< ১ বংশাবলি 2 >

1 ইস্ৰায়েলৰ পুত্ৰ এওঁলোক: ৰূবেণ, চিমিয়োন, লেবী, যিহূদা, ইচাখৰ, জবূলূন,
Estes são os filhos de Israel: Rúben, Simeão, Levi, Judá, Issacar, Zebulom,
2 দান, যোচেফ, বিন্যামীন, নপ্তালী, গাদ, আৰু আচেৰ।
Dã, José, Benjamim, Naftali, Gade, e Aser.
3 যিহূদাৰ পুত্ৰ, এৰ, ওনন, আৰু চেলা তেওঁৰ এই তিনি জন পুত্ৰ কনানীয়া চূৱাৰ জীয়েকৰ ঔৰসত জন্ম হৈছিল। তেওঁলোকৰ মাজত যিহূদাৰ ডাঙৰ পুত্ৰ এৰে যিহোৱাৰ দৃষ্টিত পাপ কৰিছিল আৰু তেওঁ তাক বধ কৰিলে।
Os filhos de Judá foram: Er, Onã, e Selá. [Estes] três lhe nasceram de Bete-Suá, Cananeia. E Er, primogênito, de Judá, foi mau diante do Senhor, que o matou.
4 যিহূদাৰ বোৱাৰীয়েক তামাৰে পেৰচ আৰু জেৰহক জন্ম দিলে। যিহূদাৰ পাঁচ জন পুত্র আছিল।
E Tamar, sua nora, lhe deu à luz Perez e a Zerá. Todos os filhos de Judá foram cinco.
5 পেৰচৰ পুত্র হিষ্ৰোণ আৰু হামূল আছিল।
Os filhos de Perez: Hezrom e Hamul.
6 জেৰহৰ পাঁচ জন সন্তান: জিম্ৰী, এথন হেমন, কলকোল, আৰু দাৰা।
E os filhos de Zerá: Zinri, Etã, Hemã, e Calcol, e Darda; cinco ao todo.
7 আখৰ কর্মীৰ পুত্র আছিল, তেওঁ যিহোৱাৰ উদ্দেশে সংগ্ৰহ কৰি ৰখা বস্তু চুৰ কৰি ইস্ৰায়েললৈ সংকট কঢ়িয়াই আনিছিল।
O filho de Carmi foi Acar, o perturbador de Israel, porque transgrediu naquilo que estava separado por maldiçãos.
8 এথনৰ পুত্র অজৰিয়া আছিল।
O filho de Etã foi Azarias.
9 হিষ্ৰোণৰ পুত্র যিৰহমেল, ৰাম, আৰু কলূবয় আছিল।
Os filhos que nasceram a Hezrom foram: Jerameel, Rão, e Quelubai.
10 ১০ ৰামৰ পুত্র অম্মীনাদব; অম্মীনাদবৰ পুত্র নহচোন। তেওঁ যিহূদাৰ পূৰ্বপুৰুষসকলৰ অধ্যক্ষ আছিল।
E Rão gerou a Aminadabe; e Aminadabe gerou a Naasom, príncipe dos filhos de Judá;
11 ১১ নহচোনৰ পুত্ৰ চলমা, চলমাৰ পুত্র বোৱজ।
E Naasom gerou a Salmom, e Salmom gerou a Boaz;
12 ১২ বোৱজৰ পুত্র ওবেদ, ওবেদৰ পুত্র যিচয়।
E Boaz gerou a Obede, e Obede gerou a Jessé;
13 ১৩ যিচয়ৰ জ্যেষ্ঠ পুত্ৰ ইলীয়াব, দ্বিতীয় অবীনাদব, তৃতীয় চিমিয়া,
E Jessé gerou a Eliabe, seu primogênito, e o segundo Abinadabe, o terceiro Simeia;
14 ১৪ চতুৰ্থ নথনেল, পঞ্চম ৰদ্দয়,
O quarto Natanael, o quinto Radai;
15 ১৫ ষষ্ঠ ওচম, আৰু সপ্তম দায়ুদ।
O sexto Ozém, o sétimo Davi;
16 ১৬ তেওঁলোকৰ ভনীয়েক চৰূয়া আৰু অবীগল। চৰূয়াৰ পুত্ৰ তিনি জন, অবীচয়, যোৱাব, আৰু অচাহেল।
As irmãs dos quais foram Zeruia e Abigail. Os filhos de Zeruia foram três: Abisai, Joabe, e Asael.
17 ১৭ অবীগলৰ পুত্ৰ অমাচা, এওঁৰ পিতৃ ইশ্মায়েলীয়া যেথৰ।
E Abigail deu à luz Amasa, cujo pai foi Jéter, o Ismaelita.
18 ১৮ হিষ্ৰোণৰ পুত্ৰ কালেবৰ ভাৰ্যা অজূবা আৰু যিৰীয়োত। তেওঁলোকৰ সন্তান যেচৰ, চোবব, আৰু অৰ্দোন আছিল।
E Calebe filho de Hezrom gerou de sua mulher Azuba, e de Jeriote. E os filhos dela foram: Jeser, Sobabe, e Ardom.
19 ১৯ আৰু অজূবাৰ মৃত্যুৰ পাছত কালেবে ইফ্ৰাথাক বিয়া কৰালে, আৰু তেওঁ হূৰক জন্ম হ’ল।
E Azuba morreu, e Calebe tmou por mulher a Efrate, a qual lhe gerou a Hur.
20 ২০ হূৰৰ পুত্র ঊৰী, আৰু ঊৰীৰ পুত্র বচলেল আছিল।
E Hur gerou a Uri, e Uri gerou a Bezalel.
21 ২১ তাৰ পাছত হিষ্ৰোণে ষাঠি বছৰ বয়সত গিলিয়দৰ পিতৃ মাখীৰৰ জীয়েকক বিয়া কৰিলে। তেওঁ তেওঁলৈ চগূবৰক জন্ম দিলে।
Depois Hezrom se deitou com a filha de Maquir, pai de Gileade, a qual ele tomou por esposa quando ele tinha sessenta anos, e ela lhe gerou a Segube.
22 ২২ চগূবৰ পুত্র যায়ীৰ, গিলিয়দ দেশত তেওঁ তেইশখন নগৰ শাসন কৰিছিল।
E Segube gerou a Jair, que teve vinte e três cidades na terra de Gileade.
23 ২৩ গচুৰ আৰু অৰামে তেওঁলোকৰ পৰা যায়ীৰ আৰু কনাৎ নগৰ, আৰু তাৰ চাৰিওফালৰ ষাঠিখন নগৰ অধিকাৰ কৰিছিল। এই সকলো বাসিন্দা গিলিয়দৰ পিতৃ মাখীৰৰ বংশধৰ আছিল।
E Gesur e Arã tomaram deles as cidades de Jair, e a Quenate com suas aldeias, sessenta cidades. Todos estes foram filhos de Maquir, pai de Gileade.
24 ২৪ হিষ্ৰোণ মৃত্যুৰ পাছত, কালেবে তেওঁৰ পিতৃৰ ভাৰ্যা ইফ্ৰাথাৰ সৈতে শয়ন কৰে। আৰু তেওঁৰ অচহূৰক জন্ম দিলে, তেওঁ তকোৱাৰ পিতৃ আছিল।
E depois da morte de Hezrom, em Calebe de Efrata, Abia mulher de Hezrom, lhe gerou a Asur, pai de Tecoa.
25 ২৫ হিষ্ৰোণৰ প্ৰথম পুত্ৰ যিৰহমেল, যিৰহমেলৰ প্ৰথম পুত্র ৰাম, ৰামৰ পাছত বূনা, ওৰণ, ওচম, আৰু অহিয়া।
E os filhos de Jerameel primogênito de Hezrom foram: Rão (seu primogênito), Buna, Orém, Ozém, e Aías.
26 ২৬ যিৰহমেলৰ অটাৰা নামেৰে আৰু এগৰাকী ভাৰ্যা আছিল, তেওঁ ওনমৰ মাতৃ আছিল।
Jerameel também teve outra mulher chamada Atara, que foi mãe de Onã.
27 ২৭ যিৰহমেলৰ প্ৰথম পুত্র ৰাম, তেওঁৰ পুত্র মাচ, যামীন, আৰু একৰ।
E os filhos de Rão, primogênito de Jerameel, foram: Maaz, Jamim, e Equer.
28 ২৮ ওনমৰ পুত্র চম্ময় আৰু যাদা, আৰু চম্ময়ৰ পুত্র নাদব আৰু অবীচূৰ।
E os filhos de Onã foram: Samai, e Jada. E os filhos de Samai: Nadabe, e Abisur.
29 ২৯ অবীচূৰৰ ভাৰ্য্যাৰ নাম অবীহয়িল; তেওঁ অহবান আৰু মোলিদক জন্ম দিলে।
E o nome da mulher de Abisur era Abiail, a qual lhe gerou a Abã e a Molide.
30 ৩০ আৰু নাদবৰ পুত্র চেলদ আৰু অপ্পয়িম, কিন্তু চেলদ নি: সন্তান হৈ মৃত্যু বৰণ কৰে।
E os filhos de Nadabe foram: Selede e Apaim. E Selede morreu sem filhos.
31 ৩১ অপ্পয়িমৰ পুত্র যিচী, যিচীৰ পুত্র চেচন, আৰু চেচনৰ পুত্র অহলয়।
E o filho de Apaim foi Isi; o filho de Isi foi Sesã; e o filho de Sesã foi Alai.
32 ৩২ চম্ময়ৰ ভায়েক যাদাৰ পুত্র যেথৰ আৰু যোনাথন, যেথৰ নি: সন্তান হৈ মৃত্যু বৰণ কৰে।
E os filhos de Jada, irmão de Simmai, foram: Jéter e Jônatas. E Jéter morreu sem filhos.
33 ৩৩ যোনাথনৰ পুত্র পেলৎ আৰু জাজা আছিল। এওঁলোক যিৰহমেলৰ বংশধৰ আছিল।
E os filhos de Jônatas foram: Pelete, e Zaza. Estes foram os filhos de Jerameel.
34 ৩৪ চেচনৰ পুত্র নাছিল, কেৱল জীয়েক আছিল। যৰ্হা নামেৰে চেচনৰ এজন মিচৰীয়া দাস আছিল।
E Sesã não teve filhos, mas somente filhas. E Sesã tinha um servo egípcio, cujo nome era Jará.
35 ৩৫ চেচনে তেওঁৰ দাস যৰ্হাই সৈতে নিজৰ জীয়েকক বিয়া দিলে; তেওঁ অত্তয়ক জন্ম দিলে।
Sesã deu sua filha a seu servo Jará, e ela lhe gerou a Atai.
36 ৩৬ অত্তয়ৰ পুত্র নাথন, নাথনৰ পুত্র জাবদ।
E Atai gerou a Natã, e Natã gerou a Zabade;
37 ৩৭ জাবদৰ পুত্র ইফলল, ইফললৰ পুত্র ওবেদ।
E Zabade gerou a Eflal, e Eflal gerou a Obede;
38 ৩৮ ওবেদৰ পুত্র যেহূ, যেহূৰ পুত্র অজৰিয়া।
E Obede gerou a Jeú, e Jeú gerou a Azarias;
39 ৩৯ অজৰিয়াৰ পুত্র হেলচ, হেলচৰ পুত্র ইলিয়াচা।
E Azarias gerou a Helez, Helez gerou a Eleasá;
40 ৪০ ইলিয়াচাৰ পুত্র চিচময়, চিচময়ৰ পুত্র চল্লুম।
Eleasá gerou a Sismai, e Sismai gerou a Salum;
41 ৪১ চল্লুমৰ পুত্র যকমিয়া, আৰু যকমিয়াৰ পুত্র ইলীচামা।
E Salum gerou a Jecamias, e Jecamias gerou a Elisama.
42 ৪২ যিৰহমেলৰ ভায়েক কালেবৰ পুত্রৰ প্ৰথম সন্তান মেচা, তেওঁ জীফৰ পিতৃ। তেওঁৰ দ্বিতীয় সন্তান মাৰেচা, তেওঁ হিব্ৰোণৰ পিতৃ আছিল।
Os filhos de Calebe, irmão de Jerameel, foram: Messa seu primogênito, que foi o pai de Zife; e os filhos de Maressa, pai de Hebrom.
43 ৪৩ হিব্ৰোণৰ পুত্র কোৰহ, তপ্পূহ, ৰেকম, আৰু চেমা।
E os filhos de Hebrom foram: Corá, Tapua, Requém, e Sema.
44 ৪৪ চেমাৰ পুত্র ৰহম, ৰহম পুত্র যৰ্কিয়ম আৰু ৰেকমৰ পুত্র চম্ময়।
E Sema gerou a Raão, pai de Jorqueão; e Requém gerou a Samai.
45 ৪৫ চম্ময়ৰ পুত্র মায়োন, আৰু মায়োনৰ পুত্র বৈৎ-চুৰ।
E o filho de Samai foi Maom, e Maom foi pai de Bete-Zur.
46 ৪৬ কালেবৰ উপপত্নী ঐফাই হাৰণ, মোচা, আৰু গাজেজক জন্ম দিলে। হাৰণৰ পুত্র গাজেজ।
E Efá, a concubina de Calebe, lhe gerou a Harã, Moza, e a Gazez. E Harã gerou a Gazez.
47 ৪৭ যেহদৰ পুত্র ৰেগম, যোথম, গেচন, পেলট, ঐফা, আৰু চাফ।
E os filhos de Jadai foram: Regém, Jotão, Gesã, Pelete, Efá, e Saafe.
48 ৪৮ কালেবৰ উপপত্নী মাখা চেবৰ আৰু তিৰ্হনাক জন্ম দিলে।
Maaca, concubina de Calebe, lhe gerou a Seber, e a Tiraná.
49 ৪৯ আৰু তেওঁ মদ্‌মন্না পিতৃ চাফকক আৰু মগবেনা ও গিবিয়াৰ পিতৃ চবাকক জন্ম দিলে। কালেবৰ জীয়েকৰ নাম অকচা।
Ela também deu à luz a Saafe, pai de Madmana, e a Seva, pai de Macbena e pai de Gibeá. E a filha de Calebe foi Acsa.
50 ৫০ এওঁলোক হূৰৰ সন্তান, ইফ্ৰাথাৰ পৰা জন্ম হোৱা প্ৰথম পুত্র হূৰ: কিৰিয়ৎ-যিয়াৰীমৰ পিতৃ চোবল,
Estes foram os filhos de Calebe, filho de Hur, primogênito de Efrata: Sobal, pai de Quiriate-Jearim;
51 ৫১ বৈৎলেহেমৰ পিতৃ চলমা, বৈৎ-গাদেৰৰ পিতৃ হাৰেফ।
Salma, pai dos belemitas; e Harefe, pai de Bete-Gader.
52 ৫২ কিৰিয়ৎ-যিয়াৰীমৰ পিতৃ চোবলৰ বংশধৰসকল আছিল: হাৰোৱি, মানহতীয়াসকলৰ আধা ভাগ,
E os filhos de Sobal, pai de Quiriate-Jearim foram: Haroé, a metade dos Manaatitas.
53 ৫৩ আৰু কিৰিয়ৎ-যিয়াৰীমৰ গোষ্ঠী- যিত্ৰীয়া, পুথীয়া, চূমাথীয়া, আৰু মিশ্ৰায়ীয়াসকল। এওঁলোকৰ বংশধৰ আছিল চৰায়ীয়া আৰু ইষ্টায়োলীয়াসকল।
E as famílias de Quiriate-Jearim foram os itreus, os puteus, os sumateus, e os misraeus; destes saíram os zorateus e os estaoleus.
54 ৫৪ তলত উল্লেখিত সকল চলমাৰ গোষ্ঠীৰ: বৈৎলেহেম, নটোফাতীয়াসকল অট্ৰোৎ-বৈৎযোৱাব, আৰু মানহতীয়াসকলৰ আধা ভাগ লোক, চৰীয়াসকল।
Os filhos de Salma foram: Belém, e os netofatitas, Atarote, Bete-Joabe; e da metade dos manaatitas, [e] os zoritas.
55 ৫৫ যাবেচ-নিবাসী লিখকসকলৰ গোষ্ঠী তিৰাথীয়া, চিমিয়াথীয়া, আৰু চুখাথিয়াসকল। এওঁলোক ৰেখবৰ বংশৰ আদি-পিতৃ হম্মতৰ বংশধৰ কেনীয়া লোক।
E as famílias dos escribas, que habitavam em Jabez, foram os tiratitas, os simeatitas, [e] os sucatitas; estes foram os queneus que vieram de Hamate, pai da casa de Recabe.

< ১ বংশাবলি 2 >