< ১ বংশাবলি 26 >

1 দুৱৰী সকলৰ বিভাগসমূহ তলত দিয়া হ’ল: কোৰহীয়া সকলৰ পৰা, কোৰিৰ পুত্ৰ মচেলেমিয়া আচফৰ এজন বংশধৰ আছিল।
و اما فرقه هاي دربانان: پس از قُورَحيان مَشَلَميا ابن قُورِي که از بني آساف بود.۱
2 মচেলেমিয়াৰ পুত্র সকল: প্রথম পুত্র জখৰিয়া, দ্বিতীয় যিদীয়েল, তৃতীয় জবদিয়া, চতুৰ্থ যৎনীয়েল,
و مَشَلَميا را پسران بود. نخست زاده اش زکريا و دوم يديعيئيل و سوم زَبَديا و چهارم يتنِيئيل.۲
3 পঞ্চম এলম, ষষ্ঠ যোহোহানন, আৰু সপ্তম ইলিহোঐনয়।
و پنجم عِيلام و ششم يهوحانان و هفتم اَلِيهُوعِيناي.۳
4 ওবেদ-ইদোমৰ পুত্র সকল: প্রথম পুত্র চময়িয়া, দ্বিতীয় যিহোজাবদ, তৃতীয় যোৱাহ, চতুৰ্থ চাখৰ, পঞ্চম নথনেল,
و عُوبِيد اَدُوم را پسران بود: نخست زاده اش، شَمَعيا و دوم يهُوزاباد و سوم يوآخ و چهارم ساکار و پنجم نَتَنئيل.۴
5 ষষ্ঠ অম্মীয়েল, সপ্তম ইচাখৰ, আৰু অষ্টম পিয়ুলতয়, কাৰণ ঈশ্বৰে ওবেদ-ইদোমক আশীৰ্ব্বাদ কৰিছিল।
و ششم عَمّيئيل و هفتم يسّاکار و هشتم فَعَلتاي زيرا خدا او را برکت داده بود.۵
6 তেওঁৰ পুত্র চময়িয়াৰ কেইজনো পুত্র জন্মিল; তেওঁলোকে নিজৰ পৰিয়াল সকলক শাসন কৰিছিল; তেওঁলোক বহুতো দক্ষতা সম্পন্ন লোক আছিল।
و براي پسرش شَمَعيا پسراني که بر خاندان آباي خويش تسلط يافتند، زاييده شدند زيرا که ايشان مردان قوي شجاع بودند.۶
7 চময়িয়াৰ পুত্র সকল হ’ল অৎনী, ৰফায়েল, ওবেদ, আৰু ইলজাবদ। তেওঁৰ সম্পৰ্কীয় ইলীহু ও চমখিয়াও বহুতো দক্ষতা সম্পন্ন লোক আছিল।
پسران شَمَعيا عُتنِي و رَفائيل و عُوبيد و اَلزاباد که برادران او مردان شجاع بودند و اَلِهُو و سَمَکيا.۷
8 এওঁলোক সকলোৱেই ওবেদ-ইদোমৰ বংশধৰ আছিল। তেওঁলোক, তেওঁলোকৰ পুত্র সকল আৰু সম্পৰ্কীয় সকল ঈশ্বৰৰ আবাসৰ পৰিচৰ্যাৰ তেওঁলোকৰ কাম কৰাত সক্ষম লোক আছিল। তেওঁলোকৰ মাজৰ বাষষ্টি জন ওবেদ-ইদোমৰ সম্পৰ্কীয় আছিল।
جميع اينها از بني عُوبيد اَدُوم بودند و ايشان با پسران و برادران ايشان در قوتِ خدمت مردان قابل بودند يعني شصت و دو نفر (از اولاد) عوبيد اَدُوم.۸
9 মচেলেমিয়াৰ পুত্র সকল আৰু সম্পৰ্কীয় সকল, সক্ষম লোকসকল, সৰ্বমুঠ ওঠৰ জন আছিল।
و مَشَلَميا هجده نفر مردان قابل از پسران و برادران خود داشت.۹
10 ১০ মৰাৰীৰ এজন বংশধৰ হোচাৰ পুত্র সকল: চিম্ৰী এজন নেতা, যদিও তেওঁ প্রথম পুত্র নাছিল, তথাপিও তেওঁৰ পিতৃয়ে তেওঁক নেতৃত্বৰ ভাৰ দিছিল,
و حُوسَه که از بني مَراري بود پسران داشت که شِمرِي رئيس ايشان بود زيرا اگر چه نخست زاده نبود، پدرش او را رئيس ساخت.۱۰
11 ১১ দ্বিতীয় হিল্কিয়া, তৃতীয় টবলিয়া, আৰু চতুৰ্থ জখৰিয়া। হোচাৰ পুত্র আৰু সম্পৰ্কীয় লোকসকল সংখ্যাত তেৰ জন আছিল।
و دوم حِلقيا و سوم طَبَليا و چهارم زکريا و جميع پسران و برادران حُوسَه سيزده نفر بودند.۱۱
12 ১২ দুৱৰী সকলৰ বিভাগবোৰে তেওঁলোকৰ নেতা সকলৰ লগত যোগাযোগ কৰি তেওঁলোকৰ সম্পৰ্কীয় সকলৰ দৰে, যিহোৱাৰ গৃহত পৰিচৰ্যা কৰি, তেওঁলোকৰ কৰিবলগীয়া কাৰ্য কৰে।
و به اينان يعني به رؤساي ايشان فرقه هاي دربانان داده شد و وظيفه هاي ايشان مثل برادران ايشان بود تا در خانه خداوند خدمت نمايند.۱۲
13 ১৩ তেওঁলোকে সকলো সম্পৰ্কীয় সকলৰ লগত যোগাযোগ কৰি সৰু কি বৰ সকলোৱে প্ৰত্যেক দুৱাৰৰ বাবে চিঠি খেলালে।
و ايشان از کوچک و بزرگ بر حسب خاندان آباي خويش براي هر دوازده قرعه انداختند.۱۳
14 ১৪ যেতিযা পূব দিশৰ দুৱাৰৰ বাবে চিঠি খেলালে তেতিয়া চেলেমিয়াৰ নাম উঠিল। তেওঁৰ পুত্র জখৰিয়া ভাল পৰামৰ্শ দিওঁতা লোক আছিল, চিঠি খেলত উত্তৰ দিশৰ বাবে তেওঁৰ নাম উঠিল।
و قرعه شرقي به شَلَميا افتاد و بعد از او براي پسرش زکريا که مُشيرِ دانا بود، قرعه انداختند و قرعه او به سمت شمال بيرون آمد.۱۴
15 ১৫ দক্ষিণ দিশৰ দুৱাৰৰ বাবে ওবেদ-ইদোমক নির্ধাৰণ কৰে; আৰু তেওঁৰ পুত্র সকলক ভঁৰালৰ বাবে নির্ধাৰন কৰে।
و براي عُوبيد اَدُوم (قرعه) جنوبي و براي پسرانش (قرعه) بيت المال.۱۵
16 ১৬ পশ্চিম দিশৰ দুৱাৰৰ সৈতে ওপৰলৈ উঠি যোৱা বাটৰ চল্লেখৎ দুৱাৰো চূপ্পীম আৰু হোচাৰ নামত নির্ধাৰন কৰে। প্রতেক পৰিয়ালৰ কাৰণে; ৰখীয়া সকল আছিল।
و براي شُفّيم و حُوسَه قرعه مغربي نزد دروازه شَلَکَت در جاده اي که سر بالا مي رفت و محرس اين مقابل محرس آن بود.۱۶
17 ১৭ পূবফালে ছয় জন লেবীয়া লোক, উত্তৰফালে প্রতিদিনে চাৰি জন, দক্ষিণ ফালেও প্রতিদিনে চাৰি জন, আৰু ভঁৰালত দুজন দুজন।
و به طرف شرقي شش نفر از لاويان بودند و به طرف شمال هر روزه چهار نفر و به طرف جنوب هر روزه چهار نفر و نزد بيت المال جفت جفت.۱۷
18 ১৮ পশ্চিমফালৰ চোতালত চাৰি জনক নিযুক্ত কৰে, চাৰি জন বাটত আৰু চোতালত দুজন।
و به طرف غربي فَروار براي جاده سربالا چهار نفر و براي فَروار دو نفر.۱۸
19 ১৯ এইদৰেই দুৱৰী সকলক ভাগ কৰা হ’ল। তেওঁলোক সকলো কোৰহীয়া আৰু মৰাৰীয়া বংশৰ পৰা অহা লোক আছিল।
اينها فرقه هاي دربانان از بني قُورَح و از بني مَراري بودند.۱۹
20 ২০ লেবীয়াসকলৰ ভিতৰত, অহিয়া ঈশ্বৰৰ গৃহৰ আৰু পবিত্ৰীকৃত বস্তুৰ ভঁৰালৰ দায়িত্বত আছিল।
و اما از لاويان اَخِيا بر خزانه خانه خدا و بر خزانه موقوفات بود.۲۰
21 ২১ লদ্দনৰ বংশধৰ সকল, তেওঁৰ পৰা অহা গেৰ্চোনীয়াৰ বংশধৰ সকল, আৰু যি সকল গের্চোনীয়াৰ লদ্দনৰ পৰিয়ালৰ নেতা আছিল, তেওঁলোক যিহীয়েলী আৰু তেওঁৰ পুত্র সকল।
و اما بني لادان: از پسران لادان جَرشوني رؤساي خاندان آباي لادان يحيئيلي جَرشوني.۲۱
22 ২২ যেথম আৰু যোৱেল তেওঁৰ ভায়েক আছিল। তেওঁলোকো যিহোৱাৰ গৃহৰ ভঁৰালৰ দায়িত্বত আছিল।
پسران يحيئيلي زيتام و برادرش يوئيل بر خزانه خانه خداوند بودند.۲۲
23 ২৩ অম্ৰমীয়া, যিচহৰীয়া, হিব্ৰোণীয়া, আৰু উজ্জীয়েলীয়াৰ গোষ্ঠীৰ পৰাও তাত দুৱৰী আছিল।
از عَمراميان و از يصهاريان و از حَبرُونيان و از عُزّيئيليان.۲۳
24 ২৪ গেৰ্চোমৰ বংশৰ মোচিৰ পুত্র চবূৱেল ভঁৰালৰ তদাৰক কৰিছিল।
و شَبُوئيل بن جَرشُوم بن موسي ناظر خزانه ها بود.۲۴
25 ২৫ তেওঁৰ সম্পৰ্কীয় লোক সকল ইলিয়েজৰৰ গোষ্ঠীৰ পৰা আছিল আৰু চবুৱেলৰ পুত্র ৰহবিয়া আছিল। ৰহবিয়াৰ পুত্র যিচয়া, যিচয়াৰ পুত্র যোৰাম, যোৰামৰ পুত্র জিখ্ৰী, জিখ্ৰীৰ পুত্র চলোমোৎ।
و از برادرانش بني اَلِعازار، پسرش رَحَبيا و پسرش اَشعَيا و پسرش يورام و پسرش زِکرِي و پسرش شَلوميت.۲۵
26 ২৬ দায়ুদ ৰজা, পৰিয়ালৰ মূল লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, আৰু সেনাপতিসকলে যিবোৰ বস্তু পবিত্ৰ কৰিছিল, সেইবোৰ চলোমোৎ আৰু তেওঁৰ সম্বন্ধীয় লোকসকলে সেই ভঁৰালৰ তদাৰক কৰিছিল।
اين شَلُوميت و برادرانش بر جميع خزائن موقوفاتي که داود پادشاه وقف کرده بود و رؤساي آبا و رؤساي هزاره ها و صده ها و سرداران لشکر بودند.۲۶
27 ২৭ যিহোৱাৰ গৃহ মেৰামতি কৰিবৰ অৰ্থে তেওঁলোকে যুদ্ধত পোৱা লূটদ্ৰব্যৰ মাজৰ অনেক বস্তু উৎসর্গ কৰিছিল।
از جنگها و غنيمت ها وقف کردند تا خانه خداوند را تعمير نمايند.۲۷
28 ২৮ চমূৱেল ভাববাদীয়ে, কীচৰ পুত্ৰ চৌলে, নেৰৰ পুত্ৰ অবনেৰে, আৰু চৰূয়াৰ পুত্ৰ যোৱাবে যিবিলাক বস্তু উৎসর্গ কৰিছিল, এই সকলোৰ দায়িত্বত তেওঁলোক আছিল। উৎসর্গ কৰা সকলো বস্তু চলোমোৎ আৰু তেওঁৰ সম্পৰ্কীয়া লোক সকলৰ নিৰাপত্তাত আছিল।
و هر آنچه سموئيل رايي و شاؤل بن قَيس و اَبنيرين نير و يوآب بن صَرُويه وقف کرده بودند و هر چه هر کس وقف کرده بود زير دست شَلُوميت و برادرانش بود.۲۸
29 ২৯ যিচহৰীয়াৰ বংশধৰ সকলৰ, কননিয়া আৰু তেওঁৰ পুত্ৰসকলক ইস্ৰায়েলৰ সমাজৰ কৰ্মচাৰী আৰু বিচাৰকৰ্ত্তাৰ কাৰ্যৰ বাবে নিযুক্ত কৰে।
و از يصهاريان کَنَنيا و پسرانش براي اعمال خارجه اسرائيل صاحبان منصب و داوران بودند.۲۹
30 ৩০ হিব্ৰোণীয়াৰ বংশধৰসকল, হচবিয়া আৰু তেওঁৰ ভাইসকল এক হাজাৰ সাত শ সক্ষম লোক আছিল, তেওঁলোকক যিহোৱাৰ কাৰ্য আৰু ৰজাৰ কাৰ্যত নিযুক্ত কৰা হছিল। তেওঁলোক যৰ্দ্দনৰ পশ্চিমফালে আছিল।
و از حَبرُونيان حَشَبيا و برادرانش هزار و هفتصد نفر مردان شجاع به آن طرف اُردُن به سمت مغرب به جهت هر کار خداوند و به جهت خدمت پادشاه بر اسرائيل گماشته شده بودند.۳۰
31 ৩১ হিব্ৰোণীয়াৰ বংশধৰ সকলৰ পৰা যিৰিয়া তেওঁৰ বংশৰ মূখ্য লোক আছিল। তেওঁ তেওঁলোকৰ পৰিয়ালৰ তালিকাৰ পৰা গণনা কৰা লোক আছিল। দায়ূদৰ ৰাজত্বৰ চল্লিশ বছৰত তেওঁলোকে লিপিৱদ্ধ কৰা নথি পত্র পৰীক্ষা কৰি তেওঁলোকৰ মাজত গিলিয়দৰ যাজেৰক দক্ষতা সম্পন্ন লোক বিচাৰি পালে।
از حَبرُونيان: بر حسب انساب آباي ايشان يريا رئيس حَبرُونيان بود و در سال چهلم سلطنت داود طلبيده شدند و در ميان ايشان مردان شجاع در يعزير جِلعاد يافت شدند.۳۱
32 ৩২ যাজেৰকৰ দুই হাজাৰ সাত শ সম্পৰ্কীয় লোক আছিল, যিসকল পৰিয়ালৰ সক্ষম লোক আছিল। দায়ূদে ঈশ্বৰীয় আৰু ৰাজকীয় কাম কৰিবলৈ, ৰূবেণীয়া, গাদীয়া, আৰু মনচিৰ আধা জাতিবোৰৰ ওপৰত তেওঁলোকক অধ্যক্ষ পাতিলে।
و از برادرانش دو هزار و هفتصد مرد شجاع و رئيس آبا بودند. پس داود پادشاه ايشان را بر رؤبينيان و جاديان و نصف سبط مَنَّسي براي همه امور خدا و امور پادشاه گماشت.۳۲

< ১ বংশাবলি 26 >