< ১ বংশাবলি 16 >
1 ১ তেওঁলোকে ঈশ্বৰৰ নিয়ম-চন্দুক বৈ আনিলে আৰু দায়ূদে নিয়ম-চন্দুকৰ বাবে তৰা তম্বুৰ মাজত ৰাখিলে। তাৰ পাছত ঈশ্বৰৰ সাক্ষাতে হোম-বলি আৰু সমজুৱা বলি উৎসৰ্গ কৰিলে।
Allahın sandığını gətirib onun üçün Davudun qurduğu çadırın ortasına qoydular. Allahın önündə yandırma və ünsiyyət qurbanları təqdim etdilər.
2 ২ দায়ূদে হোম-বলি আৰু সমজুৱা বলি উৎসৰ্গ কৰি শেষ কৰাৰ পাছত, তেওঁ যিহোৱাৰ নামেৰে লোকসকলক আশীৰ্ব্বাদ কৰিলে।
Davud yandırma və ünsiyyət qurbanlarını təqdim edib qurtarandan sonra Rəbbin adı ilə xalqa xeyir-dua verdi.
3 ৩ তেওঁ ইস্ৰায়েলৰ সকলো লোকক, পুৰুষ আৰু মহিলাৰ মাজত এটাকৈ পিঠা, এটুকুৰাকৈ মাংস, আৰু এটাকৈ কিচমিচৰ পিঠা ভগাই দিলে।
O bütün İsraillilərə – kişilərin və qadınların hər birinə bir kömbə çörək, bir parça ət və bir üzüm lavaşanası payladı.
4 ৪ দায়ূদে যিহোৱাৰ নিয়ম-চন্দুকৰ সন্মূখত পৰিচৰ্যা কৰিবলৈ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ গুণ গাবলৈ, আৰু তেওঁৰ ধন্যবাদ-প্ৰশংসা কৰিবলৈ, লেবীয়াসকলৰ কেইজনমানক নিযুক্ত কৰিলে।
Davud İsrailin Allahı Rəbbi çağırıb Ona şükür və həmd etmək üçün Levililərdən xidmət edən bu adamları Rəbbin sandığının önünə qoydu.
5 ৫ সেই লেবীয়াসকলৰ মাজত প্ৰধান আছিল আচফ। তেওঁৰ পাছত জখৰিয়া, যিয়ীয়েল, চমীৰামোৎ, যিহীয়েল, মত্তিথিয়া, ইলীয়াব, বনায়া, ওবেদ-ইদোম, আৰু যিয়ীয়েল, এওঁলোকে বেহেলা আৰু বীণা বজাইছিল। আচফে মহা-ধ্বনিৰে তাল বজাইছিল,
Başçı Asəf, onun köməkçisi Zəkəriyyə, çəng və lira çalan Yeiel, Şemiramot, Yexiel, Mattitya, Eliav, Benaya, Oved-Edom və Yeiel, sincləri yüksək səslə çalan Asəf,
6 ৬ যহজীয়েল আৰু বনায়া, এই দুজন পুৰোহিতে যিহোৱাৰ নিয়ম-চন্দুকৰ আগত প্রতিদিনে শিঙা বজাইছিল।
Allahın Əhd sandığı önündə həmişə kərənaylar çalan kahinlər Benaya və Yaxaziel.
7 ৭ তাৰ পাছত সেই দিনাই দায়ুদে যিহোৱাক ধন্যবাদ দিবৰ বাবে এই গীত গাবলৈ আচফ আৰু তেওঁৰ ভাইসকলক নিযুক্ত কৰিলে।
O gün Davud ilk dəfə olaraq Rəbbə şükür etmək işini Asəflə yoldaşlarına tapşırdı.
8 ৮ যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামেৰে প্ৰাৰ্থনা কৰা; জাতি সমূহৰ মাজত কৰা তেওঁৰ কাৰ্যবোৰ জনোৱা।
«Rəbbə şükür edin, ismini çağırın, Əməllərini xalqlar arasında elan edin!
9 ৯ তেওঁৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ মহিমা কৰা; তেওঁৰ সকলো আচৰিত কাৰ্যবোৰ কোৱা।
Onu ilahilərlə tərənnüm edin, Bütün xariqələrini bəyan edin!
10 ১০ তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা; যিহোৱাক বিচাৰা সকলৰ মনে আনন্দ কৰক।
Onun müqəddəs adı ilə fəxr edin, Ey Rəbbi axtaranlar, ürəkləriniz qoy sevinsin!
11 ১১ যিহোৱাক বিচাৰা আৰু তেওঁৰ শক্তিক বিচাৰা; সদায় তেওঁৰ উপস্থিতি বিচাৰা।
Rəbbi, Onun qüvvətini arayın, Daim hüzurunu axtarın.
12 ১২ তেওঁ কৰা আচৰিত কৰ্মবোৰ সোঁৱৰণ কৰা, তেওঁৰ অদ্ভুত কাম আৰু তেওঁৰ শাসন-প্ৰণালীবোৰ সোৱঁৰা।
Etdiyi xariqələri, Möcüzələri, dilindən çıxan hökmləri xatırlayın,
13 ১৩ তেওঁৰ দাস ইস্ৰায়েলৰ বংশধৰসকল, তেওঁৰ মনোনীত সকলৰ মাজৰ এজন যাকোবৰ লোক,
Ey Onun qulu İsrail nəsli, Ey Yaqub övladları, ey Onun seçdikləri!
14 ১৪ তেওঁ যিহোৱা, আমাৰ ঈশ্ৱৰ। তেওঁৰ শাসন-প্ৰণালী সকলো পৃথিৱীত প্ৰচলিত।
Allahımız Rəbb Odur, Hökmü bütün yer üzərindədir.
15 ১৫ তোমালোকে তেওঁৰ নিয়মটি চিৰদিনলৈকে মনত ৰাখা, এক হাজাৰ পুৰুষক তেওঁৰ বাক্য আজ্ঞা কৰা।
Əbədi olaraq – min nəslə qədər əhdini, Əmr etdiyi sözü,
16 ১৬ তেওঁ অব্ৰাহামৰ লগত স্থাপন কৰা নিয়ম, আৰু ইচহাকলৈ কৰা শপত তোমালোকে সোঁৱৰণ কৰা।
İbrahimlə kəsdiyi əhdini, İshaqa and içərək verdiyi vədini unutmaz.
17 ১৭ আৰু এইদৰে তেওঁ যাকোবৰ বাবে এটা বিধান স্থিৰ কৰিলে, আৰু ইস্ৰায়েলৰ কাৰণে এটা অনন্তকাল স্থায়ী নিয়ম স্থিৰ কৰিলে।
Bunu qayda kimi Yaqub üçün təsdiq etdi, Bu əbədi əhdi İsrail üçün etdi,
18 ১৮ তেওঁ ক’লে, “মই তোমাক কনান দেশ দিম, তোমাৰ স্বত্ব থকা আধিপত্য দিম।”
Dedi: “Övladlarının payına düşən mülk kimi Kənan torpağını sənə verəcəyəm”.
19 ১৯ মই কৈছিলোঁ সেই সময়ত তোমালোকৰ সদস্য কম আছিল, সেয়ে অতি তাকৰ, আৰু দেশত প্ৰবাসী আছিলা।
O zaman sayca onlar az idilər, Azsaylı olaraq ölkədə qərib idilər.
20 ২০ তেওঁলোক এক দেশৰ পৰা আন দেশলৈ, এক ৰাজ্যৰ পৰা আন ৰাজ্যলৈ
Ölkədən-ölkəyə, Məmləkətdən-məmləkətə köçürdülər.
21 ২১ তেওঁ তেওঁলোকক অত্যাচাৰ কৰিবলৈ কাকো নিদিলে; তেওঁ তেওঁলোকৰ বাবে ৰজা সকলকো শাস্তি দিছিল।
Rəbb heç kimi onlara əzab verməyə qoymadı, Onlara görə padşahları tənbeh etdi.
22 ২২ তেওঁ কৈছিল, “তোমালোকে মোৰ অভিষিক্ত সকলক নুচুবা, আৰু মোৰ ভাববাদী সকলৰ কোনো অনিষ্ট নকৰিবা।”
Dedi: “Məsh elədiklərimə dəyməyin, Peyğəmbərlərimə pislik etməyin”.
23 ২৩ হে সমস্ত পৃথিৱী, যিহোৱাৰ উদ্দেশে গীত গোৱা; প্রতিদিনে তেওঁৰ পৰিত্ৰাণ ঘোষণা কৰা।
Ey bütün dünya, Rəbbə ilahi oxuyun, Xilaskar olduğunu gündən-günə müjdələyin.
24 ২৪ জাতি সমূহৰ মাজত, তেওঁৰ গৌৰৱ প্ৰকাশ কৰা, জাতি সমূহৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা।
Ehtişamını millətlərə elan edin, Xariqələrini bütün xalqlara bəyan edin!
25 ২৫ কাৰণ যিহোৱা মহান আৰু অতি প্ৰশংসনীয়; আৰু আন সকলো দেৱতা বোৰতকৈ তেওঁ ভয়ানক।
Axı Rəbb əzəmətlidir, bol həmdə layiqdir, O bütün allahlardan daha zəhmlidir.
26 ২৬ কাৰণ জাতি সকলৰ সকলো দেৱতাবোৰ প্রতিমা মাথোন, কিন্তু তেওঁ যিহোৱা যি জনে আকাশ-মণ্ডল সৃষ্টি কৰিলে।
Bütün özgə xalqların allahları bütlərdir, Lakin göyləri yaradan Rəbdir.
27 ২৭ মহিমা আৰু প্ৰতাপ তেওঁৰ সাক্ষাতে আছে। তেওঁৰ স্থানত শক্তি আৰু আনন্দ থাকে।
Ehtişam və əzəmət hüzurunda olar, Sevinclə qüdrət Onun yerindədir.
28 ২৮ জাতি সমূহৰ লোকসকল, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গৌৰৱ আৰু শক্তি আৰোপ কৰা। যিহোৱাৰ উদ্দেশে গৌৰৱ আৰু শক্তি দিয়া;
Ey xalqların tayfaları, Rəbbə verin – Ehtişamı, qüdrəti Rəbbə verin,
29 ২৯ যিহোৱাৰ উদ্দেশে তেওঁৰ নাম গৌৰৱ কৰা। তেওঁৰ আগত উপহাৰ লৈ আহাঁ। পবিত্ৰতাৰে বিভূষিত হৈ যিহোৱাৰ আগত আঁঠুকাঢ়া।
Adına layiq ehtişamı Rəbbə verin, Hüzuruna girib təqdimlər verin. Müqəddəslik zinəti ilə Rəbbə səcdə edin.
30 ৩০ সমস্ত পৃথিৱী, তেওঁৰ আগত কম্পমান হোৱা। পৃথিৱী খনো লৰচৰ নোহোৱাকৈ স্থাপিত হৈছে।
Ey bütün dünya, Onun hüzurunda lərzəyə gəlin! O, dünyanı sarsılmaz və möhkəm qurub.
31 ৩১ আকাশ-মণ্ডল আনন্দ কৰক, আৰু পৃথিৱীও উল্লাসিত হওক; জাতি সমূহৰ মাজত তেওঁলোকে কওঁক, “যিহোৱাই ৰাজত্ব কৰিছে।”
Göylər sevinsin, yer üzü şad olsun! Millətlərə belə elan edin: “Rəbb hökmranlıq edir”.
32 ৩২ সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক; আৰু যিবোৰে তাক পূৰ্ণ কৰে, সেইবোৰেও উচ্চস্বৰে আনন্দ কৰক। পথাৰবোৰ আৰু তাত থকা সকলোৱেও আনন্দ কৰক।
Dənizin və dənizdəki canlıların səsi ucalsın, Çöllər və çöldə yaşayanlar fərəhlənsin,
33 ৩৩ তেতিয়া কাঠনিৰ সকলো গছবোৰে যিহোৱাৰ সাক্ষাতে উচ্ছস্বৰে আনন্দ কৰিব, কাৰণ তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে।
Meşədəki bütün ağaclar mədh söyləsin Rəbbin hüzurunda! O, dünyanın hökmünü vermək üçün gəlir.
34 ৩৪ যিহোৱাৰ ধন্যবাদ কৰা, কাৰণ তেওঁ মঙ্গলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।
Rəbbə şükür edin, ona görə ki yaxşıdır, Çünki məhəbbəti əbədidir.
35 ৩৫ আৰু কোৱা, “হে আমাৰ উদ্ধাৰকৰ্তা ঈশ্বৰ, আমাক উদ্ধাৰ কৰা। তোমাৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিবলৈ, তোমাৰ প্ৰশংসাত জয়-ধ্বনি কৰিবলৈ; আমাক একলগ কৰি আন জাতিবোৰৰ পৰা আমাক উদ্ধাৰ কৰা। যাতে আমি আপোনাৰ পবিত্র নামত ধন্যবাদ কৰিব পাৰোঁ আৰু আপোনাৰ প্রশংসাত মহিমা কৰিব পাৰোঁ।
Deyin: “Ey qurtarıcımız Allah, bizi qurtar, Bizi millətlərin arasından topla və azad et. Müqəddəs isminə şükür edək, Biz fəxrlə Sənə həmd söyləyək”.
36 ৩৬ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য হওক। অনাদি কালৰ পৰা অনন্ত কাললৈকে।” তেতিয়া সকলো লোকে ক’লে, “আমেন” আৰু যিহোৱাৰ প্ৰশংসা কৰিলে।
Alqış olsun İsrailin Allahı Rəbbə Əzəldən sonsuza qədər!» Bütün xalq «Amin!» söylədi və Rəbbə həmd etdi.
37 ৩৭ প্ৰতিদিনৰ প্ৰয়োজন অনুসাৰে নিয়ম-চন্দুকৰ আগত একেৰাহে পৰিচৰ্যা কৰিবলৈ, তেওঁ আচফক আৰু তেওঁৰ ভাইসকলক যিহোৱাৰ নিয়ম-চন্দুকৰ সন্মূখত ৰাখিলে।
Davud orada – Rəbbin Əhd sandığının önündə bu adamları qoydu: hər günün işinə görə sandığın önündə daim xidmət edən Asəf və onun yoldaşları,
38 ৩৮ ওবেদ-ইদোমৰ লগত তেওঁলোকৰ আঠষষ্টি জন সম্পৰ্কীয় লোকক ভুক্ত কৰা হ’ল, যিদূথূনৰ পুত্ৰ ওবেদ-ইদোম আৰু লগতে হোচা দুৱৰী হ’ল।
Oved-Edom və onun altmış səkkiz nəfər yoldaşı, qapıçılar Yedutun oğlu Oved-Edom və Xosa.
39 ৩৯ চাদোক পুৰোহিত, আৰু লগৰীয়া পুৰোহিতসকল গিবিয়োনৰ ওখ ঠাইত যিহোৱাৰ আবাসৰ আগত পৰিচৰ্যা কৰিলে।
O, Giveonda olan səcdəgahda, Rəbbin məskəni önündə, kahin Sadoqu və onun kahin yoldaşlarını qoydu ki,
40 ৪০ হোম-বেদিৰ ওপৰত যিহোৱাৰ উদ্দেশ্যে একেৰাহে ৰাতিপুৱা আৰু গধূলি হোম-বলি উৎসৰ্গ কৰিছিল, এইসকলো যিহোৱাই লিখাৰ দৰে কাৰ্য কৰিবলৈ ইস্ৰায়েলক যিহোৱাই আজ্ঞা কৰিছিল।
Rəbbin İsrailə əmr etdiyi Qanunda yazılanların hamısına görə daim səhər və axşam Rəbbə yandırma qurbanları üçün düzəldilən qurbangahda Ona yandırma qurbanları versinlər.
41 ৪১ যিহোৱাক ধন্যবাদ দিবলৈ, হেমন, আৰু যিদূথূন লগত নামেৰে মনোনীত অৱশিষ্ট লোকসকলক একেলগে ৰাখিলে, কাৰণ “যিহোৱাৰ দয়া চিৰকাললৈকে থাকে,”
Onlarla birgə Hemanı, Yedutunu və adları çəkilən başqa seçilmiş adamları təyin etdi ki, Rəbbə şükür etsinlər, çünki Onun məhəbbəti əbədidir.
42 ৪২ হেমন আৰু যিদূথূন তূৰী, তাল আৰু ঈশ্বৰীয় বাদ্যযন্ত্ৰসমূহ বজোৱাসকলৰ তত্ত্ৱাৱধানত আছিল। যিদূথূনৰ পুত্ৰসকল দুৱাৰ ৰখীয়া কৰিছিল।
Heman, Yedutun və həmin adamların əlində Allaha yüksək səslə musiqi çalmaq üçün kərənaylar, sinclər və başqa alətlər var idi. Yedutunun oğulları isə qapıçı oldular.
43 ৪৩ তাৰ পাছত সকলো লোক নিজৰ নিজৰ ঘৰলৈ উভটি আহিল, আৰু দায়ূদেও নিজৰ পৰিয়ালসকলক আশীৰ্ব্বাদ কৰিবলৈ উভতি আহিল।
Bütün xalq – hər kəs evinə getdi, Davud da öz evinə xeyir-dua vermək üçün geri qayıtdı.