< ১ বংশাবলি 28 >
1 ১ দায়ূদে যিৰূচালেমত ইস্ৰায়েলৰ সকলো কৰ্মচাৰীক এক গোট কৰিলে: জাতিবোৰৰ কৰ্মচাৰীসকলক, সময়-সূচী অনুযায়ী ৰজাৰ পৰিচৰ্যা কৰা বিভাগবোৰৰ কৰ্মচাৰীসকলক, সহস্ৰপতিসকলক আৰু শতপতিসকলক, ৰজা আৰু তেওঁৰ পুত্রসকলৰ দখলত থকা সকলো সম্পত্তিৰ পৰিচালকসকলক, কর্মচাৰী আৰু যুদ্ধাৰু লোকসকলক, তেওঁলোকৰ মাজৰ সকলোতকৈ নিপূণ লোকসকলক যিৰূচালেমত এক গোট কৰিলে।
१और दाऊद ने इस्राएल के सब हाकिमों को अर्थात् गोत्रों के हाकिमों और राजा की सेवा टहल करनेवाले दलों के हाकिमों को और सहस्त्रपतियों और शतपतियों और राजा और उसके पुत्रों के पशु आदि सब धन-सम्पत्ति के अधिकारियों, सरदारों और वीरों और सब शूरवीरों को यरूशलेम में बुलवाया।
2 ২ তাৰ পাছত ৰজা দায়ূদে থিয় হৈ ক’লে, “হে মোৰ ভাইসকল আৰু মোৰ লোক সমূহ, মোৰ কথা শুনা; যিহোৱাৰ নিয়ম-চন্দুকৰ অৰ্থে আৰু আমাৰ ঈশ্বৰৰ ভৰি-পীৰাৰ অৰ্থে এটা মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ মোৰ পৰিকল্পনা আছিল। এই গৃহ নিৰ্ম্মাণৰ বাবে মই প্ৰস্তুতো হৈছিলো।
२तब दाऊद राजा खड़ा होकर कहने लगा, “हे मेरे भाइयों! और हे मेरी प्रजा के लोगों! मेरी सुनो, मेरी मनसा तो थी कि यहोवा की वाचा के सन्दूक के लिये और हम लोगों के परमेश्वर के चरणों की पीढ़ी के लिये विश्राम का एक भवन बनाऊँ, और मैंने उसके बनाने की तैयारी की थी।
3 ৩ কিন্তু ঈশ্বৰে মোক ক’লে, ‘মোৰ নামৰ অৰ্থে তুমি মন্দিৰ নিৰ্ম্মাণ নকৰিবা, কাৰণ তুমি এজন যুদ্ধৰু আৰু তুমি ৰক্তপাত কৰিলা।’
३परन्तु परमेश्वर ने मुझसे कहा, ‘तू मेरे नाम का भवन बनाने न पाएगा, क्योंकि तू युद्ध करनेवाला है और तूने लहू बहाया है।’
4 ৪ তথাপি যিহোৱাই, ইস্ৰায়েলৰ ঈশ্বৰে; ইস্ৰায়েলৰ ওপৰত সদায় ৰাজত্ব কৰিবৰ বাবে মোৰ আটাই পিতৃপৰিয়ালৰ মাজৰ পৰা মোক মনোনীত কৰিলে। তেওঁ নেতৃত্ব দিবৰ বাবে যিহূদা জাতিক মনোনীত কৰিলে। যিহূদাৰ জাতি, মোৰ পিতৃৰ পৰিয়ালবৰ্গ আৰু মোৰ পিতৃৰ সকলো পুত্রৰ মাজৰ পৰা তেওঁ মোক গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা হ’বলৈ মনোনীত কৰিলে।
४तो भी इस्राएल के परमेश्वर यहोवा ने मेरे पिता के सारे घराने में से मुझी को चुन लिया, कि इस्राएल का राजा सदा बना रहूँ अर्थात् उसने यहूदा को प्रधान होने के लिये और यहूदा के घराने में से मेरे पिता के घराने को चुन लिया और मेरे पिता के पुत्रों में से वह मुझी को सारे इस्राएल का राजा बनाने के लिये प्रसन्न हुआ।
5 ৫ যিহোৱাই মোক দিয়া অনেক পুত্ৰৰ মাজত ইস্ৰায়েলৰ ওপৰত যিহোৱাৰ ৰাজসিংহাসনত বহিবলৈ তেওঁ মোৰ পুত্ৰ চলোমনক মনোনীত কৰিলে।
५और मेरे सब पुत्रों में से (यहोवा ने तो मुझे बहुत पुत्र दिए हैं) उसने मेरे पुत्र सुलैमान को चुन लिया है, कि वह इस्राएल के ऊपर यहोवा के राज्य की गद्दी पर विराजे।
6 ৬ তেওঁ মোক ক’লে, ‘তোমাৰ পুত্ৰ চলোমনে মোৰ গৃহ আৰু চোতাল কেইখন নিৰ্ম্মাণ কৰিব, কাৰণ মোৰ পুত্ৰ হ’বলৈ মই তেওঁক মনোনীত কৰিলোঁ, আৰু মই তেওঁৰ পিতৃ হ’ম।
६और उसने मुझसे कहा, ‘तेरा पुत्र सुलैमान ही मेरे भवन और आँगनों को बनाएगा, क्योंकि मैंने उसको चुन लिया है कि मेरा पुत्र ठहरे, और मैं उसका पिता ठहरूँगा।
7 ৭ আজি তুমি যি দৰে আছা যদি তেওঁ সেই দৰে মোৰ আজ্ঞাবোৰ আৰু শাসন-প্ৰণালীবোৰ পালন কৰি চলে, তেনেহলে মই তেওঁৰ ৰাজ্য চিৰস্থায়ীৰূপে স্থাপন কৰিম।
७और यदि वह मेरी आज्ञाओं और नियमों के मानने में आजकल के समान दृढ़ रहे, तो मैं उसका राज्य सदा स्थिर रखूँगा।’
8 ৮ এই হেতুকে এতিয়া ইস্ৰায়েলৰ সাক্ষাতে যিহোৱাৰ উদ্দেশে সমবেত হোৱা আৰু আমাৰ ঈশ্বৰৰ উপস্থিতিত ঈশ্ৱৰ যিহোৱাৰ সকলো আজ্ঞা পালন কৰিবলৈ তোমালোক সকলোৱে চেষ্টা কৰা। এই উত্তম দেশৰ অধিকাৰী হবলৈ আৰু তোমালোকৰ পাছত চিৰকালৰ বাবে পুৰুষানুক্রমে তোমালোকৰ সন্তান সকলৰ অধিকাৰত যেন থাকে তাৰ কাৰণে এই সকলো কৰা।
८इसलिए अब इस्राएल के देखते अर्थात् यहोवा की मण्डली के देखते, और अपने परमेश्वर के सामने, अपने परमेश्वर यहोवा की सब आज्ञाओं को मानो और उन पर ध्यान करते रहो; ताकि तुम इस अच्छे देश के अधिकारी बने रहो, और इसे अपने बाद अपने वंश का सदा का भाग होने के लिये छोड़ जाओ।
9 ৯ হে বোপা চলোমন, তুমি তোমাৰ পিতৃৰ ঈশ্বৰক মানি চলিবা, আৰু তোমাৰ সকলো হৃদয়েৰ আৰু হৰ্ষিত মনেৰে তেওঁৰ পৰিচৰ্যা কৰিবা। এই দৰে কৰা কাৰণ যিহোৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে আৰু সকলোৰে কল্পনাকো বুজে। তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা, কিন্তু যদি তেওঁক ত্যাগ কৰা, তেন্তে তেওঁ তোমাকো চিৰকাললৈকে ত্যাগ কৰিব।
९“हे मेरे पुत्र सुलैमान! तू अपने पिता के परमेश्वर का ज्ञान रख, और खरे मन और प्रसन्न जीव से उसकी सेवा करता रह; क्योंकि यहोवा मन को जाँचता और विचार में जो कुछ उत्पन्न होता है उसे समझता है। यदि तू उसकी खोज में रहे, तो वह तुझको मिलेगा; परन्तु यदि तू उसको त्याग दे तो वह सदा के लिये तुझको छोड़ देगा।
10 ১০ পবিত্র-স্থানৰ অৰ্থে মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ যিহোৱাই যে, তোমাক মনোনীত কৰিলে তাক তুমি অনুভৱ কৰা; সাহিয়াল হোৱা আৰু এই কাৰ্য কৰা।
१०अब चौकस रह, यहोवा ने तुझे एक ऐसा भवन बनाने को चुन लिया है, जो पवित्रस्थान ठहरेगा, हियाव बाँधकर इस काम में लग जा।”
11 ১১ তাৰ পাছত দায়ূদে তেওঁৰ পুত্ৰ চলোমনক মন্দিৰৰ বাৰাণ্ডাৰ, মন্দিৰৰ ঘৰৰবোৰৰ, গুদামবোৰৰ, ওপৰৰ কোঁঠালিবোৰৰ, ভিতৰৰ কোঁঠালিবোৰৰ, আৰু পাপ-প্রায়শ্চিতৰ আৱৰণৰ নক্সা দিলে।
११तब दाऊद ने अपने पुत्र सुलैमान को मन्दिर के ओसारे, कोठरियों, भण्डारों, अटारियों, भीतरी कोठरियों, और प्रायश्चित के ढकने के स्थान का नमूना,
12 ১২ যিহোৱাৰ গৃহৰ চোতাল কেইখনৰ, চাৰিওফালে থকা সকলো কোঁঠালিবোৰৰ, ঈশ্বৰৰ গৃহত থকা গুদামবোৰৰ, আৰু মন্দিৰৰ বাবে পবিত্ৰ কৰা বস্তুৰ ভঁৰালবোৰৰ বাবে তেওঁ অঙ্কন কৰা নক্সা তেওঁ চলোমনক দিলে।
१२और यहोवा के भवन के आँगनों और चारों ओर की कोठरियों, और परमेश्वर के भवन के भण्डारों और पवित्र की हुई वस्तुओं के भण्डारों के, जो-जो नमूने परमेश्वर के आत्मा की प्रेरणा से उसको मिले थे, वे सब दे दिए।
13 ১৩ তেওঁ তেওঁক পুৰোহিতসকলৰ আৰু লেবীয়াসকলৰ বিভাগসমূহৰ বাবে বিধি দিলে আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ কাৰ্য আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ বাবে ব্যৱহাৰ হোৱা সামগ্রী সমূহৰ দায়িত্বত নিযুক্ত কৰিলে।
१३फिर याजकों और लेवियों के दलों, और यहोवा के भवन की सेवा के सब कामों, और यहोवा के भवन की सेवा के सब सामान,
14 ১৪ তেওঁ সকলো প্রকাৰৰ পৰিচৰ্যাৰ বাবে সোণৰ পাত্ৰবোৰ আৰু সকলো প্রকাৰৰ পৰিচৰ্যাৰত ব্যৱহাৰ হোৱা সামগ্রীৰ বাবে ৰূপৰ পাত্ৰবোৰ গুৰুত্ব সহকাৰে তেওঁক দিলে।
१४अर्थात् सब प्रकार की सेवा के लिये सोने के पात्रों के निमित्त सोना तौलकर, और सब प्रकार की सेवा के लिये चाँदी के पात्रों के निमित्त चाँदी तौलकर,
15 ১৫ সোণৰ দীপাধাৰবোৰৰ আৰু তাৰ প্রদীপবোৰৰ প্ৰত্যেক দীপাধাৰ আৰু তাৰ প্রদীপবোৰৰ সোণৰ পৰিমান অনুসাৰে জুখি দিলে। ৰূপৰ দীপাধাৰবোৰৰ আৰু প্রদীপবোৰৰ প্ৰত্যেক দীপাধাৰ আৰু তাৰ প্রদীপবোৰৰ ৰূপৰ পৰিমান অনুসাৰে জুখি দিলে। যাতে প্রত্যেক দীপাধাৰবোৰৰ উপযুক্ত ব্যৱহাৰ হয়।
१५और सोने की दीवटों के लिये, और उनके दीपकों के लिये प्रति एक-एक दीवट, और उसके दीपकों का सोना तौलकर और चाँदी की दीवटों के लिये एक-एक दीवट, और उसके दीपक की चाँदी, प्रति एक-एक दीवट के काम के अनुसार तौलकर,
16 ১৬ দৰ্শন-পিঠাৰ মেজ, আৰু প্রত্যক মেজৰ বাবে সোণৰ পৰিমাণ, আৰু ৰূপৰ মেজবোৰৰ বাবে ৰূপৰ পৰিমাণ তেওঁ জুখি দিলে।
१६और भेंट की रोटी की मेजों के लिये एक-एक मेज का सोना तौलकर, और चाँदी की मेजों के लिये चाँदी,
17 ১৭ তেওঁ যাঠী, তেজ ছটিওৱা চৰিয়া, আৰু পিয়লাবোৰৰ বাবে শুদ্ধ সোণৰ পৰিমাণ জুখি দিলে। তেওঁ প্রত্যেক সোণৰ বাটিবোৰৰ আৰু প্ৰত্যেক ৰূপৰ বাটিবোৰৰ বাবে সোণৰ আৰু ৰূপৰ পৰিমাণ জুখি দিলে।
१७और शुद्ध सोने के काँटों, कटोरों और प्यालों और सोने की कटोरियों के लिये एक-एक कटोरी का सोना तौलकर, और चाँदी की कटोरियों के लिये एक-एक कटोरी की चाँदी तौलकर,
18 ১৮ ধূপ-বেদিৰ বাবে নিৰ্ম্মল সোণৰ পৰিমাণ, আৰু ডেউকা মেলি যিহোৱাৰ নিয়ম-চন্দুক ঢাকি ধৰা কৰূব দুটাৰ নক্সাৰ কাৰণে সোণৰ পৰিমাণ জুখি দিলে।
१८और धूप की वेदी के लिये ताया हुआ सोना तौलकर, और रथ अर्थात् यहोवा की वाचा का सन्दूक ढाँकनेवाले और पंख फैलाए हुए करूबों के नमूने के लिये सोना दे दिया।
19 ১৯ দায়ূদে ক’লে, “নমুনাৰ বিষয়ে বুজিব পৰাকৈ যিহোৱাই মোক নিৰ্দেশ দিয়া অনুযায়ী মই এই সকলো লিখিত ভাৱে ৰাখিলোঁ।
१९दाऊद ने कहा “मैंने यहोवा की शक्ति से जो मुझ को मिली, यह सब कुछ बूझकर लिख दिया है।”
20 ২০ দায়ূদে তেওঁৰ পুত্ৰ চলোমনক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা। এই কাৰ্য কৰা। ভয় নকৰিবা আৰু ব্যাকুল নহ’বা, কিয়নো ঈশ্বৰ যিহোৱা, মোৰ ঈশ্বৰেই তোমাৰ লগত আছে। যিহোৱাৰ গৃহৰ সকলো কাৰ্য সমাপ্ত নোহোৱালৈকে তেওঁ তোমাক পৰিত্যাগ নকৰিব।
२०फिर दाऊद ने अपने पुत्र सुलैमान से कहा, हियाव बाँध और दृढ़ होकर इस काम में लग जा। मत डर, और तेरा मन कच्चा न हो, क्योंकि यहोवा परमेश्वर जो मेरा परमेश्वर है, वह तेरे संग है; और जब तक यहोवा के भवन में जितना काम करना हो वह न हो चुके, तब तक वह न तो तुझे धोखा देगा और न तुझे त्यागेगा।
21 ২১ চোৱা, ইয়াত ঈশ্বৰৰ গৃহৰ সকলো কাৰ্যৰ বাবে পুৰোহিতসকল আৰু লেবীয়াসকলৰ বিভাগসমূহ আছে। তেওঁলোক তোমাৰ লগত থাকিব, এই কাৰ্যৰ অৰ্থে ইচ্ছা থকা সকলো লোক আৰু নিপূণ লোকসকলে তোমাক সকলো কাৰ্য কৰিবলৈ আৰু পৰিচৰ্যা কৰিবলৈ সহায় কৰিব। তোমাৰ আদেশবোৰ অনুসৰণ কৰিবলৈ সকলো কৰ্মচাৰী আৰু সকলো লোক প্রস্তুত।
२१और देख परमेश्वर के भवन के सब काम के लिये याजकों और लेवियों के दल ठहराए गए हैं, और सब प्रकार की सेवा के लिये सब प्रकार के काम प्रसन्नता से करनेवाले बुद्धिमान पुरुष भी तेरा साथ देंगे; और हाकिम और सारी प्रजा के लोग भी जो कुछ तू कहेगा वही करेंगे।”