< ১ বংশাবলি 13 >

1 দায়ূদে সহস্ৰপতি, শতপতি আৰু সকলো প্রধান লোকসকলৰ সৈতে পৰামৰ্শ কৰিলে।
Daudi alishauriana na kila afisa wake, majemadari wa maelfu na majemadari wa mamia.
2 দায়ূদে ইস্ৰায়েলৰ সমবেত লোকসকলক ক’লে, “যদি তোমালোকৰ দৃষ্টিত ভাল হয়, আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ ইচ্ছা হয়, তেন্তে আহাঁ আমি ইস্ৰায়েল দেশত সকলো ফালে অৱশিষ্ট থকা আমাৰ ভাইসকলক, পুৰোহিতসকলক আৰু তেওঁলোকৰ নগৰত বাস কৰা লেবীয়াসকলক আমাৰ লগত একগোট হবলৈ বাৰ্তাবাহকৰ যোগেদি বাৰ্তা পঠাওহঁক।
Ndipo Daudi akaliambia kusanyiko lote la Israeli, “Kama mkiona ni vyema, na kama ni mapenzi ya Bwana Mungu wetu, tupeleke ujumbe kwa ndugu zetu wengine walio mbali na walio karibu katika nchi yote ya Israeli, pia kwa makuhani na Walawi walio pamoja nao katika miji yao na katika sehemu zao za malisho yao, waje waungane na sisi.
3 আহাঁ আমাৰ ঈশ্বৰৰ নিয়ম-চন্দুক আমি নিজৰ ওচৰলৈ উভটাই আনোহঁক, কাৰণ চৌলৰ ৰাজত্বৰ সময়ত আমি তাৰ বিষয়ে কোনো বিচাৰ কৰা নাছিলোঁ।”
Sisi na tulirudishe Sanduku la Mungu wetu kwetu kwa maana hatukujali wakati wa utawala wa Sauli.”
4 তেতিয়া সমাজৰ সকলো লোকে সেই কাৰ্য কৰিবলৈ মান্তি হ’ল, কাৰণ সেই কথা তেওঁলোকৰ দৃষ্টিত ভাল দেখিলে।
Kusanyiko lote likakubaliana kufanya hivyo, kwa sababu ilionekana vyema kwa watu wote.
5 সেয়ে কিৰিয়ৎ-যিয়াৰীমৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুক আনিবলৈ, দায়ূদে মিচৰ দেশৰ চীহোৰ নদীৰ পৰা লেবো সীমালৈকে ইস্ৰায়েলী লোকসকলক একগোট কৰিলে।
Basi Daudi akawakusanya Waisraeli wote, kuanzia Mto Shihori ulioko Misri hadi Lebo-Hamathi, ili kulileta Sanduku la Mungu kutoka Kiriath-Yearimu.
6 ঈশ্বৰৰ নামেৰে প্ৰখ্যাত হোৱা, কৰূব দুটাৰ মাজত বহা ঈশ্বৰৰ নিয়ম-চন্দুক যিহূদাৰ অধীনত থকা বালা অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীমৰ পৰা আনিবলৈ দায়ুদ আৰু ইস্ৰায়েলৰ সকলো লোক সেই ঠাইলৈ গ’ল।
Daudi akiwa pamoja na Waisraeli wote wakaenda Baala ya Yuda (yaani Kiriath-Yearimu) kulipandisha Sanduku la Mungu Bwana, yeye anayeketi katika kiti cha enzi kati ya makerubi: Sanduku linaloitwa kwa Jina lake, kutoka huko.
7 সেয়ে তেওঁলোকে অবীনাদবৰ ঘৰৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুক উলিয়াই আনিলে আৰু এখন নতুন ৰথত তুলিলে। উজ্জা আৰু অহিয়ো সেই ৰথৰ পথ প্রদৰ্শক হ’ল।
Wakalisafirisha Sanduku la Mungu kwa gari jipya la kukokotwa na maksai kutoka nyumba ya Abinadabu, Uza na Ahio wakiliongoza gari hilo.
8 দায়ুদ আৰু ইস্রায়েলৰ লোকসকলে বীণা, বেহেলা, খঞ্জৰী, তাল, আৰু তূৰী বাদ্যেৰে গীত-গান কৰি ঈশ্বৰৰ উদ্দেশে উৎসৱ উদযাপন কৰিলে।
Daudi pamoja na Waisraeli wote walikuwa wanasifu kwa nguvu zao zote mbele za Mungu, kwa nyimbo na kwa vinubi, zeze, matari, matoazi na tarumbeta.
9 যেতিয়া তেওঁলোকে কীদোনৰ ধান মৰণা মৰা ঠাই পালে, তেতিয়া ষাঁড়-গৰুহালে উজুটি খোৱাত উজ্জাই নিয়ম-চন্দুকটো হাত মেলি থাপমাৰি ধৰিলে।
Walipofika kwenye uwanja wa kupuria nafaka wa Kidoni, Uza akaunyoosha mkono wake ili kulizuia Sanduku, kwa sababu maksai walijikwaa.
10 ১০ উজ্জালৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল, আৰু তেওঁক বধ কৰিলে, কাৰণ তেওঁ নিয়ম-চন্দুক ধৰিবলৈ হাত মেলিছিল। সেই ঠাইতেই ঈশ্বৰৰ সন্মুখত তেওঁৰ মৃত্যু হ’ল।
Hasira ya Bwana ikawaka dhidi ya Uza, akampiga kwa sababu aliuweka mkono wake kwenye Sanduku. Kwa hiyo akafa pale mbele za Mungu.
11 ১১ যিহোৱাই উজ্জাক আঘাত কৰাৰ বাবে দায়ূদৰ খং উঠিল। আজিলৈকে সেই ঠাইৰ নাম পেৰচ-উজ্জা হৈ আছে।
Ndipo Daudi akakasirika kwa sababu ghadhabu ya Bwana ilifurika dhidi ya Uza, mahali pale pakaitwa Peres-Uza hadi leo.
12 ১২ দায়ূদে ঈশ্বৰলৈ সেই দিনা ভয় কৰিলে। তেওঁ ক’লে, “ঈশ্বৰৰ নিয়ম-চন্দুক মোৰ ঘৰলৈ মই কেনেকৈ আনিম?”
Siku ile Daudi akamwogopa Mungu naye akauliza. “Nitawezaje kulichukua Sanduku la Mungu kwangu?”
13 ১৩ সেয়ে দায়ূদে নিয়ম-চন্দুক দায়ূদৰ নগৰলৈ নানিলে কিন্তু একাষৰিয়াকৈ লৈ গ’ল আৰু গাতীয়াৰ ওবেদ-ইদোমৰ ঘৰত থলে।
Hakulichukua hilo Sanduku akae nalo katika Mji wa Daudi. Badala yake, akalipeleka nyumbani kwa Obed-Edomu, Mgiti.
14 ১৪ ঈশ্বৰৰ সেই নিয়ম-চন্দুক ওবেদ-ইদোমৰ পৰিয়ালবৰ্গৰ সৈতে তেওঁৰ ঘৰত তিনি মাহ থাকিল। সেয়ে যিহোৱাই তেওঁৰ ঘৰ আৰু তেওঁৰ অধিকাৰত থকা সকলোকে আশীৰ্ব্বাদ কৰিলে।
Sanduku la Mungu likabaki pamoja na jamaa ya Obed-Edomu, nyumbani kwake kwa miezi mitatu, naye Bwana akaibariki nyumba yake pamoja na kila kitu alichokuwa nacho.

< ১ বংশাবলি 13 >