< ১ বংশাবলি 20 >

1 বসন্তকালৰ সময়ত সাধাৰণতে ৰজাসকলে যেতিয়া যুদ্ধলৈ যায়, তেতিয়া যোৱাবে যুদ্ধত সৈন্যসকলক নেতৃত্ব দিছিল; পাছত অম্মোনীয়াসকলৰ দেশ ধংস কৰিলে, তেওঁ ৰব্বালৈ গৈ তাক অৱৰোধ কৰিলে। দায়ুদ যিৰূচালেমতে থাকিল। যোৱাবে ৰব্বাক আক্রমণ কৰি পৰাজিত কৰিলে।
ויהי לעת תשובת השנה לעת צאת המלכים וינהג יואב את חיל הצבא וישחת את ארץ בני עמון ויבא ויצר את רבה ודויד ישב בירושלם ויך יואב את רבה ויהרסה׃
2 দায়ূদে তেওঁলোকৰ ৰজাৰ মূৰৰ পৰা তেওঁৰ ৰাজমুকুট ল’লে, আৰু তেওঁ দেখিলে যে, তাৰ সোণৰ পৰিমাণ এক কিক্কৰ, আৰু তাত বহুমূলীয়া পাথৰ আছিল। সেই মুকুটটো দায়ূদৰ মূৰত পিন্ধোৱা হ’ল আৰু তেওঁ সেই নগৰৰ পৰা বহু পৰিমানৰ লুটদ্ৰব্য উলিয়াই আনিলে।
ויקח דויד את עטרת מלכם מעל ראשו וימצאה משקל ככר זהב ובה אבן יקרה ותהי על ראש דויד ושלל העיר הוציא הרבה מאד׃
3 দায়ূদে নগৰৰ ভিতৰত থকা লোকসকলক বাহিৰলৈ আনিলে, আৰু কৰত, লোহাৰ মৈ, আৰু কুঠাৰেৰে কাম কৰিবলৈ বাধ্য কৰিলে। দায়ূদে অম্মোনীয় লোকসকলৰ সকলো নগৰবোৰত এইদৰে কাম কৰাটো বিচাৰিলে। তাৰ পাছত দায়ুদ আৰু তেওঁৰ সকলো সৈন্য যিৰূচালেমলৈ ওভটি আহিল।
ואת העם אשר בה הוציא וישר במגרה ובחריצי הברזל ובמגרות וכן יעשה דויד לכל ערי בני עמון וישב דויד וכל העם ירושלם׃
4 ইয়াৰ পাছত পলেষ্টীয়াসকলৰ লগত গেজৰত যুদ্ধ হ’ল। হূচাতীয়া চিব্বকয়ে চিপ্পয় নামেৰে ৰফাৰ এজন বংশধৰক বধ কৰিলে, আৰু ফিলিষ্টীয়াসকলক বশীভূত কৰিলে।
ויהי אחריכן ותעמד מלחמה בגזר עם פלשתים אז הכה סבכי החשתי את ספי מילדי הרפאים ויכנעו׃
5 পুনৰায় পলেষ্টীয়াসকলৰ লগত গবত যুদ্ধ হ’ল, যায়ীৰৰ পুত্ৰ ইলহাননে গাতীয়া গলিয়াথৰ ভায়েক লহমীক বধ কৰিলে, তাৰ যাঠী তাতঁশালৰ টোলোঠাৰ সমান আছিল।
ותהי עוד מלחמה את פלשתים ויך אלחנן בן יעור את לחמי אחי גלית הגתי ועץ חניתו כמנור ארגים׃
6 পুনৰ এবাৰ গাতত যুদ্ধ হ’ল তাত অতি ওখ এজন লোক যাৰ দুয়োখন হাতত আৰু ভৰিত ছটাকৈ আঙুলি আছিল। তেৱোঁ ৰফাৰ এজন বংশধৰ আছিল।
ותהי עוד מלחמה בגת ויהי איש מדה ואצבעתיו שש ושש עשרים וארבע וגם הוא נולד להרפא׃
7 তেওঁ যেতিয়া ইস্ৰায়েলৰ সৈন্যক ইতিকিং কৰিলে, তেতিয়া দায়ূদৰ ভায়েক চিমিয়াৰ পুত্ৰ যোনাথনে তেওঁক বধ কৰিলে।
ויחרף את ישראל ויכהו יהונתן בן שמעא אחי דויד׃
8 তেওঁলোক গাতৰ ৰফাৰ বংশধৰৰ লোক আৰু তেওঁলোকক দায়ুদ আৰু তেওঁৰ সৈন্যসকলৰ হাতৰ দ্ৱাৰাই বধ কৰা হ’ল।
אל נולדו להרפא בגת ויפלו ביד דויד וביד עבדיו׃

< ১ বংশাবলি 20 >