< اَلْمَزَامِيرُ 46 >
لِإِمَامِ ٱلْمُغَنِّينَ. لِبَنِي قُورَحَ. عَلَى «ٱلْجَوَابِ». تَرْنِيمَةٌ ٱللهُ لَنَا مَلْجَأٌ وَقُوَّةٌ. عَوْنًا فِي ٱلضِّيْقَاتِ وُجِدَ شَدِيدًا. | ١ 1 |
১ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ।
لِذَلِكَ لَا نَخْشَى وَلَوْ تَزَحْزَحَتِ ٱلْأَرْضُ، وَلَوِ ٱنْقَلَبَتِ ٱلْجِبَالُ إِلَى قَلْبِ ٱلْبِحَارِ. | ٢ 2 |
২এই বাবেই মই ভয় নকৰিম - যদিও পৃথিবীৰ পৰিবৰ্ত্তন হয়, পৰ্ব্বতবোৰ কঁপি উঠি সাগৰৰ বুকুত পৰে,
تَعِجُّ وَتَجِيشُ مِيَاهُهَا. تَتَزَعْزَعُ ٱلْجِبَالُ بِطُمُوِّهَا. سِلَاهْ. | ٣ 3 |
৩যদিও জল সমূহে তৰ্জ্জন-গৰ্জ্জন কৰে আৰু ফেনে-ফুটুকাৰে ভৰি পৰে, যদিও পৰ্ব্বতবোৰে আলোড়ন কৰি কঁপি উঠে। (চেলা)
نَهْرٌ سَوَاقِيهِ تُفَرِّحُ مَدِينَةَ ٱللهِ، مَقْدِسَ مَسَاكِنِ ٱلْعَلِيِّ. | ٤ 4 |
৪এখন নদী আছে; তাৰ সুঁতিবোৰে ঈশ্বৰৰ নগৰক আনন্দময় কৰি তোলে, আনন্দময় কৰি তোলে সৰ্ব্বোপৰি জনা থকা সেই পবিত্ৰ স্থান।
ٱللهُ فِي وَسَطِهَا فَلَنْ تَتَزَعْزَعَ. يُعِينُهَا ٱللهُ عِنْدَ إِقْبَالِ ٱلصُّبْحِ. | ٥ 5 |
৫ঈশ্বৰ সেই নগৰৰ মাজত থাকে; সেয়ে তাই বিচলিত নহ’ব। অতি পুৱাতেই ঈশ্বৰে তাইক সহায় কৰিব।
عَجَّتِ ٱلْأُمَمُ. تَزَعْزَعَتِ ٱلْمَمَالِكُ. أَعْطَى صَوْتَهُ، ذَابَتِ ٱلْأَرْضُ. | ٦ 6 |
৬জাতিবোৰে হৈ চৈ কৰিছে; আৰু ৰাজ্যবোৰ উচ্ছন্ন হৈছে; তেওঁ গর্জন কৰি উঠিছে আৰু পৃথিৱী দ্রৱীভূত হ’ল।
رَبُّ ٱلْجُنُودِ مَعَنَا. مَلْجَأُنَا إِلَهُ يَعْقُوبَ. سِلَاهْ. | ٧ 7 |
৭বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)
هَلُمُّوا ٱنْظُرُوا أَعْمَالَ ٱللهِ، كَيْفَ جَعَلَ خِرَبًا فِي ٱلْأَرْضِ. | ٨ 8 |
৮আহাঁ, যিহোৱাৰ কার্য-কলাপ চোৱা, তেওঁ পৃথিবীত ধ্বংস আনিছে।
مُسَكِّنُ ٱلْحُرُوبِ إِلَى أَقْصَى ٱلْأَرْضِ. يَكْسِرُ ٱلْقَوْسَ وَيَقْطَعُ ٱلرُّمْحَ. ٱلْمَرْكَبَاتُ يُحْرِقُهَا بِٱلنَّارِ. | ٩ 9 |
৯তেওঁ পৃথিবীৰ সকলো যুদ্ধ বন্ধ কৰে, তেওঁ ধনু ভাঙে, বৰছা ডোখৰ ডোখৰ কৰে, ৰথবোৰ জুইত পোৰে।
كُفُّوا وَٱعْلَمُوا أَنِّي أَنَا ٱللهُ. أَتَعَالَى بَيْنَ ٱلْأُمَمِ، أَتَعَالَى فِي ٱلْأَرْضِ. | ١٠ 10 |
১০যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা! সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব, পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।”
رَبُّ ٱلْجُنُودِ مَعَنَا. مَلْجَأُنَا إِلَهُ يَعْقُوبَ. سِلَاهْ. | ١١ 11 |
১১বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)