< ১ বংশাবলি 24 >
1 ১ হাৰোণৰ বংশধৰ সকলৰ বিভাগসমূহ: নাদব, অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ।
Voici les divisions des fils d'Aaron. Fils d'Aaron: Nadab, Abihu, Éléazar et Ithamar.
2 ২ তেওঁলোকৰ পিতৃৰ মৃত্যু পূৰ্বেই নাদব আৰু অবীহূৰ মৃত্যু হয়। তেওঁলোকৰ সন্তান নাছিল, সেয়ে ইলিয়াজৰ আৰু ঈথামৰ পুৰোহিতৰ পৰিচৰ্যাত আছিল।
Mais Nadab et Abihu moururent avant leur père et n'eurent pas d'enfants; c'est pourquoi Éléazar et Ithamar furent sacrificateurs.
3 ৩ দায়ূদে একেলগে ইলিয়াজৰৰ বংশৰ চাদোকক, আৰু ঈথামৰৰ বংশৰ অহীমেলকক তেওঁলোকৰ পুৰোহিত পৰিচৰ্যাৰ কাৰণে বেলেগ বেলেগ দলত ভাগ কৰিলে।
David, avec Zadok des fils d'Éléazar et Achimélec des fils d'Ithamar, les répartit selon leur ordre dans leur service.
4 ৪ ঈথামৰৰ বংশধৰ সকলতকৈ ইলিয়াজৰৰ বংশধৰ সকলৰ মাজত নেতৃত্ব লোৱা লোক বেছি আছিল। সেয়ে তেওঁলোকে ইলিয়াজৰৰ বংশধৰ সকলক ষোল্লটা দলত বিভক্ত কৰিছিল। তেওঁলোক ঈথামৰৰ বংশধৰ আৰু গোষ্ঠীৰ মূৰব্বী সকলৰ দ্ৱাৰাই এই সকলো কৰিছিল।
Il se trouva plus de chefs parmi les fils d'Éléazar que parmi les fils d'Ithamar; et ils furent divisés ainsi: des fils d'Éléazar, il y en eut seize, chefs de maisons paternelles; et des fils d'Ithamar, selon leurs maisons paternelles, huit.
5 ৫ একো প্রভেদ নাৰাখি, তেওঁলোকক ইলিয়াজৰ আৰু ঈথামৰ দুয়োৰে বংশধৰ সকলৰ পৰা পবিত্রস্থানৰ কৰ্মচাৰীসকল, আৰু ঈশ্বৰৰ কৰ্মচাৰীসকলৰ বাবে একো প্রভেদ নাৰাখি, চিঠি খেলাই তেওঁলোকক বিভক্ত কৰিছিল।
C'est ainsi qu'on les partagea impartialement par tirage au sort, car il y avait des chefs du sanctuaire et des chefs de Dieu, tant parmi les fils d'Éléazar que parmi les fils d'Ithamar.
6 ৬ লেবীয়া বংশৰ নথনেলৰ পুত্ৰ চমৰিয়া লিখকে ৰজাৰ, কৰ্মচাৰীৰ, চাদোক পুৰোহিতৰ, অবিয়াথৰৰ পুত্ৰ অহীমেলকৰ, আৰু পুৰোহিত সকলৰ নেতা ও লেবীয়া পৰিয়াল সকলৰ উপস্থিতিত তেওঁলোকৰ নাম লিখিলে। ইলিয়াজৰৰ বংশৰ পৰা এটা গোষ্ঠী আৰু ঈথামৰৰ বংশৰ পৰা এটা গোষ্ঠী চিঠি খেলৰ দ্ৱাৰাই নিৰ্বাচন কৰা হৈছিল।
Schemaeja, fils de Nethaneel, le scribe, qui était d'entre les Lévites, les écrivit en présence du roi, des chefs, du sacrificateur Tsadok, d'Achimélec, fils d'Abiathar, et des chefs de famille des sacrificateurs et des Lévites; on prit une maison de famille pour Éléazar et une pour Ithamar.
7 ৭ প্ৰথম চিঠি খেলত যিহোয়াৰীবৰ, দ্বিতীয় যিদয়াৰ,
Le premier lot échut à Jehoïarib, le second à Jedaja,
8 ৮ তৃতীয়ৰ হাৰীমৰ, চতুৰ্থ চিয়োৰীমৰ,
le troisième à Harim, le quatrième à Seorim,
9 ৯ পঞ্চম মল্কিয়াৰ, ষষ্ঠ মিয়ামীনৰ,
le cinquième à Malkija, le sixième à Mijamin,
10 ১০ সপ্তম হক্কোচৰ, অষ্টম অবিয়াৰ,
le septième à Hakkoz, le huitième à Abija,
11 ১১ নৱম যেচূয়াৰ, দশম চখনিয়াৰ,
le neuvième à Josué, le dixième à Shecania,
12 ১২ একাদশ ইলীয়াচিবৰ, দ্বাদশ যাকীমৰ,
le onzième à Eliaschib, le douzième à Jakim,
13 ১৩ ত্ৰয়োদশ হুপ্পাৰ, চতুৰ্দ্দশ যেচেবাবৰ,
le treizième à Huppa, le quatorzième, à Jeshebeab,
14 ১৪ পঞ্চদশ বিলগাৰ, ষোড়শ ইম্মেৰৰ,
le quinzième, à Bilga, le seizième, à Immer,
15 ১৫ সপ্তদশ হেজীৰৰ, অষ্টাদশ হপ্পিচেৰৰ,
le dix-septième, à Hezir, le dix-huitième, à Happizzez,
16 ১৬ ঊনবিংশ পথহিয়াৰ, বিংশ যিহিষ্কেলৰ,
le dix-neuvième, à Pethahiah, le vingtième, à Jehezkel,
17 ১৭ একবিংশ যাখীনৰ, দ্বাবিংশ গামূলৰ,
le vingt et unième, à Jakin, le vingt-deuxième, à Gamul,
18 ১৮ ত্ৰয়োবিংশ দলায়াৰ, চতুৰ্ব্বিংশ মাজিয়াৰ নাম উঠিল।
le vingt-troisième, à Delaia, et le vingt-quatrième, à Maaziah.
19 ১৯ যেতিয়া তেওঁলোকে যিহোৱাৰ গৃহলৈ আহিব তেতিয়া ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকৰ ওপৰ-পিতৃ হাৰোণৰ দ্বাৰাই তেওঁলোকক দিয়া পদ্ধতিৰ দ্ৱাৰাই কৰা তেওঁলোকৰ পৰিচৰ্যাৰ আজ্ঞা সমূহ এইবিলাক আছিল।
C'est ainsi qu'ils furent désignés pour leur service, afin d'entrer dans la maison de l'Éternel, selon l'ordonnance que leur avait donnée Aaron, leur père, comme l'Éternel, le Dieu d'Israël, le lui avait ordonné.
20 ২০ লেবীৰ অৱশিষ্ট বংশধৰসকল এওঁলোক: অম্ৰমৰ বংশধৰ সকলৰ মাজত চূবায়েল; চূবায়েলৰ বংশধৰ সকলৰ মাজত যেহদিয়া।
Pour le reste des fils de Lévi: des fils d'Amram, Schubael; des fils de Schubael, Jehdija.
21 ২১ অম্ৰমৰ বংশধৰ সকলৰ মাজত যিচিয়া নেতা আছিল।
Pour Rehabia: des fils de Rehabia, Ischia, le chef.
22 ২২ যিচহৰীয়াৰ বংশধৰ সকলৰ মাজত চলোমোৎ। চলোমোতৰ বংশধৰ সকলৰ মাজত যহৎ।
Des Jitseharites: Schelomoth; des fils de Schelomoth: Jahath.
23 ২৩ হিব্ৰাণৰ বংশধৰ সকলৰ মাজত প্ৰথম যিৰিয়া, দ্বিতীয় অমৰিয়া, তৃতীয় যহজীয়েল, আৰু চতুৰ্থ যিকমিয়াম।
Fils d'Hébron: Jeria, Amaria, le second, Jahaziel, le troisième, et Jekameam, le quatrième.
24 ২৪ উজ্জীয়েলৰ বংশধৰ সকলৰ মাজত মীখা। মীখাৰ বংশধৰ সকলৰ মাজত চামীৰ।
Fils d'Uzziel: Michée; des fils de Michée, Shamir.
25 ২৫ মীখাৰ ভায়েক যিচিয়া; যিচিয়াৰ পুত্র সকলৰ মাজত জখৰিয়া।
Frère de Michée: Ischia; des fils de Ischia: Zacharie.
26 ২৬ মৰাৰীৰ বংশধৰ সকলৰ মাজত মহলী আৰু মুচী; যাজিয়াৰ বংশধৰসকলৰ মাজত বিনো।
Fils de Merari: Mahli et Mushi. Fils de Jaazia: Beno.
27 ২৭ মৰাৰীৰ বংশধৰ সকলৰ মাজত যাজিয়া, বিনো, চোহম, জক্কুৰ, আৰু ইব্ৰী।
Fils de Merari, par Jaazia: Beno, Shoham, Zaccur et Ibri.
28 ২৮ মহলীৰ বংশধৰ সকলৰ মাজত ইলীয়াজৰ; এওঁৰ পুত্ৰ নাছিল।
De Mahli: Éléazar, qui n'eut pas de fils.
29 ২৯ কীচৰ বংশধৰ সকলৰ মাজত যিৰহমেল।
De Kish, fils de Kish: Jerahmeel.
30 ৩০ মুচী বংশধৰ সকলৰ মাজত মহলী, এদৰ, আৰু যিৰীমোৎ। তেওঁলোকৰ পৰিয়াল অনুসাৰে তালিকাত থকা লেবীয়াসকল এওঁলোক।
Fils de Mushi: Mahli, Eder et Jerimoth. Ce sont là les fils des Lévites, selon les maisons de leurs pères.
31 ৩১ দায়ুদ ৰজাৰ, চাদোকৰ, অহীমেলকৰ, আৰু পুৰোহিতসকলৰ আৰু লেবীয়াসকলৰ পৰিয়ালৰ নেতাসকলৰ উপস্থিতিত তেওঁলোকে পুনৰ চিঠি খেলালে। পৰিয়াল সকলৰ ডাঙৰ পুত্র সকলে সৰু সকলৰ লগত চিঠি খেলালে। হাৰোণৰ বংশধৰ সকলে কৰাৰ দৰেই এওঁলোকেও চিঠি খেলালে।
Ceux-ci tirèrent au sort, comme leurs frères les fils d'Aaron, devant le roi David, Tsadok, Achimélec, les chefs de famille des sacrificateurs et des Lévites, les chefs de famille du chef comme ceux de son jeune frère.