< ১ বংশাবলি 14 >
1 ১ তাৰ পাছত তূৰৰ ৰজা হীৰমে দায়ুদৰ ওচৰলৈ বাৰ্তাবহক পঠালে, আৰু তেওঁৰ বাবে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ এৰচ কাঠ, কাঠমিস্ত্রী, আৰু ৰাজমিস্ত্ৰীসকলক পঠালে।
Tur padishahi Hiram Dawut bilen körüshüshke elchilerni, shundaqla uning üchün orda sélishqa kédir yaghichi, tashchi we yaghachchilarni ewetti.
2 ২ দায়ূদে বুজিলে যে, যিহোৱাই ইস্ৰায়েলৰ ওপৰত তেওঁক ৰজা অভিষিক্ত কৰিলে, আৰু তেওঁৰ ৰাজ্য ইস্ৰায়েলৰ লোকসকলৰ বাবে উন্নতিৰ শিখৰলৈ গ’ল।
Bu chaghda Dawut Perwerdigarning özini Israil üstige hökümranliq qilidighan padishah bolushqa jezmen tikleydighanliqini körüp yetti; chünki Perwerdigar Öz xelqi Israil üchün uning padishahliqini güllendürgenidi.
3 ৩ দায়ূদে যিৰূচালেমত বহুতো ভাৰ্যা গ্ৰহণ কৰিলে, তেওঁলোকৰ পৰা তেওঁ অনেক পুত্র ও কণ্যাৰ পিতৃ হ’ল।
Dawut Yérusalémda yene birmunche xotun aldi hemde yene oghul-qizlarni kördi.
4 ৪ যিৰূচালেমত তেওঁৰ জন্ম হোৱা পুত্ৰসকলৰ নামবোৰ হ’ল: চম্মুৱা, চোবব, নাথন, চলোমন,
Töwendikiler uning Yérusalémda körgen perzentlirining isimliri: Shammuya, Shobab, Natan, Sulayman,
5 ৫ যিভৰ, ইলীচূৱা ইল্পেলট,
Ibhar, Elishuya, Elpelet,
7 ৭ ইলীচামা, বিলিয়াদা, আৰু ইলীফেলট।
Elishama, Beeliyada we Elifelet.
8 ৮ দায়ূদক সমস্ত ইস্ৰায়েলৰ ওপৰত ৰজা স্ৱৰূপে অভিষেক কৰাৰ কথা যেতিয়া পলেষ্টীয়াসকলে শুনিলে, তেতিয়া তেওঁলোক সকলোৱে দায়ূদক চাবলৈ ওলাই গ’ল। কিন্তু দায়ূদে এইকথা শুনি তেওঁলোকৰ বিৰুদ্ধে ওলাই গ’ল।
Dawutning mesih qilinip pütkül Israilning üstige padishah qilin’ghanliqini anglighan Filistiylerning hemmisi Dawut bilen qarshilishish pursitini izlep keldi; Dawut buni anglap ulargha qarshi jengge atlandi.
9 ৯ সেই সময়ত পলেষ্টীয়াসকলে আহি, ৰফায়ীম সমথলত লুট কৰিছিল।
Filistiyler «Refayim jilghisi»gha bulang-talang qilghili kirdi.
10 ১০ তেতিয়া দায়ূদে সহায়ৰ বাবে যিহোৱাক সুধিলে। তেওঁ ক’লে, “মই পলেষ্টীয়াসকলক আক্রমণ কৰিব লাগে নে? আপুনি মোক তেওঁলোকৰ ওপৰত জয়ী হব দিব নে?” যিহোৱাই তেওঁক ক’লে, “আক্রমণ কৰা, কাৰণ মই নিশ্চয়ে তোমাক তেওঁলোকক দিম।”
Dawut Xudadin: «Men Filistiylerge qarshi jengge chiqsam bolamdu? Ularni méning qolumgha tapshuramsen?» dep soriwidi, Perwerdigar uninggha: «Jengge chiq, Men ularni sözsiz qolunggha tapshurimen» dédi.
11 ১১ সেয়ে তেওঁলোক বালপৰাচীমলৈ আহিল, আৰু দায়ূদে তেওঁলোকক তাত পৰাজয় কৰিলে। তেওঁ মন্তব্য কৰিছিল, “ঈশ্বৰে মোৰ হাতৰ দ্বাৰাই মোৰ শত্রুবোৰক বানপানীয়ে ভেটা ভঙাৰ দৰে ভাঙিলে।” সেয়ে এই ঠাইৰ নাম বাল-পৰাচীম হ’ল।
Filistiyler Baal-Perazimgha hujum qilghili kelgende, Dawut ularni shu yerde meghlup qildi we: «Xuda méning qolum arqiliq düshmenlirim üstige xuddi kelkün yarni élip ketkendek bösüp kirdi» dédi. Shunga u yer «Baal-Perazim» dep atalghan.
12 ১২ সেই ঠাইতে তেওঁলোকে নিজৰ দেৱ-মুৰ্ত্তিবোৰ এৰি গ’ল, আৰু দায়ূদৰ আজ্ঞাত সেইবোৰ জুইত পোৰা হ’ল।
Filistiyler özlirining butlirini shu yerge tashlap qachqanliqtin, Dawut ademlirige ularni köydürüwétishni tapilidi.
13 ১৩ তাৰ পাছত পলেষ্টীয়াসকলে পুনৰ সেই সমথলত লুট কৰিলে।
Filistiyler yene héliqi jilghigha bulang-talang qilghili kiriwidi,
14 ১৪ সেয়ে দায়ূদে পুনৰ সহায়ৰ বাবে ঈশ্ৱৰক সুধিলে, ঈশ্বৰে তেওঁক ক’লে, “তুমি তেওঁলোকক সন্মুখৰ পৰা আক্রমণ নকৰিবা, কিন্তু তাৰ পৰিবৰ্তে তেওঁলোকৰ পাছফালে আগুৰি ধৰিবা আৰু বালছম কাঠনিৰ মাজেদি তেওঁলোকৰ ওচৰলৈ আহিবা।
Dawut yene Xudadin yol soridi. Xuda uninggha: «Ularni arqisidin qoghlimay, egip ötüp, ulargha üjmilikning udulidin hujum qilghin.
15 ১৫ যেতিয়া বালছম গছৰ ওপৰেৰে সৈন্য যোৱাৰ নিচিনা বতাহৰ শব্দ শুনিবা, তেতিয়া তুমি সজোৰে আক্রমণ কৰিবা। তুমি এইদৰে কৰিবা, কাৰণ পলেষ্টীয়াসকলৰ সৈন্যসকলক আক্রমণ কৰিবৰ অৰ্থে ঈশ্বৰ তোমাৰ আগত যাওঁতা হ’ব।
Sen üjme derexlirining üstidin ayagh tiwishini anglishing bilenla jengge atlan; chünki u chaghda Xuda séning aldingda Filistiylerning qoshunigha hujumgha chiqqan bolidu» dédi.
16 ১৬ সেয়ে দায়ূদে ঈশ্বৰৰ আজ্ঞাৰ দৰে কাৰ্য কৰিলে। তেওঁ গিবিয়োনৰ পৰা গেজৰলৈকে পলেষ্টীয়াসকলৰ সৈন্যক পৰাজিত কৰিলে।
Shuning bilen Dawut Xudaning dégini boyiche ish tutup, Filistiylerning qoshunigha Gibéondin Gezergiche qoghlap zerbe berdi.
17 ১৭ এইদৰে দায়ূদৰ সুখ্যাতি দেশৰ সকলো ফালে বিয়পি গ’ল, আৰু যিহোৱাই তেওঁৰ প্রতি সকলো দেশীয় লোকৰ ভয় জন্মালে।
Shu sewebtin Dawutning shöhriti barliq yurt-zéminlargha pur ketti, Perwerdigar uning qorqunchini barliq ellerning üstige saldi.