< ১ বংশাবলি 18 >
1 ১ তাৰ পাছত দায়ূদে পলেষ্টীয়াসকলক আক্রমণ কৰি পৰাজয় কৰিলে, ফিলিষ্টীয়াসকলৰ অধীনত থকা গাত আৰু তাৰ গাওঁবোৰ তেওঁ কাঢ়ি ল’লে।
Ei tid etter dette vann David yverpå filistarane og lagde deim under seg, og han tok då Gat og dei bygderne som låg ikring or henderne på filistarane.
2 ২ তাৰ পাছত তেওঁ মোৱাবক পৰাজয় কৰিলে, আৰু মোৱাবীয়াসকলে দায়ূদৰ দাস হৈ কৰ পৰিশোধ কৰিবলৈ ধৰিলে।
Han vann og yver moabitar, og so vart dei tenarar åt David og lagde skatt til honom.
3 ৩ ফৰাৎ নদীৰ ওচৰত হদৰেজৰে নিজৰ শাসন স্থাপন কৰিবলৈ যাওঁতে, দায়ূদে চোবাৰ ৰজা হদদেজৰক হমাতত পৰাজয় কৰিলে।
Like eins vann David på Hadarezer, kongen i Soba, ved Hamat, då han hadde fare av stad og skulde tryggja magti si ved elvi Frat.
4 ৪ দায়ূদে এক হাজাৰ ৰথ, সাত হাজাৰ অশ্বাৰোহী, আৰু বিশ হাজাৰ পদাতিক সৈন্য বন্দী কৰি ল’লে। আৰু ৰথৰ আটাই ঘোঁৰাবোৰৰ পাছ-ঠেঙৰ সিৰ কাটিলে, কিন্তু তাৰ মাজত এশ ৰথৰ বাবে ঘোঁৰা ৰাখিলে।
Og David tok ifrå honom eit tusund vognhestar og sju tusund hestfolk og tjuge tusund mann fotfolk. Og David let skjera av hasarne på alle vognhestarne og sparde berre eit hundrad hestar.
5 ৫ যেতিয়া দম্মেচকৰ অৰামীয়াসকলে চোবাৰ ৰজা হদদেজৰে সহায় কৰিবলৈ আহিলে, তেতিয়া দায়ূদে বাইশ হাজাৰ অৰামীয়ালোকক বধ কৰিলে।
Og då syrarane frå Damaskus kom og skulde hjelpa Hadarezer, kongen i Soba, slo David tvo og tjuge tusund mann av syrarane.
6 ৬ তাৰ পাছত দায়ূদে দম্মেচকৰ অৰাম দেশত দুৰ্গৰক্ষক সৈন্যৰ দল ভিতৰলৈ সুমুৱালে; আৰু অৰামীয়াসকলে দায়ূদৰ দাস হৈ কৰ পৰিশোধ কৰিলে। দায়ূদে যি যি ঠাইত যায়, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হবলৈ দিয়ে।
Og David sette inn hervakter millom syrarane i Damaskus, og syrarane vart tenarar åt David og lagde skatt til honom. Soleis gav Herren David siger kvar helst han drog fram.
7 ৭ দায়ূদে হদদেজৰ দাস কেইজনৰ গাত থকা সোণৰ ঢালবোৰ সোলোকাই যিৰূচালেমলৈ লৈ আহিল।
Og David tok dei gullskjoldarne som tenarane hans Hadarezer hadde bore, og førde deim til Jerusalem.
8 ৮ হদদেজৰ টিভৎ আৰু কূন নগৰৰ পৰা দায়ূদে অতি অধিক পিতল আনিলে। এই পিতলৰ দ্ৱাৰাই চলোমনে পিতলৰ সমুদ্ৰ, দুটা স্তম্ভ, আৰু পিতলৰ পাত্ৰবোৰ নিৰ্ম্মাণ কৰিছিল।
Og frå Tibhat og Kun, byarne hans Hadarezer, tok David kopar i stor mengd; av det gjorde Salomo koparhavet, sulorne og koparkjeraldi.
9 ৯ যেতিয়া হমাতৰ ৰজা তোয়োৱে শুনিলে যে দায়ূদে চোবাৰ ৰজা হদদেজৰৰ সকলো সৈন্যসকলক পৰাজয় কৰিলে।
Då so To’u, kongen i Hamat, høyrde at David hadde slege heile heren hans Hadarezer, kongen i Soba,
10 ১০ তেতিয়া তোৱোয়ে নিজৰ পুত্ৰ হদোৰামক দায়ুদ ৰজাক প্রণাম জনাবলৈ আৰু আশীৰ্ব্বাদ কৰিবলৈ তেওঁৰ ওচৰত পঠালে, কাৰণ দায়ূদে হদদেজৰৰ বিৰুদ্ধে যুদ্ধ কৰি তাক পৰাজয় কৰিলে, আৰু কাৰণ তোয়োৱৰ বিৰুদ্ধে হদৰেজৰে যুদ্ধ ঘোষণা কৰিছিল। হদোৰাম নিজৰ লগত ৰূপ, সোণ, আৰু পিতল বস্তু লৈ আহিছিল।
sende han son sin, Hadoram, til kong David, at han skulde helsa på honom og ynskja honom til lukke med krigen mot Hadarezer og med sigeren yver kongen; for Hadarezer hadde jamt havt ufred med To’u. Han sende og alle slag kjerald av gull, sylv og kopar.
11 ১১ দায়ুদ ৰজাই ইদোম, মোৱাব, অম্মোন, পলেষ্টীয়া আৰু অমালেক আদি সকলো জাতিৰ পৰা অনা ৰূপ আৰু সোণৰ সৈতে এইবোৰ বস্তুও যিহোৱাৰ উদ্দেশে উৎসৰ্গ কৰিলে।
Deim og vigde kong David til Herren, sameleis som det med det sylvet og gullet han hadde ført heim frå alle andre folk: frå edomitarne, moabiterne, Ammons-sønerne, filistarane og amalekitarne.
12 ১২ চৰূয়াৰ পুত্ৰ অবীচয়ে লৱণ উপত্যকাত ওঠৰ হাজাৰ ইদোমীয়ালোকক বধ কৰিলে।
Og Absai Serujason som slo edomitarne i Saltdalen, attan tusund mann.
13 ১৩ তেওঁ ইদোমত দুৰ্গৰক্ষক সৈন্যদল স্থাপন কৰিলে আৰু সকলো ইদোমীয়া লোক দায়ূদৰ দাস হ’ল। দায়ুদ যি যি ঠাইত যায়, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিয়ে।
So sette han vakt i Edom, og alle edomitarne vart tenarar åt David. Soleis gav Herren David siger kvar helst han for fram.
14 ১৪ দায়ূদে সকলো ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিলে আৰু তেওঁ নিজৰ সকলো লোকৰ ন্যায় বিচাৰ আৰু ধৰ্মনিষ্ঠাৰে পৰিচালনা কৰিলে।
David var no konge yver heile Israel, og han skipa lov og rett åt heile sitt folk.
15 ১৫ চৰূয়াৰ পুত্ৰ যোৱাব সৈন্যসকলৰ প্ৰধান সেনাপতি আছিল, আৰু অহীলূদৰ পুত্র যিহোচাফট্ বৃত্তান্ত লিখক আছিল।
Joab Serujason var øvste herhovding, og Josafat Ahiludsson var kanslar.
16 ১৬ অহীটুবৰ পুত্ৰ চাদোক, আৰু অবিয়াথৰৰ পুত্ৰ অবীমেলক পুৰোহিত আছিল, চবচা ৰাজলিখক আছিল;
Sadok Ahitubsson og Abimelek Abjatarsson var prestar og Savsa riksskrivar,
17 ১৭ যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকলৰ ওপৰত আছিল; আৰু দায়ূদৰ পুত্ৰসকল ৰজাৰ পৰামৰ্শদাতা আছিল।
Benaja Jojadason var hovding yver livvakti, men Davids søner var dei fyrste ved sida åt kongen.