< ১ বংশাবলি 23 >
1 ১ যেতিয়া দায়ূদে বৃদ্ধ হৈ জীৱনৰ শেষ অৱস্থাত পালে, তেতিয়া তেওঁ তেওঁৰ পুত্ৰ চলোমনক ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।
Da David var blevet gammel og mæt af Dage, gjorde han sin Søn Salomo til Konge over Israel.
2 ২ তেওঁ পুৰোহিত আৰু লেবীয়া সকলৰ সৈতে ইস্ৰায়েলৰ সকলো প্রধান লোকসকলক এক গোট কৰিলে।
Han samlede alle Israels Øverster og Præsterne og Leviterne.
3 ৩ লেবীয়া সকলৰ ত্ৰিশ বছৰ আৰু তাৰ ওপৰৰ বয়সীয়া লোকসকলক গণনা কৰা হ’ল। তেওঁলোকৰ সংখ্যা আঠত্ৰিশ হাজাৰ আছিল।
Og Leviterne blev talt fra Trediveårsalderen og opefter, og deres Tal udgjorde, Hoved for Hoved, Mand for Mand, 38000.
4 ৪ তেওঁলোকৰ মাজৰ চৌবিশ হাজাৰ লোকক যিহোৱাৰ গৃহৰ কাৰ্য কৰিবলৈ নিযুক্ত কৰা হ’ল আৰু ছয় হাজাৰ লোক কৰ্মচাৰী আৰু বিচাৰকৰ্ত্তা আছিল।
"Af dem," sagde han, "skal 24000 forestå Arbejdet ved HERRENs Hus, 6000 være Tilsynsmænd og Dommere,
5 ৫ চাৰি হাজাৰ দুৱৰী আছিল; আৰু চাৰি হাজাৰ লোক বাদ্যযন্ত্ৰৰ সৈতে যিহোৱাৰ প্রশংসা কৰিবৰ বাবে আছিল; এই বিষয়ে দায়ূদে কৈছিল, “এইবোৰ মই আৰাধনা বাবে সাজিছোঁ”।
4000 være Dørvogtere og 4000 love HERREN med de instrumenter, jeg har ladet lave til Lovsangen."
6 ৬ দায়ূদে তেওঁলোকক লেবীয়া সকলৰ লগত যোগাযোগ কৰিবলৈ বিভিন্ন দলত বিভক্ত কৰিলে: গেৰ্চোন, কহাৎ, আৰু মৰাৰী।
Og David inddelte dem i Skifter efter Levis Sønner Gerson, Kehat og Merari.
7 ৭ গেৰ্চোনীয়া সকলৰ বংশধৰ সকলৰ গোষ্ঠীৰ পৰা, তাত লদ্দন আৰু চিমিয়ীয়া আছিল।
Til Gersoniterne hørte: Ladan og Sjim'i;
8 ৮ তাত লদ্দনৰ তিনি জন পুত্ৰ আছিল; যিহীয়েল মূখ্য লোক আছিল, তাৰ পাছত যেথম আৰু যোৱেল আছিল।
Ladans Sønner: Jehiel, som var Overhoved, Zetam og Joel, tre;
9 ৯ চিমিয়ীৰ তিনি জন পুত্ৰ আছিল: চলোমৎ, হজীয়েল আৰু হাৰণ; এওঁলোক লদ্দনৰ গোষ্ঠীৰ মূখ্য লোক আছিল।
Sjim'is Sønner: Sjelomit, Haziel og Haran, tre. De var Overhoveder for Ladans Fædrenehuse.
10 ১০ চিমিয়ীৰ চাৰি জন পুত্ৰ আছিল: যহৎ, জীনা, যিয়ূচ আৰু বৰীয়া।
Sjim'is Sønner: Jahat, Ziza, Je'usj og Beri'a. Disse fire var Sjim'is Sønoer.
11 ১১ তেওঁলোকৰ মাজত যহৎ ডাঙৰ আছিল, আৰু দ্বিতীয় জীজা, কিন্তু যিয়ূচ আৰু বৰীয়াৰ অধিক সন্তান নাছিল সেয়ে তেওঁলোক একে কামৰ বাবে একে গোষ্ঠীৰ বুলি বিবেচনা কৰা হৈছিল।
Jahat var Overhoved og Ziza den næste; Je'usj og Beri'a havde ikke mange Sønner og regnedes derfor for eet Fædrenehus, eet Embedsskifte.
12 ১২ কহাতৰ চাৰি জন পুত্ৰ আছিল: অম্ৰম, যিচহৰ, হিব্ৰোণ, আৰু উজ্জীয়েল।
Kehatiterne: Amram, Jizhar, Hebron og Uzziel, fire;
13 ১৩ অম্ৰমৰ পুত্ৰ আছিল: হাৰোণ আৰু মোচি। অতি পবিত্ৰ বস্তু যিহোৱাৰ সাক্ষাতে ধূপ জ্বলাই, তেওঁৰ পৰিচৰ্যা কৰিবলৈ, আৰু তেওঁৰ নামেৰে চিৰকাল আশীৰ্ব্বাদ কৰিবৰ বাবে, হাৰোণক আৰু তেওঁৰ বংশধৰ সকলক স্থায়ীভাৱে মনোনীত কৰা হ’ল।
Amrams Sønner: Aron og Moses. Aron udskiltes sammen med sine Sønner til at helliges som højhellig til evig Tid, til at tænde Offerild for HERRENs Åsyn, til at tjene ham og velsigne i hans Navn til evig Tid.
14 ১৪ কিন্তু ঈশ্বৰৰ লোক মোচিৰ পুত্র সকলক লেবীয়া বুলি বিবেচনা কৰিছিল।
Den Guds Mand Moses's Sønner regnedes derimod til Levis Stamme.
15 ১৫ মোচিৰ পুত্ৰ গেৰ্চোম আৰু ইলিয়েজৰ।
Moses's Sønner: Gersom og Eliezer;
16 ১৬ গেৰ্চোমৰ বংশধৰ চবূৱেল, ডাঙৰ আছিল।
Gersoms Sønner; Sjubael, som var Overhoved;
17 ১৭ ইলিয়েজৰৰ বংশধৰ ৰহবিয়া আছিল। ইলিয়েজৰৰ আৰু পুত্ৰ নাছিল, কিন্তু ৰহবিয়াৰ বহুতো বংশধৰ আছিল।
Eliezers Sønner: Rehabja, som var Overhoved; andre Sønner havde Eliezer ikke, men Rehabjas Sønner var overmåde talrige.
18 ১৮ যিচহৰৰ পুত্ৰ চলোমীৎ মুখ্য আছিল।
Jizhars Sønner: Sjelomit, som var Overhoved.
19 ১৯ হিব্ৰোণৰ বংশধৰ যিৰিয়া ডাঙৰ আছিল, দ্বিতীয় অমৰিয়া, তৃতীয় যহজীয়েল, আৰু চতুৰ্থ যিকমিয়াম।
Hebrons Sønner: Jerija, som var Overhoved, Amarja den anden, Uzziel den tredje, Jekam'am den fjerde.
20 ২০ উজ্জীয়েলৰ পুত্ৰ মীখা ডাঙৰ আছিল, আৰু দ্বিতীয় যিচিয়া।
Uzziels Sønner: Mika, som var Overhoved, og Jissjija den anden.
21 ২১ মৰাৰীৰ পুত্ৰ মহলী আৰু মুচী আছিল। মহলীৰ পুত্ৰ ইলীয়াজ আৰু কীচ।
Meraiterne var: Mali og Musji. Malis Sønner: El'azar og Kisj.
22 ২২ ইলীয়াজৰৰ পুত্ৰ নোহোৱাকৈয়ে মৃত্যু হয়, তেওঁৰ কেৱল কেইজনী মান জীয়েক আছিল। কীচৰ পুত্ৰসকলে তেওঁলোকক বিয়া কৰাইছিল।
El'azar efterlod sig ved sin Død ingen Sønner, men kun Døtre, som deres Brødre, Kisj's Sønner, ægtede.
23 ২৩ মুচীৰ তিনি জন পুত্ৰ, মহলী, এদৰ, আৰু যিৰেমোৎ।
Musjis Sønner: Mali, Eder og Jeremot, tre.
24 ২৪ এই লেবীয়াৰ বংশধৰ সকলে নিজৰ গোষ্ঠীৰ লগত যোগাযোগ কৰিছিল। তেওঁলোক নেতৃত্বত আছিল যাৰ নাম গণনা কৰা হৈছিল আৰু তালিকাত আছিল। যিহোৱাৰ গৃহৰ পৰিচৰ্যা কৰা গোষ্ঠীৰ লোকসকল বিশ বছৰ আৰু তাৰ ওপৰ বয়সৰ আছিল।
Det var Levis Sønner efter deres Fædrenebuse, Overhovederne for Fædrenehusene, de, som mønstredes ved Optælling af Navnene, Hoved for Hoved, de, som udførte Arbejdet ved Tjenesten i HERRENs Hus, fra Tyveårsalderen og opefter.
25 ২৫ কাৰণ দায়ূদে কৈছিল, “ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই, তেওঁৰ লোকসকলক বিশ্ৰাম দিলে, তেওঁ সদাকালৰ বাবে নিজৰ গৃহ যিৰূচালেমত নিৰ্ম্মাণ কৰিলে।
Thi David tænkte: "HERREN, Israels Gud, har skaffet sit Folk Ro og taget Boligi Jerusalem for evigt;
26 ২৬ লেবীয়াসকলে আবাস, আৰু তেওঁৰ পৰিচৰ্যাত ব্যৱহাৰ কৰা সকলো সামগ্ৰী আৰু কঢ়িয়াব লগা নহব।”
derfor behøver Leviterne heller ikke mere at bære Boligen og alle de Ting, som hører til dens Tjeneste."
27 ২৭ কাৰণ দায়ূদৰ শেষ বাক্যৰ অনুসাৰে বিশ বছৰ আৰু তাতকৈ ওপৰৰ বয়সৰ লেবীয়া সকলক গণনা কৰা হ’ল।
(Ifølge Davids sidste Forordninger regnes Tallet på Leviterne fra Tyveårsalderen og opefter).
28 ২৮ তেওঁলোকে যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ বাবে হাৰোণৰ বংশধৰ সকলৰ সহায়কাৰী আছিল। তেওঁলোক চোতাল কেইখন, কোঁঠালিবোৰ, সকলো পবিত্ৰ বস্তু শুচি কৰা আৰু ঈশ্বৰৰ গৃহৰ আন সকলো কামৰ তত্বাৱধান কৰিছিল।
Men deres Plads er ved Arons Sønners Side, for at de kan udføre Tjenesten i HERRENs Hus; de skal tage sig af Forgårdene, Kamrene, Renholdelsen af alle de hellige Ting og Arbejdet, der skal udføres i Guds Hus;
29 ২৯ তেওঁলোকে দৰ্শন-পিঠা, শষ্য উৎসৰ্গৰ বাবে মিহি আটাগুড়ি, খমিৰ নিদিয়া পিঠা, তাৱাত সেক দিয়া পিঠা, তেলত মিহলোৱা, আৰু সকলো জোখ আৰু পৰিমান চোৱাৰ তত্বাৱধানত আছিল।
de skal sørge for Skuebrødene, Melet til Afgrødeofrene, de usyrede Fladbrød, Panden, Dejgen og alle Rum- og Længdemål;
30 ৩০ তেওঁলোকে প্ৰতি ৰাতিপুৱা আৰু গধূলি যিহোৱাৰ ধন্যবাদ আৰু প্ৰশংসাৰ বাবেও থিয় হৈছিল।
hver Morgen skal de stå og love og prise HERREN, ligeså om Aftenen,
31 ৩১ আৰু যিহোৱাৰ উদ্দেশে প্রতিদিনে বিধানৰ মতে, লেখ অনুসাৰে বিশ্ৰাম-বাৰত, আৰু ন-জোন উৎসৱত আৰু নিৰূপিত পৰ্ব্বতত যিহোৱাৰ উদ্দেশে হোম-বলি উৎসৰ্গ কৰিছিল।
og hver Gang der ofres Brændofre til HERREN på Sabbaterne, Nymånedagene og Højtiderne; i det fastsatte Antal efter den for dem gældende Forskrift skal de altid stå for HERRENs Åsyn.
32 ৩২ তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ আৰু পবিত্ৰ স্থানৰ দ্বয়ীত্বত আছিল, আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যা কাৰ্যত হাৰোণৰ বংশধৰ সকলকো সহায় কৰিছিল।
Således skal de tage Vare på, hvad der er at varetage ved Åbenbaringsteltet og ved det hellige og hjælpe deres Brødre, Arons Sønner, med Tjenesten i HERRENs Hus.