< ১ বংশাবলি 26 >
1 ১ দুৱৰী সকলৰ বিভাগসমূহ তলত দিয়া হ’ল: কোৰহীয়া সকলৰ পৰা, কোৰিৰ পুত্ৰ মচেলেমিয়া আচফৰ এজন বংশধৰ আছিল।
Divisiones autem ianitorum: de Coritis Meselemia, filius Core, de filiis Asaph.
2 ২ মচেলেমিয়াৰ পুত্র সকল: প্রথম পুত্র জখৰিয়া, দ্বিতীয় যিদীয়েল, তৃতীয় জবদিয়া, চতুৰ্থ যৎনীয়েল,
Filii Meselemiæ: Zacharias primogenitus, Iadihel secundus, Zabadias tertius, Iathanael quartus,
3 ৩ পঞ্চম এলম, ষষ্ঠ যোহোহানন, আৰু সপ্তম ইলিহোঐনয়।
Ælam quintus, Iohanan sextus, Elioenai septimus.
4 ৪ ওবেদ-ইদোমৰ পুত্র সকল: প্রথম পুত্র চময়িয়া, দ্বিতীয় যিহোজাবদ, তৃতীয় যোৱাহ, চতুৰ্থ চাখৰ, পঞ্চম নথনেল,
Filii autem Obededom: Semeias primogenitus, Iozabad secundus, Ioaha tertius, Sachar quartus, Nathanael quintus,
5 ৫ ষষ্ঠ অম্মীয়েল, সপ্তম ইচাখৰ, আৰু অষ্টম পিয়ুলতয়, কাৰণ ঈশ্বৰে ওবেদ-ইদোমক আশীৰ্ব্বাদ কৰিছিল।
Ammiel sextus, Issachar septimus, Phollathi octavus: quia benedixit illi Dominus.
6 ৬ তেওঁৰ পুত্র চময়িয়াৰ কেইজনো পুত্র জন্মিল; তেওঁলোকে নিজৰ পৰিয়াল সকলক শাসন কৰিছিল; তেওঁলোক বহুতো দক্ষতা সম্পন্ন লোক আছিল।
Semei autem filio eius nati sunt filii, præfecti familiarum suarum: erant enim viri fortissimi.
7 ৭ চময়িয়াৰ পুত্র সকল হ’ল অৎনী, ৰফায়েল, ওবেদ, আৰু ইলজাবদ। তেওঁৰ সম্পৰ্কীয় ইলীহু ও চমখিয়াও বহুতো দক্ষতা সম্পন্ন লোক আছিল।
Filii ergo Semeiæ: Othni, et Raphael, et Obed, Elzabad, fratres eius viri fortissimi: Eliu quoque, et Samachias.
8 ৮ এওঁলোক সকলোৱেই ওবেদ-ইদোমৰ বংশধৰ আছিল। তেওঁলোক, তেওঁলোকৰ পুত্র সকল আৰু সম্পৰ্কীয় সকল ঈশ্বৰৰ আবাসৰ পৰিচৰ্যাৰ তেওঁলোকৰ কাম কৰাত সক্ষম লোক আছিল। তেওঁলোকৰ মাজৰ বাষষ্টি জন ওবেদ-ইদোমৰ সম্পৰ্কীয় আছিল।
Omnes hi, de filiis Obededom: ipsi, et filii, et fratres eorum fortissimi ad ministrandum, sexaginta duo de Obededom.
9 ৯ মচেলেমিয়াৰ পুত্র সকল আৰু সম্পৰ্কীয় সকল, সক্ষম লোকসকল, সৰ্বমুঠ ওঠৰ জন আছিল।
Porro Meselemiæ filii, et fratres eorum robustissimi, decem et octo.
10 ১০ মৰাৰীৰ এজন বংশধৰ হোচাৰ পুত্র সকল: চিম্ৰী এজন নেতা, যদিও তেওঁ প্রথম পুত্র নাছিল, তথাপিও তেওঁৰ পিতৃয়ে তেওঁক নেতৃত্বৰ ভাৰ দিছিল,
De Hosa autem, id est, de filiis Merari: Semri princeps (non enim habuerat primogenitum, et idcirco posuerat eum pater eius in principem)
11 ১১ দ্বিতীয় হিল্কিয়া, তৃতীয় টবলিয়া, আৰু চতুৰ্থ জখৰিয়া। হোচাৰ পুত্র আৰু সম্পৰ্কীয় লোকসকল সংখ্যাত তেৰ জন আছিল।
Helcias secundus, Tabelias tertius, Zacharias quartus. Omnes hi filii, et fratres Hosa, tredecim.
12 ১২ দুৱৰী সকলৰ বিভাগবোৰে তেওঁলোকৰ নেতা সকলৰ লগত যোগাযোগ কৰি তেওঁলোকৰ সম্পৰ্কীয় সকলৰ দৰে, যিহোৱাৰ গৃহত পৰিচৰ্যা কৰি, তেওঁলোকৰ কৰিবলগীয়া কাৰ্য কৰে।
Hi divisi sunt in ianitores, ut semper principes custodiarum, sicut et fratres eorum ministrarent in domo Domini.
13 ১৩ তেওঁলোকে সকলো সম্পৰ্কীয় সকলৰ লগত যোগাযোগ কৰি সৰু কি বৰ সকলোৱে প্ৰত্যেক দুৱাৰৰ বাবে চিঠি খেলালে।
Missæ sunt ergo sortes ex æquo, et parvis, et magnis, per familias suas in unamquamque portarum.
14 ১৪ যেতিযা পূব দিশৰ দুৱাৰৰ বাবে চিঠি খেলালে তেতিয়া চেলেমিয়াৰ নাম উঠিল। তেওঁৰ পুত্র জখৰিয়া ভাল পৰামৰ্শ দিওঁতা লোক আছিল, চিঠি খেলত উত্তৰ দিশৰ বাবে তেওঁৰ নাম উঠিল।
Cecidit ergo sors Orientalis, Selemiæ. Porro Zachariæ filio eius, viro prudentissimo, et erudito, sortito obtigit plaga Septentrionalis.
15 ১৫ দক্ষিণ দিশৰ দুৱাৰৰ বাবে ওবেদ-ইদোমক নির্ধাৰণ কৰে; আৰু তেওঁৰ পুত্র সকলক ভঁৰালৰ বাবে নির্ধাৰন কৰে।
Obededom vero et filiis eius ad Austrum: in qua parte domus erat seniorum concilium.
16 ১৬ পশ্চিম দিশৰ দুৱাৰৰ সৈতে ওপৰলৈ উঠি যোৱা বাটৰ চল্লেখৎ দুৱাৰো চূপ্পীম আৰু হোচাৰ নামত নির্ধাৰন কৰে। প্রতেক পৰিয়ালৰ কাৰণে; ৰখীয়া সকল আছিল।
Sephim, et Hosa ad Occidentem, iuxta portam, quæ ducit ad viam ascensionis: custodia contra custodiam.
17 ১৭ পূবফালে ছয় জন লেবীয়া লোক, উত্তৰফালে প্রতিদিনে চাৰি জন, দক্ষিণ ফালেও প্রতিদিনে চাৰি জন, আৰু ভঁৰালত দুজন দুজন।
Ad Orientem vero Levitæ sex: et ad Aquilonem quattuor per diem: atque ad Meridiem similiter in die quattuor: et ubi erat concilium bini et bini.
18 ১৮ পশ্চিমফালৰ চোতালত চাৰি জনক নিযুক্ত কৰে, চাৰি জন বাটত আৰু চোতালত দুজন।
In cellulis quoque ianitorum ad Occidentem quattuor in via, binique per cellulas.
19 ১৯ এইদৰেই দুৱৰী সকলক ভাগ কৰা হ’ল। তেওঁলোক সকলো কোৰহীয়া আৰু মৰাৰীয়া বংশৰ পৰা অহা লোক আছিল।
Hæ sunt divisiones ianitorum filiorum Core, et Merari.
20 ২০ লেবীয়াসকলৰ ভিতৰত, অহিয়া ঈশ্বৰৰ গৃহৰ আৰু পবিত্ৰীকৃত বস্তুৰ ভঁৰালৰ দায়িত্বত আছিল।
Porro Achias erat super thesauros domus Dei, et vasa sanctorum.
21 ২১ লদ্দনৰ বংশধৰ সকল, তেওঁৰ পৰা অহা গেৰ্চোনীয়াৰ বংশধৰ সকল, আৰু যি সকল গের্চোনীয়াৰ লদ্দনৰ পৰিয়ালৰ নেতা আছিল, তেওঁলোক যিহীয়েলী আৰু তেওঁৰ পুত্র সকল।
Filii Ledan, filii Gersonni: de Ledan principes familiarum, Ledan, et Gersonni, Iehieli.
22 ২২ যেথম আৰু যোৱেল তেওঁৰ ভায়েক আছিল। তেওঁলোকো যিহোৱাৰ গৃহৰ ভঁৰালৰ দায়িত্বত আছিল।
Filii Iehieli: Zathan, et Ioel fratres eius super thesauros domus Domini,
23 ২৩ অম্ৰমীয়া, যিচহৰীয়া, হিব্ৰোণীয়া, আৰু উজ্জীয়েলীয়াৰ গোষ্ঠীৰ পৰাও তাত দুৱৰী আছিল।
Amramitis, et Isaaritis, et Hebronitis, et Ozihelitis.
24 ২৪ গেৰ্চোমৰ বংশৰ মোচিৰ পুত্র চবূৱেল ভঁৰালৰ তদাৰক কৰিছিল।
Subael autem filius Gersom, filii Moysi, præpositus thesauris.
25 ২৫ তেওঁৰ সম্পৰ্কীয় লোক সকল ইলিয়েজৰৰ গোষ্ঠীৰ পৰা আছিল আৰু চবুৱেলৰ পুত্র ৰহবিয়া আছিল। ৰহবিয়াৰ পুত্র যিচয়া, যিচয়াৰ পুত্র যোৰাম, যোৰামৰ পুত্র জিখ্ৰী, জিখ্ৰীৰ পুত্র চলোমোৎ।
Fratres quoque eius Eliezer, cuius filius Rahabia, et huius filius Isaias, et huius filius Ioram, huius quoque filius Zechri. Et huius filius Selemith.
26 ২৬ দায়ুদ ৰজা, পৰিয়ালৰ মূল লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, আৰু সেনাপতিসকলে যিবোৰ বস্তু পবিত্ৰ কৰিছিল, সেইবোৰ চলোমোৎ আৰু তেওঁৰ সম্বন্ধীয় লোকসকলে সেই ভঁৰালৰ তদাৰক কৰিছিল।
Ipse Selemith, et fratres eius super thesauros sanctorum, quæ sanctificavit David rex, et principes familiarum, et tribuni, et centuriones, et duces exercitus
27 ২৭ যিহোৱাৰ গৃহ মেৰামতি কৰিবৰ অৰ্থে তেওঁলোকে যুদ্ধত পোৱা লূটদ্ৰব্যৰ মাজৰ অনেক বস্তু উৎসর্গ কৰিছিল।
de bellis, et manubiis præliorum, quæ consecraverant ad instaurationem, et supellectilem templi Domini.
28 ২৮ চমূৱেল ভাববাদীয়ে, কীচৰ পুত্ৰ চৌলে, নেৰৰ পুত্ৰ অবনেৰে, আৰু চৰূয়াৰ পুত্ৰ যোৱাবে যিবিলাক বস্তু উৎসর্গ কৰিছিল, এই সকলোৰ দায়িত্বত তেওঁলোক আছিল। উৎসর্গ কৰা সকলো বস্তু চলোমোৎ আৰু তেওঁৰ সম্পৰ্কীয়া লোক সকলৰ নিৰাপত্তাত আছিল।
Hæc autem universa sanctificavit Samuel Videns, et Saul filius Cis, et Abner filius Ner, et Ioab filius Sarviæ: omnes, qui sanctificaverant ea per manum Selemith, et fratrum eius.
29 ২৯ যিচহৰীয়াৰ বংশধৰ সকলৰ, কননিয়া আৰু তেওঁৰ পুত্ৰসকলক ইস্ৰায়েলৰ সমাজৰ কৰ্মচাৰী আৰু বিচাৰকৰ্ত্তাৰ কাৰ্যৰ বাবে নিযুক্ত কৰে।
Isaaritis vero præerat Chonenias, et filii eius ad opera forinsecus super Israel ad docendum et iudicandum eos.
30 ৩০ হিব্ৰোণীয়াৰ বংশধৰসকল, হচবিয়া আৰু তেওঁৰ ভাইসকল এক হাজাৰ সাত শ সক্ষম লোক আছিল, তেওঁলোকক যিহোৱাৰ কাৰ্য আৰু ৰজাৰ কাৰ্যত নিযুক্ত কৰা হছিল। তেওঁলোক যৰ্দ্দনৰ পশ্চিমফালে আছিল।
Porro de Hebronitis Hasabias, et fratres eius viri fortissimi, mille septingenti præerant Israeli trans Iordanem contra Occidentem, in cunctis operibus Domini, et in ministerium regis.
31 ৩১ হিব্ৰোণীয়াৰ বংশধৰ সকলৰ পৰা যিৰিয়া তেওঁৰ বংশৰ মূখ্য লোক আছিল। তেওঁ তেওঁলোকৰ পৰিয়ালৰ তালিকাৰ পৰা গণনা কৰা লোক আছিল। দায়ূদৰ ৰাজত্বৰ চল্লিশ বছৰত তেওঁলোকে লিপিৱদ্ধ কৰা নথি পত্র পৰীক্ষা কৰি তেওঁলোকৰ মাজত গিলিয়দৰ যাজেৰক দক্ষতা সম্পন্ন লোক বিচাৰি পালে।
Hebronitarum autem princeps fuit Ieria secundum familias et cognationes eorum. Quadragesimo anno regni David recensiti sunt, et inventi sunt viri fortissimi in Iazer Galaad,
32 ৩২ যাজেৰকৰ দুই হাজাৰ সাত শ সম্পৰ্কীয় লোক আছিল, যিসকল পৰিয়ালৰ সক্ষম লোক আছিল। দায়ূদে ঈশ্বৰীয় আৰু ৰাজকীয় কাম কৰিবলৈ, ৰূবেণীয়া, গাদীয়া, আৰু মনচিৰ আধা জাতিবোৰৰ ওপৰত তেওঁলোকক অধ্যক্ষ পাতিলে।
fratresque eius robustioris ætatis, duo millia septingenti principes familiarum. Præposuit autem eos David rex Rubenitis, et Gadditis, et dimidiæ tribui Manasse, in omne ministerium Dei, et regis.