< ১ বংশাবলি 22 >
1 ১ তাৰ পাছত দায়ূদে ক’লে, “এয়ে ঈশ্বৰ যিহোৱাৰ গৃহৰ ঠাই আৰু ইস্ৰায়েলৰ হোম-বলি উৎসৰ্গৰ অৰ্থে পবিত্র-বেদি হ’ব।”
大衛說:「這就是耶和華上帝的殿,為以色列人獻燔祭的壇。」
2 ২ দায়ূদে ইস্ৰায়েল দেশত বাস কৰা বিদেশী সকলক একগোট কৰিবলৈ দাস সকলক আজ্ঞা দিলে। ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কৰিবৰ অৰ্থে শিল কাটি টুকুৰা কৰিবলৈ তেওঁলোকক শিল-কটিয়া কামত নিযুক্ত কৰিলে।
大衛吩咐聚集住以色列地的外邦人,從其中派石匠鑿石頭,要建造上帝的殿。
3 ৩ দুৱাৰৰ গজাল, আৰু বাটামৰ বাবে দায়ূদে অধিক পৰিমানে লোহা আৰু পিতল যোগান ধৰিলে। তেওঁ জুখিব নোৱাৰা পৰিমানে তামো যোগান ধৰিলে,
大衛預備許多鐵做門上的釘子和鉤子,又預備許多銅,多得無法可稱;
4 ৪ আৰু গণিব নোৱাৰা পৰিমাণৰ এৰচ কাঠ চীদোনীয়া আৰু তূৰীয়াসকলে দায়ূদৰ ওচৰলৈ গণনা কৰিবলৈ অনেক এৰচ কাঠ আনিছিল
又預備無數的香柏木,因為西頓人和泰爾人給大衛運了許多香柏木來。
5 ৫ দায়ূদে ক’লে, “মোৰ পুত্ৰ চলোমন ডেকা ল’ৰা আৰু তেওঁৰ অভিজ্ঞতা হোৱা নাই, আৰু যিহোৱাৰ অৰ্থে যি গৃহ সজা হ’ব বিষেশৰূপে আকৰ্ষণীয় হ’ব লাগিব, সেয়া আন সকলো দেশতো প্রখ্যাত আৰু খ্যাতিমান হ’ব, লাগিব। সেয়ে এই গৃহৰ বাবে মই প্রস্তুত হ’ব লাগিব।” সেই কাৰণে দায়ূদে তেওঁৰ মৃত্যুৰ আগতে ব্যাপক হাৰত বস্তু প্রস্তুত কৰিলে।
大衛說:「我兒子所羅門還年幼嬌嫩,要為耶和華建造的殿宇必須高大輝煌,使名譽榮耀傳遍萬國;所以我要為殿預備材料。」於是,大衛在未死之先預備的材料甚多。
6 ৬ তাৰ পাছত তেওঁ নিজৰ পুত্ৰ চলোমনক মাতিলে আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ বাবে এটা গৃহ সাজিবলৈ তেওঁক আজ্ঞা দিলে।
大衛召了他兒子所羅門來,囑咐他給耶和華-以色列的上帝建造殿宇,
7 ৭ দায়ূদে চলোমনক ক’লে, “হে মোৰ পুত্র, মোৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ মোৰ ইচ্ছা আছিল।
對所羅門說:「我兒啊,我心裏本想為耶和華-我上帝的名建造殿宇,
8 ৮ কিন্তু যিহোৱাই মোৰ ওচৰলৈ আহি ক’লে, ‘তুমি অনেকৰ ৰক্তপাত কৰিলা, আৰু বহুতো যুদ্ধ কৰিলা। তুমি মোৰ নামৰ উদ্দেশ্যে গৃহ নাসাজিবা, কিয়নো পৃথিবীত মোৰ সাক্ষাতে তুমি অনেকৰ ৰক্তপাত কৰিলা।
只是耶和華的話臨到我說:『你流了多人的血,打了多次大仗,你不可為我的名建造殿宇,因為你在我眼前使多人的血流在地上。
9 ৯ অৱশ্যে তোমাৰ এজন পুত্ৰ জন্মিব, তেওঁ শান্তিপ্রিয় ব্যক্তি হ’ব। মই তেওঁৰ চাৰিওফালে থকা সকলো শত্ৰুৰ পৰা তেওঁক ৰক্ষা কৰিম। কাৰণ তেওঁৰ নাম চলোমন হ’ব, আৰু মই তেওঁৰ দিনত ইস্রায়েলক শান্তি আৰু নিৰিবিলি পৰিবেশ দিম।
你要生一個兒子,他必作太平的人;我必使他安靜,不被四圍的仇敵擾亂。他的名要叫所羅門。他在位的日子,我必使以色列人平安康泰。
10 ১০ তেওঁ মোৰ নামৰ উদ্দেশে এটা গৃহ নিৰ্ম্মাণ কৰিব। তেওঁ মোৰ পুত্ৰ হ’ব, আৰু মই তেওঁৰ পিতৃ হ’ম। মই ইস্ৰায়েলৰ ওপৰত তেওঁৰ ৰাজ সিংহাসন চিৰস্থায়ীৰূপে স্থাপন কৰিম।
他必為我的名建造殿宇。他要作我的子;我要作他的父。他作以色列王;我必堅定他的國位,直到永遠。』
11 ১১ হে মোৰ বোপা, এতিয়া যিহোৱা তোমাৰ সঙ্গী হওক আৰু তুমি কৃতকাৰ্য্য হ’বলৈ সক্ষম হোৱা। তেওঁ কোৱাৰ দৰে তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰা।
我兒啊,現今願耶和華與你同在,使你亨通,照他指着你說的話,建造耶和華-你上帝的殿。
12 ১২ যেতিয়া তেওঁ ইস্রায়েলৰ দায়িত্বভাৰ তোমাৰ ওপৰত দিব তেতিয়া কেৱল যিহোৱাই তোমাক বুদ্ধি আৰু বিবেচনা দিয়ক, যাতে তুমি তোমাৰ ঈশ্ৱৰ যিহোৱাৰ বিধি পালন কৰিব পাৰিবা।
但願耶和華賜你聰明智慧,好治理以色列國,遵行耶和華-你上帝的律法。
13 ১৩ যিহোৱাই ইস্ৰায়েলৰ বাবে মোচিক দিয়া বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ, আৰু সেই দৰে কাৰ্য কৰিবলৈ সাৱধানে থাকিলে, তুমি কৃতকাৰ্য্য হ’ব; তুমি বলৱান আৰু সাহিয়াল হোৱা, ভয়াতুৰ কি নিৰাশ নহ’বা।
你若謹守遵行耶和華藉摩西吩咐以色列的律例典章,就得亨通。你當剛強壯膽,不要懼怕,也不要驚惶。
14 ১৪ এতিয়া চোৱা, মই অতি কষ্টেৰে যিহোৱাৰ গৃহৰ বাবে এক লাখ কিক্কৰ সোণ, আৰু দহ লাখ কিক্কৰ ৰূপ, আৰু অধিক হোৱাৰ বাবে নোজোখাকৈ পিতল আৰু অধিক পৰিমানে লোহা যুগুত কৰি থৈছোঁ। মই কাঠ আৰু শিলো যুগুত কৰি থৈছোঁ। তুমি ইয়াৰ লগত আৰু অধিক যোগ কৰিব পাৰিবা।
我在困難之中為耶和華的殿預備了金子十萬他連得,銀子一百萬他連得,銅和鐵多得無法可稱;我也預備了木頭、石頭,你還可以增添。
15 ১৫ তোমাৰ অনেক কাম কৰা মানুহ আছে: শিল-কটিয়া, শিল আৰু কাঠৰ কাম কৰোঁতা, আৰু সকলো বিধৰ কামত নিপুণ অগণন লোক আছে।
你有許多匠人,就是石匠、木匠,和一切能做各樣工的巧匠,
16 ১৬ যি সকল সোণ, ৰূপ, পিতল, আৰু লোহাৰ কাম কৰিব জানে। সেয়ে কামত লাগি থাকা আৰু যিহোৱা তোমাৰ লগত থাকক।”
並有無數的金銀銅鐵。你當起來辦事,願耶和華與你同在。」
17 ১৭ দায়ূদে তেওঁৰ পুত্ৰ চলোমনক সহায় কৰিবলৈ, ইস্রায়েলৰ সকলো প্রধান লোকসকলক আজ্ঞা কৰি ক’লে,
大衛又吩咐以色列的眾首領幫助他兒子所羅門,說:
18 ১৮ তোমালোকৰ ঈশ্বৰ যিহোৱা, তোমালোকৰ লগত আছে আৰু চাৰিও দিশৰ পৰা তেওঁ তোমালোকক শান্তি দিব। তেওঁ দেশ নিবাসী সকলক মোৰ হাতত দিলে। যিহোৱাৰ আৰু তেওঁৰ লোকসকলৰ আগত দেশ বশীভূত হৈ আছে।
「耶和華-你們的上帝不是與你們同在嗎?不是叫你們四圍都平安嗎?因他已將這地的居民交在我手中,這地就在耶和華與他百姓面前制伏了。
19 ১৯ এতিয়া সম্পূৰ্ণ হৃদয়েৰে তোমালোকৰ ঈশ্বৰ যিহোৱাক বিচাৰা। উঠা, আৰু ঈশ্ৱৰ যিহোৱাৰ পবিত্র গৃহ নিৰ্ম্মাণ কৰা। তাৰ পাছত নিয়ম-চন্দুক আৰু ঈশ্বৰৰ পবিত্ৰ বস্তুবোৰ যিহোৱাৰ নামৰ উদ্দেশ্যে নিৰ্ম্মাণ কৰা গৃহলৈ আনিব পাৰিবা।
現在你們應當立定心意,尋求耶和華-你們的神;也當起來建造耶和華上帝的聖所,好將耶和華的約櫃和供奉上帝的聖器皿都搬進為耶和華名建造的殿裏。」