< ১ বংশাবলি 15 >
1 ১ তাৰ পাছত দায়ূদে নিজৰ বাবে দায়ূদৰ নগৰত ঘৰবোৰ নিৰ্ম্মাণ কৰিলে। তেওঁ ঈশ্বৰৰ নিয়ম-চন্দুকৰ বাবে ঠাই যুগুত কৰিলে আৰু তাৰ বাবে এটা তম্বু তৰিলে।
След това Давид си построи и други къщи в Давидовия град; приготви и място за Божия ковчег, и постави шатър за него.
2 ২ তেতিয়া দায়ূদে ক’লে, “ঈশ্বৰৰ নিয়ম-চন্দুক কেৱল লেবীয়াসকলে বব পাৰিব, কাৰণ যিহোৱাই নিয়ম-চন্দুক ববলৈ আৰু সদা-সৰ্ব্বদাই তেওঁৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকক মনোনীত কৰিছে।”
Тогава рече Давид: Не бива да дигат Божия ковчег други освен левитите, защото тях избра Господ да носят Божия ковчег и да Му слугуват винаги.
3 ৩ দায়ূদে যি ঠাই যুগুত কৰিছিল, সেই ঠাইলৈ যিহোৱাৰ নিয়ম-চন্দুক আনিবৰ বাবে তেওঁ ইস্ৰায়েলৰ সকলো লোকক যিৰূচালেমত গোট খোৱালে।
И Давид събра целия Израил в Ерусалим за да принесат Господния ковчег на мястото, което беше ковчег на мястото, което беше приготвил за него.
4 ৪ দায়ূদে হাৰোণৰ বংশধৰসকলক আৰু লেবীয়াসকলক এক গোট কৰিলে।
Давид събра Аароновите потомци и левитите;
5 ৫ কহাতৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক উৰীয়েল, আৰু তেওঁৰ সম্বন্ধীয়সকল এশ বিশ জন আছিল।
от Каатовите потомци, началника Уриил и братята му, сто и двадесет души;
6 ৬ মৰাৰীৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক অচায়া, আৰু তেওঁৰ সম্বন্ধীয়সকল দুশ বিশ জন আছিল।
от Марариевите потомци началника Асаия и братята му, двеста и двадесет души;
7 ৭ গেৰ্চোমৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক যোৱেল, আৰু তেওঁৰ সম্বন্ধীয়সকল এশ ত্ৰিশ জন আছিল।
от Гирсоновите потомци, началника Иоил и братята му, сто и тридесет души;
8 ৮ ইলিচাফনৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক চময়িয়া, আৰু তেওঁৰ সম্বন্ধীয়সকল দুশ জন আছিল।
от Елисафановите потомци, началника Семаия и братята му, двеста души;
9 ৯ হিব্ৰোণৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক ইলীয়েল, আৰু তেওঁৰ সম্বন্ধীয়সকল আশী জন আছিল।
от Хевроновите потомци, началника Семаия и братята му, двеста души;
10 ১০ উজ্জীয়েলৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক অম্মীনাদব, আৰু তেওঁৰ সম্বন্ধীয়সকল এশ বাৰ জন আছিল।
от Озииловите потомци, началника Аминадав и братята му, сто и двадесет души.
11 ১১ দায়ূদে চাদোক আৰু অবিয়াথৰ পুৰোহিতক, আৰু লেবীয়া উৰীয়েল, অচায়া, যোৱেল, চময়িয়া, ইলীয়েল, আৰু অম্মীনাদবক মাতিলে।
И Давид повика свещениците Садок и Авиатар и левитите Уриил, Асаия, Иоил, Семаия, Емиил и Аминадав, та им рече:
12 ১২ তেওঁ তেওঁলোকক ক’লে, “তোমালোক লেবীয়াসকলৰ বংশৰ মূল মানুহ। মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ বাবে যি ঠাই যুগুত কৰিছোঁ, সেই ঠাইলৈ যাতে এই নিয়ম-চন্দুক আনিব পাৰোঁ, তাৰ বাবে তুমি আৰু তোমাৰ ভাইসকলে নিজকে পবিত্ৰ কৰা।
Вие сте началници на бащините домове на левитите, осветете се вие и братята ви за да пренесете ковчега на Господа Израилевия Бог на мястото, което съм приготвил за него.
13 ১৩ প্রথম বাৰ তোমালোকে তাক বৈ অনা নাই। এই কাৰণে আমাৰ ঈশ্বৰ যিহোৱাই আমাক আঘাত কৰিলে। কাৰণ আমি তেওঁৰ আজ্ঞা অনুসাৰে তেওঁক বিচাৰা নাছিলোঁ বা বাধ্য হোৱা নাছিলোঁ।”
Защото, понеже първия път вие не го дигнахте, Господ нашият Бог нанесе поражение върху нас, защото не Го потърсихме според както е заповядано.
14 ১৪ সেয়ে পুৰোহিত আৰু লেবীয়াসকলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুক আনিবৰ বাবে নিজকে পবিত্ৰ কৰিলে।
И той, свещениците и левитите осветиха себе си за да пренесат ковчега на Господа Израилевия Бог.
15 ১৫ যিহোৱাৰ বাক্য অনুসাৰে মোচিয়ে যেনেকৈ আজ্ঞা কৰিছিল, তেনেকৈ লেবীয়াসকলে কাঠৰ দীঘল মাৰিৰে নিজৰ কান্ধত যিহোৱাৰ নিয়ম-চন্দুক বৈ ল’লে।
(Левийците бяха, които носеха Божия ковчег с върлините горе на рамената си, както заповяда Моисей, според Господното слово).
16 ১৬ দায়ূদে লেবীয়াসকলৰ মুখ্য লোকসকলক ক’লে, যে, তেওঁলোকৰ বাদ্যকৰ ভাইসকলক বাদ্যযন্ত্রৰ সৈতে নেবল, বীণা, আৰু তাল বজাই মহা-ধ্বনি কৰি আৰু আনন্দেৰে উচ্চ-স্ৱৰে গীত-গান কৰিবলৈ নিযুক্ত কৰক।
И Давид каза на левитските началници да поставят братята си певците с музикалните инструменти, псалтири и арфи и кимвали, за да свирят весело със силен глас.
17 ১৭ সেয়ে লেবীয়াসকলে যোৱেলৰ পুত্ৰ হেমনক আৰু তেওঁৰ ভায়েকৰ মাজৰ এজন, বেৰেখিয়াৰ পুত্ৰ আচফক, তেওঁলোক মৰাৰীৰ বংশধৰৰ সম্বন্ধীয় আৰু কুচায়াৰ পুত্ৰ এথনকো নিযুক্ত কৰিছিল।
И така левитите поставиха Емана, Иоилевия син, а от братята му Асафа Варахииния син; а от братята им, Мерариевите потомци, Етана Кисиевия син;
18 ১৮ তেওঁলোকৰ লগত তেওঁলোকৰ দ্বিতীয় শ্ৰেণীৰ সম্বন্ধীয়: জখৰিয়া, বেন, যাজীয়েল, চমীৰামোৎ, যিহীয়েল, উন্নী, ইলীয়াব, বনায়া, মাচেয়া, মত্তিথিয়া, ইলীফলেহু, মিক্নেয়া, ওবেদ-ইদোম আৰু দুৱৰী যিয়ীয়েলক নিযুক্ত কৰিলে।
и с тях братята им от втория чин, вратарите Захария, Вена, Яазиил, Семирамот, Ехиил, Уний, Елиав, Ванаия, Маасия, Мататия, Елифалей, Микнеия, Овид-едом и Еиил.
19 ১৯ বাদ্যকৰ হেমন, আচফ, আৰু এথনক পিতলৰ তালেৰে মহা-ধ্বনি কৰিবলৈ নিযুক্ত কৰিছিল,
Така певците Еман, Асаф и Етан се определиха да дрънкат с медни кимвали;
20 ২০ জখৰিয়া, অজীয়েল, চমীৰামোৎ, যিহীয়েল, উন্নী, ইলীয়াব, মাচেয়া, আৰু বনায়া, এওঁলোকক অলামোৎ সুৰত বেহেলা বজাবলৈ,
а Захария, Азиил, Семирамот, Ехиил, Уний, Елиав, Маасия и Ванаия с псалтири по Аламот;
21 ২১ মত্তিথিয়া, ইলীফলেহু, মিক্নেয়া, ওবেদ-ইদোম, যিয়ীয়েল, আৰু অজজীয়াক চিমিনীৎ সুৰত বীণা বজাবলৈ প্ৰধান বাদ্যকৰ হ’বলৈ নিযুক্ত কৰা হ’ল।
а Мататия, Елифалей, Минеия, Авид-едом, Еиил и Азазия, с арфи по Семинит, за да ръководят пеенето.
22 ২২ লেবীয়াসকলৰ মাজত কননিয়া মুখ্য গায়ক আছিল, তেওঁ গীত পৰিচালনা কৰিছিল, কাৰণ তেওঁ নিপুণ আছিল।
А Ханания, главен певец на левитите, ръководеше пеенето, понеже бе изкусен.
23 ২৩ বেৰেখিয়া আৰু ইলকানা নিয়ম-চন্দুকৰ ৰখীয়া আছিল।
А Варахия и Елкана бяха вратари за ковчега.
24 ২৪ চবনিয়া, যোচাফট, নথনেল, অমাচয়, জখৰিয়া, বনায়া, আৰু ইলীয়েজৰ, পুৰোহিতসকলে ঈশ্বৰৰ নিয়ম-চন্দুকৰ সন্মুখত তূৰী বজাইছিল। ওবেদ-ইদোম আৰু যিহিয়া নিয়ম-চন্দুকৰ ৰখীয়া আছিল।
А свещениците на Севания, Иосафата, Натанаил, Амасий, Захария, Ванаия и Елиезер свиреха с тръбите пред Божия ковчег; а Овид-едом и Ехия бяха вратари за ковчега.
25 ২৫ সেয়ে দায়ুদ, ইস্ৰায়েলৰ বৃদ্ধসকল, আৰু সহস্ৰপতিসকলে আনন্দ কৰি কৰি, ওবেদ-ইদোমৰ ঘৰৰ পৰা যিহোৱাৰ নিয়ম-চন্দুক আনিবলৈ গ’ল।
И тъй, Давид и Израилевите старейшини и хилядниците отидоха да дигнат с веселие ковчега на Господния завет от Овид-едомовата къща.
26 ২৬ যিহোৱাৰ নিয়ম-চন্দুক বৈ আনিবলৈ লেবীয়াসকলক ঈশ্বৰে সহায় কৰিছিল, আৰু তেওঁলোকে সতোটা ষাঁড়-গৰু আৰু সাতোটা মেৰ উৎসৰ্গ কৰিছিল।
И понеже Бог помагаше на левитите, които носеха ковчега на Господния завет, те пожертвуваха седем юнеца и седем овена.
27 ২৭ দায়ুদ, নিয়ম-চন্দুক বৈ অনা লেবীয়াসকল, গায়কসকল, আৰু গায়কসকলৰ লগত গীতৰ পৰিচালক কননিয়া, এওঁলোক সকলোৱে মিহি শণ সুতাৰ চোলা পিন্ধিছিল। দায়ূদে শণ সূতাৰ এফোদ কাপোৰ পিন্ধিছিল।
И Давид бе облечен с одежда от висон както и всичките левити, които носеха ковчега и певците, и Ханания ръководител на певците; а Давид носеше ленен ефод.
28 ২৮ এইদৰে ইস্ৰায়েলৰ সকলোৱে মহা জয়-ধ্বনিৰে, শিঙাৰ শব্দেৰে, তালেৰে, বেহেলাৰে আৰু বীণাৰ মহা-ধ্বনিৰে যিহোৱাৰ নিয়ম-চন্দুক লৈ আহিছিল।
Така целият Израил възвеждаше ковчега на Господния завет с възклицание с глас от рог, с тръби и с кимвали, като свиреха с псалтири и с арфи.
29 ২৯ কিন্তু যিহোৱাৰ নিয়ম-চন্দুক দায়ূদৰ নগৰত সোমাওঁতে, চৌলৰ জীয়েক মীখলে, খিড়িকিয়েদি চাই দেখিলে যে, দায়ুদ ৰজাই নাচি নাচি আনন্দ কৰি আছিল। তেতিয়া তেওঁ নিজৰ অন্তৰতে দায়ূদক হেয়জ্ঞান কৰিলে।
А когато ковчегът на Господния завет влизаше в Давидовия град, Михала, Сауловата дъщеря, погледна от прозореца, и като видя, че цар Давид скачаше и играеше, презря го в сърцето си.