনক সিদ্ধ মন দিয়ক।”
Un manam dēlam Salamanam dod padevīgu sirdi, turēt Tavus baušļus un Tavas liecības un Tavus likumus un visu darīt un uztaisīt šo augsto namu, ko es esmu nolicis.
20 ২০ দায়ূদে গোটেই সমাজক ক’লে, “এতিয়া তোমালোকে নিজৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰা।” গোটেই সমাজে তেওঁলোকৰ পূৰ্ব-পুৰুষৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰিলে, আৰু মুৰ দোঁৱাই যিহোৱাৰ প্রশংসা কৰিলে আৰু ৰজাৰ আগত প্ৰণিপাত কৰিলে।
Un Dāvids sacīja uz visu draudzi: teiciet jel To Kungu, savu Dievu! Tad visa draudze teica To Kungu, savu tēvu Dievu, un palocījās un nometās zemē Tā Kunga un ķēniņa priekšā.
21 ২১ তাৰ পাছ দিনা তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিলে, আৰু যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিলে। তেওঁলোকে এক হাজাৰ ষাঁড়-গৰু, এক হাজাৰ মতা মেৰ-ছাগ, আৰু এক হাজাৰ মেৰ-ছাগ পোৱালি, আৰু ইয়াৰে সৈতে গোটেই ইস্ৰায়েলৰ কাৰণে পেয় নৈবেদ্য আৰু বলিদান উৎসৰ্গ কৰিলে।
Un tie upurēja Tam Kungam upurus, un upurēja Tam Kungam dedzināmos upurus otras dienas rītā tūkstoš vēršus, tūkstoš aunus, tūkstoš jērus ar saviem dzeramiem upuriem un kaujamiem upuriem lielā pulkā priekš visa Israēla.
22 ২২ সেই দিনা অতি আনন্দেৰে যিহোৱাৰ আগত ভোজন-পান কৰিলে। তেওঁলোকে দায়ূদৰ পুত্ৰ চলোমনক দ্বিতীয়বাৰ ৰজা পাতিলে; আৰু যিহোৱাৰ উদ্দেশ্যে শাসনকর্তা হবলৈ তেওঁ অভিষেক কৰিলে। তেওঁলোকে পুৰোহিত হবলৈ চাদোককো যিহোৱাৰ উদ্দেশ্যে অভিষেক কৰিলে।
Un tie ēda un dzēra tai dienā Tā Kunga priekšā ar lielu līksmību. Un tie cēla Salamanu, Dāvida dēlu, otrā reizē par ķēniņu un to svaidīja par valdītāju Tā Kunga priekšā un Cadoku par priesteri.
23 ২৩ তাৰ পাছত চলোমন তেওঁৰ পিতৃ দায়ুদৰ পৰিৱৰ্তে ৰজাহৈ যিহোৱাৰ সিংহাসনত বহিল। তেওঁ কৃতকাৰ্য্য হ’ল, আৰু গোটেই ইস্ৰায়েলে তেওঁৰ আজ্ঞা মানিলে।
Tā Salamans sēdās Tā Kunga krēslā par ķēniņu sava tēva Dāvida vietā, un tam labi izdevās, un viss Israēls tam klausīja.
24 ২৪ সকলো নেতাসকল, সৈন্যসকল, আৰু দায়ুদ ৰজাৰ পুত্ৰসকল চলোমন ৰজাৰ অধীন হ’ল।
Un visi lielkungi un varenie, arī visi ķēniņa Dāvida bērni padevās ķēniņam Salamanam.
25 ২৫ যিহোৱাই সকলো ইস্ৰায়েলৰ আগত চলোমনক সন্মান প্রদান কৰিলে আৰু যিহোৱাই তেওঁক যি ক্ষমতা দিলে, তেনে ক্ষমতা তেওঁৰ পূৰ্বে ইস্ৰায়েলৰ কোনো ৰজাক দিয়া নাছিল।
Un Tas Kungs darīja Salamanu jo lielu visa Israēla priekšā un deva tam valstības godību, kāda vēl nebija bijusi nevienam Israēla ķēniņam priekš viņa.
26 ২৬ যিচয়ৰ পুত্ৰ দায়ূদে সকলো ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিছিল।
Tā Dāvids, Isajus dēls, bija valdījis pār visu Israēli.
27 ২৭ তেওঁ চল্লিশ বছৰ ইস্রায়েলৰ ৰজা আছিল। তেওঁ সাত বছৰ হিব্ৰোণত আৰু তেত্ৰিশ বছৰ যিৰূচালেমত ৰাজত্ৱ কৰিছিল।
Un tas laiks, kamēr viņš valdīja pār Israēli, bija četrdesmit gadi; Hebronē viņš valdīja septiņus gadus un Jeruzālemē viņš valdīja trīsdesmit trīs gadus.
28 ২৮ তেওঁ সম্পূৰ্ণ বয়স পায়, দীঘলীয়া জীৱন সা-সম্পতি আৰু সন্মান উপভোগ কৰি বৃদ্ধ অৱস্থাত তেওঁৰ মৃত্যু হয়। তেওঁৰ পুত্ৰ চলোমন তেওঁৰ পদত ৰজা হ’ল।
Un viņš nomira labā vecumā, diezgan piedzīvojis mūža dienu, bagātības un goda, un viņa dēls Salamans palika par ķēniņu viņa vietā.
29 ২৯ দায়ুদ ৰজাই তেওঁৰ জীৱনত কৰা সকলো কাৰ্য ভাববাদী চমূৱেল, ভাববাদী নাথন আৰু ভাববাদী গাদৰ ইতিহাস-পুস্তকসমূহত বৰ্ণনা কৰা হৈছে।
Un ķēniņa Dāvida lietas, pirmās un pēdējās, redzi, tās ir rakstītas redzētāja Samuēla stāstos un pravieša Nātana stāstos un redzētāja Gada stāstos,
30 ৩০ এই পুস্তকসমূহত ইস্ৰায়েলক ৰাজত্ৱ কৰা সময়ত দায়ূদে যিবোৰ কাৰ্য কৰিছিল, সেই সকলো ইয়াতে উল্লেখ আছে। লিখকসকলে ইস্রায়েল আৰু তাৰ ওচৰ চুবুৰীয়া ৰাজ্যৰ, দায়ূদৰ ক্ষমতা আৰু তেওঁৰ জীৱনৰ সকলো ঘটনা লিখিলে।
Ar visu viņa valdību un varu un tiem laikiem, kas aizgājuši pār viņu un pār Israēli un pār visām valstīm un zemēm.