< ১ বংশাবলি 21 >

1 ইস্ৰায়েলৰ বিৰুদ্ধে শত্রু থিয় হৈ ইস্ৰায়েলক গণনা কৰিবলৈ দায়ূদক উচটাইছিল।
Entonces Satán se levantó contra Israel, e incitó a David a hacer un censo de Israel.
2 দায়ূদে যোৱাবক আৰু সৈন্যৰ অধিকাৰী সকলক ক’লে, “যোৱা, তোমালোকে বেৰ-চেবাৰ পৰা দানলৈকে ইস্ৰায়েল লোকসকলক গণনা কৰা আৰু ঘূৰি আহি মোক বিৱৰণ দিবা, যাতে মই তেওঁলোকৰ সংখ্যা জানিব পাৰোঁ।”
David dijo a Joab y a los jefes del ejército: Vayan, hagan un censo de Israel, desde Beerseba hasta Dan. Traíganme el resultado para que yo sepa el número de ellos.
3 যোৱাবে ক’লে, “যিহোৱাই তেওঁৰ সৈন্যসকলক এতিয়া যিমান আছে তাতকৈ এশ গুণ অধিক বৃদ্ধি কৰক। কিন্তু হে মোৰ প্ৰভু মহাৰাজ, তেওঁলোক সকলোৱে জানো মোৰ প্ৰভুৰ পৰিচৰ্যা নকৰে? কিয় মোৰ প্ৰভুৱে এইদৰে বিচাৰিছে? কিয় ইস্ৰায়েলৰ ওপৰত দোষ কঢ়িয়াই আনিছে?”
Joab respondió: Añada Yavé a su pueblo 100 veces más, rey ʼadón mío. ¿No son todos éstos esclavos de mi ʼadón? ¿Por qué mi ʼadón procura esto? Porque debe ser causa de culpa para Israel.
4 কিন্তু ৰজাৰ বাক্য যোৱাবৰ বিৰুদ্ধে চুড়ান্ত আছিল, সেয়ে যোৱাব সেই ঠাই এৰি ইস্ৰায়েলৰ চাৰিওদিশে ফুৰিলে আৰু যিৰূচালেমলৈ উভতি আহিল।
Pero la palabra del rey prevaleció contra Joab, por lo cual Joab salió, recorrió todo Israel y regresó a Jerusalén.
5 তাৰ পাছত যোৱাবে যুদ্ধাৰু সকলৰ সম্পূৰ্ণ সংখ্যা দায়ূদৰ আগত দিলে। তাত ইস্ৰায়েলৰ মাজত এঘাৰ লাখ তৰোৱাল ধৰোঁতা লোক আছিল। যিহূদাৰ অকলেই চাৰি লাখ সত্তৰ হাজাৰ সৈন্য আছিল।
Joab dio a David el total del censo de todo el ejército. En todo Israel había 1.100.000 hombres que sacaban espada, y en Judá, 470.000.
6 কিন্তু তেওঁলোকৰ মাজত লেবী আৰু বিন্যামীনক গণনা কৰা নহ’ল, কাৰণ ৰজাৰ সেই আজ্ঞাত যোৱাবৰ ঘৃণা উপজিল।
Entre éstos los levitas no fueron contados ni los hijos de Benjamín, porque la orden del rey era repugnante para Joab.
7 ঈশ্বৰে সেই কাৰ্যত অসন্তোষ পালে, সেয়ে তেওঁ ইস্ৰায়েলক আঘাত কৰিলে।
Esto también desagradó a ʼElohim, e hirió a Israel.
8 দায়ূদে ঈশ্ৱৰক ক’লে, “এই কৰ্ম কৰাৰ যোগেদি মই মহা পাপ কৰিলোঁ। এতিয়া আপোনাৰ দাসৰ অপৰাধ ক্ষমা কৰক, কিয়নো মই অতিশয় অজ্ঞানৰ দৰে কৰ্ম কৰিলোঁ।”
Entonces David confesó a ʼElohim: Pequé gravemente al hacer esto. Pero ahora te ruego que quites la iniquidad de tu esclavo, porque obré muy neciamente.
9 যিহোৱাই দায়ূদৰ দৰ্শক গাদক ক’লে,
Yavé habló a Gad, vidente de David:
10 ১০ “যোৱা দায়ূদক গৈ কোৱা: ‘যিহোৱাই এই কথা কৈছে: “মই তোমাক নিৰ্বাচন কৰিবলৈ তিনিটা সুযোগ দিছোঁ। তাৰ মাজত এটা বাচি লোৱা।””
Vé y habla a David: Yavé dice: Tres cosas te propongo. Escoge una de ellas, y Yo te la aplicaré.
11 ১১ সেয়ে গাদে দায়ূদৰ ওচৰলৈ গ’ল আৰু তেওঁক ক’লে, “যিহোৱাই এই কথা কৈছে: ‘ইয়াৰ ভিতৰত এটা নিৰ্বাচন কৰা:
Y Gad fue a David, y le dijo: Yavé dice:
12 ১২ নাইবা তিনি বছৰ আকাল হ’ব, বা তিনি মাহলৈকে শত্ৰুবোৰৰ তৰোৱাল আপোনাৰ দেশত ব্যাপ্ত হৈ আপোনাক অত্যাচাৰ কৰিব, বা তিনি দিনলৈকে যিহোৱাৰ তৰোৱাল, অৰ্থাৎ দেশত মহামাৰীৰ লগত ইস্ৰায়েল দেশৰ সীমাত সংহাৰ কৰোঁতা যিহোৱাৰ দূতে ভ্ৰমণ কৰিব।’ এই হেতুকে যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মোক পঠালে, তেওঁক কি উত্তৰ দিম, তাক এতিয়া বিবেচনা কৰি চাওক।”
Escoge para ti: tres años de hambruna, o tres meses derrotado por tus enemigos y que la espada de tus adversarios te alcance, o tres días la espada de Yavé, es decir, la pestilencia en la tierra y que el Ángel de Yavé haga estragos en todo el territorio de Israel. Ahora pues, mira qué debo responder al que me envió.
13 ১৩ দায়ূদে গাদক ক’লে, “মই বৰ বিপদত পৰিছোঁ, মোক যিহোৱাৰ হাতত দিয়ক, কিয়নো তেওঁৰ দয়া প্ৰচুৰ, কিন্তু মোক মানুহৰ হাতত নিদিব।”
David respondió a Gad: Estoy en gran angustia. Ruego que yo caiga en la mano de Yavé, porque sus misericordias son muy grandes, pero que no caiga en la mano del hombre.
14 ১৪ সেয়ে যিহোৱাই ইস্ৰায়েলৰ মাজলৈ মহামাৰী পঠালে, আৰু ইস্ৰায়েলৰ সত্তৰ হাজাৰ লোকৰ মৃত্যু হ’ল।
Así que Yavé envió una pestilencia a Israel, y murieron 70.000 hombres de Israel.
15 ১৫ ঈশ্বৰে যিৰূচালেমক ধংস কৰিবলৈ এজন দূত তালৈ পঠালে। যেতিয়া তেওঁ ধংস কৰিবলৈ ল’লে, তেতিয়া যিহোৱাই সেই অনিষ্টৰ বিষয়ে চিন্তা কৰি নিজৰ মন সলনি কৰিলে, আৰু তেওঁ ধ্বংসকাৰী দূতক কলে, “এয়ে জুৰিছে, এতিয়া তোমাৰ হাত কোঁচোৱা।” সেই সময়ত যিহোৱাৰ দূত যিবুচীয়াৰ অৰ্ণনৰ মৰণা মৰা ঠাইত থিয় হৈ আছিল।
ʼElohim envió al Ángel a Jerusalén para destruirla, pero cuando destruía, Yavé miró y sintió pesar por aquella calamidad. Dijo al Ángel que destruía: ¡Basta! ¡Detén tu mano! Y el Ángel de Yavé estaba junto a la era de Ornán jebuseo.
16 ১৬ দায়ূদে ওপৰলৈ চাই দেখিলে যে, যিহোৱাৰ দূত পৃথিৱী আৰু আকাশৰ মাজত থিয় হৈ আছে, আৰু যিৰূচালেমৰ ওপৰলৈ হাতত এখন খোলা তৰোৱাল দাঙি ধৰি আছিল। তেতিয়া দায়ূদে আৰু বৃদ্ধ লোকসকলে চট কাপোৰ পিন্ধি মাটিত মুখতল কৰি পৰিল।
Al levantar David sus ojos, vio al Ángel de Yavé, quien estaba entre la tierra y el cielo, con una espada desenvainada en su mano, extendida sobre Jerusalén. Entonces David y los ancianos se postraron sobre sus rostros, cubiertos de tela áspera.
17 ১৭ দায়ূদে ঈশ্বৰক ক’লে, “যি জনে লোকসকলক গণনা কৰিবলৈ আজ্ঞা দিলে, সেই জন জানো মই নহওঁ? মই এই পাপ কৰ্ম কৰিলোঁ, কিন্তু এই মেৰবিলাকে কি কৰিলে? হে মোৰ ঈশ্বৰ যিহোৱা, বিনয় কৰোঁ, আপোনাৰ হাতেৰে মোক আৰু মোৰ পৰিয়ালক শাস্তি দিয়ক, কিন্তু আপোনাৰ লোকসকলক মহামাৰীৰে শাস্তি নিদিব।”
David dijo a ʼElohim: ¿No soy yo quien ordenó contar el pueblo? Yo soy quien pecó y ciertamente obré mal. Pero estas ovejas, ¿qué hicieron? ¡Oh Yavé ʼElohim mío, levanta ahora tu mano contra mí y contra la casa de mi padre, pero no llegue la pestilencia sobre tu pueblo!
18 ১৮ সেয়ে যিহোৱাৰ দূতে দায়ূদক যিবুচীয়াৰ অৰ্ণনৰ মৰণা মৰা ঠাইত যিহোৱাৰ উদ্দেশে এটা যজ্ঞবেদী স্থাপন কৰিবৰ অৰ্থে আজ্ঞা দিবলৈ গাদক ক’লে।
Entonces el Ángel de Yavé ordenó a Gad que dijera a David que subiera y levantara un altar a Yavé en la era de Ornán jebuseo.
19 ১৯ গাদে নিৰ্দেশ দিয়া অনুসাৰে কৰিবলৈ যিহোৱাৰ নামেৰে দায়ুদ তালৈ উঠি গ’ল।
David subió según la palabra que Gad le dijo en Nombre de Yavé.
20 ২০ যেতিয়া অৰ্ণনে ঘেঁহু মৰণা মাৰি আছিল, তেতিয়া তেওঁ পাছফাললৈ ঘূৰি দূতক দেখিলে। তেওঁ আৰু তেওঁৰ চাৰিজন পুত্রই নিজকে লুকুৱালে।
Ornán trillaba trigo. Al voltearse Ornán vio al Ángel, por lo cual se escondieron sus cuatro hijos que estaban con él.
21 ২১ দায়ূদে অৰ্ণনৰ ওচৰলৈ আহিলে, আৰু অৰ্ণনে দায়ূদক দেখা পালে। তেওঁ মৰণা মৰা ঠাই পৰা আহি দায়ূদৰ আগত মাটিত মুখ লগাই প্ৰণিপাত কৰিলে।
Cuando David iba hacia Ornán, éste miró y vio a David. Al salir de la era se postró en tierra ante David.
22 ২২ তেতিয়া দায়ূদে অৰ্ণনক ক’লে, “তুমি মৰণা মৰা এই ঠাইডোখৰ মোক দিয়া, যাতে মই এই ঠাইতে যিহোৱাৰ উদ্দেশে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিব পাৰোঁ। মই ইয়াৰ সম্পূৰ্ণ দাম দিম, যাতে লোকসকলৰ মাজৰ পৰা মহামাৰী দূৰ হয়।
Entonces David dijo a Ornán: Dame este lugar de la era para que edifique un altar a Yavé. Dámelo por su justo precio para que cese la mortandad en el pueblo.
23 ২৩ অৰ্ণনে দায়ূদক ক’লে, “প্ৰভু মহাৰাজ আপোনাৰ নিজৰ নিচিনাকৈ ইয়াক লওক। আপোনাৰ দৃষ্টিত যি ভাল দেখে, তাকেই কৰক। চাওক, মই হোম-বলিৰ অৰ্থে ষাঁড়-গৰু, খৰিৰ অৰ্থে মৰণা মৰা যন্ত্ৰ, আৰু নৈবেদ্যৰ অৰ্থে ঘেঁহু; এই সকলো মই আপোনাৰ বাবে দিম।”
Ornán respondió a David: Tómala para ti, y que mi ʼadón el rey haga lo que le parezca bien. Aun los becerros daré para el holocausto, los trillos para leña y trigo para la ofrenda. Yo lo doy todo.
24 ২৪ দায়ুদ ৰজাই অৰ্ণনক ক’লে, “নহয়, মই সম্পূৰ্ণ মূল্য দিহে কিনি ল’ম। যিহোৱাৰ উদ্দেশে হোম-বলি উৎসৰ্গ কৰিব খোজা তোমাৰ যি আছে বিনামূল্যে মই নলওঁ।”
Pero el rey David dijo a Ornán: No, sino lo compraré por su justo precio, porque no tomaré para Yavé lo que es tuyo. No ofreceré holocausto que nada me cueste.
25 ২৫ সেয়ে দায়ূদে সেই ঠাইৰ কাৰণে ছশ চেকল সোণ দিলে।
David pagó a Ornán por aquel lugar el peso de 6,6 kilogramos de oro.
26 ২৬ দায়ূদে সেই ঠাইত যিহোৱাৰ উদ্দেশে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰি, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। তেওঁ যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে, তাতে তেওঁ আকাশৰ পৰা হোম-বেদিত অগ্নি পেলাই তেওঁক উত্তৰ দিলে।
David edificó allí un altar a Yavé en el cual ofreció holocaustos y ofrendas de paz. Invocó a Yavé, Quien le respondió por medio de fuego desde el cielo sobre el altar del holocausto.
27 ২৭ তেতিয়া যিহোৱাই দূতক আজ্ঞা কৰিলে, আৰু দূতে নিজৰ তৰোৱাল খাপত ভৰাই হ’ল।
Yavé dio orden al Ángel, y Éste envainó su espada.
28 ২৮ দায়ূদে যেতিয়া যিহোৱাই যিবুচীয়া অৰ্ণনৰ মৰণা মৰা ঠাইত উত্তৰ দিয়া দেখিলে, তেতিয়া তেওঁ সেই সময়তে সেই ঠাইত বলিদান দিলে।
Al ver David que Yavé lo escuchó en la era de Ornán jebuseo, ofreció sacrificios allí.
29 ২৯ সেই সময়ত, মোচিয়ে মৰুপ্রান্তত নিৰ্ম্মাণ কৰা যিহোৱাৰ আবাস, আৰু হোম-বলিৰ বাবে যজ্ঞবেদি, গিবিয়োনৰ ওখ ঠাইত আছিল।
El Tabernáculo de Yavé que Moisés hizo en el desierto estaba en el lugar alto de Gabaón, y [dentro de él] estaba el altar del holocausto.
30 ৩০ অৱশ্যে দায়ূদে ঈশ্বৰৰ পৰামৰ্শ লবলৈ তেওঁৰ আগলৈ যাব নোৱাৰিছিল; কাৰণ যিহোৱাৰ দূতৰ তৰোৱাললৈ তেওঁ ভয় কৰিছিল।
Pero David no pudo ir allá a consultar a ʼElohim, porque estaba aterrorizado a causa de la espada del Ángel de Yavé.

< ১ বংশাবলি 21 >