< اَلْمَزَامِيرُ 50 >
مَزْمُورٌ لِآسَافَ إِلَهُ ٱلْآلِهَةِ ٱلرَّبُّ تَكَلَّمَ، وَدَعَا ٱلْأَرْضَ مِنْ مَشْرِقِ ٱلشَّمْسِ إِلَى مَغْرِبِهَا. | ١ 1 |
১পৰাক্রমী ঈশ্বৰ যিহোৱাই কথা কলে, সূৰ্যৰ উদয় স্থানৰ পৰা অস্ত যোৱা স্থানলৈকে পৃথিবীৰ সকলোকে তেওঁ মাতিলে।
مِنْ صِهْيَوْنَ، كَمَالِ ٱلْجَمَالِ، ٱللهُ أَشْرَقَ. | ٢ 2 |
২চিয়োনৰ পৰা, পৰিপূর্ণ সৌন্দর্যৰ ঠাইৰ পৰা, ঈশ্বৰে দীপ্তি প্ৰকাশ কৰিলে।
يَأْتِي إِلَهُنَا وَلَا يَصْمُتُ. نَارٌ قُدَّامَهُ تَأْكُلُ، وَحَوْلَهُ عَاصِفٌ جِدًّا. | ٣ 3 |
৩আমাৰ ঈশ্বৰ আহিছে, তেওঁ নীৰৱ হৈ নাথাকিব; তেওঁৰ আগে আগে গ্রাসকাৰী অগ্নি আহিব, তেওঁৰ চাৰিওফালে অতিশয় ধুমুহা বব।
يَدْعُو ٱلسَّمَاوَاتِ مِنْ فَوْقُ، وَٱلْأَرْضَ إِلَى مُدَايَنَةِ شَعْبِهِ: | ٤ 4 |
৪তেওঁ নিজৰ লোকসকলৰ ন্যায় বিচাৰ কৰিবৰ কাৰণে, তেওঁ ওপৰৰ আকাশ-মণ্ডলক আৰু পৃথিবীক মাতিছে।
«ٱجْمَعُوا إِلَيَّ أَتْقِيَائِي، ٱلْقَاطِعِينَ عَهْدِي عَلَى ذَبِيحَةٍ». | ٥ 5 |
৫“মোৰ সেই বিশ্বাসী ভক্তসকলক মোৰ ওচৰত একগোট কৰা, যিসকলে উৎসৰ্গৰ দ্বাৰাই মোৰ লগত এক নিয়ম স্থাপন কৰিলে।”
وَتُخْبِرُ ٱلسَّمَاوَاتُ بِعَدْلِهِ، لِأَنَّ ٱللهَ هُوَ ٱلدَّيَّانُ. سِلَاهْ. | ٦ 6 |
৬আকাশ-মণ্ডলে তেওঁৰ ধাৰ্মিকতা ঘোষণা কৰিছে; কিয়নো ঈশ্বৰ নিজেই বিচাৰকর্তা। (চেলা)
«اِسْمَعْ يَا شَعْبِي فَأَتَكَلَّمَ. يَا إِسْرَائِيلُ فَأَشْهَدَ عَلَيْكَ: ٱللهُ إِلَهُكَ أَنَا. | ٧ 7 |
৭হে মোৰ লোকসকল, শুনা, মই কথা ক’ম; হে ইস্ৰায়েল, মই তোমাৰ বিপক্ষে সাক্ষ্য দিম; মই ঈশ্বৰ, তোমাৰেই ঈশ্বৰ।
لَا عَلَى ذَبَائِحِكَ أُوَبِّخُكَ، فَإِنَّ مُحْرَقَاتِكَ هِيَ دَائِمًا قُدَّامِي. | ٨ 8 |
৮তোমাৰ উৎসর্গৰ বাবে মই তোমাক দোষী কৰা নাই; তোমাৰ হোমবলিবোৰ সদায় মোৰ সন্মুখত আছে।
لَا آخُذُ مِنْ بَيْتِكَ ثَوْرًا، وَلَا مِنْ حَظَائِرِكَ أَعْتِدَةً. | ٩ 9 |
৯তোমাৰ ঘৰৰ পৰা ভতৰা মই নলওঁ; তোমাৰ গঁৰালৰ ছাগলীও মই গ্ৰহণ নকৰোঁ।
لِأَنَّ لِي حَيَوَانَ ٱلْوَعْرِ وَٱلْبَهَائِمَ عَلَى ٱلْجِبَالِ ٱلْأُلُوفِ. | ١٠ 10 |
১০কিয়নো সকলো বনৰীয়া জন্তু মোৰেই, অসংখ্য পাহাৰবোৰৰ ওপৰত ঘূৰি ফুৰা পশুবোৰ মোৰেই।
قَدْ عَلِمْتُ كُلَّ طُيُورِ ٱلْجِبَالِ، وَوُحُوشُ ٱلْبَرِّيَّةِ عِنْدِي. | ١١ 11 |
১১এনেকি, পাহাৰৰ সকলো পক্ষীক মই জানো; পথাৰত চৰি ফুৰা সকলো প্ৰাণীও মোৰেই।
إِنْ جُعْتُ فَلَا أَقُولُ لَكَ، لِأَنَّ لِي ٱلْمَسْكُونَةَ وَمِلْأَهَا. | ١٢ 12 |
১২“মোৰ ভোক লাগিলেও মই তোমাক নক’ম; কিয়নো জগত আৰু তাত থকা সকলো মোৰেই।
هَلْ آكُلُ لَحْمَ ٱلثِّيرَانِ، أَوْ أَشْرَبُ دَمَ ٱلتُّيُوسِ؟ | ١٣ 13 |
১৩ভতৰাৰ মাংস মই ভোজন কৰিম নে? মই ছাগলীবোৰৰ তেজ পান কৰিম নে?
اِذْبَحْ لِلهِ حَمْدًا، وَأَوْفِ ٱلْعَلِيَّ نُذُورَكَ، | ١٤ 14 |
১৪ঈশ্বৰৰ উদ্দেশে ধন্যবাদৰ বলি উৎসৰ্গ কৰা; সৰ্ব্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সঙ্কল্পবোৰ পূৰণ কৰা।
وَٱدْعُنِي فِي يَوْمِ ٱلضِّيقِ أُنْقِذْكَ فَتُمَجِّدَنِي». | ١٥ 15 |
১৫সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।”
وَلِلشِّرِّيرِ قَالَ ٱللهُ: «مَا لَكَ تُحَدِّثُ بِفَرَائِضِي وَتَحْمِلُ عَهْدِي عَلَى فَمِكَ؟ | ١٦ 16 |
১৬কিন্তু ঈশ্বৰে দুষ্ট লোকক এই কথা কৈছে, “মোৰ শাসন-বিধিৰ কথাবোৰ কবলৈ অথবা মোৰ ব্যৱস্থাৰ কথা মুখত আনিবলৈ তোমাৰ কি অধিকাৰ আছে?
وَأَنْتَ قَدْ أَبْغَضْتَ ٱلتَّأْدِيبَ وَأَلْقَيْتَ كَلَامِي خَلْفَكَ. | ١٧ 17 |
১৭কাৰণ তুমিতো মোৰ শাসন ঘৃণা কৰা; মোৰ কথাবোৰ পাছফালে পেলাই থোৱা।
إِذَا رَأَيْتَ سَارِقًا وَافَقْتَهُ، وَمَعَ ٱلزُّنَاةِ نَصِيبُكَ. | ١٨ 18 |
১৮চোৰক দেখিলে তুমি তাৰ লগত বন্ধুত্ব কৰা; তুমি ব্যভিচাৰীবোৰৰ সহযোগী হৈ থাকা।
أَطْلَقْتَ فَمَكَ بِٱلشَّرِّ، وَلِسَانُكَ يَخْتَرِعُ غِشًّا. | ١٩ 19 |
১৯দুষ্ট কথাৰ কাৰণে তোমাৰ মুখ খোলা ৰাখা, তোমাৰ জিভাই ছলনাৰ বশত থাকি কথা কয়।
تَجْلِسُ تَتَكَلَّمُ عَلَى أَخِيكَ. لِٱبْنِ أُمِّكَ تَضَعُ مَعْثَرَةً. | ٢٠ 20 |
২০তুমি বহি বহি নিজৰ আত্মীয়ৰ বিৰুদ্ধে কথা কৈ থাক; একে মাতৃৰ নিজৰ ভাইৰ বিৰুদ্ধে নিন্দা কৰা।
هَذِهِ صَنَعْتَ وَسَكَتُّ. ظَنَنْتَ أَنِّي مِثْلُكَ. أُوَبِّخُكَ، وَأَصُفُّ خَطَايَاكَ أَمَامَ عَيْنَيْكَ. | ٢١ 21 |
২১এই সকলোবোৰ তুমি কৰিছা, কিন্তু মই মনে মনে আছিলোঁ; তুমি ভাৱিছা, মই তোমাৰেই নিচিনা এজন। কিন্তু এতিয়া মই তোমাক ধমকি দিম আৰু তোমাৰ সন্মুখত তোমাৰ সকলো দোষ লৈ আনিম।
ٱفْهَمُوا هَذَا يَا أَيُّهَا ٱلنَّاسُونَ ٱللهَ، لِئَلَّا أَفْتَرِسَكُمْ وَلَا مُنْقِذَ. | ٢٢ 22 |
২২তোমালোক যিসকলে ঈশ্বৰক পাহৰি গৈছা, তাক এবাৰ ভাৱি চোৱা; নহ’লে মই তোমালোকক ছিৰি ডোখৰ ডোখৰ কৰি পেলাম; তোমালোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।
ذَابِحُ ٱلْحَمْدِ يُمَجِّدُنِي، وَٱلْمُقَوِّمُ طَرِيقَهُ أُرِيهِ خَلَاصَ ٱللهِ». | ٢٣ 23 |
২৩যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেৱেঁই মোক গৌৰৱাম্বিত কৰে; যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম।