< ১ বংশাবলি 18 >

1 তাৰ পাছত দায়ূদে পলেষ্টীয়াসকলক আক্রমণ কৰি পৰাজয় কৰিলে, ফিলিষ্টীয়াসকলৰ অধীনত থকা গাত আৰু তাৰ গাওঁবোৰ তেওঁ কাঢ়ি ল’লে।
[達味的武功]此後,達味攻打培肋舍特人,將他們克服,由培肋舍特人手中,奪取了加特城及所屬村鎮。
2 তাৰ পাছত তেওঁ মোৱাবক পৰাজয় কৰিলে, আৰু মোৱাবীয়াসকলে দায়ূদৰ দাস হৈ কৰ পৰিশোধ কৰিবলৈ ধৰিলে।
以後打敗了摩阿布,摩阿布人也臣屬於達味,給他進貢。
3 ফৰাৎ নদীৰ ওচৰত হদৰেজৰে নিজৰ শাসন স্থাপন কৰিবলৈ যাওঁতে, দায়ূদে চোবাৰ ৰজা হদদেজৰক হমাতত পৰাজয় কৰিলে।
當祚巴哈瑪特王哈達德則爾向幼發拉的河伸展自己的勢力時,達味也打敗了他,
4 দায়ূদে এক হাজাৰ ৰথ, সাত হাজাৰ অশ্বাৰোহী, আৰু বিশ হাজাৰ পদাতিক সৈন্য বন্দী কৰি ল’লে। আৰু ৰথৰ আটাই ঘোঁৰাবোৰৰ পাছ-ঠেঙৰ সিৰ কাটিলে, কিন্তু তাৰ মাজত এশ ৰথৰ বাবে ঘোঁৰা ৰাখিলে।
擄獲了他的車輛一千,騎兵七千,步兵兩萬;達味割斷了所有拉戰車的馬蹄筋,只留下足以拉一百輛車的馬。
5 যেতিয়া দম্মেচকৰ অৰামীয়াসকলে চোবাৰ ৰজা হদদেজৰে সহায় কৰিবলৈ আহিলে, তেতিয়া দায়ূদে বাইশ হাজাৰ অৰামীয়ালোকক বধ কৰিলে।
後有大馬士革的阿蘭人,來援助祚巴王哈達德則爾,達味擊殺了兩萬二千阿蘭人。
6 তাৰ পাছত দায়ূদে দম্মেচকৰ অৰাম দেশত দুৰ্গৰক্ষক সৈন্যৰ দল ভিতৰলৈ সুমুৱালে; আৰু অৰামীয়াসকলে দায়ূদৰ দাস হৈ কৰ পৰিশোধ কৰিলে। দায়ূদে যি যি ঠাইত যায়, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হবলৈ দিয়ে।
達味遂在大馬士革阿蘭屯兵駐守,阿蘭也臣屬於達味,給他進貢;達味無論往那裏去,上主總使他獲勝。
7 দায়ূদে হদদেজৰ দাস কেইজনৰ গাত থকা সোণৰ ঢালবোৰ সোলোকাই যিৰূচালেমলৈ লৈ আহিল।
達味奪了哈達德則爾臣僕所帶的金盾牌,送到耶路撒冷。
8 হদদেজৰ টিভৎ আৰু কূন নগৰৰ পৰা দায়ূদে অতি অধিক পিতল আনিলে। এই পিতলৰ দ্ৱাৰাই চলোমনে পিতলৰ সমুদ্ৰ, দুটা স্তম্ভ, আৰু পিতলৰ পাত্ৰবোৰ নিৰ্ম্মাণ কৰিছিল।
達味又由貝塔和貢,哈達德則爾的兩座城內,奪取了大量的銅;以後撒羅滿用來作銅海、圓柱及銅器。
9 যেতিয়া হমাতৰ ৰজা তোয়োৱে শুনিলে যে দায়ূদে চোবাৰ ৰজা হদদেজৰৰ সকলো সৈন্যসকলক পৰাজয় কৰিলে।
哈瑪特王托烏,聽說達味打敗了祚巴王哈達德則爾所有的軍隊,
10 ১০ তেতিয়া তোৱোয়ে নিজৰ পুত্ৰ হদোৰামক দায়ুদ ৰজাক প্রণাম জনাবলৈ আৰু আশীৰ্ব্বাদ কৰিবলৈ তেওঁৰ ওচৰত পঠালে, কাৰণ দায়ূদে হদদেজৰৰ বিৰুদ্ধে যুদ্ধ কৰি তাক পৰাজয় কৰিলে, আৰু কাৰণ তোয়োৱৰ বিৰুদ্ধে হদৰেজৰে যুদ্ধ ঘোষণা কৰিছিল। হদোৰাম নিজৰ লগত ৰূপ, সোণ, আৰু পিতল বস্তু লৈ আহিছিল।
便派自己的兒子哈多蘭到達味王那裏向他致敬,祝賀他打敗了哈達德則爾,因哈達德則爾原是托烏的敵人;他還送來了各種金、銀、銅器。
11 ১১ দায়ুদ ৰজাই ইদোম, মোৱাব, অম্মোন, পলেষ্টীয়া আৰু অমালেক আদি সকলো জাতিৰ পৰা অনা ৰূপ আৰু সোণৰ সৈতে এইবোৰ বস্তুও যিহোৱাৰ উদ্দেশে উৎসৰ্গ কৰিলে।
達味王也將這些,連同那些由各民族,即厄東、摩阿布、阿孟子民、培肋舍特人、阿瑪肋克人所得來的金銀,一起奉獻給上主。
12 ১২ চৰূয়াৰ পুত্ৰ অবীচয়ে লৱণ উপত্যকাত ওঠৰ হাজাৰ ইদোমীয়ালোকক বধ কৰিলে।
責魯雅的兒子阿彼瑟在鹽谷擊殺了一萬八千厄東人後,
13 ১৩ তেওঁ ইদোমত দুৰ্গৰক্ষক সৈন্যদল স্থাপন কৰিলে আৰু সকলো ইদোমীয়া লোক দায়ূদৰ দাস হ’ল। দায়ুদ যি যি ঠাইত যায়, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিয়ে।
達味遂又屯兵厄東,厄東人全臣屬於達味。達味無論往那裏去,上主總使他獲勝。[重要的朝臣]
14 ১৪ দায়ূদে সকলো ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিলে আৰু তেওঁ নিজৰ সকলো লোকৰ ন্যায় বিচাৰ আৰু ধৰ্মনিষ্ঠাৰে পৰিচালনা কৰিলে।
達味作了全以色列的君王,對自己所有的人民秉公行義。
15 ১৫ চৰূয়াৰ পুত্ৰ যোৱাব সৈন্যসকলৰ প্ৰধান সেনাপতি আছিল, আৰু অহীলূদৰ পুত্র যিহোচাফট্‌ বৃত্তান্ত লিখক আছিল।
責魯雅的兒子約阿布統領軍隊,阿希路得的兒子約沙法特為御史,
16 ১৬ অহীটুবৰ পুত্ৰ চাদোক, আৰু অবিয়াথৰৰ পুত্ৰ অবীমেলক পুৰোহিত আছিল, চবচা ৰাজলিখক আছিল;
阿希托布的兒子匝多克和厄貝雅塔爾的兒子阿希默肋客任司祭,沙委沙為秘書,
17 ১৭ যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকলৰ ওপৰত আছিল; আৰু দায়ূদৰ পুত্ৰসকল ৰজাৰ পৰামৰ্শদাতা আছিল।
約雅達的兒子貝納雅管理革勒提與培肋提人,達味的兒子們在君王左右為輔相。

< ১ বংশাবলি 18 >