< ১ বংশাবলি 29 >

1 দায়ুদ ৰজাই গোটেই সমাজক ক’লে, “ঈশ্বৰে মোৰ পুত্ৰ চলোমনক মনোনীত কৰিছে, তাৰ বয়স এতিয়াও ক’ম আৰু অভিজ্ঞতাহীন, আৰু এই কাৰ্য অতি গুৰুত্বপূৰ্ণ। কাৰণ এই ৰাজপ্রসাদ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে মানুহৰ বাবে নহয়।
Sa’an nan Sarki Dawuda ya ce wa dukan taron, “Ɗana Solomon, wanda Allah ya zaɓa, matashi ne, kuma bai gogu ba. Aikin yana da yawa, domin wannan ƙasaitaccen ginin ba na mutum ba ne, na Ubangiji Allah ne.
2 মোৰ ঈশ্বৰৰ মন্দিৰৰ অৰ্থে যি উত্তম, সেয়ে মই কৰিলোঁ। সোণৰ বস্তু প্রস্তুত কৰিবলৈ সোণ, ৰূপৰ বস্তু প্রস্তুত কৰিবলৈ ৰূপ, পিতলৰ বস্তু প্রস্তুত কৰিবলৈ পিতল, লোহাৰ বস্তু প্রস্তুত কৰিবলৈ লোহা, কাঠৰ বস্তু প্রস্তুত কৰিবলৈ কাঠ মই দিছোঁ। ৰক্তৰাগ পাথৰ, লগাবৰ কাৰণে পাথৰ, মণি-মুকুতাৰ কামৰ বাবে নানা বৰণীয়া পাথৰ, সকলো বিধৰ বহুমূলীয়া পাথৰ আৰু মাৰ্বল পাথৰো মই প্রচুৰ পৰিমাণে দিছোঁ।
Na riga na tara dukan kayayyakin da na tanada saboda haikalin Allahna, zinariya saboda dukan ayyukan zinariya, azurfa saboda ayyukan azurfa, tagulla saboda ayyukan tagulla, ƙarfe saboda ayyukan ƙarfe da kuma katako saboda ayyukan katako, da onis don ado, turkuwoyis, duwatsu masu launi dabam-dabam, da kuma dukan duwatsu masu kyau da mabul, dukan waɗannan suna nan jingim.
3 মোৰ ঈশ্বৰৰ গৃহৰ কাৰণে মই আনন্দিত হ’লো, আৰু মোৰ ব্যক্তিগত ভঁৰালৰ পৰা সোণ, ৰূপ ইয়াৰ বাবে দান দিছোঁ। ইয়াৰ উপৰিও পবিত্র মন্দিৰৰ কাৰণে মই সকলো কৰিবলৈ প্রস্তুত।
Ban da haka ma, cikin sa zuciyata ga haikalin Allahna, yanzu na ba da ma’ajina na zinariya da azurfa saboda haikalin Allahna, fiye da kome na tanada saboda wannan haikali,
4 তিনি হাজাৰ কিক্কৰ ওফীৰৰ সোণ, আৰু সাত হাজাৰ কিক্কৰ শুদ্ধ ৰূপ গৃহৰ দেৱালত আৱৰণ দিবলৈ দিলোঁ।
talenti dubu uku na zinariya (zinariyar Ofir) da tacecciyar azurfa dubu bakwai; don adon bangon gine-ginen,
5 সোণৰ বস্তু প্রস্তুত কৰিবলৈ সোণ, ৰূপৰ বস্তু প্রস্তুত কৰিবলৈ ৰূপ, আৰু শিল্পকৰ্ম কৰোঁতা সকলে কৰা সকলো ধৰণৰ কামৰ কাৰণে মই সকলো বস্তু দান কৰিলোঁ। আজি কোনে যিহোৱালৈ বৰঙণি দিব আৰু নিজকে তেওঁলৈ উৎসৰ্গ কৰিব?
don aikin zinariya da kuma aikin azurfa, don kuma dukan aikin da gwanaye za su yi. Yanzu fa wa yake da niyya yă miƙa kansa a yau don Ubangiji?”
6 তাৰ পাছত তেওঁলোকৰ পৰিয়ালৰ পূৰ্ব-পুৰুষৰ প্রধান লোকসকল, ইস্ৰায়েল জাতিৰ প্রধান লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, লগতে ৰজাৰ কাৰ্যত থকা কৰ্মচাৰীসকল একেলগে ইচ্ছাকৃত দান দিলে।
Sai shugabannin iyalai, shugabannin kabilan Isra’ila, manyan hafsoshin mayaƙa dubu-dubu da manyan hafsoshi mayaƙa ɗari-ɗari, da shugabannin lura da ayyukan sarki suka yi bayarwa da yardar rai.
7 তেওঁলোকে ঈশ্বৰৰ গৃহৰ কাৰ্য কাৰণে পাঁচ হাজাৰ কিক্কৰ সোণ, অদৰ্কোণ নামেৰে দহ হাজাৰ সোণৰ মোহৰ, দহ হাজাৰ কিক্কৰ ৰূপ, ওঠৰ হাজাৰ কিক্কৰ ৰূপ পিতল, আৰু এক লাখ কিক্কৰ লোহা দিলে।
Suka bayar talenti dubu biyar na zinariya, talenti dubu goma na azurfa, talenti dubu goma sha takwas na tagulla da talenti dubu ɗari na ƙarfe don aiki a haikalin Allah.
8 যিসকলৰ বহুমুলীয়া বাখৰ আছিল, তেওঁলোকে গেৰ্চোনীয়াৰ বংশধৰ যিহীয়েলৰ নিৰীক্ষণত যিহোৱাৰ গৃহৰ ভঁৰালত তাক দিলে।
Duk waɗanda suke da duwatsu masu daraja suka ba da su ga Yehiyel mutumin Gershon ma’ajin haikalin Ubangiji.
9 তেওঁলোকে নিজ ইচ্ছাৰে আৰু সকলো হৃদয়েৰে যিহোৱাৰ উদ্দেশ্যে দান দিয়াৰ কাৰণে প্ৰজাসকলে আনন্দ কৰিলে। ৰজা দায়ূদেও মহা-আনন্দ কৰিলে।
Mutane suka yi farin ciki ganin yadda shugabanninsu suke bayarwa da yardar rai, gama sun bayar hannu sake da kuma dukan zuciya ga Ubangiji. Dawuda sarki shi ma ya yi farin ciki ƙwarai.
10 ১০ দায়ূদে গোটেই সমাজৰ আগতে যিহোৱাৰ ধন্যবাদ কৰিলে। দায়ূদে ক’লে, “হে আমাৰ পিতৃ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা আপুনি যুগে যুগে চিৰকাললৈকে ধন্য।
Dawuda ya yabi Ubangiji a gaban dukan taron, yana cewa, “Yabo gare ka, ya Ubangiji, Allah na mahaifinmu Isra’ila, har abada abadin.
11 ১১ হে যিহোৱা, আপুনি মহত্ব, পৰাক্ৰমী, প্ৰশংসনীয়, বিজয়ী, আৰু প্ৰতাপী। কাৰণ স্বৰ্গত আৰু পৃথিৱীত যি যি আছে, সেই সকলোৱেই আপোনাৰ। ৰাজ্যও আপোনাৰেই, আৰু চাৰিও দিশে শাসনকৰ্তা ৰূপে যিহোৱা আৰু আপুনি মৰ্য্যদাপূৰ্ণ।
Girma da iko da ɗaukaka, da daraja da kuma nasara naka ne, ya Ubangiji, gama kome a sama da ƙasa naka ne. Mulki kuma naka ne, ya Ubangiji; an kuma ɗaukaka ka a matsayin kai a bisa duka.
12 ১২ আপোনাৰ পৰাই ধন আৰু গৌৰৱ হয়, আৰু আপুনি সকলোৰে ওপৰত শাসন কৰি আছে। আপোনাৰ হাততেই বল আৰু পৰাক্ৰম আছে। সকলোকে মহত্ব ও শক্তিশালী কৰিবৰ কাৰণে আপোনাৰ অধিকাৰ আছে।
Wadata da girma daga gare ka suke; kai ne mai mulkin dukan abubuwa. A hannuwanka ne ƙarfi da iko suke don ka ɗaukaka da kuma ba da ƙarfi ga duka.
13 ১৩ সেয়ে, হে আমাৰ ঈশ্বৰ, আমি আপোনাৰ ধন্যবাদ কৰোঁ, আৰু আপোনাৰ নামৰ গৌৰৱ ও প্ৰশংসা কৰোঁ।
Yanzu fa, Allahnmu, muna gode maka, muna kuma yabon ɗaukakar sunanka.
14 ১৪ কিন্তু মই নো কোন, আৰু মোৰ লোকসকল নো কোন, যে, আমি এইদৰে নিজ ইচ্ছাৰে দান দিবলৈ আগবাঢ়িব পাৰিছোঁ? কিয়নো সকলো বস্তু আপোনাৰ পৰাই আহে, আৰু আপোনাৰ যি তাকে আমি অনন্দমনেৰে আপোনাক দিছোঁ।
“Amma wane ni, kuma wace ce jama’ata da za mu iya ba ka a yalwace kamar haka? Kome daga gare ka suka fito, kuma mun ba ka abin da kawai ya fito daga hannunka ne.
15 ১৫ কাৰণ আমাৰ সকলো পূৰ্ব-পুৰুষ সকলৰ দৰে আমিও আপোনাৰ আগত অচিনাকি আৰু ভ্রমণকাৰী লোক। পৃথিৱীত আমাৰ দিনবোৰ ছাঁ স্বৰূপ আৰু এই পৃথিৱীত আমাৰ একো আশা নাই।
Mu bare ne kuma baƙi a gabanka, kamar yadda dukan kakanninmu suke. Kwanakinmu a duniya suna kamar inuwa ne, ba sa zuciya.
16 ১৬ হে আমাৰ ঈশ্বৰ যিহোৱা, আপোনাৰ, পবিত্ৰ নামৰ উদ্দেশে আপোনাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আমি এই যি সকলো সম্পতি সংগ্রহ কৰিলোঁ, এই সকলো আপোনাৰেই আৰু আপোনাৰ পৰাই অহা।
Ya Ubangiji Allahnmu, game da dukan wannan yalwar da ka tanada saboda ginin haikali saboda Sunanka Mai Tsarki, sun fito daga hannunka ne, kuma dukan naka ne.
17 ১৭ হে মোৰ ঈশ্বৰ, মই এইয়াও জানো যে, আপুনি হৃদয়ৰো পৰীক্ষা কৰে আৰু সৰলতাত সন্তোষ পায়। মই হ’লে মোৰ মনৰ সৰলতাতহে নিজ ইচ্ছাৰে এই সকলো বস্তু দান দিলোঁ, আৰু এতিয়া এই ঠাইত উপস্থিত হোৱা আপোনাৰ লোকসকলেও নিজ ইচ্ছাৰে আপোনাৰ উদ্দেশে দান দিয়া দেখি মই আনন্দিত হৈছোঁ।
Na sani, Allahna, cewa kakan gwada zuciya, kakan kuma gamsu da mutunci. Dukan waɗannan abubuwa na bayar da yardar rai da kuma kyakkyawar niyya. Yanzu kuma da farin ciki na ga yadda mutanenka waɗanda suke a nan da yardar rai suka ba ka.
18 ১৮ আমাৰ পূৰ্ব-পুৰুষ অব্ৰাহাম, ইচহাক, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপুনি আপোনাৰ লোকসকলৰ মনত এই চিন্তাধাৰা সদায় ৰাখক। তেওঁলোকৰ হৃদয় আপোনাতেই মনোনিবেশ কৰক।
Ya Ubangiji Allah na kakanninmu Ibrahim, Ishaku da Isra’ila, ka sa wannan sha’awa a cikin zukatan mutanenka har abada, ka kuma bar zukatansu su yi maka biyayya.
19 ১৯ আপোনাৰ আজ্ঞা, সাক্ষ্য, আৰু বিধিবোৰ সম্পূৰ্ণ হৃদয়েৰে পালন কৰিবলৈ, আৰু এই সকলো কাৰ্য কৰিবলৈ, আৰু মই যি গৃহৰ বাবে ব্যৱস্থা কৰি থৈছোঁ, তাক নিৰ্মাণ কৰিবলৈ মোৰ পুত্ৰ চলোমনক সিদ্ধ মন দিয়ক।”
Ka kuma ba ɗana Solomon cikakkiyar zuciya don yă kiyaye umarnanka, farillanka da ƙa’idodinka yă kuma yi kome don yă gina ƙasaitaccen gini wanda na riga na yi tanadi dominsa.”
20 ২০ দায়ূদে গোটেই সমাজক ক’লে, “এতিয়া তোমালোকে নিজৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰা।” গোটেই সমাজে তেওঁলোকৰ পূৰ্ব-পুৰুষৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰিলে, আৰু মুৰ দোঁৱাই যিহোৱাৰ প্রশংসা কৰিলে আৰু ৰজাৰ আগত প্ৰণিপাত কৰিলে।
Sa’an nan Dawuda ya ce wa dukan taron, “Ku yabi Ubangiji Allahnku.” Saboda haka suka yabi Ubangiji Allah na kakanninsu; suka rusuna suka kuma fāɗi rubda ciki a gaban Ubangiji da kuma sarki.
21 ২১ তাৰ পাছ দিনা তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিলে, আৰু যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিলে। তেওঁলোকে এক হাজাৰ ষাঁড়-গৰু, এক হাজাৰ মতা মেৰ-ছাগ, আৰু এক হাজাৰ মেৰ-ছাগ পোৱালি, আৰু ইয়াৰে সৈতে গোটেই ইস্ৰায়েলৰ কাৰণে পেয় নৈবেদ্য আৰু বলিদান উৎসৰ্গ কৰিলে।
Kashegari suka miƙa hadayu ga Ubangiji suka kuma miƙa hadayu bijimai dubu, raguna dubu da kuma’yan raguna dubu na ƙonawa gare shi, tare da hadayunsu na sha da sauran hadayu a yalwace saboda dukan Isra’ila.
22 ২২ সেই দিনা অতি আনন্দেৰে যিহোৱাৰ আগত ভোজন-পান কৰিলে। তেওঁলোকে দায়ূদৰ পুত্ৰ চলোমনক দ্বিতীয়বাৰ ৰজা পাতিলে; আৰু যিহোৱাৰ উদ্দেশ্যে শাসনকর্তা হবলৈ তেওঁ অভিষেক কৰিলে। তেওঁলোকে পুৰোহিত হবলৈ চাদোককো যিহোৱাৰ উদ্দেশ্যে অভিষেক কৰিলে।
Suka ci suka sha da farin ciki mai girma a gaban Ubangiji a wannan rana. Sa’an nan suka yarda da Solomon ɗan Dawuda a matsayin sarki sau na biyu, suka shafe shi a gaban Ubangiji don yă zama mai mulki, Zadok kuwa ya zama firist.
23 ২৩ তাৰ পাছত চলোমন তেওঁৰ পিতৃ দায়ুদৰ পৰিৱৰ্তে ৰজাহৈ যিহোৱাৰ সিংহাসনত বহিল। তেওঁ কৃতকাৰ্য্য হ’ল, আৰু গোটেই ইস্ৰায়েলে তেওঁৰ আজ্ঞা মানিলে।
Saboda haka Solomon ya zauna a kujerar sarautar Ubangiji a matsayin sarki a maimakon mahaifinsa Dawuda. Ya yi nasara, dukan Isra’ila kuwa suka yi masa biyayya.
24 ২৪ সকলো নেতাসকল, সৈন্যসকল, আৰু দায়ুদ ৰজাৰ পুত্ৰসকল চলোমন ৰজাৰ অধীন হ’ল।
Dukan shugabanni da jarumawa, har ma da dukan’ya’yan Sarki Dawuda maza, suka yi alkawari za su yi wa Sarki Solomon biyayya.
25 ২৫ যিহোৱাই সকলো ইস্ৰায়েলৰ আগত চলোমনক সন্মান প্রদান কৰিলে আৰু যিহোৱাই তেওঁক যি ক্ষমতা দিলে, তেনে ক্ষমতা তেওঁৰ পূৰ্বে ইস্ৰায়েলৰ কোনো ৰজাক দিয়া নাছিল।
Ubangiji ya ɗaukaka Solomon sosai a idon dukan Isra’ila, ya kuma ba shi darajar sarauta yadda babu sarki a Isra’ilan da ya taɓa samu.
26 ২৬ যিচয়ৰ পুত্ৰ দায়ূদে সকলো ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিছিল।
Dawuda ɗan Yesse ya zama sarki a bisa dukan Isra’ila.
27 ২৭ তেওঁ চল্লিশ বছৰ ইস্রায়েলৰ ৰজা আছিল। তেওঁ সাত বছৰ হিব্ৰোণত আৰু তেত্ৰিশ বছৰ যিৰূচালেমত ৰাজত্ৱ কৰিছিল।
Ya yi mulki a bisa Isra’ila shekaru arba’in, shekaru bakwai a Hebron da kuma shekaru talatin da uku a Urushalima.
28 ২৮ তেওঁ সম্পূৰ্ণ বয়স পায়, দীঘলীয়া জীৱন সা-সম্পতি আৰু সন্মান উপভোগ কৰি বৃদ্ধ অৱস্থাত তেওঁৰ মৃত্যু হয়। তেওঁৰ পুত্ৰ চলোমন তেওঁৰ পদত ৰজা হ’ল।
Ya mutu a kyakkyawar tsufa, bayan ya more dogon rai, wadata da girma. Ɗansa Solomon ya gāje shi a matsayin sarki.
29 ২৯ দায়ুদ ৰজাই তেওঁৰ জীৱনত কৰা সকলো কাৰ্য ভাববাদী চমূৱেল, ভাববাদী নাথন আৰু ভাববাদী গাদৰ ইতিহাস-পুস্তকসমূহত বৰ্ণনা কৰা হৈছে।
Game da ayyukan mulkin Sarki Dawuda, daga farko har ƙarshe, an rubuta su a cikin tarihin Sama’ila mai duba, tarihin annabi Natan da kuma tarihin Gad mai duba,
30 ৩০ এই পুস্তকসমূহত ইস্ৰায়েলক ৰাজত্ৱ কৰা সময়ত দায়ূদে যিবোৰ কাৰ্য কৰিছিল, সেই সকলো ইয়াতে উল্লেখ আছে। লিখকসকলে ইস্রায়েল আৰু তাৰ ওচৰ চুবুৰীয়া ৰাজ্যৰ, দায়ূদৰ ক্ষমতা আৰু তেওঁৰ জীৱনৰ সকলো ঘটনা লিখিলে।
tare da yadda mulkinsa da ikonsa da yanayin da suka kewaye shi da Isra’ila da kuma dukan masarautai na dukan sauran ƙasashe.

< ১ বংশাবলি 29 >