< ১ বংশাবলি 11 >
1 ১ তাৰ পাছত গোটেই ইস্ৰায়েলৰ লোকসকলে হিব্ৰোণত দায়ূদৰ ওচৰলৈ আহি ক’লে, “চাওক, আমি আপোনাৰ মাংস আৰু আপোনাৰ হাড়।
И сабраше се сви Израиљци к Давиду у Хеврон, и рекоше: Ево, ми смо кост твоја и тело твоје.
2 ২ আগেয়ে যেতিয়া চৌল আমাৰ ওপৰত ৰজা আছিল, তেতিয়া আপুনিয়েই ইস্ৰায়েলৰ সৈন্যসকলক নেতৃত্ব দিছিল। আপোনাৰ ঈশ্ৱৰ যিহোৱাই আপোনাক কৈছিল, ‘তুমি মোৰ ইস্ৰায়েলৰ লোকসকলৰ ৰখীয়া হবা, আৰু তুমি মোৰ ইস্ৰায়েলৰ লোকসকলৰ ওপৰত শাসনকৰ্ত্তা হ’বা।’”
И пре, док Саул беше цар ти си одводио и доводио Израиља; и Господ Бог твој рекао ти је: Ти ћеш пасти народ мој Израиља; и ти ћеш бити вођ народу мом Израиљу.
3 ৩ সেয়ে ইস্ৰায়েলৰ সকলো বৃদ্ধ লোক হিব্ৰোণৰ ৰজাৰ ওচৰলৈ আহিল, আৰু দায়ূদে হিব্ৰোণত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ লগত এটি নিয়ম কৰিলে, যিহোৱাই চমূৱেলৰ দ্ৱাৰাই কোৱা বাক্য অনুসাৰে তেওঁলোকে ইস্ৰায়েলৰ ওপৰত দায়ূদক ৰজা অভিষেক কৰিলে।
Тако дођоше све старешине Израиљеве к цару у Хеврон, и учини с њима Давид веру у Хеврону пред Господом, и помазаше Давида за цара над Израиљем као што беше рекао Господ преко Самуила.
4 ৪ দায়ুদ আৰু সকলো ইস্ৰায়েলীয়া লোকসকলে যিৰূচালেমলৈ গ’ল সেই ঠাইয়ে যিবুচ। সেই সময়ত যিবুচ নিবাসী যিবুচীয়া লোকসকল সেই ঠাইত আছিল।
Потом отиде Давид са свим Израиљем на Јерусалим, а то је Јевус, јер онде беху Јевусеји, који живљаху у оној земљи.
5 ৫ তাতে যিবুচ নিবাসী লোকসকলে দায়ূদক ক’লে, “আপুনি এই ঠাইত সোমাব নোৱাৰে।” কিন্তু দায়ূদে চিয়োন দুৰ্গ অধিকাৰ কৰি ল’লে, সেয়ে দায়ূদৰ নগৰ।
И рекоше Јевушани Давиду: Нећеш ући овамо. Али Давид узе кулу Сион, то је град Давидов.
6 ৬ দায়ূদে ক’লে, “যি কোনোৱে প্ৰথমে যিবুচীয়াসকলক আক্রমণ কৰিব, তেওঁ প্ৰধান সেনাপতি হ’ব।” চৰূয়াৰ পুত্ৰ যোৱাবে প্ৰথমে আক্ৰমণ কৰিলে, সেই বাবে তেওঁকে প্ৰধান সেনাপতি পাতিলে।
Јер Давид рече: Ко први надбије Јевусеје, биће кнез и војвода. И Јоав, син Серујин изиђе први, и поста кнез.
7 ৭ তাৰ পাছত দায়ুদ সেই দুৰ্গত বাস কৰিলে। সেই বাবে তেওঁলোকে এই নগৰক ‘দায়ূদৰ নগৰ’ বুলি ক’লে।
После сеђаше Давид у том граду, зато га прозваше град Давидов.
8 ৮ তেওঁ মিল্লোৰ পৰা নগৰৰ চাৰিওফালে দেৱাল বান্ধিলে। যোৱাবে নগৰৰ অৱশিষ্ট ঠাইবোৰ মেৰামত কৰিলে।
И сазида град унаоколо, од Милона унаоколо; а Јоав оправи остатак града.
9 ৯ দায়ুদ মহানৰ পৰা মহান হ’ল, কাৰণ যিহোৱা, বাহিনীসকলৰ ঈশ্ৱৰ তেওঁৰ লগত আছিল।
И Давид једнако напредоваше и сиљаше се, јер Господ над војскама беше с њим.
10 ১০ ইস্ৰায়েলৰ বিষয়ে যিহোৱাৰ বাক্য পালন কৰি, দায়ূদক ৰজা পাতিবলৈ, এওঁলোকেই দায়ূদৰ প্ৰধান লোক যি সকলে সকলো ইস্ৰায়েলৰ লগত একেগোট হৈ তেওঁৰ ৰাজ্যত নিজকে শক্তিশালী দেখুৱালে।
А ово су поглавице међу јунацима Давидовим, који јуначки радише уза њ за царство његово са свим Израиљем да буде цар над Израиљем по речи Господњој;
11 ১১ এই খন এখন দায়ুদৰ শ্রেষ্ঠ সৈন্যসকলৰ তালিকা: হকমোনীয়াৰ পুত্ৰ যাচবিয়াম, তেওঁ ত্ৰিশ জনৰ ওপৰত প্ৰধান সেনাপতি আছিল, তেওঁ তিনি শ লোকৰ বিৰুদ্ধে যাঠীৰে তেওঁলোকক একে সময়তে বধ কৰিলে।
И ово је број јунака Давидових: Јасовеам син Ахмонијев, први између тридесет; он махну копљем својим на три стотине, и поби их у једанпут.
12 ১২ তেওঁৰ পাছত অহোহীয়া দোদয়ৰ পুত্ৰ ইলিয়াজ, তেওঁ আছিল তিনিজন পৰাক্ৰমী পুৰুষৰ মাজৰ এজন।
А за њим Елеазар, син Додов Ахошанин, он беше један од три јунака.
13 ১৩ তেওঁ পচদম্মীমত দায়ুদৰ লগত আছিল। যি ঠাই ডোখৰত যৱ ধান গুড়ি কৰিছিল, সেই পথাৰ খনত যুদ্ধৰ বাবে পলেষ্টীয়াসকলে গোট খালে; আৰু তাত পলেষ্টীয়াসকলৰ সন্মূখৰ পৰা সৈন্যসকল পলাইছিল।
Он беше с Давидом у Фас-Дамиму, кад се Филистеји скупише на бој; и онде беше њива пуна јечма, и народ побеже од Филистеја,
14 ১৪ তেওঁলোকে পাছত সেই পথাৰৰ মাজত থিয় হৈ তাক ৰক্ষা কৰিলে, আৰু পলেষ্টীয়াসকলক তৰোৱালেৰে আঘাত কৰিলে। যিহোৱাই মহাজয়েৰে তেওঁলোকক উদ্ধাৰ কৰিলে।
А они стадоше усред њиве, и одбранише је побивши Филистеје; и Господ даде избављење велико.
15 ১৫ ত্ৰিশ জন প্ৰধান লোকৰ মাজৰ তিনিজন লোক শিলটোলৈ অৰ্থাৎ দায়ুদ থকা অদুল্লম গুহাৰ ওচৰলৈ নামি গ’ল। তেতিয়া পলেষ্টীয়াসকলৰ সৈন্যসকলে ৰফায়ীমৰ উপত্যকাত ছাউনি পাতি আছিল।
И та три прва између тридесет сиђоше ка стени к Давиду у пећину Одоламску, кад војска филистејска стајаше у логору у долини рафајској.
16 ১৬ সেই সময়ত দায়ুদ তেওঁৰ দুৰ্গৰ এটা গুহাত আছিল, তেতিয়া বৈৎলেহেমত পলেষ্টীয়াসকলৰ সৈন্যদল প্ৰতিষ্ঠিত আছিল।
А Давид беше онда у граду, а стража филистејска беше тада у Витлејему.
17 ১৭ দায়ূদে পানীৰ বাবে হেঁপাহ কৰি ক’লে, “যদি কোনো এজন লোক বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা নাদৰ পৰা মোক খাবলৈ পানী আনি দিলেহেঁতেন!”
И Давид зажеле и рече: Ко би ми донео воде да пијем из студенца витлејемског што је код врата?
18 ১৮ তেতিয়া সেই তিনি জন পৰাক্ৰমী পুৰুষে পলেষ্টীয়াসকলৰ সৈন্যদল ভেদ কৰি বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা নাদৰ কাষলৈ গ’ল, আৰু তাৰ পৰা পানী তুলি লৈ দায়ূদৰ ওচৰলৈ আহিল। কিন্তু দায়ূদে তাক পান কৰিবলৈ ইচ্ছা নকৰি যিহোৱাৰ উদ্দেশ্যে ঢালি দিলে।
Тада та тројица продреше кроз логор филистејски, и захватише воде из студенца витлејемског који је код врата, и донесоше и дадоше Давиду; а Давид не хте пити, него је изли Господу.
19 ১৯ তেতিয়া তেওঁ ক’লে, “নিশ্চয়ে এয়া মই পান কৰিম নে, এনে কৰ্ম যিহোৱাই মোৰ পৰা নিষেধ কৰক; কিয়নো নিজৰ যে মই নিশ্চয়ে এইটো পান কৰিব লাগে। নিজৰ প্ৰাণৰ ক্ষতি স্বীকাৰ কৰা এই মানুহ কেইজনৰ তেজ মই পান কৰিম নে?” কাৰণ তেওঁলোকে প্ৰাণৰ ক্ষতি স্বীকাৰ কৰি এই পানী তুলি আনি দিছিল। সেয়ে তেওঁ তাক পান কৰিবলৈ অস্বীকাৰ কৰিলে। এই কৰ্ম সেই তিনি জন পৰাক্ৰমী পুৰুষে কৰিছিল।
И рече: Не дао ми Бог мој да то учиним! Еда ли ћу пити крв тих људи који не марише за живот свој? Јер је донесоше не марећи за живот свој. И не хте је пити. То учинише та три јунака.
20 ২০ এই তিনি জনৰ মাজত যোৱাবৰ ভায়েক অবীচয় প্ৰধান আছিল; তেওঁ তিনি শ লোকৰ বিৰুদ্ধে গৈ নিজৰ যাঠীৰে সিহঁতক বধ কৰিছিল, সেয়ে তিনি জন সৈনিকৰ মাজত তেওঁৰ নাম বাৰে বাৰে উল্লেখিত হৈছিল।
И Ависај брат Јоавов беше први између тројице. И он махну копљем својим на три стотине, и поби их, и прослави се међу тројицом;
21 ২১ সেই তিনি জনৰ মাজত তেওঁ অধিক মৰ্য্যদাৱন্ত আছিল আৰু তেওঁলোকৰ প্ৰধান সেনাপতি হৈছিল। তথাপি তেওঁ সেই তিনি জন বিখ্যাত সৈনিকৰ সমান বিখ্যাত হোৱা নাছিল।
Међу тројицом беше славнији од друге двојице и беше им поглавица; али оне тројице не стиже.
22 ২২ যিহোয়াদাৰ পুত্ৰ বনায়া এজন বীৰপুৰুষ আছিল, তেওঁ মহৎ কাৰ্য কৰিছিল। তেওঁ মোৱাবীয়া অৰীয়েলৰ দুজন পুত্রক বধ কৰিছিল। তেওঁ হিম পৰাৰ সময়ত গাতৰ ভিতৰলৈ গৈ এটা সিংহকো বধ কৰিছিল।
Венаја син Јодајев, син човека јунака из Касеила, који учини велика дела, он погуби два јунака моавска, и сишав уби лава у јами кад беше снег.
23 ২৩ ইয়াৰ বাহিৰে তেওঁ পাঁচ হাত ওখ এজন মিচৰীয়াকো বধ কৰিছিল। সেই মিচৰীয়াৰ হাতত তাঁতৰ টোলোঠাৰ সমান এপাত যাঠী আছিল, কিন্তু তেওঁ এডাল লাখুটি লৈ সেই মিচৰীয়াজনৰ ওচৰলৈ নামি গৈছিল আৰু তাৰ হাতৰ পৰা যাঠী পাত কাঢ়ি লৈ, তাৰ যাঠীৰে তাক বধ কৰিছিল।
Он уби и неког Мисирца високог пет лаката. Имаше Мисирац у руци копље као вратило, а он изиђе на њ са штапом, и истрже Мисирцу копље из руке, и уби га његовим копљем.
24 ২৪ যিহোয়াদাৰ পুত্ৰ বনায়াই এইবোৰ কাৰ্য কৰিছিল, আৰু তেওঁ সেই তিনি জন পৰাক্ৰমী পুৰুষৰ মাজত নাম পাইছিল।
То учини Венаја, син Јодајев, и би славан међу ова три јунака.
25 ২৫ তেওঁ ত্ৰিশ জন সাধাৰণ সৈনিকৰ মাজত অধিক মৰ্য্যদা পাইছিল, তথাপি তেওঁ সেই তিনি জন সৈনিকৰ সমান মৰ্যদ্যা পোৱা নাছিল। তথাপিও দায়ূদে তেওঁক নিজৰ অঙ্গৰক্ষকসকলৰ ওপৰত অধ্যক্ষ পাতিছিল।
Беше најславнији између тридесеторице, али оне тројице не стиже. И Давид га постави над пратиоцима својим.
26 ২৬ পৰাক্ৰমী বীৰপুৰুষসকলৰ নাম: যোৱাবৰ ভায়েক অচাহেল, বৈৎলেহেমৰ দোদৰ পুত্ৰ ইলহানন,
Јунаци између војника беху: Асаило, брат Јоавов, Елханан, син Додов из Витлејема,
27 ২৭ হৰোৰীয়া চম্মোৎ, পলোনীয়া হেলচ,
Самот Арорарин, Хелис Фелоњанин,
28 ২৮ তকোৱায়ীয়া ইক্কেচৰ পুত্ৰ ঈৰা, অনাথোতীয়া অবীয়েজৰ,
Ира син Икисов из Текује, Авијезер из Анатота,
29 ২৯ হূচাতীয়া চিব্বকয়, অহোহীয়া ঈলয়,
Сивехај из Хусата, Илај из Ахоха,
30 ৩০ নটোফাতীয়া মহৰয়, নটোফাতীয়া বানাৰ পুত্ৰ হেলদ,
Марај из Нетофата, Хелед син Ванин из Нетофата,
31 ৩১ বিন্যামীনৰ বংশৰ গিবিয়াৰ ৰীবয়ৰ পুত্ৰ ইথয়, পিৰাথোনীয়া বনায়া,
Итај, син Ривајев из Гаваје синова Венијаминових, Венаја из Фаратона,
32 ৩২ গাচ উপত্যকাৰ হূৰয়, অৰ্বাতীয়া অবীয়েল,
Урај од потока гаских, Авило из Арвата,
33 ৩৩ বহৰূমীয়া অজমাবৎ, চালবোনীয়া ইলিয়হবা,
Азмавет из Варума, Елијава из Салвона,
34 ৩৪ গিজোনীয়া হাচেমৰ পুত্ৰসকল, হৰাৰীয়া চাগিৰ পুত্ৰ যোনাথন,
Синови Асима Гизоњанина, Јонатан син Сагијин Араранин,
35 ৩৫ হৰাৰীয়া চাখৰৰ পুত্ৰ অহীয়াম, ঊৰৰ পুত্ৰ ইলীফাল,
Ахијам син Сахаров Араранин, Елифар син Уров,
36 ৩৬ মখেৰাতীয়া হেফৰ, পলোনীয়া অহিয়া,
Ефер из Мехирата, Ахија из Фелона,
37 ৩৭ কৰ্মিলীয়া হিষ্ৰো, ইজবয়ৰ পুত্ৰ নাৰয়,
Есро Кармилац, Нарав син Есвајев,
38 ৩৮ নাথনৰ ভায়েক যোৱেল, হগ্ৰীৰ পুত্ৰ মিভৰ,
Јоило брат Натанов, Мивар син Агиријев,
39 ৩৯ অম্মোনীয়া চেলক, চৰূয়াৰ পুত্ৰ যোৱাবৰ অস্ত্ৰবাহক বেৰোতীয়া নহৰয়,
Селек Амонац, Нарај Вироћанин, који ношаше оружје Јоаву, сину Серујином,
40 ৪০ যিত্ৰীয়া ঈৰা, যিত্ৰীয়া গাৰেব,
Ира Јетранин, Гарив Јетранин,
41 ৪১ হিত্তীয়া ঊৰিয়া, অহলয়ৰ পুত্ৰ জাবদ,
Урија Хетејин, Завад син Алајев,
42 ৪২ ৰূবেণীয়া চীজাৰ পুত্ৰ ৰূবেণীয়াসকলৰ সেনাপতি অদীনা, আৰু তেওঁৰ লগত ত্ৰিশ জন লোক,
Адина, син Сизин од синова Рувимових, поглавар синова Рувимових, и тридесет с њим,
43 ৪৩ মাখাৰ পুত্ৰ হানন আৰু মিত্নীয়া যোচাফট,
Анан син Масин, и Јосафат из Митне,
44 ৪৪ অষ্টাৰোতীয়া উজ্জিয়া, অৰোয়েৰীয়া হোথমৰ দুজন পুত্ৰ চামা আৰু যিয়ীয়েল,
Озија из Асетрота, Сама и Јехило синови Хотана Ароиранина,
45 ৪৫ চিম্ৰীৰ পুত্ৰ যিদীয়েল, আৰু তেওঁৰ ভায়েক তীচীয়া যোহা,
Једиаило син Симријев и Јоха брат му из Тисе,
46 ৪৬ মহবীয়া ইলীয়েল, ইলনামৰ দুজন পুত্ৰ যিৰীবয় আৰু যোচবিয়া, আৰু মোৱাবীয়া যিথমা;
Елило Мављанин, и Јеривај и Јосавија синови Елнамови, и Јетема Моавац,
47 ৪৭ ইলীয়েল, ওবেদ, আৰু মচোবায়ীয়া যাচীয়েল।
Елило и Овид и Јасило из Месоваје.