< ১ বংশাবলি 12 >
1 ১ যি সময়ত তেওঁ কীচৰ পুত্ৰ চৌলৰ সন্মুখৰ পৰা পলাই আছিল, সেই সময়ত চিক্লগলৈ দায়ুদৰ ওচৰলৈ অহা লোকসকল এওঁলোক। তেওঁলোক যুদ্ধত তেওঁক সহায় কৰা সৈনিকৰ মাজৰ আছিল।
OR questi [furono] quelli che vennero a Davide in Siclag, mentre era ancora rattenuto [là], per tema di Saulle, figliuolo di Chis; i quali [erano] fra gli uomini prodi, buoni combattenti,
2 ২ তেওঁলোক ধনুৰ্দ্ধৰ, সোঁ আৰু বাওঁ হাতেৰে ফিঙ্গাৰ শিল মাৰিবলৈ, আৰু ধনুৰে কাঁড় মাৰিবলৈ নিপুণ আছিল। তেওঁলোক বিন্যামীনীয়া চৌলৰ জাতিৰ লোক আছিল।
armati di archi, tiratori di pietre [con la frombola], e di saette con l'arco, così della man sinistra, come della destra. De' fratelli di Saulle, di Beniamino:
3 ৩ প্ৰধান অহীয়েজৰ আছিল, তেওঁৰ পাছত যোৱাচ তেওঁলোক দুয়োজনে গিবিয়াতীয়াৰ চমায়াৰ পুত্ৰ। অজমাবতৰ দুজন পুত্ৰ যিজীয়েল আৰু পেলট, এওঁলোকৰ মাজত বৰাখা ও অনাথোতীয়া যেহূও আছিল,
Ahiezer, capo, e Ioas, figliuoli di Semaa, da Ghibea; e Ieziel, e Pelet, figliuoli di Azmavet; e Beraca, e Iehu Anatotita;
4 ৪ ত্ৰিশ জনৰ মাজত এজন সৈনিক আৰু ত্ৰিশ জনৰ ওপৰত নিযুক্ত সেনাপতি গিবিয়োনীয়া যিচময়া আছিল, যিৰিমিয়া, জহজীয়েল, যোহানন, আৰু গদেৰোথীয়া যোজাব,
ed Ismaia Gabaonita, il più valoroso dei trenta, sopra i quali egli avea il reggimento; e Geremia, e Iahaziel, e Iohanan, e Iozabad Ghederatita;
5 ৫ ইলিয়ুজ, যিৰিমোৎ, বিয়লিয়া, চমৰিয়া, আৰু হৰুফীয়া চফটিয়া,
Elusai, e Ierimot, e Bealia, e Semaria, e Sefatia Harufita;
6 ৬ ইলকানা, যিচিয়া, অজৰেল, যোৱেজৰ, আৰু যাচবিয়াম, এওঁলোক কোৰহীয়া লোক, আৰু
Elcana, ed Issia, e Azareel, ed Ioezer, e Iasobam, Coriti;
7 ৭ গদোৰৰ যিৰোহমৰ পুত্ৰ যোৱেল আৰু জবদিয়া।
e Ioela, e Zebadia, figliuoli di Ieroham, da Ghedor.
8 ৮ গাদীয়াসকলৰ মাজৰ কিছুমান লোকে মৰুপ্রান্তৰ দুৰ্গত দায়ূদৰ লগত যোগ দিছিল। তেওঁলোক যুদ্ধাৰু, যুদ্ধৰ বাবে প্রশিক্ষণ প্রাপ্ত, তেওঁলোক ঢাল আৰু যাঠী ধৰাত সক্ষম আছিল; তেওঁলোকৰ মুখ সিংহৰ মুখৰ দৰে আছিল। তেওঁলোক পৰ্বতত থকা হৰিণাৰ নিচিনা বেগী আছিল।
[Alcuni] eziandio de' Gaditi si appartarono per ridursi appresso a Davide, nella fortezza nel deserto, uomini prodi nelle armi, [e] guerrieri, armati di rotelle e di scudi; e parevano leoni in faccia, e cavriuoli in su i monti, in velocità.
9 ৯ তেওঁলোকৰ মাজত এজৰ নেতা আছিল, দ্বিতীয় ওবদিয়া, তৃতীয় ইলীয়াব,
Ezer [era] il primo, Obadia il secondo, Eliab il terzo,
10 ১০ চতুৰ্থ মিচমন্না, পঞ্চম যিৰিমিয়া,
Mismanna il quarto, Geremia il quinto,
11 ১১ ষষ্ঠ অত্তয়, সপ্তম ইলীয়েল,
Attai il sesto, Eliel il settimo,
12 ১২ অষ্টম যোহানন, নৱম ইলজাবদ,
Iohanan l'ottavo, Elzabad il nono,
13 ১৩ দশম যিৰিমিয়া, আৰু একাদশ মগবন্নয়।
Geremia il decimo, Macbannai l'undecimo.
14 ১৪ গাদৰ পুত্রসকল সৈনিকসকলৰ সেনাপতি আছিল। যি জন সৰু, তেওঁ এশ জনক, আৰু যি জন ডাঙৰ, তেওঁ এক হাজাৰ জনক নেতৃত্ব দিছিল।
Costoro, d'infra i figliuoli di Gad, [furono] capitani dell'esercito; il minimo comandava a cent'[uomini], il maggiore a mille.
15 ১৫ তেওঁলোক প্ৰথম মাহত যৰ্দ্দন পাৰ হৈছিল, যেতিয়া ইয়াৰ পানী দুয়োপাৰে বাগৰি পাৰ হয়, এনে সময়ত তেওঁলোক পাৰ হৈ, পূব আৰু পশ্চিম দুয়ো দিশৰ উপত্যকাত বাস কৰা সকলক খেদিছিল।
Questi [furono] quelli che passarono il Giordano al primo mese, quando è pieno fin sopra tutte le sue rive; e cacciarono tutti [quelli che stavano nel]le valli, verso Oriente, e verso Occidente.
16 ১৬ বিন্যামীনৰ আৰু যিহূদাৰ মাজৰ কিছুমান লোক দায়ূদৰ দুৰ্গলৈ আহিল।
Vennero ancora de' figliuoli di Beniamino, e di Giuda, a Davide, nella fortezza.
17 ১৭ দায়ূদে তেওঁলোকক সাক্ষাৎ কৰিবৰ বাবে বাহিৰ ওলাই তেওঁলোকক সম্বোধন কৰি ক’লে, “যদি তোমালোকে মোক শান্তনা দিবৰ বাবে মোৰ ওচৰলৈ আহিছা, তেনেহ’লে তোমালোকে মোৰ সৈতে যোগ দিব পাৰা। কিন্তু, যদি বিশ্বাস-ঘাত কৰি মোৰ শত্রুবোৰক মোক শোধাই দিবলৈ আহিছা, তেনেহ’লে আমাৰ ওপৰ-পিতৃসকলৰ ঈশ্ৱৰে চাওক আৰু তোমালোকক দণ্ড দিয়ক, কাৰণ এতিয়ালৈকে মই একো ভুল কৰা নাই।”
E Davide uscì loro incontro, e parlò loro, e disse: Se voi siete venuti a me da buoni amici, per soccorrermi, l'animo mio sarà inverso voi, per esser in buona unione insieme; ma [se siete venuti] per tradirmi a' miei nemici, quantunque non [vi sia] alcuna violenza nelle mie mani, l'Iddio de' nostri padri [lo] vegga, e [ne] faccia la punizione.
18 ১৮ তাৰ পাছত ত্ৰিশ জনৰ ওপৰত সেনাপতি হৈ থকা অমাচয়ৰ ওপৰত আত্মাই স্থিতি ল’লে। অমাচয়ে ক’লে, “হে দায়ুদ, আমি তোমাৰেই। যিচয়ৰ পুত্ৰ, আমি তোমাৰ ফলীয়া। শান্তি হওক, তোমাক যি সকলে সহায় কৰে তেওঁৰো শান্তি হওক। তোমাক সহায় কৰা সকলৰো শান্তি হওক, কিয়নো তোমাৰ ঈশ্বৰে তোমাক সহায় কৰিছে।” তেতিয়া দায়ূদে তেওঁলোকক গ্ৰহণ কৰি নিজৰ সৈন্যদলৰ সেনাপতি পাতিলে।
Allora lo Spirito investì Amasai, capo di que' capitani; ed [egli disse]: [Noi siamo] tuoi, o Davide, e [staremo] teco, o figliuolo d'Isai. Pace, pace a te, e pace a quelli che ti soccorrono; conciossiachè l'Iddio tuo ti soccorra. E Davide li accolse, e li costituì fra i capitani delle [sue] schiere.
19 ১৯ চৌলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পলেষ্টীয়াসকলৰ লগত দায়ুদ যোৱাৰ সময়ত, মনচিৰ পৰা কিছুমান লোক আতৰিগৈ দায়ূদৰ ফলীয়া হ’ল। কিন্তু তেওঁলোকে ফিলিষ্টীয়াসকলক সহায় কৰা নাছিল, কাৰণ ফিলিষ্টীয়াসকলৰ অধিপতিসকলে ইজনে সিজনৰ সৈতে পৰামৰ্শ কৰি তেওঁক পঠিয়াই দিলে। তেওঁলোকে ক’লে, “তেওঁ আমাৰ জীৱন বিপদত পেলাই নিজৰ প্ৰভু চৌলৰ ফালে পলায়ন কৰিব।”
Alcuni ancora di Manasse andarono ad arrendersi a Davide, quando egli venne co' Filistei, per combattere contro a Saulle. Ma [Davide] non diede loro alcun soccorso; perciocchè i principi dei Filistei, per [comun] consiglio, lo rimandarono, dicendo: Egli si rivolterà a Saulle, suo signore, al [rischio del]le nostre teste.
20 ২০ দায়ুদ যেতিয়া চিক্লগলৈ গ’ল, তেতিয়া মনচিৰ যিসকল লোকে তেওঁৰ সৈতে যোগ দিছিল, তেওঁলোক হ’ল অদলহ, যোজাবদ, যিদীয়েল, মীখায়েল, যোজাবদ, ইলীহূ, আৰু চিল্লাথয়, মনচি সহস্রপতি আছিল।
Quando egli [di là] andò in Siclag, Adna, e Iozabad, e Iediael, e Micael, e Iozabad, ed Elihu, e Silletai, d'infra i Manassiti, capi di migliaia di Manasse, andarono ad arrendersi a lui.
21 ২১ তেওঁলোকে দায়ূদক ডকাইত-দলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সহায় কৰিলে, কাৰণ তেওঁলোক যুদ্ধাৰু আছিল। তাৰ পাছত তেওঁলোক সৈনিকৰ সেনাপতি হৈছিল।
Ed essi diedero soccorso a Davide contro alle schiere che aveano fatta quella correria; perciocchè [erano] tutti uomini valenti, onde furono fatti capitani nell'esercito.
22 ২২ দিনে দিনে, দায়ূদক সহায় কৰিবৰ বাবে লোকসকল আহি আছিল, যেতিয়ালৈকে তাত ঈশ্বৰৰ সৈন্যদলৰ দৰে এটা মহাসৈন্যদল গঠন নহ’ল।
Perciocchè di giorno in giorno venivano [genti] a Davide, per soccorrerlo, fino a [fare] un campo grande, come un campo di Dio.
23 ২৩ যুদ্ধলৈ সু-সজ্জিত সৈন্য দলৰ এইখন লিপিৱদ্ধ নথি পত্র, যি সকল হিব্ৰোণলৈ দায়ূদৰ ওচৰলৈ আহিছিল, যাতে যিহোৱাৰ বাক্য অনুসাৰে চৌলৰ পৰা ৰাজ্য লৈ তেওঁক দিব পাৰে।
OR queste [son] le somme delle schiere di quelli che vennero a Davide in Hebron, in armi per la guerra, per trasportare in lui il reame di Saulle, secondo la parola del Signore:
24 ২৪ যিহূদাৰ যি সকল লোক ঢাল আৰু যাঠী ধৰি যুদ্ধলৈ সাজো হৈছিল তেওঁলোক ছয় হাজাৰ আঠ শ আছিল।
De' figliuoli di Giuda, che portavano scudo e lancia, [vennero] seimila ottocento in armi per la guerra.
25 ২৫ চিমিয়োন সকলৰ পৰা সাত হাজাৰ এশ যুদ্ধাৰু আছিল।
De' figliuoli di Simeone, valenti e prodi per la guerra, [vennero] settemila cento.
26 ২৬ লেবী সকলৰ পৰা চাৰি হাজাৰ ছশ যুদ্ধাৰু আছিল।
De' figliuoli di Levi, quattromila seicento;
27 ২৭ যিহোয়াদা হাৰোণৰ বংশৰ প্রধান লোক আছিল, আৰু তেওঁৰ সৈতে তিনি হাজাৰ সাত শ লোক আছিল।
insieme con Gioiada, conduttore [de' discendenti] d'Aaronne, ed avea seco tremila settecent'[uomini];
28 ২৮ চাদোকৰ সৈতে, এজন ডেকা বীৰ আৰু সাহসী ব্যক্তি আছিল, তেওঁৰ পিতৃৰ পৰিয়ালৰ পৰা বাইশ জন প্রধান লোক আছিল।
e Sadoc, giovane prode e valoroso, con ventidue de' principali delle casa di suo padre.
29 ২৯ বিন্যামীনৰ পৰা চৌলৰ জাতিৰ তিনি হাজাৰ লোক আছিল। এই সময়লৈকে তেওঁলোকৰ বেছি ভাগ লোক চৌলৰ বিশ্ৱাসী হৈ আছিল।
E de' figliuoli di Beniamino, fratelli di Saulle, [sol] tremila; perciocchè la maggior parte di essi fino allora tenea la parte della casa di Saulle.
30 ৩০ ইফ্ৰয়িম সকলৰ মাজত বিশ হাজাৰ আঠ শ যুদ্ধাৰু আছিল, তেওঁলোক নিজৰ পিতৃ পৰিয়ালত নামজ্বলা লোক আছিল।
E de' figliuoli di Efraim, ventimila ottocent'[uomini] valorosi, e famosi nelle lor famiglie paterne.
31 ৩১ মনচিৰ আধা জাতিৰ পৰা ওঠৰ হাজাৰ নামজ্বলা লোক আছিল, এওঁলোকে দায়ূদক ৰজা পাতিবলৈ আহিছিল।
E della mezza tribù di Manasse, diciottomila, i quali furono nominatamente deputati per venire a costituir Davide re.
32 ৩২ ইচাখৰৰ পৰা দুশ প্ৰধান লোক আছিল। এওঁলোকে সেই সময়ৰ সকলো কথা জানিছিল আৰু ইস্ৰায়েলে কি কৰা উচিত, সেই বিষয়েও তেওঁলোকে জানিছিল। তেওঁলোকৰ সম্পৰ্কীয় লোকসকলে আজ্ঞাৰ অধীনত আছিল।
E de' figliuoli d'Issacar, [vennero uomini] intendenti nella conoscenza dei tempi, per saper ciò che Israele avea da fare; i lor capi [erano] dugento, e tutti i lor fratelli si reggevano per loro avviso.
33 ৩৩ জবূলূনৰ মাজত পঞ্চাশ হাজাৰ যুদ্ধাৰু লোক যুদ্ধৰ বাবে প্রস্তুত হৈ সকলো প্ৰকাৰ যুদ্ধৰ অস্ত্ৰ লগত লৈ আৰু দুই মন নোহোৱাকৈ বিশ্ৱাসী হৈ যুদ্ধ কৰিবলৈ প্রস্তুত আছিল।
Di Zabulon [vennero], di cuor sincero, cinquantamila [uomini] guerrieri, in ordine per la guerra, armati di tutte armi, ed ammaestrati a mettersi in ordinanza.
34 ৩৪ নপ্তালীৰ মাজত এক হাজাৰ কৰ্মচাৰী, আৰু তেওঁলোকৰ লগত ঢাল আৰু যাঠী ধৰা সাতত্ৰিশ হাজাৰ লোক আছিল।
E di Neftali, mille capitani, avendo seco trentasettemila [uomini], con scudo e lancia.
35 ৩৫ দানীয়াসকলৰ মাজত আঠাইশ হাজাৰ ছশ লোক যুদ্ধৰ বাবে প্রস্তুত আছিল।
E de' Daniti, ventottomila [seicento] in ordine per la guerra.
36 ৩৬ আচেৰৰ মাজত যুদ্ধৰ বাবে চল্লিশ হাজাৰ লোক প্রস্তুত আছিল।
E di Aser, quarantamila [uomini] guerrieri, [ammaestrati] ad ordinarsi in battaglia.
37 ৩৭ যৰ্দ্দনৰ সিপাৰত থকা ৰূবেণীয়াসকলৰ, গাদীয়াসকলৰ, আৰু মনচিৰ আধা জাতিৰ মাজত যুদ্ধৰ বাবে সকলো প্ৰকাৰ অস্ত্ৰ ধৰা এক লাখ বিশ হাজাৰ লোক আছিল।
E di [quelli] di là dal Giordano, de' Rubeniti, de' Gaditi, e della mezza tribù di Manasse, cenventimila uomini [armati] di tutte armi da combattere.
38 ৩৮ সকলো সৈনিকসকল যুদ্ধৰ বাবে যুগুত হৈ দায়ূদক সকলো ইস্ৰায়েল লোক সকলৰ ওপৰত ৰজা পাতিবলৈ সম্পূৰ্ণ মনেৰে হিব্ৰোণলৈ আহিছিল। সকলো অৱশিষ্ট ইস্ৰায়েল লোকসকলে দায়ূদক ৰজা পাতিবলৈ সদ-ভাৱেৰে এক হৈছিল।
Tutti questi uomini di guerra vennero in ordinanza, di cuore intiero in Hebron, per costituir Davide re sopra tutto Israele. Tutto il rimanente d'Israele ancora [era] d'uno stesso animo per far Davide re.
39 ৩৯ তেওঁলোকে সেই ঠাইতে তিনি দিন দায়ূদৰ লগত ভোজন-পান কৰি থাকিল, কাৰণ তেওঁলোকৰ সম্বন্ধীয়সকলে তেওঁলোকৰ বাবে প্রয়োজনীয় বস্তু যুগুত কৰি থৈছিল।
E [quella gente] stette quivi tre giorni con Davide, mangiando e bevendo; perciocchè i lor fratelli aveano loro provveduto.
40 ৪০ ওপৰেঞ্চি, যি সকল তেওঁলোকৰ ওচৰত আছিল, ইচাখৰ, জবূলূন, আৰু নপ্তালীৰ লোকসকলে গাধবোৰৰ পিঠিত পিঠা, উটবোৰ, খছৰবোৰ, আৰু ষাঁড়-গৰুবোৰ, ডিমৰুৰ শেকা পিঠা, কিচমিচৰ থোপা, দ্ৰাক্ষাৰস, আৰু তেল, ষাঁড় গৰুবোৰ আৰু মেৰ-ছাগ আনিছিল, কাৰণ ইস্ৰায়েলৰ লোকসকলে উৎসৱ পালন কৰি আছিল।
Ed anche i lor prossimi parenti, fin da Issacar, e Zabulon, e Neftali, portavano sopra asini, e sopra cammelli, [e menavano] con muli, e con buoi, pane, [ed altra] vittuaglia di farina, fichi secchi, ed uve secche, e vino, ed olio; e [menavano] eziandio buoi, e pecore, in gran quantità; perciocchè [vi era] allegrezza in Israele.