< ১ বংশাবলি 22 >

1 তাৰ পাছত দায়ূদে ক’লে, “এয়ে ঈশ্বৰ যিহোৱাৰ গৃহৰ ঠাই আৰু ইস্ৰায়েলৰ হোম-বলি উৎসৰ্গৰ অৰ্থে পবিত্র-বেদি হ’ব।”
Then David said, “This is where the house of Yahweh God will be, with the altar for the burnt offerings of Israel.”
2 দায়ূদে ইস্ৰায়েল দেশত বাস কৰা বিদেশী সকলক একগোট কৰিবলৈ দাস সকলক আজ্ঞা দিলে। ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কৰিবৰ অৰ্থে শিল কাটি টুকুৰা কৰিবলৈ তেওঁলোকক শিল-কটিয়া কামত নিযুক্ত কৰিলে।
So David ordered his servants to gather together the foreigners living in the land of Israel. He assigned them to be stonecutters, to cut stone blocks, in order to build God's house.
3 দুৱাৰৰ গজাল, আৰু বাটামৰ বাবে দায়ূদে অধিক পৰিমানে লোহা আৰু পিতল যোগান ধৰিলে। তেওঁ জুখিব নোৱাৰা পৰিমানে তামো যোগান ধৰিলে,
David supplied a large amount of iron for the nails for the doors to go in the gateways, and for braces. He also supplied more bronze than could be weighed,
4 আৰু গণিব নোৱাৰা পৰিমাণৰ এৰচ কাঠ চীদোনীয়া আৰু তূৰীয়াসকলে দায়ূদৰ ওচৰলৈ গণনা কৰিবলৈ অনেক এৰচ কাঠ আনিছিল
and more cedar trees than could be counted. (The Sidonians and the Tyrians brought too many cedar logs to David to count.)
5 দায়ূদে ক’লে, “মোৰ পুত্ৰ চলোমন ডেকা ল’ৰা আৰু তেওঁৰ অভিজ্ঞতা হোৱা নাই, আৰু যিহোৱাৰ অৰ্থে যি গৃহ সজা হ’ব বিষেশৰূপে আকৰ্ষণীয় হ’ব লাগিব, সেয়া আন সকলো দেশতো প্রখ্যাত আৰু খ্যাতিমান হ’ব, লাগিব। সেয়ে এই গৃহৰ বাবে মই প্রস্তুত হ’ব লাগিব।” সেই কাৰণে দায়ূদে তেওঁৰ মৃত্যুৰ আগতে ব্যাপক হাৰত বস্তু প্রস্তুত কৰিলে।
David said, “My son Solomon is young and inexperienced, and the house that is to be built for Yahweh must be especially magnificent, so that it will be famous and glorious in all other lands. So I will prepare for its building.” So David made extensive preparations before his death.
6 তাৰ পাছত তেওঁ নিজৰ পুত্ৰ চলোমনক মাতিলে আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ বাবে এটা গৃহ সাজিবলৈ তেওঁক আজ্ঞা দিলে।
Then he called for Solomon his son and commanded him to build a house for Yahweh, the God of Israel.
7 দায়ূদে চলোমনক ক’লে, “হে মোৰ পুত্র, মোৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ মোৰ ইচ্ছা আছিল।
David said to Solomon, “My son, it was my intention to build a house myself, for the name of Yahweh my God.
8 কিন্তু যিহোৱাই মোৰ ওচৰলৈ আহি ক’লে, ‘তুমি অনেকৰ ৰক্তপাত কৰিলা, আৰু বহুতো যুদ্ধ কৰিলা। তুমি মোৰ নামৰ উদ্দেশ্যে গৃহ নাসাজিবা, কিয়নো পৃথিবীত মোৰ সাক্ষাতে তুমি অনেকৰ ৰক্তপাত কৰিলা।
But Yahweh came to me and said, 'You have shed much blood and have fought many battles. You will not build a house for my name, because you have shed much blood on the earth in my sight.
9 অৱশ্যে তোমাৰ এজন পুত্ৰ জন্মিব, তেওঁ শান্তিপ্রিয় ব্যক্তি হ’ব। মই তেওঁৰ চাৰিওফালে থকা সকলো শত্ৰুৰ পৰা তেওঁক ৰক্ষা কৰিম। কাৰণ তেওঁৰ নাম চলোমন হ’ব, আৰু মই তেওঁৰ দিনত ইস্রায়েলক শান্তি আৰু নিৰিবিলি পৰিবেশ দিম।
However, you will have a son who will be a peaceful man. I will give him rest from all his enemies on every side. For his name will be Solomon, and I will give peace and quiet to Israel in his days.
10 ১০ তেওঁ মোৰ নামৰ উদ্দেশে এটা গৃহ নিৰ্ম্মাণ কৰিব। তেওঁ মোৰ পুত্ৰ হ’ব, আৰু মই তেওঁৰ পিতৃ হ’ম। মই ইস্ৰায়েলৰ ওপৰত তেওঁৰ ৰাজ সিংহাসন চিৰস্থায়ীৰূপে স্থাপন কৰিম।
He will build a house for my name. He will be my son, and I will be his father. I will establish the throne of his kingdom over Israel forever.'
11 ১১ হে মোৰ বোপা, এতিয়া যিহোৱা তোমাৰ সঙ্গী হওক আৰু তুমি কৃতকাৰ্য্য হ’বলৈ সক্ষম হোৱা। তেওঁ কোৱাৰ দৰে তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰা।
Now, my son, may Yahweh be with you and enable you to succeed. May you build the house of Yahweh your God, as he said you would.
12 ১২ যেতিয়া তেওঁ ইস্রায়েলৰ দায়িত্বভাৰ তোমাৰ ওপৰত দিব তেতিয়া কেৱল যিহোৱাই তোমাক বুদ্ধি আৰু বিবেচনা দিয়ক, যাতে তুমি তোমাৰ ঈশ্ৱৰ যিহোৱাৰ বিধি পালন কৰিব পাৰিবা।
Only may Yahweh give you insight and understanding, so that you may obey the law of Yahweh your God, when he places you in charge over Israel.
13 ১৩ যিহোৱাই ইস্ৰায়েলৰ বাবে মোচিক দিয়া বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ, আৰু সেই দৰে কাৰ্য কৰিবলৈ সাৱধানে থাকিলে, তুমি কৃতকাৰ্য্য হ’ব; তুমি বলৱান আৰু সাহিয়াল হোৱা, ভয়াতুৰ কি নিৰাশ নহ’বা।
Then you will succeed, if you carefully obey the statutes and the decrees that Yahweh gave to Moses concerning Israel. Be strong and courageous. Do not fear or be discouraged.
14 ১৪ এতিয়া চোৱা, মই অতি কষ্টেৰে যিহোৱাৰ গৃহৰ বাবে এক লাখ কিক্কৰ সোণ, আৰু দহ লাখ কিক্কৰ ৰূপ, আৰু অধিক হোৱাৰ বাবে নোজোখাকৈ পিতল আৰু অধিক পৰিমানে লোহা যুগুত কৰি থৈছোঁ। মই কাঠ আৰু শিলো যুগুত কৰি থৈছোঁ। তুমি ইয়াৰ লগত আৰু অধিক যোগ কৰিব পাৰিবা।
Now, see, at great effort I have prepared for Yahweh's house 100,000 talents of gold, one million talents of silver, and bronze and iron in large quantities. I have also provided timber and stone. You must add more to all this.
15 ১৫ তোমাৰ অনেক কাম কৰা মানুহ আছে: শিল-কটিয়া, শিল আৰু কাঠৰ কাম কৰোঁতা, আৰু সকলো বিধৰ কামত নিপুণ অগণন লোক আছে।
You have many workmen with you: stonecutters, masons, carpenters, and skillful craftsmen without number of every kind,
16 ১৬ যি সকল সোণ, ৰূপ, পিতল, আৰু লোহাৰ কাম কৰিব জানে। সেয়ে কামত লাগি থাকা আৰু যিহোৱা তোমাৰ লগত থাকক।”
who can work with gold, silver, bronze, and iron. Arise and begin the work, and may Yahweh be with you.”
17 ১৭ দায়ূদে তেওঁৰ পুত্ৰ চলোমনক সহায় কৰিবলৈ, ইস্রায়েলৰ সকলো প্রধান লোকসকলক আজ্ঞা কৰি ক’লে,
David also ordered all the leaders of Israel to help Solomon his son, saying,
18 ১৮ তোমালোকৰ ঈশ্বৰ যিহোৱা, তোমালোকৰ লগত আছে আৰু চাৰিও দিশৰ পৰা তেওঁ তোমালোকক শান্তি দিব। তেওঁ দেশ নিবাসী সকলক মোৰ হাতত দিলে। যিহোৱাৰ আৰু তেওঁৰ লোকসকলৰ আগত দেশ বশীভূত হৈ আছে।
“Yahweh your God is with you and has given you peace on every side. He has given the region's inhabitants into my hand. The region is subdued before Yahweh and his people.
19 ১৯ এতিয়া সম্পূৰ্ণ হৃদয়েৰে তোমালোকৰ ঈশ্বৰ যিহোৱাক বিচাৰা। উঠা, আৰু ঈশ্ৱৰ যিহোৱাৰ পবিত্র গৃহ নিৰ্ম্মাণ কৰা। তাৰ পাছত নিয়ম-চন্দুক আৰু ঈশ্বৰৰ পবিত্ৰ বস্তুবোৰ যিহোৱাৰ নামৰ উদ্দেশ্যে নিৰ্ম্মাণ কৰা গৃহলৈ আনিব পাৰিবা।
Now seek Yahweh your God with all your heart and your soul. Get up and build the holy place of Yahweh God. Then you can bring the ark of the covenant of Yahweh and the things that belong to God into the house built for Yahweh's name.”

< ১ বংশাবলি 22 >