< ১ বংশাবলি 13 >
1 ১ দায়ূদে সহস্ৰপতি, শতপতি আৰু সকলো প্রধান লোকসকলৰ সৈতে পৰামৰ্শ কৰিলে।
David pak poradil se s hejtmany nad tisíci, s setníky a se všemi vývodami.
2 ২ দায়ূদে ইস্ৰায়েলৰ সমবেত লোকসকলক ক’লে, “যদি তোমালোকৰ দৃষ্টিত ভাল হয়, আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ ইচ্ছা হয়, তেন্তে আহাঁ আমি ইস্ৰায়েল দেশত সকলো ফালে অৱশিষ্ট থকা আমাৰ ভাইসকলক, পুৰোহিতসকলক আৰু তেওঁলোকৰ নগৰত বাস কৰা লেবীয়াসকলক আমাৰ লগত একগোট হবলৈ বাৰ্তাবাহকৰ যোগেদি বাৰ্তা পঠাওহঁক।
A řekl David všemu shromáždění Izraelskému: Jestliže se vám líbí, a jestli to od Hospodina Boha našeho, rozešleme posly k bratřím našim pozůstalým do všech zemí Izraelských, a též kněžím a Levítům do měst a předměstí jejich, a nechť se shromáždí k nám,
3 ৩ আহাঁ আমাৰ ঈশ্বৰৰ নিয়ম-চন্দুক আমি নিজৰ ওচৰলৈ উভটাই আনোহঁক, কাৰণ চৌলৰ ৰাজত্বৰ সময়ত আমি তাৰ বিষয়ে কোনো বিচাৰ কৰা নাছিলোঁ।”
Abychom zase k nám přivezli truhlu Boha našeho; nebo jsme jí nehledali ve dnech Saulových.
4 ৪ তেতিয়া সমাজৰ সকলো লোকে সেই কাৰ্য কৰিবলৈ মান্তি হ’ল, কাৰণ সেই কথা তেওঁলোকৰ দৃষ্টিত ভাল দেখিলে।
I řeklo všecko množství, aby se tak stalo; nebo líbila se ta věc všemu lidu.
5 ৫ সেয়ে কিৰিয়ৎ-যিয়াৰীমৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুক আনিবলৈ, দায়ূদে মিচৰ দেশৰ চীহোৰ নদীৰ পৰা লেবো সীমালৈকে ইস্ৰায়েলী লোকসকলক একগোট কৰিলে।
Protož shromáždil David všecken lid Izraelský od Nílu Egyptského, až kudy se vchází do Emat, aby přivezli truhlu Hospodinovu z Kariatjeharim.
6 ৬ ঈশ্বৰৰ নামেৰে প্ৰখ্যাত হোৱা, কৰূব দুটাৰ মাজত বহা ঈশ্বৰৰ নিয়ম-চন্দুক যিহূদাৰ অধীনত থকা বালা অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীমৰ পৰা আনিবলৈ দায়ুদ আৰু ইস্ৰায়েলৰ সকলো লোক সেই ঠাইলৈ গ’ল।
A tak vstoupil David a všecken lid Izraelský do Bála, v Kariatjeharim, kteréž jest v Judstvu, aby přenesli odtud truhlu Boha Hospodina, sedícího nad cherubíny, jehož se jméno vzývá.
7 ৭ সেয়ে তেওঁলোকে অবীনাদবৰ ঘৰৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুক উলিয়াই আনিলে আৰু এখন নতুন ৰথত তুলিলে। উজ্জা আৰু অহিয়ো সেই ৰথৰ পথ প্রদৰ্শক হ’ল।
I vstavili truhlu Boží na nový vůz, vzavše ji z domu Abinadabova, Uza pak a Achio spravovali vůz.
8 ৮ দায়ুদ আৰু ইস্রায়েলৰ লোকসকলে বীণা, বেহেলা, খঞ্জৰী, তাল, আৰু তূৰী বাদ্যেৰে গীত-গান কৰি ঈশ্বৰৰ উদ্দেশে উৎসৱ উদযাপন কৰিলে।
Ale David a všecken lid Izraelský hrali před Bohem ze vší síly, v zpěvích na harfy, na loutny, na bubny, na cymbály a na trouby.
9 ৯ যেতিয়া তেওঁলোকে কীদোনৰ ধান মৰণা মৰা ঠাই পালে, তেতিয়া ষাঁড়-গৰুহালে উজুটি খোৱাত উজ্জাই নিয়ম-চন্দুকটো হাত মেলি থাপমাৰি ধৰিলে।
A když přišli až k humnu Kídon, vztáhl Uza ruku svou, aby pozdržel truhly; nebo uchýlili se volové.
10 ১০ উজ্জালৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল, আৰু তেওঁক বধ কৰিলে, কাৰণ তেওঁ নিয়ম-চন্দুক ধৰিবলৈ হাত মেলিছিল। সেই ঠাইতেই ঈশ্বৰৰ সন্মুখত তেওঁৰ মৃত্যু হ’ল।
Protož rozhněval se Hospodin na Uzu a zabil jej, proto že vztáhl ruku svou k truhle; a umřel tu před Bohem.
11 ১১ যিহোৱাই উজ্জাক আঘাত কৰাৰ বাবে দায়ূদৰ খং উঠিল। আজিলৈকে সেই ঠাইৰ নাম পেৰচ-উজ্জা হৈ আছে।
Tedy zkormoutil se David, proto že se Hospodin tak přísně obořil na Uzu. I nazval to místo Perez Uza až do tohoto dne.
12 ১২ দায়ূদে ঈশ্বৰলৈ সেই দিনা ভয় কৰিলে। তেওঁ ক’লে, “ঈশ্বৰৰ নিয়ম-চন্দুক মোৰ ঘৰলৈ মই কেনেকৈ আনিম?”
A boje se David Boha v ten den, řekl: Kterakž mám k sobě přivezti truhlu Boží?
13 ১৩ সেয়ে দায়ূদে নিয়ম-চন্দুক দায়ূদৰ নগৰলৈ নানিলে কিন্তু একাষৰিয়াকৈ লৈ গ’ল আৰু গাতীয়াৰ ওবেদ-ইদোমৰ ঘৰত থলে।
Pročež nepřenesl David truhly k sobě do města Davidova, ale obrátil ji do domu Obededoma Gittejského.
14 ১৪ ঈশ্বৰৰ সেই নিয়ম-চন্দুক ওবেদ-ইদোমৰ পৰিয়ালবৰ্গৰ সৈতে তেওঁৰ ঘৰত তিনি মাহ থাকিল। সেয়ে যিহোৱাই তেওঁৰ ঘৰ আৰু তেওঁৰ অধিকাৰত থকা সকলোকে আশীৰ্ব্বাদ কৰিলে।
I pozůstala truhla Boží mezi čeledí Obededomovou, v domě jeho za tři měsíce, a požehnal Hospodin domu Obededomovu a všem věcem jeho.