< ১ বংশাবলি 13 >

1 দায়ূদে সহস্ৰপতি, শতপতি আৰু সকলো প্রধান লোকসকলৰ সৈতে পৰামৰ্শ কৰিলে।
Efter at have raadført sig med Tusindførerne og Hundredførerne, alle Øversterne,
2 দায়ূদে ইস্ৰায়েলৰ সমবেত লোকসকলক ক’লে, “যদি তোমালোকৰ দৃষ্টিত ভাল হয়, আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ ইচ্ছা হয়, তেন্তে আহাঁ আমি ইস্ৰায়েল দেশত সকলো ফালে অৱশিষ্ট থকা আমাৰ ভাইসকলক, পুৰোহিতসকলক আৰু তেওঁলোকৰ নগৰত বাস কৰা লেবীয়াসকলক আমাৰ লগত একগোট হবলৈ বাৰ্তাবাহকৰ যোগেদি বাৰ্তা পঠাওহঁক।
sagde David til hele Israels Forsamling: »Hvis det tykkes eder godt, og det er HERREN vor Guds Vilje, lad os saa sende Bud til vore Brødre, der er tilbage i alle Israels Landsdele, og ligeledes til Præsterne og Leviterne i Byerne, hvor de har deres Græsmarker, at de skal samles hos os,
3 আহাঁ আমাৰ ঈশ্বৰৰ নিয়ম-চন্দুক আমি নিজৰ ওচৰলৈ উভটাই আনোহঁক, কাৰণ চৌলৰ ৰাজত্বৰ সময়ত আমি তাৰ বিষয়ে কোনো বিচাৰ কৰা নাছিলোঁ।”
for at vi kan bringe vor Guds Ark tilbage til os, thi i Sauls Dage spurgte vi ikke om den.«
4 তেতিয়া সমাজৰ সকলো লোকে সেই কাৰ্য কৰিবলৈ মান্তি হ’ল, কাৰণ সেই কথা তেওঁলোকৰ দৃষ্টিত ভাল দেখিলে।
Og hele Forsamlingen svarede, at det skulde man gøre, thi alt Folket fandt Forslaget rigtigt.
5 সেয়ে কিৰিয়ৎ-যিয়াৰীমৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুক আনিবলৈ, দায়ূদে মিচৰ দেশৰ চীহোৰ নদীৰ পৰা লেবো সীমালৈকে ইস্ৰায়েলী লোকসকলক একগোট কৰিলে।
Saa samlede David hele Israel lige fra Sjihor i Ægypten til Egnen ved Hamat for at hente Guds Ark i Kirjat-Jearim.
6 ঈশ্বৰৰ নামেৰে প্ৰখ্যাত হোৱা, কৰূব দুটাৰ মাজত বহা ঈশ্বৰৰ নিয়ম-চন্দুক যিহূদাৰ অধীনত থকা বালা অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীমৰ পৰা আনিবলৈ দায়ুদ আৰু ইস্ৰায়েলৰ সকলো লোক সেই ঠাইলৈ গ’ল।
Derpaa drog David og hele Israel op til Ba'ala, til Kirjat-Jearim i Juda for der at hente Gud HERRENS Ark, over hvilken hans Navn er nævnet, han, som troner over Keruberne.
7 সেয়ে তেওঁলোকে অবীনাদবৰ ঘৰৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুক উলিয়াই আনিলে আৰু এখন নতুন ৰথত তুলিলে। উজ্জা আৰু অহিয়ো সেই ৰথৰ পথ প্রদৰ্শক হ’ল।
De førte da Guds Ark bort fra Abinadabs Hus paa en ny Vogn, og Uzza og Ajo kørte Vognen.
8 দায়ুদ আৰু ইস্রায়েলৰ লোকসকলে বীণা, বেহেলা, খঞ্জৰী, তাল, আৰু তূৰী বাদ্যেৰে গীত-গান কৰি ঈশ্বৰৰ উদ্দেশে উৎসৱ উদযাপন কৰিলে।
David og hele Israel legede af alle Kræfter for Guds Aasyn til Sang og til Citre, Harper, Pauker, Cymbler og Trompeter.
9 যেতিয়া তেওঁলোকে কীদোনৰ ধান মৰণা মৰা ঠাই পালে, তেতিয়া ষাঁড়-গৰুহালে উজুটি খোৱাত উজ্জাই নিয়ম-চন্দুকটো হাত মেলি থাপমাৰি ধৰিলে।
Men da de kom til Kidons Tærskeplads, rakte Uzza Haanden ud for at gribe fat i Arken, fordi Okserne snublede.
10 ১০ উজ্জালৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল, আৰু তেওঁক বধ কৰিলে, কাৰণ তেওঁ নিয়ম-চন্দুক ধৰিবলৈ হাত মেলিছিল। সেই ঠাইতেই ঈশ্বৰৰ সন্মুখত তেওঁৰ মৃত্যু হ’ল।
Da blussede HERRENS Vrede op mod Uzza, og han slog ham, fordi han rakte Haanden ud mod Arken, og han døde paa Stedet for Guds Aasyn.
11 ১১ যিহোৱাই উজ্জাক আঘাত কৰাৰ বাবে দায়ূদৰ খং উঠিল। আজিলৈকে সেই ঠাইৰ নাম পেৰচ-উজ্জা হৈ আছে।
Men David græmmede sig over, at HERREN havde tilføjet Uzza et Brud. Derfor kaldte man Stedet Perez-Uzza, som det hedder den Dag i Dag.
12 ১২ দায়ূদে ঈশ্বৰলৈ সেই দিনা ভয় কৰিলে। তেওঁ ক’লে, “ঈশ্বৰৰ নিয়ম-চন্দুক মোৰ ঘৰলৈ মই কেনেকৈ আনিম?”
Og David grebes den Dag af Frygt for Gud og sagde: »Hvor kan jeg da lade Guds Ark komme hen hos mig!«
13 ১৩ সেয়ে দায়ূদে নিয়ম-চন্দুক দায়ূদৰ নগৰলৈ নানিলে কিন্তু একাষৰিয়াকৈ লৈ গ’ল আৰু গাতীয়াৰ ওবেদ-ইদোমৰ ঘৰত থলে।
Og David flyttede ikke Arken hen hos sig i Davidsbyen, men lod den sætte ind i Gatiten Obed-Edoms Hus.
14 ১৪ ঈশ্বৰৰ সেই নিয়ম-চন্দুক ওবেদ-ইদোমৰ পৰিয়ালবৰ্গৰ সৈতে তেওঁৰ ঘৰত তিনি মাহ থাকিল। সেয়ে যিহোৱাই তেওঁৰ ঘৰ আৰু তেওঁৰ অধিকাৰত থকা সকলোকে আশীৰ্ব্বাদ কৰিলে।
Guds Ark blev saa i Obed-Edoms Hus tre Maaneder, og HERREN velsignede Obed-Edoms Hus og alt, hvad hans var.

< ১ বংশাবলি 13 >