< ১ বংশাবলি 24 >

1 হাৰোণৰ বংশধৰ সকলৰ বিভাগসমূহ: নাদব, অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ।
And the courses of the sons of Aaron were these. The sons of Aaron: Nadab and Abihu, Eleazar and Ithamar.
2 তেওঁলোকৰ পিতৃৰ মৃত্যু পূৰ্বেই নাদব আৰু অবীহূৰ মৃত্যু হয়। তেওঁলোকৰ সন্তান নাছিল, সেয়ে ইলিয়াজৰ আৰু ঈথামৰ পুৰোহিতৰ পৰিচৰ্যাত আছিল।
But Nadab and Abihu died before their father, and had no children; therefore Eleazar and Ithamar executed the priest's office.
3 দায়ূদে একেলগে ইলিয়াজৰৰ বংশৰ চাদোকক, আৰু ঈথামৰৰ বংশৰ অহীমেলকক তেওঁলোকৰ পুৰোহিত পৰিচৰ্যাৰ কাৰণে বেলেগ বেলেগ দলত ভাগ কৰিলে।
And David with Zadok of the sons of Eleazar, and Ahimelech of the sons of Ithamar, divided them according to their ordering in their service.
4 ঈথামৰৰ বংশধৰ সকলতকৈ ইলিয়াজৰৰ বংশধৰ সকলৰ মাজত নেতৃত্ব লোৱা লোক বেছি আছিল। সেয়ে তেওঁলোকে ইলিয়াজৰৰ বংশধৰ সকলক ষোল্লটা দলত বিভক্ত কৰিছিল। তেওঁলোক ঈথামৰৰ বংশধৰ আৰু গোষ্ঠীৰ মূৰব্বী সকলৰ দ্ৱাৰাই এই সকলো কৰিছিল।
And there were more chief men found of the sons of Eleazar than of the sons of Ithamar; and thus were they divided: of the sons of Eleazar there were sixteen, heads of fathers' houses; and of the sons of Ithamar, according to their fathers' houses, eight.
5 একো প্রভেদ নাৰাখি, তেওঁলোকক ইলিয়াজৰ আৰু ঈথামৰ দুয়োৰে বংশধৰ সকলৰ পৰা পবিত্রস্থানৰ কৰ্মচাৰীসকল, আৰু ঈশ্বৰৰ কৰ্মচাৰীসকলৰ বাবে একো প্রভেদ নাৰাখি, চিঠি খেলাই তেওঁলোকক বিভক্ত কৰিছিল।
Thus were they divided by lot, one sort with another; for they were princes of the sanctuary and princes of God, both of the sons of Eleazar, and of the sons of Ithamar.
6 লেবীয়া বংশৰ নথনেলৰ পুত্ৰ চমৰিয়া লিখকে ৰজাৰ, কৰ্মচাৰীৰ, চাদোক পুৰোহিতৰ, অবিয়াথৰৰ পুত্ৰ অহীমেলকৰ, আৰু পুৰোহিত সকলৰ নেতা ও লেবীয়া পৰিয়াল সকলৰ উপস্থিতিত তেওঁলোকৰ নাম লিখিলে। ইলিয়াজৰৰ বংশৰ পৰা এটা গোষ্ঠী আৰু ঈথামৰৰ বংশৰ পৰা এটা গোষ্ঠী চিঠি খেলৰ দ্ৱাৰাই নিৰ্বাচন কৰা হৈছিল।
And Shemaiah the son of Nethanel the scribe, who was of the Levites, wrote them in the presence of the king, and the princes, and Zadok the priest, and Ahimelech the son of Abiathar, and the heads of the fathers' houses of the priests and of the Levites: one father's house being taken for Eleazar, and proportionately for Ithamar.
7 প্ৰথম চিঠি খেলত যিহোয়াৰীবৰ, দ্বিতীয় যিদয়াৰ,
Now the first lot came forth to Jehoiarib, the second to Jedaiah;
8 তৃতীয়ৰ হাৰীমৰ, চতুৰ্থ চিয়োৰীমৰ,
the third to Harim, the fourth to Seorim;
9 পঞ্চম মল্কিয়াৰ, ষষ্ঠ মিয়ামীনৰ,
the fifth to Malchijah, the sixth to Mijamin;
10 ১০ সপ্তম হক্কোচৰ, অষ্টম অবিয়াৰ,
the seventh to Hakkoz, the eighth to Abijah;
11 ১১ নৱম যেচূয়াৰ, দশম চখনিয়াৰ,
the ninth to Jeshua, the tenth to Shecaniah;
12 ১২ একাদশ ইলীয়াচিবৰ, দ্বাদশ যাকীমৰ,
the eleventh to Eliashib, the twelfth to Jakim;
13 ১৩ ত্ৰয়োদশ হুপ্পাৰ, চতুৰ্দ্দশ যেচেবাবৰ,
the thirteenth to Huppah, the fourteenth to Jeshebeab;
14 ১৪ পঞ্চদশ বিলগাৰ, ষোড়শ ইম্মেৰৰ,
the fifteenth to Bilgah, the sixteenth to Immer;
15 ১৫ সপ্তদশ হেজীৰৰ, অষ্টাদশ হপ্পিচেৰৰ,
the seventeenth to Hezir, the eighteenth to Happizzez;
16 ১৬ ঊনবিংশ পথহিয়াৰ, বিংশ যিহিষ্কেলৰ,
the nineteenth to Pethahiah, the twentieth to Jehezkel;
17 ১৭ একবিংশ যাখীনৰ, দ্বাবিংশ গামূলৰ,
the one and twentieth to Jachin, the two and twentieth to Gamul;
18 ১৮ ত্ৰয়োবিংশ দলায়াৰ, চতুৰ্ব্বিংশ মাজিয়াৰ নাম উঠিল।
the three and twentieth to Delaiah, the four and twentieth to Maaziah.
19 ১৯ যেতিয়া তেওঁলোকে যিহোৱাৰ গৃহলৈ আহিব তেতিয়া ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকৰ ওপৰ-পিতৃ হাৰোণৰ দ্বাৰাই তেওঁলোকক দিয়া পদ্ধতিৰ দ্ৱাৰাই কৰা তেওঁলোকৰ পৰিচৰ্যাৰ আজ্ঞা সমূহ এইবিলাক আছিল।
These were the orderings of them in their service, to come into the house of the LORD according to the ordinance given unto them by the hand of Aaron their father, as the LORD, the God of Israel, had commanded him.
20 ২০ লেবীৰ অৱশিষ্ট বংশধৰসকল এওঁলোক: অম্ৰমৰ বংশধৰ সকলৰ মাজত চূবায়েল; চূবায়েলৰ বংশধৰ সকলৰ মাজত যেহদিয়া।
And of the rest of the sons of Levi: of the sons of Amram, Shubael; of the sons of Shubael, Jehdeiah.
21 ২১ অম্ৰমৰ বংশধৰ সকলৰ মাজত যিচিয়া নেতা আছিল।
Of Rehabiah: of the sons of Rehabiah, Isshiah the chief.
22 ২২ যিচহৰীয়াৰ বংশধৰ সকলৰ মাজত চলোমোৎ। চলোমোতৰ বংশধৰ সকলৰ মাজত যহৎ।
Of the Izharites, Shelomoth; of the sons of Shelomoth, Jahath.
23 ২৩ হিব্ৰাণৰ বংশধৰ সকলৰ মাজত প্ৰথম যিৰিয়া, দ্বিতীয় অমৰিয়া, তৃতীয় যহজীয়েল, আৰু চতুৰ্থ যিকমিয়াম।
And Benai, Jeriah, Amariah the second, Jahaziel the third, Jekameam the fourth.
24 ২৪ উজ্জীয়েলৰ বংশধৰ সকলৰ মাজত মীখা। মীখাৰ বংশধৰ সকলৰ মাজত চামীৰ।
The sons of Uzziel, Micah; of the sons of Micah, Shamir.
25 ২৫ মীখাৰ ভায়েক যিচিয়া; যিচিয়াৰ পুত্র সকলৰ মাজত জখৰিয়া।
The brother of Micah, Isshiah; of the sons of Isshiah, Zechariah.
26 ২৬ মৰাৰীৰ বংশধৰ সকলৰ মাজত মহলী আৰু মুচী; যাজিয়াৰ বংশধৰসকলৰ মাজত বিনো।
The sons of Merari: Mahli and Mushi; the sons of Jaaziah, his son,
27 ২৭ মৰাৰীৰ বংশধৰ সকলৰ মাজত যাজিয়া, বিনো, চোহম, জক্কুৰ, আৰু ইব্ৰী।
even the sons of Merari through Jaaziah his son: Shoham, and Zaccur, and Ibri.
28 ২৮ মহলীৰ বংশধৰ সকলৰ মাজত ইলীয়াজৰ; এওঁৰ পুত্ৰ নাছিল।
Of Mahli: Eleazar, who had no sons.
29 ২৯ কীচৰ বংশধৰ সকলৰ মাজত যিৰহমেল।
Of Kish: the sons of Kish, Jerahmeel.
30 ৩০ মুচী বংশধৰ সকলৰ মাজত মহলী, এদৰ, আৰু যিৰীমোৎ। তেওঁলোকৰ পৰিয়াল অনুসাৰে তালিকাত থকা লেবীয়াসকল এওঁলোক।
And the sons of Mushi: Mahli, and Eder, and Jerimoth. These were the sons of the Levites after their fathers' houses.
31 ৩১ দায়ুদ ৰজাৰ, চাদোকৰ, অহীমেলকৰ, আৰু পুৰোহিতসকলৰ আৰু লেবীয়াসকলৰ পৰিয়ালৰ নেতাসকলৰ উপস্থিতিত তেওঁলোকে পুনৰ চিঠি খেলালে। পৰিয়াল সকলৰ ডাঙৰ পুত্র সকলে সৰু সকলৰ লগত চিঠি খেলালে। হাৰোণৰ বংশধৰ সকলে কৰাৰ দৰেই এওঁলোকেও চিঠি খেলালে।
These likewise cast lots even as their brethren the sons of Aaron in the presence of David the king, and Zadok, and Ahimelech, and the heads of the fathers' houses of the priests and of the Levites; the fathers' houses of the chief even as those of his younger brother.

< ১ বংশাবলি 24 >