< ১ বংশাবলি 19 >
1 ১ অম্মোনৰ লোকসকলৰ ৰজা নাহচৰ মৃত্যুৰ পাছত, তেওঁৰ পুত্র তেওঁৰ পদত ৰজা হ’ল।
Și după aceasta s-a întâmplat, că Nahaș, împăratul copiilor lui Amon, a murit și fiul său a domnit în locul său.
2 ২ দায়ুদে ক’লে, “নাহচৰ পুত্র হানুনে মোৰ প্রতি দয়া দেখুৱাইছিল, সেয়ে মইও তেওঁলৈ দয়া কৰিম।” সেই বাবে দায়ূদে তেওঁৰ পিতৃক সান্তনা দিবলৈ বাৰ্তাবহক সকলক পঠালে। দায়ূদৰ দাসবোৰ অম্মোনৰ দেশত সোমাই হানূনক শান্তনা দিবলৈ তেওঁৰ ওচৰলৈ গ’ল।
Și David a spus: Voi arăta bunătate lui Hanun, fiul lui Nahaș, deoarece tatăl său mi-a arătat bunătate. Și David a trimis mesageri să îl mângâie referitor la tatăl său. Astfel servitorii lui David au intrat în țara copiilor lui Amon la Hanun, să îl mângâie.
3 ৩ কিন্তু অম্মোনৰ প্রধান লোকসকলে হানুনক ক’লে, “দায়ুদে আপোনাক সান্তনা দিবলৈ মানুহ পঠিওৱাৰ বাবে, আপুনি ভাবিছেনে আপোনাৰ পিতৃক সচাঁকৈয়ে সন্মান কৰে?” আপোনাৰ দেশ ধ্বংস কৰিবলৈ তেওঁৰ দাসবোৰে অনুসন্ধান কৰি দেশৰ বুজ-বিচাৰ লবলৈ ইয়ালৈ আহিছে।
Dar prinții copiilor lui Amon i-au spus lui Hanun: Crezi că David onorează pe tatăl tău, încât a trimis mângâietori la tine; nu au venit servitorii lui la tine să cerceteze și să dărâme și să spioneze țara?
4 ৪ সেয়ে হানুনে দায়ূদৰ দাস সকলক ধৰি তেওঁলোকৰ ডাঢ়ি খুৰালে, তেওঁলোকৰ পিন্ধা কাপোৰ ককালৰ পৰা তপিনালৈকে কাটি তেওঁলোকক যাবলৈ দিলে।
De aceea Hanun a luat pe servitorii lui David și i-a ras și le-a retezat veșmintele la mijloc aproape până la fese și i-a trimis.
5 ৫ যেতিয়া তেওঁলোকে দায়ূদক এই সকলো কথা ব্যাখ্যা কৰিলে, তেতিয়া তেওঁলোকে লাজ পোৱা বাবে তেওঁলোকক সাক্ষাৎ কৰিবলৈ তেওঁলোকৰ লগত মানুহ পঠালে, আৰু ৰজাই তেওঁলোকক আজ্ঞা দিলে, “তোমালোকৰ ডাঢ়ি নাবাঢ়ে মানে তোমালোক যিৰীহোত থাকা, তাৰ পাছত ওভটি আহিবা।
Atunci au mers câțiva și i-au spus lui David cum au fost oamenii lui tratați. Și a trimis după ei să îi întâlnească, pentru că oamenii erau foarte rușinați. Și împăratul a spus: Rămâneți la Ierihon până vă cresc bărbile și apoi întoarceți-vă.
6 ৬ যেতিয়া অম্মোনৰ লোকসকলে দেখিলে যে, দায়ূদৰ বাবে তেওঁলোক ঘিণলগীয়া হ’ল, হানুন আৰু অম্মোনৰ লোকসকলে অৰাম-নহৰয়িম, মাখা, আৰু চোবাৰ পৰা ৰথ আৰু অশ্বাৰোহীসকলক অনাৰ বাবে এক হাজাৰ কিক্কৰ ৰূপ পঠালে।
Și când copiii lui Amon au văzut că s-au împuțit înaintea lui David, Hanun și copiii lui Amon au trimis o mie de talanți de argint pentru a-și angaja care și călăreți din Mesopotamia și din Siria-Maaca și din Țoba.
7 ৭ তেওঁলোকে বত্ৰিশ হাজাৰ ৰথ, আৰু মাখাৰ ৰজা আৰু তেওঁৰ লোকসকলক ভাড়া দি আনিলে। তেওঁলোকে আহি মেদবাৰ আগত ছাউনি পাতিলে। অম্মোনৰ লোকসকলে নিজৰ নগৰৰ পৰা ওলাই গোট খাই যুদ্ধলৈ আহিল।
Astfel au angajat treizeci și două de mii de care și pe împăratul din Maaca și poporul său, care au venit și au așezat tabăra înaintea Medebei. Și copiii lui Amon s-au adunat din cetățile lor și au venit la bătălie.
8 ৮ যেতিয়া দায়ূদে এই কথা শুনিলে, তেওঁ যোৱাবক আৰু সকলো সৈন্যসকলক তেওঁলোকক সাক্ষাৎ কৰিবলৈ পঠালে।
Și când David a auzit aceasta, a trimis pe Ioab și toată oștirea de războinici.
9 ৯ অম্মোনৰ লোকসকলক বাহিৰলৈ আহি নগৰৰ দুৱাৰত যুদ্ধ কৰিবৰ অৰ্থে সৈন্যসকলে শাৰী পাতিলে, আৰু যি সকল ৰজা নিজে আহিছিল, তেওঁলোক পথাৰত আছিল।
Și copiii lui Amon au ieșit și s-au desfășurat de bătălie înaintea porții cetății; și împărații care veniseră erau deoparte în câmpie.
10 ১০ যেতিয়া যোৱাবে তেওঁৰ আগফালে আৰু পাছফালে, দুয়োফালে যুদ্ধৰ বাবে শাৰী পাতি থকা দেখিলে, তেতিয়া তেওঁ ইস্ৰায়েলৰ লোক সকলৰ মাজৰ পৰা পাৰ্গত যুদ্ধাৰু মনোনীত কৰিলে আৰু তেওঁলোকক অৰামীয়া সকলৰ বিৰুদ্ধে প্রস্তুত কৰিলে।
Și când Ioab a văzut că bătălia era desfășurată împotriva lui înainte și înapoi, a ales dintre cei mai aleși din Israel și i-a desfășurat împotriva sirienilor.
11 ১১ অৱশিষ্ট সৈন্যসকলক নিজৰ ভায়েক অবীচয়ৰ শাসনত দিলে আৰু তেওঁ অম্মোনৰ সৈন্যসকলৰ বিৰুদ্ধে যুদ্ধৰ বাবে তেওঁলোকক শাৰী পাতিবলৈ দিলে।
Și restul poporului l-a dat în mâna lui Abișai, fratele său, și s-au desfășurat împotriva copiilor lui Amon.
12 ১২ যোৱাবে ক’লে, “যদি অৰামীয়াসকল মোতকৈ অধিক বলৱান হয়, তেন্তে অবিচয় তুমি আহি মোক নিশ্চয় উদ্ধাৰ কৰিবা। কিন্তু যদি তোমাতকৈ অম্মোনৰ সৈন্যসকল অধিক বলৱান হয়, তেন্তে মই আহি তোমাক উদ্ধাৰ কৰিম।
Și a spus: Dacă sirienii sunt prea tari pentru mine, atunci tu să mă ajuți, iar dacă fiii lui Amon sunt prea tari pentru tine, atunci eu te voi ajuta.
13 ১৩ সাহিয়াল হোৱা, আমাৰ লোকসকলৰ আৰু আমাৰ ঈশ্বৰৰ নগৰবোৰৰ কাৰণে আহাঁ আমি নিজকে সাহসী দেখুৱাওহঁক, কাৰণ যিহোৱাই তেওঁৰ উদ্দেশে যি ভাল, তাকেই কৰক।”
Încurajează-te și să ne purtăm cu vitejie pentru poporul nostru și pentru cetățile Dumnezeului nostru și DOMNUL să facă ceea ce este bine în ochii lui.
14 ১৪ সেয়ে যোৱাব আৰু তেওঁৰ সৈন্যৰ যোৱানসকলে অৰামীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগুৱাই গ’ল, যি জনে ইস্রায়েলৰ সৈন্যসকলৰ আগৰ পৰা পলাই যাবলৈ বাধ্য কৰালে।
Astfel Ioab și poporul care era cu el a înaintat împotriva sirienilor pentru bătălie; iar ei au fugit din fața lui.
15 ১৫ যেতিয়া অম্মোনৰ সৈন্যসকলে অৰামীয়াসকলক পলাই যোৱা দেখিলে, তেওঁলোকেও যোৱাবৰ ভায়েক অবীচয়ৰ আগৰ পৰা পলাই নগৰলৈ ঘূৰি গ’ল। তেতিয়া যোৱাব অম্মোনৰ লোকসকলৰ পৰা ঘূৰি আহিল আৰু যিৰূচালেমলৈ উভতি গ’ল।
Și când copiii lui Amon au văzut că sirienii au fugit, au fugit la fel din fața lui Abișai fratele său și au intrat în cetate. Atunci Ioab a venit la Ierusalim.
16 ১৬ যেতিয়া অৰামীয়াসকলে ইস্ৰায়েলৰ দ্ৱাৰাই পৰাজিত হোৱা দেখিলে, তেতিয়া তেওঁলোকক পুনৰ শক্তিশালী কৰিবলৈ ইফ্রাতীচ নদীৰ সিপাৰে হদদেজৰৰ সৈন্যৰ সেনাপতি চোফকৰ লগত পঠিয়ালে।
Și când sirienii au văzut că au fost învinși înaintea lui Israel, au trimis mesageri și au scos pe sirienii care erau dincolo de râu; și Șofah, căpetenia oștirii lui Hadarezer, a mers înaintea lor.
17 ১৭ যেতিয়া দায়ুদে এই কথা ক’লে, তেওঁ সকলো ইস্ৰায়েল লোকসকলক একগোট কৰি, যৰ্দ্দন পাৰ হৈ তেওঁলোকৰ ওচৰলৈ আহিল। তেওঁ অৰামীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সৈন্যসকলক প্রস্তুত কৰিলে, আৰু তেওঁলোকে তেওঁৰ সৈতে যুদ্ধ কৰিলে।
Și i s-a spus lui David; iar el a adunat tot Israelul și a trecut Iordanul și a venit asupra lor și s-a desfășurat pentru bătălie împotriva lor. Astfel când David a desfășurat bătălia împotriva sirienilor, ei au luptat cu el.
18 ১৮ অৰামীয়াসকল ইস্ৰায়েলৰ পৰা পলাল, আৰু দায়ূদে সাত হাজাৰ ৰথী, চল্লিশ হাজাৰ পদাতিক সৈন্যক বধ কৰিলে। তেওঁ সৈন্যৰ সেনাপতি চোফকো বধ কৰিলে।
Dar sirienii au fugit dinaintea lui Israel; și David a ucis dintre Sirieni șapte mii de bărbați care au luptat în care și patruzeci de mii de pedeștri, și a ucis pe Șofah, căpetenia oștirii.
19 ১৯ যি সকল ৰজা হদদেজৰৰ দাস আছিল, তেওঁলোকে দেখিলে যে, তেওঁলোক ইস্রায়েলৰ দ্ৱাৰাই পৰাজিত হৈছে, তেতিয়া তেওঁলোকে দায়ূদৰ লগত শান্তি স্থাপন কৰিলে আৰু তেওঁলোকৰ পৰিচৰ্যা কৰিলে। অৰামীয়া লোকসকলে অম্মোনৰ লোকসকলক যিকোনো প্রকাৰে সহায় কৰিবলৈ ভয় কৰিলে। সেয়ে অৰামীয়া লোকসকলে অম্মোনৰ লোকসকলক কোনোপধ্যেই সহায় কৰিবলৈ ইচ্ছা নকৰিলে।
Și când servitorii lui Hadarezer au văzut că au fost învinși în fața lui Israel, au făcut pace cu David și au devenit servitorii lui, iar sirienii nu au mai dorit să îi ajute pe copiii lui Amon vreodată.